পাজল খেল

366

ড° শান্তনা বৰদলৈ

পাজল খেলৰ সৈতে সকলোৰে শিশুকালৰে পৰাই পৰিছয় ঘটে। শৈশৱৰ দিনত আইতাৰ কোলাত বহি “সাঁথৰ ভঙা”ও একপ্ৰকাৰ পাজল খেলেই আছিল। আকৌ সেই  মহাকাব্য যুগৰ ৰামায়ন – মহাভাৰতৰ “পাশাখেল” ও পাজল খেলেই আছিল। পিছত মানুহৰ মাজত জনপ্ৰিয় হৈ পৰা “তাচ পাত” খেলে  পাজল খেলৰ  পৰিসৰ বৃদ্ধি কৰে।  বৰ্তমান সময়ত উপলদ্ধ হোৱা বিভিন্ন পাজলখেলসমুহে সৰু ল’ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে সকলোকে বিবুদ্ধিত পেলাই  এই খেলৰ প্ৰতি আকৰ্ষন বৃদ্ধি কৰে। সুস্থভাৱে মন- মগজুক সন্তুলিত ৰূপত প্ৰয়োগ কৰি পাজল খেলত সফলতা লাভ কৰি অনাবিল আনন্দ উপভোগ কৰিব পাৰে। আধুনিক পাজল খেলৰ ইতিহাসলৈ মন কৰিলে প্ৰথমেই আহিব “মিষ্টাৰ গিবচন”ৰ নাম, যিজনে ১৯১৯ চনতেই শিশু , কিশোৰ আৰু প্ৰাপ্তবয়স্ক মানুহৰ মনস্তাত্বিক বিকাশৰ কথা বিবেচনা কৰি বহু পৰীক্ষা-সম্পৰীক্ষাৰে এইবিধ খেলৰ আৱিষ্কাৰ কৰিলে। হেৰী পাৰ্চী গিবচন নামৰ ব্যক্তিজনেই সৰ্বপ্ৰথমে লণ্ডনত “এইচ পি গিবচন এণ্ড ছনছ লিমিটেড” ( H P Gibson & Sons Ltd ) নামেৰে পাজল খেলৰ কাৰ্ডৰ ব্যৱসায় আৰম্ভ কৰিলে। এই কোম্পানীৰ প্ৰধান কাৰ্যালয় ইংলণ্ডৰচুটানত অৱস্থিত। এই কোম্পানীয়েই সকলো বয়সৰ মানুহৰ জ্ঞানবৃদ্ধি তথা মনোৰঞ্জনৰ কাৰণে ১০০ বছৰৰো অধিক কাল ধৰি পাজল খেলৰ ব্যৱসায় অক্ষুন্ন ৰাখিছে। ১৯১৯ চনত আৰম্ভ হোৱা এই গিবচন কোম্পানী বৰ্তমান গিবচনৰ চতুৰ্থ প্ৰজন্মই সফলতাৰে পৰিচালনা কৰি আছে।

গিবচন পাজল বুলিলে মূখ্যত  ডাঠ একোখন কাৰ্ডবৰ্ডত যিকোনো বিষয়ৰ  (প্ৰধানকৈ প্ৰকৃতি বিষয়ক) একোখন চিত্ৰক এক বিশেষ সজ্জাত সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি বিমোৰত পেলোৱা হয় যাতে খেলুৱৈ গৰাকীয়ে  টুকুৰাবোৰ মনপুতঃ ভাৱে লগলগাই পুনৰ চিত্ৰখনৰ ৰূপ দিব পাৰে। সকলোবোৰ টুকুৰা সমান জোখৰ আৰু দেখিবলৈ একে যেন লগা টুকুৰাবোৰ খাজেখাজে মিলি গৈ অৱশেষত হুবহু চিত্ৰখনৰ ৰূপ দিয়ে। পাজলৰ সৈতে সংলগ্ন চিত্ৰখন চাই মগজুৰে সঠিকভাৱে কচৰৎ কৰি খেলখন খেলা হয়। এইধৰণৰ পাজলবোৰত ১০০ ৰ পৰা ১০০০ টা লৈকে  টুকুৰা থাকে। ইয়াৰ বাহিৰেও শিশুৰ কাৰণে উপযোগীকৈ লিটল গিবচন (Little Gibson) , ২৫ বিধ বৰ্ড খেল (Board Game), পিয়াট্ৰিকপ্লেয়িং কাৰ্ড (Piyatrik playing cards), হুৱাইট ল’গ’ কালেকচন ( White Logo Collection) , ডি ৰিগফ’ৰ (The Rig Four), লগতে সৈনিক সম্বন্ধীয় খেল আদি অসংখ্য খেলৰ স্বৃষ্টি কৰিছে গিবচন কোম্পানীয়ে। সমগ্ৰ বিশ্বত এই কোম্পানীয়েই পাজল খেলৰ ব্যৱসায়ত একছত্ৰী ৰাজ হিচাবে সেৱা আগবঢ়াই আছে।

