জোনাকী দেৱী কাশ্যপ
”Words are the most powerful thing in the universe… Words are containers. They contain faith, or fear, and they produce after their kind.” —Charles Capps
আপুনি যোৱা কালি দুপৰীয়া আহাৰত কি খাইছিল…ভাবিবলৈ আপোনাক দুই মিনিট লাগিব নহয় নে! কিন্তু আপোনাক বহুদিন আগতে কোনোবাই কৰা অপমান মনত কৰিবলৈ এক মিনিটো নালাগে।সেয়াই শব্দৰ শক্তি।
মানুহে যি চিন্তা কৰে আৰু অনুভৱ কৰে তাক প্ৰকাশ কৰিবলৈ শব্দৰ ব্যৱহাৰ কৰে।শব্দত ইমান শক্তি যাৰ দ্বাৰা আপুনি নিজৰে হক বা আনৰে হক জীৱন গঢ়াব পাৰে আৰু ধ্বংস কৰিব, শব্দত ইমান শক্তি আছে যিয়ে আপোনাৰ প্ৰত্যেক দুখ কাঢ়ি নিব পাৰে। এই শব্দই আপোনাৰ সম্পৰ্কবোৰ ভাঙিবও পাৰে আৰু ভাঙি যোৱা সম্পৰ্কবোৰ যোৰাবও পাৰে। শব্দই এই পৃথিৱীৰ যিকোনো ক্ষেত্ৰত সফলতা, লক্ষ্যত উপনীত হোৱাৰ সক্ষমতা ৰাখে। আৰু শব্দই আপোনাৰ সকলো সম্পূৰ্ণৰপে ধ্বংস কৰাৰ শক্তি ৰাখে।শব্দত উৰ্জা আৰু শক্তি থাকে যাৰ দ্বাৰা সহায় তথা উপকাৰ কৰিবলৈ,বাধা অথবা লোকচান কৰিবলৈ,দুখ দিবলৈ, অপমানিত কৰাৰ বা বিনম্ৰ হোৱাৰ ক্ষমতা প্ৰতিফলিত হয়। আমাৰ মুখৰ পৰা প্ৰতিটো শব্দই আমাৰ নিজৰ জীৱনত তথা অন্যৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। শব্দ স্পৰ্শ কৰিব নোৱাৰি কিন্তু শব্দই সকলোৰে মনক স্পৰ্শ কৰিব পাৰে। শব্দৰ শক্তি উপলব্ধি কৰিবলৈ এটি কাহিনী শুনো আহক-
এখন ৰাজ্যত এজন বৰ জ্ঞানী পণ্ডিত আছিল। তেওঁৰ বুদ্ধিমত্তাৰ চৰ্চা বহু দূৰ-দূৰণিলৈ বিয়পি গৈছিল কিন্তু তেখেত বৰ দুখীয়া আছিল। তেখেত ইমানেই দুখীয়া আছিল যে কেতিয়াবা খাবলৈও একো নাপাইছিল।এদিন তেখেতৰ পত্নীয়ে ক’লে যে, আপুনি ইমান বিদ্বান কিন্তু আমি এসাঁজ ভালকৈ খাবলৈও নাপাওঁ। আপুনি মা লক্ষ্মীৰ বহুত আধাৰনা কৰিলে এতিয়া অলপ মা সৰস্বতীৰ আৰাধনা কৰক। যাওঁক আৰু কিবা অলপ উপাৰ্জন কৰি আনক। পণ্ডিতজনে ভাবিলে পত্নীয়ে ঠিক কথাই কৈছে, বিদ্যা সেইটোহে ভাল যিয়ে পেট পূৰোৱাৰ উপযুক্তকৈ উপাৰ্জন কৰাত সহায়ক হয়। তেওঁৰ তাত বিদ্যা আছিলেই এতিয়া তেওঁ ধন উপাৰ্জন কৰাৰ কথা ভাবিলে। পিছদিনা তেওঁ কিছুমান বাক্য লিখি ধুনীয়া পোষ্টাৰ বনাই বজাৰত বিক্ৰী কৰিবলৈ বহিল। তেখেতক বহুত মানুহে চিনি পাইছিল।প্ৰথমতে এজন ব্যৱসায়ী আহিল। তেওঁ এখন পোষ্টাৰ দেখিলে য’ত লিখা আছিল,’মধুৰ বচন আৰু মধুৰ ব্যৱহাৰে লক্ষ্মীৰ আগমন ঘটায়’। ব্যৱসায়ীজনে সেইখন কিনি লৈ গ’ল। কিছু সময়ৰ পিছত এজন বিদ্যাৰ্থী আহি এখন পোষ্টাৰ কিনি লৈ গ’ল।