ডাঃ ৰীমা ভট্টাচাৰ্য্য
মেডিচিন বিশেষজ্ঞ ও চিকিৎসা বিষয়া, নগাঁও
চাৰ্ক’ অৰ্থাৎ মাংসপেশী আৰু পেনিয়া অৰ্থাৎ হ্ৰাস হোৱা। শৰীৰৰ মাংসপেশী সাধাৰণতে বয়স বৃদ্ধিৰ ফলত কমি যোৱা দেখা যায়। কমি যোৱা মানে দুই ধৰণৰ হ্ৰাস বুজাই – মাংসপেশীৰ ঘনত্ব কমি যোৱা আৰু মাংসপশীৰ ক্ষমতা কমি যোৱা। কিন্তু বৰ্তমান সময়ত চাৰ্ক’পেনিয়া কম বয়সৰ পৰা দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে – মধুমেহ, scleroderma, obesity, COPD (শ্বাসনলীৰ সমস্যা), CKD (বৃক্ক ৰোগ) , ভাইৰেল ৰোগ , কৰ্কট ৰোগ, autoimmune ৰোগ, অভাৱজনিত ৰোগ (deficiency diseases ) আদি। এগৰাকী ব্যাক্তিৰ বয়স বৃদ্ধিৰ লগে লগে শৰীৰৰ ক্ষয় অৱস্থা আৰম্ভ হব ধৰে। যাৰফলত মাংসপেশী, হাড়ৰ পৰা আদি কৰি মগজু পৰ্য্যন্ত ক্ষয় হোৱা দেখা যায়। সেই সময়ছোৱাত উচিত খাদ্য আৰু ঔষধৰ ব্যৱহাৰে ক্ষয়জনিত লক্ষণ সমূহ কমাই ৰাখে। কিন্তু আজিৰ তাৰিখত সমাজত NCD (non communicable disease) ৰ সংখ্যা বহুত বৃদ্ধি হৈছে। খাদ্য আৰু জীৱনশৈলীৰ বাবে মধুমেহ, বৃক্কৰ ৰোগ, obesity আদিৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে। যাৰ ফলত শৰীৰৰ metabolism (বিপাক ক্ষমতা) দুৰ্বল হৈ যায়। Metabolism ৰ ভাৰসাম্য নোহোৱা হলে শৰীৰত free fatty acid বাঢ়ি যায়। অৰ্থাৎ অলাগতিয়াল চৰ্বি জমা হব ধৰে আৰু protein utilization কমকৈ হয়। Protein metabolism লিভাৰত হয় কিন্তু লিভাৰৰ সমস্যা আৰম্ভ হলে protein সম্পূৰ্ণৰূপে amino acid লৈ পৰিৱৰ্তিত হব নোৱাৰে। amino acid শৰীৰৰ মাংসপেশীৰ building block অৰ্থাৎ গাঠনিক উপাদান ৰূপে কাম কৰে। গতিকে যেতিয়া amino acid ৰ পৰিমান কমি যায় তেতিয়া, মাংসপেশী দুৰ্বল হোৱা পৰিলক্ষিত হয়। সেয়ে, মাংসপেশীৰ কাৰ্য্যকাৰিতাৰ বাবে নিতৌ উচিত মাত্ৰাত প্ৰ’টিন গ্ৰ্হণ কৰাটো জৰুৰী। প্ৰতিদিনে শৰীৰৰ কেলৰিৰ ১০-৩৫% প্ৰটিনৰ প্ৰয়োজনীয়তা হয়, অৰ্থাৎ ০.৮ গ্ৰাম প্ৰতি কিলো শৰীৰৰ ওজন হিচাপে প্ৰটিন গ্ৰ্হণ কৰিব লাগে। মাংসপেশী ৰ লগতে শৰীৰৰ সিৰা (ligament, tendon) আদিৰ কৰ্মদক্ষতা কমি আহে, যাৰ ফলত গাঠিঁৰ বিষ, লৰচৰ কৰাত অসুবিধা, বেছি দূৰ খোজ কাঢ়িব নোৱাৰা, ওজন কাম কৰিব নোৱাৰা আদি পৰিলক্ষিত হয়।
চাৰ্ক’পেনিয়া ৰ কাৰণ :
১/ বিলাসী জীৱন যাপন
২/ obesity
৩/ জটিল বৃক্ক ৰোগ (CKD)
৪/ নুণ্যতম শাৰীৰিক পৰিশ্ৰম
৫/ মধুমেহ
৬/ হৰমনৰ তাৰতম্য
৭/ যকৃতৰ বিকাৰ
৮/ বয়স্ক লোকৰ ক্ষেত্ৰত স্বাভাৱিক ভাৱে দেখা যায়।
চাৰ্ক’পেনিয়া ৰ লক্ষণ:
১/ কৰ্মোৎসাহৰ অভাৱ
২/ নিত্য কৰ্ম কৰাৰ অসুবিধা
৩/ লাহে লাহে খোজ কঢ়া
৪/ ওপৰলৈ অথবা চিৰি বগাবলৈ কষ্ট পোৱা
৫/ খোজৰ ভাৰসম্য নথকা
৬/ মাংসপেশী শুকাই যোৱা।।
SARC-F স্কেলৰ পৰা চাৰ্ক’পেনিয়া ৰ গ্ৰেড ওলাব পৰা যায়।
S- strength
A- Assistance with walking
R- rising from chair
C – climbing stairs
F- falls.