এই পাজল খেলৰ কাৰণে লাগিব অসীম ধৈৰ্য। শিশুসকলৰ কাৰণে পাজল খেল অত্যন্ত আৱশ্যকীয় কিয়নো বৰ্তমান সময়ত উপলদ্ধ হোৱা সমাজ বিজ্ঞান তথা বিজ্ঞান সম্বন্ধীয় বিভিন্ন বিষয়ৰ জ্ঞান বৃদ্ধিৰ লগে লগে শিশুৰ একাগ্ৰতা আৰু ধৈৰ্যবৃদ্ধিৰ জৰিয়তে মানসিক উৎকৰ্ষ সাধনত  ই বিশেষ ভুমিকালব পাৰে। শিশুৰ দৰেই প্ৰাপ্ত বয়স্ক লোকৰ কাৰণেও পাজল খেল সমানেই উপকাৰী। বৰ্তমান সময়ত মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ দ্ৰুত পৰিবৰ্তনৰ ফলশ্ৰুতিতে হওঁক নতুবা অন্যান্য আনুসংগিক কাৰণতে হওঁক , সমাজত বৃদ্ধি হোৱা এলজাইমাৰগ্ৰস্ত ব্যক্তি  তথা ইয়াৰ আনুসংগিক ৰোগত  ভুক্তভোগী  সকলৰ কাৰণেও পাজল খেল উপকাৰী বুলি প্ৰমানিত হৈছে।  এই খেলসমুহত  নিমগ্ন হ’লে  ই মানুহৰ মগজুৰ কোষ সমুহ অধিক সক্ৰিয় কৰি তোলে , ফলত কোষৰ মাজৰ আন্তঃযোগাযোগ বৃদ্ধি  কৰে।  যাৰ ফলত মানুহৰ শৰীৰৰ পৰা নিসৰিত হোৱা ” দোপামিন ” ( Dopamine) ” নামৰ হৰম’নৰ নিসৰণ বৃদ্ধি পায় , যি মানুহৰ মানসিক অৱস্থা , দৃষ্টিশক্তি আৰু একাগ্ৰতা বৃদ্ধি কৰে । মানুহৰ দৈনন্দিন জীৱনৰ কৰ্মশৈলীৰ পৰা অৱসাদ দুৰীকৰণত তথা টোপনি অহাতো পাজল খেলে  সহায় কৰে। যাৰ ফলত শৰীৰৰ ৰক্তচাপ  (Blood pressure) আৰু হাৰ্ট বিট  (Heart beat) বা হৃদ কম্পন সন্তুলনত সহায়ক হয়। মানুহে নিজে ন্যায়গত সুস্থ সিদ্ধান্ত গ্ৰহন কৰাত তথা সংকীৰ্ণ বিশ্লেষণাত্মক ভাৱনাশক্তিৰনিপুনতা বৃদ্ধি কৰাত এইবোৰ খেলে যোগাত্মক ক্ৰিয়া কৰে। আমাৰ সমাজত বিশেষ জনপ্ৰিয় ক্ৰছ ৱৰ্ডপাজল ( Cross word puzzle) , লুডু কিং (Ludo king) , চুডকু ( Sudoku) , ৰিউবিকছকিউৱ (Rubik’s Cube) ,আজুল (Azul), ছেছ (Chess) আদি পৰিচিত পাজল খেলেই। মিচিগান বিশ্ববিদ্যালয়তে সম্পন্ন কৰা এটা বিশ্লষণাত্মক অধ্যয়নৰ তথ্যৰ পৰা জানিব পৰা গৈছে য এই খেলসমুহে মানুহৰ আই কিউ ( IQ: Intelligent  Quotient ) বৃদ্ধি কৰে। সেয়েহে বৰ্তমান সময়ত শিশুৰ কাৰণে এইবোৰ খেল স্বৃষ্টি কৰাৰ লগে লগে সামাজিক দায়বদ্ধতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সমাজত বৃদ্ধি পোৱা এলজাইমাৰ আক্ৰান্ত ব্যক্তিবিশেষৰ কাৰণেও বহু পাজল খেলৰ স্বৃষ্টি কৰিছে। তদুপৰি বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতিৰ ফলস্বৰূপে প্ৰদুষণৰ আৱৰণে পৃথিৱী ছানি ধৰাৰ সময়ত গিবচন কোম্পানীয়ে পৰিৱেশ অনুকল উপাদানেৰে পাজলখেলসমুহস্বৃষ্টি কৰিছে।

