ডাঃ কৰুণা হাজৰিকা
সুখ, মনোবিজ্ঞানৰ ভাষাত হৈছে , আৱেগিক সুস্থতাৰ অৱস্থা, যিটো নেকি কোনো ব্যক্তিয়ে হয় সংকীৰ্ণ অৰ্থত, অৰ্থাৎ যেতিয়া ভাল কাম এটা নিৰ্দিষ্ট মুহূৰ্তত ঘটে, বা অধিক বাহুল্য়কৈ, সামগ্ৰিকভাৱে নিজৰ জীৱন আৰু সাফল্যৰ ইতিবাচক মূল্যায়ন হিচাপে অনুভৱ কৰে—অৰ্থাৎ ব্যক্তিগত মংগল কাৰক হিচাবে। সাধাৰণতে সুখক নেতিবাচক আৱেগ (যেনে দুখ, ভয়, খং) আৰু অন্যান্য ইতিবাচক আৱেগ (যেনে মৰম, উত্তেজনা আৰু আগ্ৰহ)ৰ পৰাও পৃথক কৰিব পাৰি। এই আৱেগবোৰ প্ৰায়ে এটা নিৰ্দ্দিষ্ট প্ৰকাৰৰ মুখৰ অভিব্যক্তিৰ সৈতে সমঞ্জস্য় থাকে আৰু সেয়া হৈছে আমাৰ হাঁহিটো ।
বৈজ্ঞানিক ভাষাত সুখক প্ৰায়ে বিষয়ভিত্তিক মংগল (Subjective Well-being ) বুলি কোৱা হয়, যিটো বুজোৱা হৈছে নিজৰ জীৱন ভালদৰে চলি আছে বুলি অনুভৱ কৰা। ইয়াত ইতিবাচক আৱেগ আৰু সামগ্ৰিক জীৱন সন্তুষ্টিৰ অনুভূতি দুয়োটাকে সামৰি লোৱা হৈছে। সাধাৰণতে সুখক আমি দৈনন্দিন জীৱনৰ জৰিয়তে অংশগ্ৰহণ কৰা আনন্দদায়ক কাম-কাজৰ সন্দৰ্ভত আমাৰ যি ইতিবাচক আৱেগ থাকে বুলি বুজা যায় । আনন্দ, আৰাম, কৃতজ্ঞতা, আশা আৰু প্ৰেৰণা আদি হৈছে ইতিবাচক আৱেগৰ উদাহৰণ যিয়ে আমাৰ সুখ বৃদ্ধি কৰে আৰু আমাক ইয়াক অনুভৱ কৰিবলৈ প্ৰেৰণা দিয়ে। বৈজ্ঞানিক সাহিত্যত সুখক হেড’নিয়া ইতিবাচক আৱেগৰ উপস্থিতি আৰু নেতিবাচক আৱেগৰ অনুপস্থিতি বুলি কোৱা হয়। কিন্তু সমস্যাটো হ’ল আনন্দই আমাক সুখ সাময়িক ভাৱেহে দিয়ে। মদ খোৱা, নিকোটিন খোৱা, কোনো চৌখিন সম্পৰ্ক স্থাপন কৰা , শেহতীয়া ভাৱে কোনো সম্পত্তি আহৰণ কৰা আদিয়ে – আমাক আনন্দ দিয়ে । কিন্তু আমি সদায় আকৌ নিজৰ নিৰ্দিষ্ট স্তৰৰ সুখলৈ উভতি যাওঁ।
হেডনিক ট্ৰেডমিল তত্ত্বই আমাক আচৰিত কৰি তুলিব যে আমাৰ ডি এন এত সুখ লিখা আছেনে ? শেহতীয়া বছৰবোৰত সুখৰ ওপৰত কৰা আটাইতকৈ উল্লেখযোগ্য বৈজ্ঞানিক গৱেষণা প্ৰকাশ কৰিছিল ভ্ৰিজে ইউনিভাৰ্চিটি আমষ্টাৰডামৰ অধ্যাপক মেইকে বাৰ্টেলছ আৰু ফিলিপ ক’লিংগাৰে। ইতিহাসত প্ৰথমবাৰৰ বাবে ২ লাখ ৯৮ হাজাৰৰো অধিক লোকৰ ওপৰত কৰা বৃহৎ পৰিসৰৰ আন্তঃৰাষ্ট্ৰীয় অধ্যয়নত গৱেষকসকলে মানুহৰ জিন’মৰ সেই অংশসমূহ পৃথক কৰি উলিয়াইছিল যিবোৰে মানুহে কেনেকৈ সুখ অনুভৱ কৰে