ড০ প্রদীপ নেওগ
গ্রীষ্মকালীন ফলবিলাকৰ ভিতৰত কঁঠাল অন্যতম সোৱাদ লগা ফল৷ কঁঠালৰ ভালেমান স্বাস্থ্যকৰ গুণাগুণ আছে যদিও ইয়াৰ আদৰ আৰু জনপ্রিয়তা আম, জামুক, আপেল, ডালিম, লিচু, মধুৰী আদিৰ তুলনাত কম৷
পিছে চলিত শতাব্দীত কঁঠালৰ চাহিদা বিশ্বব্যাপী বেচ বৃদ্ধি পাইছে৷ কঁঠালৰ উৎপাদনৰ ক্ষেত্রত ভাৰতবর্ষৰ স্থান বিশ্বৰ ভিতৰত প্রথম, আৰু বর্তমান ভাৰতবর্ষৰ পৰা বহু পৰিমাণৰ কঁঠাল বিশ্বৰ ভালেসংখ্যক দেশলৈ ৰপ্তানি হয়৷
প্রসংগত উল্লেখনীয় যে পকা কঁঠাল ফল হিচাপে খোৱাৰ উপৰি কেঁচা কঁঠাল পাচলি হিচাপে খোৱা হয়৷ কঁঠালৰ মুচিৰ বিশিষ্ট ৰন্ধন প্রকৰণ বিশ্বৰ বিভিন্ন প্রান্তত, বিশেষকৈ ভাৰতবর্ষত পৰম্পৰাগতভাৱে চলি আহিছে৷ মন কৰিবলগীয়া যে কেঁচা কঁঠালো পকা কঁঠালৰ সমানেই পুষ্টিকৰ আৰু ঔষধি গুণসম্পন্ন৷ দুটামান পুষ্টিকৰ উপাদান কেঁচা কঁঠালত বেছিহে থাকে৷
আকৌ কঁঠালৰ গুটিও খোৱা হয়, আৰু ই অতি সুস্বাদু৷ ভাৰতবর্ষৰ উপৰি এছিয়া মহাদেশৰ বিভিন্ন দেশত কঁঠাল গুটিৰ ব্যৱহাৰ পৰম্পৰাগতভাৱে চলি আহিছে৷ অসমীয়া সমাজত কঁঠাল গুটি ভাপত দি আৰু পুৰি খোৱাটো অতীজৰে পৰা প্রচলিত৷ খৰিচা আৰু কঁঠাল গুটিৰ বিশিষ্ট এক পাৰম্পৰিক জুতিও অসমীয়া সমাজত বেচ জনপ্রিয়৷ বৈজ্ঞানিক গৱেষণাই ইতিমধ্যে কঁঠাল আৰু কঁঠাল গুটিৰ ভালেমান বিশেষ স্বাস্থ্য সম্বন্ধীয় উপকাৰিতা প্রমাণ কৰিছে৷
চলিত দুটা দশকত কঁঠাল গুটিৰ চাহিদাও বেচ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ দেশ–বিদেশৰ কিছুমান ৰেষ্টুৰেণ্টৰ ম্যেনুতো কঁঠাল গুটিৰ কিছুমান বিশেষ জুতি লগা আহাৰ অন্তর্ভুক্ত হৈছে৷
বর্তমান কঁঠালৰ পৰা পাপৰ, চিপছ, আচাৰ, আইচক্রীম, জেলী, কুলফি, স্কোৱাচ, ৱাইন ইত্যাদি বিভিন্ন খাদ্যও প্রস্তুত হবলৈ ধৰিছে, আৰু ইবিলাকৰ চাহিদা আৰু এনে সামগ্রী প্রস্তুত কৰা ব্যৱসায়িক প্রতিষ্ঠান দ্রুতহাৰত বৃদ্ধি পাইছে৷
আমাৰ ৰাজ্যখনত অদ্যাপি কঁঠালৰ খেতি আৰম্ভ হোৱা নাই বুলিবই পাৰি৷ মুখ্যতঃ প্রাকৃতিকভাৱেই হাবি, বাৰী আদিত বেচ ভালেসংখ্যক কঁঠালৰ গছ গজি আহিছে, আৰু অযত্নপালিতভাৱে ডাঙৰ হৈ বছৰে বছৰে ফল দি আহিছে৷ চাহিদাৰ তুলনাত ৰাজ্যখনত কঁঠালৰ উৎপাদন পর্যাপ্তই বুলিব পাৰি৷ পিছে ব্যৱসায়িক ভিত্তিত কঁঠালৰ খেতি কৰি লাভৱান হোৱাৰ অৱশ্যই সম্ভাৱনা আছে৷
তলত কঁঠাল আৰু কঁঠাল গুটিৰ বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা প্রমাণিত স্বাস্থ্যকৰ গুণাগুণখিনি দাঙি ধৰা হৈছে৷
কঁঠালৰ পুষ্টিকৰ উপাদান আৰু উপকাৰিতা
বৈজ্ঞানিক পৰীক্ষাগাৰত কৰা বিশ্লেষণ অনুসৰি ১০০ গ্রাম পকা কঁঠালত বিশেষ কেইটামান পুষ্টিকৰ উপাদান এনে মাত্রাত ধৰণেৰে পোৱা যায় :
কার্বহাইড্রেডঃ ১৬ৰ পৰা ২৫ গ্রাম
প্রোটিনঃ ১.২ৰ পৰা ১.৯ গ্রাম
ফাইবাৰছঃ ১.০ৰ পৰা ১.৫ গ্রাম
ফেটছঃ ০.১ৰ পৰা ০.৪ গ্রাম