আয়ুৰ্বেদ চিকিৎসা:
১/ আয়ুৰ্বিজ্ঞানত gold preparation পোৱা যায়, যিবোৰ ভষ্ম প্ৰক্ৰিয়াৰে নিৰ্মিত হয়। gold formulation সমূহে শৰীৰৰ শক্তি প্ৰদান কৰাত সহায় কৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি সঠিক মাত্ৰাত গ্ৰ্হণ কৰিলে ইয়াৰ যথেষ্ট সুফল পোৱা যায়।
২/ আয়ুৰ্বেদত বৃংহণ চিকিৎসাৰ চৰ্চা আছে, যাৰ জৰিয়তে খাদ্য ৰ লগত কেনেকৈ ঔষধ সেৱন কৰে, ghrita preparation কেনেকৈ গ্ৰ্হণ কৰে , সেই বিষয়ে উল্লেখ আছে। ইয়াৰ উপৰিও chandraprabha , ksheerabala, laxadi, phala ghrita, bhallatak, arjun, gokshur, shigru, আদি ঔষধ সমূহে শৰীৰৰ nourishing কাম কৰে।
৩/ ৰসায়ন ( rejuvenate )পদ্ধতিৰ জৰিয়তে শৰীৰৰ immunity, ওজন, শক্তি, স্নায়ুকোষৰ স্বাস্থ্য, পাচন শক্তি, প্ৰজনন শক্তি আদিৰ সুস্থ হৈ থাকে। উদাহৰণ স্বৰূপে – amla rasayan, makarprash, pippali rasayan, aswagandha rasayan, Kapikacchu rasayan, brahmi rasayan, guduchi rasayan আদি।
আয়ুৰ্বেদ পঞ্চকৰ্ম চিকিৎসা :
১/ পঞ্চকৰ্ম পদ্ধতিৰে শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্য দুয়ো দিশতে কাম কৰা হয়। external therapy ৰূপে medicated nourishing massage ( abhyanga) ব্যৱহৃত হয়। nourishing oil formulation কিছুমান ব্যৱহাৰ হয় , যাৰ জৰিয়তে মাংসপেশী আৰু স্নায়ুকোষে শক্তি লাভ কৰে। যেনে – mahamash oil, ksheerabala oil, ketekimooladi oil, dhanantaram oil, srigopal. Oil. ৰোগী অনুযায়ী ঔষধৰ ব্যৱহাৰ ভিন্ন হয়।
২/ swastik Sali pinda , এক প্ৰকাৰৰ পঞ্চকৰ্ম পদ্ধতি, যাৰ জৰিয়তে শৰীৰত বাহ্যিক ভাৱে সেই মূহুৰ্তত নিৰ্মিত nourishing সামগ্ৰীৰ এক মিশ্ৰণ প্ৰয়োগ কৰা হয়। ইয়াৰ জৰিয়তে muscle mass বাঢ়ে আৰু tendon শক্তিশালী হয়। প্ৰতিদিনে ১ ঘন্টাৰ বাবে ১৪ দিনলৈ এই ক্ৰিয়া কৰিলে যথেষ্ট সুফল পোৱা যায়।
৩/ বস্তি চিকিৎসা অতিশয় ফলপ্ৰসূ হয়। মাংসপেশী ৰ দুৰ্বলতাৰ বাবে কিছু সংখ্যক বস্তি যেনে – yapana vasti, matra vasti, mamsarasa vasti, aswagandha ksheera vasti, dasamoola ghrita vasti, madhutailika vasti আদিৰ প্ৰয়োগ হয়। ৭-১৪ দিনৰ বাবে নিয়মিত ভাৱে বস্তি চিকিৎসা গ্ৰ্হণ কৰিলে মাংসপেশী আৰু স্নায়ুকোষৰ বিকাশ হয়।
চাৰ্ক’পেনিয়া ব্যাধিয়ে কম বয়সত আৰু কম সময়তে ব্যাক্তিক পংগু কৰিব পাৰে। সেয়েহে, সঠিক সময়ত ৰোগ ধৰা পেলোৱা আৰু সঠিক চিকিৎসা পদ্ধতি অৱলম্বন কৰা টো অত্যাধিক গুৰুত্বপূৰ্ণ। আয়ুৰ্বেদ চিকিৎসাই এই ক্ষেত্ৰত স্বকীয় ভূমিকা গ্ৰহণ কৰি আহিছে আৰু বহু সংখ্যক লোকে ইতিবাচক ফলাফল ও লাভ কৰি আহিছে।।
ফোনঃ ৭০৮৬৬৯১৫২০
Comments are closed, but trackbacks and pingbacks are open.