তাৰ পাৰ্থক্যৰ ব্যাখ্যা দিব পাৰে। বাৰ্টেলছ আৰু ক’লিগাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্যটো হ’ল তেওঁলোকে সুখৰ বাবে তিনিটা জিনীয় ভিন্নতা বিচাৰি পাইছিল। ফলাফলৰ পৰা অনুমান কৰিব পাৰি যে- ১) আপোনাৰ সুখ পূৰ্বনিৰ্ধাৰিত। ২)কিছুমান মানুহ বিষণ্ণতাত অধিক আক্ৰান্ত হয় । ৩) ই আমাৰ ডি এন এৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।
এবাৰ চাওঁচোন ই কিয় ইমান গুৰুত্বপূৰ্ণ- এতিয়ালৈকে ভৱা হৈছিল যে সুখ হৈছে পৰিস্থিতিৰ প্ৰত্যক্ষ ফলঃ অৰ্থাৎ আপুনি কোনখন দেশত বাস কৰে, আপোনাৰ সামাজিক সম্পৰ্ক কেনে, আপুনি কিমান উপাৰ্জন কৰে, আৰু আপুনি কিমান শিক্ষিত ইত্যাদি । কিন্তু প্ৰকৃত পক্ষে সুখ ইয়াতকৈও জটিল । বাস্তৱত আমি এতিয়াও নাজানো সুখে কেনেকৈ সঠিকভাৱে কাম কৰে । কিন্তু বাৰ্টেলছ আৰু ক’লিংগাৰৰ গৱেষণাই সুখৰ ওপৰত জেনেটিক্সৰ প্ৰভাৱৰ ওপৰত অধিক গৱেষণাৰ দুৱাৰ মুকলি কৰে। বাৰ্টেলছে সন্দেহ কৰে যে পৰিৱেশৰ কাৰক আৰু জিনীয় বিজ্ঞানৰ সংমিশ্ৰণৰ দ্বাৰা সুখ নিৰ্ণয় কৰা হয় । তেওঁ কয়ঃ “গৱেষণাৰ পৰা দেখা গৈছে যে ডি এন এ মিথাইলেচনৰ পাৰ্থক্য সুখৰ সৈতে জড়িত। ইয়াৰ অৰ্থ হ’ল কেৱল জিন নহয় আৰু কেৱল পৰিৱেশ নহয়, কিন্তু এই দুয়োটাৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াই সুখৰ অনুভৱৰ বাবে দায়ী।” সুখ নিৰ্ণয় কৰাত জেনেটিক্সে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে; কিন্তু চিন্তা নকৰিব, কিয়নো আপুনি এতিয়াও নিয়ন্ত্ৰণত আছে।
বিজ্ঞানীসকলে সুখৰ মূল্যায়নৰ বাবে জীৱনৰ সন্তুষ্টি জুখিব পৰা স্কেলৰ দৰে আত্ম-ৰিপৰ্ট জৰীপ ব্যৱহাৰ কৰে।
বিষয়ভিত্তিক মংগল (SWB) : এইটোৱেই হৈছে সুখ আৰু জীৱন সন্তুষ্টিৰ বাবে ব্যৱহাৰ কৰা বৈজ্ঞানিক শব্দ। ইয়াৰ লগত জ্ঞানমূলক (জীৱনৰ বিষয়ে চিন্তা কৰা) আৰু আৱেগিক (অনুভৱ) দুয়োটা দিশ জড়িত হৈ থাকে।
ইতিবাচক আৱেগঃ সুখৰ ভিতৰত আনন্দ, সন্তুষ্টি আৰু আনন্দৰ দৰে ইতিবাচক আৱেগ অন্তৰ্ভুক্ত।
জীৱন সন্তুষ্টিঃ ইয়াৰ লগত নিজৰ সামগ্ৰিক জীৱন আৰু সাফল্যৰ ইতিবাচক মূল্যায়নো জড়িত হৈ থাকে।
জোখ-মাখঃ গৱেষকসকলে প্ৰায়ে SWB মূল্যায়ন কৰিবলৈ আত্ম-ৰিপৰ্ট প্ৰশ্নাৱলীৰ ওপৰত নিৰ্ভৰ কৰে।