পটাছিয়ামঃ ১১৯ৰ পৰা ৪০৭ গ্রাম
ফচফৰাচঃ ৩৮ৰ পৰা ৪১ মিলিগ্রাম
মেগনেছিয়ামঃ ২৭ মিলিগ্রাম
কেলছিয়ামঃ ২০ৰ পৰা ৩৭ গ্রাম
ছডিয়ামঃ ২ৰ পৰা ৪১ গ্রাম
আইৰনঃ ০.৫ৰ পৰা ১.১ মিলিগ্রাম
ওপৰত উল্লেখ কৰাখিনিৰ উপৰি কঁঠালত বুজন পৰিমাণৰ ভিটামিন–এ, ভিটামিন ব্ছি, ভিটামিন বিৰ, আৰু ভিটামিন চি পোৱা যায়৷ তদুপৰি ই এণ্টিক্সিডেণ্টেৰেও সমৃদ্ধ৷ সেয়ে কঁঠালে পাচন তন্ত্র, স্নায়ুতন্ত্র, হূদযন্ত্র আৰু কিডনী সবল কৰাত অৰিহণা যোগায়৷ চকু, মগজু, দদাত, হাড সবল কৰে৷ ডায়বেটিছ, কলেষ্টৰেল আৰু দেহৰ ওজন কম হোৱাত সহায়ক৷
কঁঠাল গুটিৰ পুষ্টিকৰ উপাদান আৰু উপকাৰিতা
কঁঠাল গুটি শ্বেতসাৰ, প্রটিন, ভিটামিন, মিনাৰেল আৰু এণ্টিক্সিডেণ্টেছেৰে বেচ সমৃদ্ধ৷ বৈজ্ঞানিক গৱেষণাগাৰত কৰা বিশ্লেষণ অনুসৰি ২৮ গ্রাম কঁঠাল গুটিত নিম্নোলিখিত বিশেষ কেইটামান পুষ্টিকৰ উপাদান এনে মাত্রাত পোৱা যায়ঃ
শ্বেতসাৰঃ ১১ গ্রাম
প্রটিনঃ ২ গ্রাম
ফাইবাৰঃ ০.৫ গ্রাম
ৰিবফ্লেভিনঃ ৮ শতাংশ
থায়েমিনঃ ৭ শতাংশ
মেগনেছিয়ামঃ ৫ শতাংশ
ফচফৰাছঃ ৪ শতাংশ
কঁঠাল গুটিত আন বহুতো শাক–পাচলি আৰু ফলমূলতকৈ ৰিবফ্লেভিন ৮ শতাংশ আৰু থায়েমিন ৭ শতাংশ থকাটো বিশেষ গুৰুত্বপূর্ণ৷ এই দুয়োবিধ ভিটামিন বি কমপ্লেক্সৰ অনর্গত৷ খাদ্যক শক্তিলৈ ৰূপান্তৰিত কৰাত আৰু দেহত কোষ উৎপন্ন আৰু পৰিৱর্ধন হোৱাত বিশেষ ভূমিকা লয়৷ দেহত এই দুই ভিটামিনৰ অভাৱ ঘটিলে দুর্বলতা, খিংখিঙীয়া স্বভাৱ, পাহৰা আৰু ভোক নলগা আদি বিকাৰে গা কৰি উঠে৷
কঁঠাল গুটিত থকা শ্বেতসাৰ ৰেজিজষ্টেণ্ট প্রকাৰৰ৷ সেয়ে কঁঠাল গুটিত থকা শ্বেতসাৰ আৰু ফাইবাৰ বহুলাংশে পাচন তন্ত্রত হজম নোহোৱাকৈ থাকে আৰুমল হিচাপে দেহৰ পৰা নির্গত হয়৷ পাচন তন্ত্রত হজম নোহোৱাকৈ থকা অৱস্থাত গাট বেক্টেৰিয়াৰ খাদ্য হিচাপে কাম কৰে৷ গাট বেক্টেৰিয়া হৈছে আমাৰ পাচন তন্ত্রত থকা বহুতো প্রকাৰৰ উপকাৰী বেক্টেৰিয়া৷ ইবিলাক পাচন তন্ত্রত পর্যাপ্ত পৰিমাণে আৰু সবলভাৱে থকাটো সুস্বাস্থ্যৰ বাবে অৱশ্যে প্রয়োজনীয়৷ এই বেক্টেৰিয়াবিলাকে বিভিন্ন শাৰীৰিক আৰু মানসিক ৰোগ প্রতিৰোধ কৰাত বিশেষ ভূমিকা লয়৷
কঁঠাল গুটিত থকা ৰেজিজষ্টেণ্ট শ্বেতসাৰ আৰু ফাইবাৰৰ কেইটামান বিশেষ উপকাৰিতা হৈছে ভোক ববায়, দেহৰ ৰক্ত হ্রাস কৰে, হজম শক্তি বৃদ্ধি কৰে, ইনছুলিন ছেনছিটিভিটী নিয়ন্ত্রণ হোৱাত অৰিহণা যোগায়৷
কঁঠালৰ বিষয়ে দুটামান তথ্য
ক) কঁঠাল হৈছে মানুহে খাদ্য হিচাপে গ্রহণ কৰা সকলোবিধ ফলৰ ভিতৰত আটাইতকৈ ডাঙৰ ফল৷
খ) এটা কঁঠাল দীঘলে ৩ ফুট আৰু বহলে ২০ ইঞ্চি পর্যন্ত হব পাৰে৷
গ) এটা কঁঠালৰ ওজন ১১০ পাউণ্ড ৪৯.৮৯৫ কিলোগ্রাম পর্যন্ত হব পাৰে৷
ঘ) এটা কঁঠালতে ৫০০ পর্যন্ত ফোটা আৰু গুটি থাকিব পাৰে৷
Comments are closed, but trackbacks and pingbacks are open.