তাত লিখা আছিল,’ধন উপাৰ্জন কৰাত সহায়ক হোৱা বিদ্যাইহে সফলতা আনে’। বিদ্যাৰ্থীজন যোৱাৰ পিছত চিপাহীৰ বেশত ৰাজ্য ভ্ৰমণ কৰি থকা স্বয়ং ৰজা উপস্থিত হ’ল। চিপাহীৰূপী ৰজাই এখন পোষ্টাৰ কিনি লৈ যিখনত লিখা আছিল,’যি ব্যক্তিয়ে বিচাৰ -বিবেচনা নকৰাকৈ আইনক বিশ্বাস কৰে তেওঁ প্ৰতাৰিত হয়’। গধূলি পণ্ডিত ঘৰলৈ গ’ল। তেতিয়া তেওঁৰ ওচৰত ধনো আছিল আৰু ঘৰৰ বাবে সামগ্ৰীও আছিল। পত্নী সুখী হ’ল। ব্যৱসায়ীজনে পণ্ডিতৰ বাক্য শাৰী বেৰত ধুনীয়াকৈ লগাই সেইমতে কাম কৰি বহুত উন্নতি কৰিলে। এদিন পণ্ডিতৰ ওচৰলৈ আনন্দতে এটোপোলা স্বৰ্ণ মুদ্ৰা দি থৈ আহিল। কিছুদিন পিছত সেই বিদ্যাৰ্থীজন আহিল। তেওঁ ক’লে যে আপোনাৰ শব্দই মোৰ জীৱন সলাই দিলে। আজি মোৰ ওচৰত লক্ষ্মী আৰু সৰস্বতী দুয়োৰে কৃপা আছে। এইবুলি তেওঁ নিজৰ আটাইতকৈ বিক্ৰী হোৱা কিতাপখন পণ্ডিত মহাশয়ক উপহাৰ দিলে।কিছু সময়ৰ পিছত ৰজা আছিল।ৰজাই ক’লে যে সেইদিনা চিপাহীজন ময়েই আছিলোঁ। আপোনাৰ শব্দই মোক শক্ৰৰ পৰা বচাই সুৰক্ষিত কৰি ৰাখিলে।আপোনাক মই আমাৰ ৰাজ্যৰ ব্যক্তিগত পৰামৰ্শদাতা হিচাপে নিযুক্ত কৰিব বিচাৰোঁ। পণ্ডিতে আনন্দ মনেৰে প্ৰস্তাৱ গ্ৰহণ কৰিলে। ৰজা যোৱাৰ পিছত পণ্ডিতৰ পত্নীয়ে ক’লে, আপোনাৰ শব্দই আজি আমাৰ জীৱন সফল তথা সুখেৰে পৰিপূৰ্ণ কৰিলে…
আমাৰ মুখৰ পৰা ওলোৱা শব্দই আমাৰ ব্যক্তিত্ব প্ৰতিফলিত কৰে। দেখনিয়াৰ তথা উচ্চ ডিগ্ৰীধাৰী ব্যক্তি এজনো সন্মানীয় নহ’ব পাৰে যদি তেওঁৰ মুখৰ পৰা নিৰ্গত হোৱা শব্দই আঘাত দিয়ে।কুৰূপ,হোজা ব্যক্তি এজনো সন্মানীয় হ’ব পাৰে যদি তেওঁৰ শব্দই শান্তি দিয়ে।
শব্দৰ শক্তিৰ নিজৰ ব্যক্তিত্ব শক্তিশালী তথা আনৰ প্ৰিয়ভাজন হৈ উঠিবলৈ কেইটামান উপায় আলোচনা কৰোঁ আহক-
👉 স্থান- কাল -পাত্ৰ চাইহে শব্দ প্ৰয়োগ কৰিব লাগে।
👉 কেতিয়াবা ভুলবশত: অপশব্দ ওলালেও নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খোলাটো জৰুৰী।
👉কিবা কোৱাৰ আগতে এবাৰ ভাবিব লাগে।
👉কম শব্দৰে নিজৰ মনৰ ভাৱ বুজাব চেষ্টা কৰিব লাগে।
👉যিটো বিষয়ৰ বিষয়ে বিশেষ জ্ঞাত নহয় সেই বিষয়ত মন্তব্য নিদিয়াই ভাল।
👉ইতিবাচক শব্দ ব্যৱহাৰ কৰিব লাগে।
👉আত্মবিশ্বাসেৰে নিজৰ শব্দ উপস্থাপন কৰিব লাগে।
👉নিজৰ শব্দ সুচাৰুৰূপে উপস্থাপন কৰিবলৈ এজন ভাল শ্ৰোতা হোৱাটোও জৰুৰী।
👉যাৰ লগত কথা পতা হয় , তেওঁৰ মুখলৈ বা চকুলৈ চাইহে কথা ক’ব লাগে।
👉কথা কওঁতে খুব খৰকৈ কথা ক’ব নালাগে।শব্দ আৰু মাত অৰ্থাৎ উচ্চাৰণ স্পষ্ট হ’ব লাগে।
শব্দৰ শক্তিৰে সকলোৰে জীৱনলৈ সতেজতা আহক, সকলোঁ কুশলে থাকক…
ফোন – ৮৭২৪০-৮৬৬৩০
Comments are closed, but trackbacks and pingbacks are open.