আনন্দৰ বাহিৰতঃ আনন্দ সুখৰ অংশ হ’লেও ইয়াক জীৱনৰ মংগল আৰু অৰ্থবোধ বুলিও গণ্য কৰা হয়।
আপুনি ভাল জীৱন যাপন কৰা বুলি জানিও কেতিয়াবা সুখী হ’বলৈ সংগ্ৰাম কৰেনে ? ইয়ো এটা জতিল প্ৰশ্ন । আমি সকলোৱে সুখৰ পিছত খেদি ফুৰো কাৰণ ই আমাৰ জীৱনৰ মানদণ্ডত বিপুল পাৰ্থক্য আনে। আমি কোনো বেলেগ নহয়। কিন্তু এইটোও বিশ্বাস কৰোঁ যে আমি সাৱধান হোৱা উচিত যাতে আমি সুখ আৰু আনন্দ একে বুলি ধৰি নলওঁ। অন্যথা, আপুনি শেষত হেডনিক ট্ৰেডমিলত শেষ হয়ঃ আপোনাৰ সুখৰ মাত্ৰা উন্নীত কৰিবলৈ অহৰহ আনন্দৰ পিছত খেদি ফুৰাৰ দৰে অৱস্থা হয়। কিন্তু প্ৰধান সমস্যাটো হ’ল আনন্দই আমাক সুখৰ সাময়িক পৰিস্থিতিটোহে দিয়ে। যিকোনো প্ৰাপ্য় বস্তুৱে আমাক সাময়িক ভাৱে আনন্দ দিয়ে। আকৌ কিন্তু সেইবোৰ একমাত্ৰ নিৰ্ণায়ক কাৰক নহয়। যদিও আপোনাৰ এটা পজিটিভিটি জিন থাকিব পাৰে, ই শিলত কতা সত্য় নহয় যে আপুনি শেষত সুখী হ’ব। ইয়াৰ ওলোটা কথাও হ’ব পাৰে । ভাল খবৰটো হ’ল যে ওপৰৰ গৱেষণাই প্ৰমাণ কৰিছে যে আপুনি সঁচাকৈয়ে নিজৰ সুখক প্ৰভাৱিত কৰিব পাৰে। কিন্তু তেওঁলোকে এইটোও দেখুৱাইছে যে সুখ অতি জটিলঃ ‘সুখ –উন্নতি’ৰ কোনো এটা পদ্ধতিয়েই সকলোৰে বাবে একেধৰণে কাম নকৰে। জিনীয়ভাৱে মানুহ বেলেগ বেলেগ। এই সকলোবোৰ গৱেষণাৰ পৰা এটা ভাল খবৰ পোৱা যায় যে- আপুনি সদায় নিয়ন্ত্ৰণত আছে। মনত ৰাখিব সেয়া কেৱল আত্ম-উন্নতিৰ সাধাৰণ দৃষ্টিভংগী নহয়। এই বক্তব্যৰ বিজ্ঞান ভিত্তিত পূৰ্ণ সমৰ্থন আছে। লগতে অৱশ্যে আপুনি উপলব্ধি কৰিব লাগিব যে সুখৰ বাবে যঠেষ্ট কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। সেইবাবেই ‘সুখী হ’বলৈ চেষ্টা কৰা বন্ধ কৰক’ বুলি দাবী কৰা লোকসকলে, তেওঁলোকৰ কথাটো হেৰুৱাই পেলাইছে। তেওঁলোকে হয়তো সুখক নিজৰ নিৰ্দিষ্ট স্তৰৰ সুখৰ পৰাই চায়। আমাৰ মাজৰ কিছুমানৰ বাবে সুখৰ বাবে প্ৰত্যেককে উপযুক্ত কাম লাগে। কিন্তু সেয়া আচৰিত কথা নেকি ? নিশ্চয় নহয় ; সাধাৰণতে আমাৰ জীৱনটোৱেই কঠিন। আৰু সেয়া আমাৰ সুখৰ বাবে মাথোঁ এটা ভাল কথা। উপযোগিতাই সকলোকে সুখৰ পৰিস্থিতিলৈ লৈ যায় সেয়ে আজি সুখৰ প্ৰতি দৃষ্টিভংগী সলনি হৈছে । কেইবছৰমান আগলৈকে ইয়াক বিশ্বাস কৰা হৈছিলোঁ যে