বৰ্তমান উচ্চ প্ৰযুক্তি বিজ্ঞানৰ সফল প্ৰয়োগৰ জৰিয়তে হাতৰ মুঠিতে সমগ্ৰ বিশ্বৰ বতৰা লৈ ঘুৰি ফুৰিব পৰা  এনড্ৰয়ড মোবাইল ফোনৰ সময়ত বহুতো  ডিজিটেল পাজল  খেলৰ উদ্ভাৱন হৈ মানুহক ব্যতিব্যস্ত কৰাৰ বিপৰীতে ছপাজাতপাজল খেল সমুহো যথেষ্ট জনপ্ৰিয়। বিশেষকৈ বয়সষ্ঠসকলে ইয়াক নিসংগতাৰ সংগী ৰূপে বাচি ল’ব পাৰে। এইধৰণৰ পাজলখেলসমুহে মানুহৰ মগজুৰ স্নায়ুকোষৰ স্থিতিস্থাপকতা বৃদ্ধি কৰি স্নায়ুসমুহৰ সুনিৰ্দেশনা ও পৰিচালনাত সহায় কৰে। বৃদ্ধাৱস্থাতপাজল খেলৰ সঘন ব্যৱহাৰে মানসিক উদ্বিগ্নতা   তথা সংশয়তাদুৰীকৰণৰ লগতে মন- মগজু সক্ৰিয় হৈ থকাত বিশেষ সহায় কৰে

বৰ্তমান ইণ্টাৰনেটৰ যুগত গিবছন পাজলৰ দৰে যিকোনো সময়তে উপলদ্ধ ডিজিটেল পাজলখেলসমুহো বিভিন্ন এপৰ জৰিয়তে  মুহুত্বতেউপলদ্ধ হৈছে। বৰ্তমান যুৱপ্ৰজন্মৰ মাজত এইবোৰ অধিক জনপ্ৰিয় হৈ পৰিছে। বিশ্বত জনপ্ৰিয় ডিজিটেল পাজল খেলৰ এপ (App) সমুহ হৈছে-  উড নাটছ এণ্ড বল্টছপাজল (Wood Nuts & Bolts puzzle) , ব্লক ব্লাষ্ট (Block Blast) , ৰয়েল মেটছ (Royal Match), কেণ্ডিকাৰ্ছচাগা (Candy Crush Saga), ট্ৰিকিপাজল (Tricky puzzle) ইত্যাদি। এই এপসমুহৰ পৰা উপলদ্ধ জনপ্ৰিয় পাজলখেলসমুহ হৈছে-  হেক্সাছৰ্ট ( Hexa Sort ), ডমিনোড্ৰিমছ (Domino dreams),  ৱাটাৰ মেলন ড্ৰপছ :ফ্ৰুট মাৰ্জ (Water melon Drops : Fruit Marge) , স্ক্ৰ পিন – জেমপাজল (Screw Pin- Jam Puzzle) ইত্যাদি ।

বৰ্তমান সময়ত পাজল খেলৰ জনপ্ৰিয়তা ভাৰতবৰ্ষতো বৃদ্ধি পাইছে। ফলস্বৰূপে বহু ভাৰতীয় কোম্পানীয়ে যেনে নাজাৰা গেমছ (Nazara Games), ৰিলায়েন্স গেমছ এণ্ড গেমেছন (Reliance Games and Gametion) ইত্যাদিয়ে স্থানীয় তথা আন্তৰ্জাতিকভাৱে জনপ্ৰিয়  বহু পাজল খেলৰ উদ্ভাৱন কৰিছে।

সেয়েহে ব্যস্ততাৰ অৱসাদ আঁতৰাবলৈ লগতে মানসিক স্বাস্থ্য সবল কৰি ৰাখিবলৈ  ইতিবাচক চিন্তা-চৰ্চাৰে আমি সকলোৱেই  এই পাজল খেলৰ সহযাত্ৰী হওঁচোন আহক।

You might also like

Comments are closed, but trackbacks and pingbacks are open.