সুখ হৈছে জীৱনৰ একমাত্ৰ যুক্তিসংগত সাধনা । সেয়া এক ভুল আছিল। যেতিয়া আমি সক্ৰিয়ভাৱে সুখৰ পিছত লাগি থাকো, তেতিয়া আমি হয়তো সুখী হ’ব পাৰো, কিন্তু আমি কথাটো মনত ৰাখিব লাগিব যে আমি তাক হেৰুৱাই পেলাম। যদি ভৱা হয় কিয় ? তেতিয়া অনুভব কৰিব যে ই এক সহজাতভাৱে অহংকাৰী দৃষ্টিভংগী । আপুনি মূলতঃ তেনেকৈয়ে ভাৱিব, “মোৰ সুখৰ বাহিৰে আন একোৱেই গুৰুত্বপূৰ্ণ নহয়।“ কিন্তু আপোনাৰ জীৱনৰ লগত জৰিত আন মানুহবোৰৰ কথা কি দৰে ভাৱিব ? অৰ্থাৎ আপুনি সকলোকে সূক্ষ্মভাৱে অৱজ্ঞা কৰিব আৰু কেৱল নিজৰ সুখৰ কথাহে চিন্তা কৰিব ? হয়তো সেইটোৱেই আপোনাৰ বাবে প্ৰধান কাম হ’ব। কিন্তু আমাৰ জীৱনটো ইয়াতকৈও বেছি কথাৰ লগত জৰিত হৈ আছে । আমি এইটোও জানো যে নিসংগতাই কেতিয়াও আমাৰ সুখৰ উন্নতি নকৰে। বাস্তৱ জীৱনত কেতিয়াবা আনৰ বাবে কিছুমান বস্তু ত্যাগ কৰিবলগীয়া হয়। আৰু সেয়া কেতিয়াও বেয়া কথা বুলি ক’ব নোৱাৰি — এইয়া আমাৰ এক মানৱীয় দৃষ্টিভংগীৰ কথা ৷ আমি সকলোৱে বিশ্বাস কৰা উচিত যে জীৱনৰ উদ্দেশ্য সুখ নহয়, ইয়াৰ প্ৰকৃত উদ্দেশ্য় উপযোগিতাহে। উপযোগী হোৱাটো এটা মানসিকতা । আৰু মনত ৰাখিব যিকোনো মানসিকতাৰ দৰেই ইয়াৰো আৰম্ভণি হয় এটা সিদ্ধান্তৰ পৰা।
আকৌ কিছুমান মানুহ জন্মতে সুখী। পৰিস্থিতি যিয়েই নহওক কিয়, তেওঁলোক আনন্দময়, সন্তুষ্ট, আৰু সকলো কথাতে সদায়েই সন্তুষ্ট। তেওঁলোকৰ চকুত এটা চিৰন্তন সত্য় থাকে আৰু তেওঁলোকে সকলোতে আনন্দ আৰু সৌন্দৰ্য্য দেখিবলৈ পায়। আমি যেতিয়া তেওঁলোকক লগ পাওঁ, তেতিয়া তেওঁলোকে আমাক এই ধাৰণাৰে আপ্লুত কৰে যে তেওঁলোকে মাত্ৰ কিছু সৌভাগ্যক লগ পাইছে, বা তেওঁলোকে আপোনাক ক’বলৈ কিবা এটা ভাল খবৰ আছে। যেনেকৈ মৌমাখিয়ে প্ৰতিটো ফুলৰ পৰা মৌ উলিয়াই আনে, তেনেকৈ তেওঁলোকৰ এটা সুখৰ ৰসায়ন আছে যিয়ে সকলো সময়তে ইয়াক ৰূপান্তৰিত কৰে ।
আমাৰ জিনটোৱেই হয়তো সুখক আটাইতকৈ বেছি প্ৰভাৱিত কৰে। আচৰণৰ জিনীয় বিজ্ঞানী আৰু মনোবিজ্ঞানীসকলে প্ৰায় ৫০ শতাংশ সুখৰ কাৰণ জেনেটিক্স, ১০ শতাংশ জীৱনৰ পৰিস্থিতি আৰু ৪০ শতাংশ ব্যক্তিগত পছন্দৰ বাবে বুলি কয়। মানুহ জন্মতে উজ্জ্বল দৃষ্টিভংগীৰে নহ’লেও নিয়মীয়াকৈ নিজৰ সুখ উন্নত কৰাৰ প্ৰতিশ্ৰুতি লৈ নিজৰ পৰিৱৰ্তন আনিব পাৰে। নাভাবিৱ, সুখী হোৱা মানে দুখী নহয় । কোনোপধ্যে নহয়। অৰ্থপূৰ্ণ জীৱনে হতাশা আৰু ক্ষতিক সামৰি লয়। কঠিন অভিজ্ঞতাই আমাৰ মূল মূল্যবোধসমূহ উন্মোচন কৰিব পাৰে, পৰিৱৰ্তন আনিবলৈ প্ৰেৰণা যোগাব পাৰে, আৰু সুখৰ মুহূৰ্তবোৰক আৰু অধিক আনন্দদায়ক আৰু বিশেষ কৰি তুলিব পাৰে।
গতিকে মন কৰিব সুখৰ লগত মংগল আৰু সামগ্ৰিক জীৱন সন্তুষ্টিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল লোকে উচ্চ মাত্ৰাৰ সুখ অনুভৱ কৰে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত হয়, সামাজিক সম্পৰ্ক শক্তিশালী হয়, প্ৰতিকূলতাৰ সন্মুখীন হ’লেও অধিক স্থিতিস্থাপকতা তেওঁলোকৰ মাজত থাকে। যুগ যুগ ধৰি সুখ, দৰ্শন আৰু মনোবিজ্ঞানৰ এক কেন্দ্ৰীয় বিষয় হৈ আহিছে । যদিও সুখৰ কোনো একক, সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য সংজ্ঞা নাই, তথাপিও ইয়াক সাধাৰণতে ইতিবাচক আৱেগ, উদ্দেশ্যবোধ আৰু পূৰ্ণতাৰ অনুভূতিৰ বৈশিষ্ট্যপূৰ্ণ মনৰ অৱস্থা হিচাপেই বুজা যায়। সেয়ে আজীৱন সুখৰ চাবিকাঠি হ’ল নিয়মীয়াকৈ সৰু সৰু পৰিৱৰ্তন কৰিবলৈ সময় উলিওৱা। কৃতজ্ঞতাৰ জাৰ্নেল ৰখা, দয়াৰ অভ্যাস কৰা, আশাবাদৰ ওপৰত গুৰুত্ৱ আৰোপ কৰা, ক্ষমা কৰিবলৈ শিকা, সম্পৰ্কত বিনিয়োগ কৰা, জীৱন প্ৰবাহৰ কাৰ্য্যকলাপ বিচাৰি উলিওৱা, অতিমাত্ৰা চিন্তা কৰাটো এৰাই চলা, জীৱনৰ আনন্দ উপভোগ কৰা, লক্ষ্যত উপনীত হোৱাৰ প্ৰতিশ্ৰুতি দিয়া আদি অভ্যাসসমূহ আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিলে সুখক স্থায়ী কৰি তুলিব পাৰিব।
মনত ৰাখিব সত্যটোৱেই আপোনাৰ জীৱনত সকলো প্ৰকাৰে কাম কৰে । সুখৰ বিষয়টোক বেছি গুৰুত্বসহকাৰে ল’ব নালাগে। অতিমাত্ৰা চিন্তা নকৰিব। মাত্ৰ উপযোগী কিবা এটা কৰক। যিকোনো এটা।
বাস্তৱবাদী দাৰ্শনিক তথা কাৰ্য্যকৰী মনোবিজ্ঞানৰ অন্যতম পিতৃ জন ডিউইয়ে এবাৰ কৈছিলঃ
“সত্যটো হ‘ল যিটোৱে কাম কৰে।“
গতিকে নিজৰ সত্য নিজেই বিচাৰি উলিয়াব লাগিব । আপোনাৰ বাবে কোনটোৱে কাম কৰে? প্ৰকৃত পক্ষে জীৱনত সেইটোৱেই গুৰুত্বপূৰ্ণ । আৰু বিশেষকৈ আপোনাৰ সুখৰ বাবে।
ফোনঃ ৯৮৬৪০১৮৬৬৫
Comments are closed, but trackbacks and pingbacks are open.