পপ সাম্ৰাজ্ঞী ৰিহানা, ৰহস্যময় “ইলুমিনেটি”ৰ অস্তিত্ব ইত্যাদি

16

পুষ্পাঞ্জলি শিৱম শৰ্মা

“ৰিহানা’’বিশ্বখ্যাত এগৰাকী পপ সংগীত সাম্ৰাজ্ঞী যিয়ে ভাৰতৰ এগৰাকী বিখ্যাত উদ্যোগপতি অনন্ত আম্বাণী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ পূৰ্বৰ উদযাপনত অনুষ্ঠান পৰিৱেশন কৰিছিল।  “ডাইমণ্ডছ” আৰু “ৰুড বয়”ৰ দৰে হিট গীতকে ধৰি ৰিহানাৰ সংগীত প্ৰদৰ্শনে সকলোকে আশ্চৰ্যচকিত কৰিছিল। সেইগৰাকী পপ গায়িকা ৰিহানাই পৰৱৰ্তীকালত তেওঁৰ “ছুপাৰবল’’ নামৰ গীতৰ প্ৰদৰ্শনত অভিনয় কৰাৰ সময়ত ৰিহানাই মঞ্চত হাতেৰে এটি বিশেষ ভঙ্গীমাৰে হীৰাৰ চিনৰ আকৃতি এটি বনাইছিল। ছুপাৰ বলত হাফটাইম প্ৰদৰ্শনৰ সময়ত ৰিহানাই হাতেৰে প্ৰদৰ্শন কৰা সেই বিশেষ চিহ্নটো “ইলুমিনেটি ত্ৰিভুজ’’বুলি বহুতে মত প্ৰকাশ কৰে। কিন্তু অনুৰাগীসকলৰ মতে, টিভিৰ কেমেৰাসমূহে সেই দৃশ্যটো লগে লগে কাটি পেলায়। অকল সেয়াই নহয় ২০১০ চনতো ৰিহানাৰ একক গীত “এছ এণ্ড এম’’ৰ এটা ভিডিঅ’ত গায়িকাগৰাকীয়ে “প্ৰিন্সেছ অৱ দ্য ইলুমিনেটি” শিৰোনাম থকা এখন বাতৰি কাকত হাতত লৈ দেখা গৈছিল।  কিন্তু কি এই “ইলুমিনেটি? যাৰ লগত সমগ্ৰ বিশ্বৰে কলা সংস্কৃতিৰ লগত জড়িত নামীদামী ব্যক্তিৰ লগতে ভাৰতৰো একাংশ চেলিব্ৰিটিকো সাঙুৰি এক ৰহস্যময় বিবাদৰ গল্প চলি আহি আছে।

“ইলুমিনেটি’’এইটো এনে এক ধাৰণা যাক বিশ্বাস কৰা হয় বিশ্বৰ এক ঐতিহাসিক আৰু কাল্পনিক গোপন সমাজৰ অস্তিত্বক যিয়ে “বাভাৰিয়ান ইলুমিনেটি’’ নামৰ এটা গোপন গোটক প্ৰতিনিধিত্ব কৰে। এই গোটটি ১৭৭৬ চনত বাভাৰিয়াত (বৰ্তমান জাৰ্মানীৰ অংশ) এডাম ৱেইশ্বাউপ্টে প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়। প্ৰকৃততে তেওঁলোকৰ লক্ষ্য আছিল সমাজত আলোকময় আদৰ্শ কিছুমানক প্ৰসাৰিত কৰা— যিয়ে যুক্তি, জ্ঞান আৰু অন্ধবিশ্বাস, তথা ধৰ্মীয় নিয়ন্ত্ৰণৰ পৰা সকাহ আৰু ক্ষমতাৰ অপব্যৱহাৰৰ বিৰোধিতাক বিশ্বাস কৰিছিল। বিশ্বাস কৰা হয় যে এই গোটত কিছুমান গোপন লোকৰ গোপন পদবী আৰু নিৰ্দিষ্ট আচাৰ-অনুষ্ঠান আছিল যিবোৰে সমাজৰ বহু ষড়যন্ত্ৰক মষিমূৰ কৰি সাধাৰণ জনতাৰ কল্যাণৰ বাবে কাম কৰি গৈছিল।

কিন্তু সময়ৰ লগে লগে “ইলুমিনাটি” শব্দটোৰ ৰূপান্তৰ ঘটিল। আধুনিক তত্ত্বসমূহে দাবী কৰা অনুসৰি ইয়াৰ আঁৰ লৈ বিশ্বৰ পৰিঘটনাসমূহক পৰিচালনা কৰিবলৈ আৰু বিশ্বৰ স্পৰ্শকাতৰ সকলো বিষয়ক নিয়ন্ত্ৰণ কৰি গোপনে লুকাই থকা এক অভিজাত শ্ৰেণীৰ আৱিৰ্ভাৱ হোৱা বুলি জনাজাত হ’বলৈ ধৰিলে।  অৱশ্যে এনে এটা গোটৰ অস্তিত্বক সমৰ্থন কৰা কোনো বিশ্বাসযোগ্য প্ৰমাণ এতিয়াও নাই। ঐতিহাসিকভাৱে ইলুমিনেটি বাস্তৱিক আছেল যদিও অল্পকালীন; শক্তিশালী আৰু সৰ্বনিয়ন্ত্ৰিত বিধৰ আছিল। উল্লেখযোগ্য যে বিশ্বৰ জনপ্ৰিয় সংস্কৃতিৰ ক্ষেত্ৰখনে এই ধাৰণাটোক সংগীত, ছবি, কিতাপ, আৰু ছ’চিয়েল মিডিয়ালৈ লৈ আহি ইয়াক সন্নিৱিষ্ট কৰি ইলুমিনেটিৰ বিষয়ে এক ৰহস্যময় বিশ্বাসক গঢ় দিয়া আৰু এই বিষয়ে ব্যাপক প্ৰচাৰ কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিব আৰম্ভ কৰে।  পশ্চিমৰ হিপ হপ আৰু পপ সংগীতৰ চেলিব্ৰিটিসকল—যেনে জে-জেড, বিয়ন্সে, ৰিহানা, আৰু কানিয়ে ৱেষ্ট—আদি ইলুমিনেটিৰ সদস্য বুলি প্ৰায়ে উৰাবাতৰি প্ৰচাৰিত হয়।

ভাৰতৰো দিলজিৎ আদিৰ দৰে অন্য বহুকেইগৰাকী নামী লোকো অন্তৰ্গত বুলি ইতিমধ্যেই প্ৰচাৰিতও হৈছে। আংশিকভাৱে ইয়াৰ কাৰণ, তেওঁলোকে তেওঁলোকৰ পৰিবেশন আৰু ভিডিঅ’ত “আই অৱ প্ৰভিডেন্স’’ বা পিৰামিডৰ হাতৰ চিন, “ইনফিনিটি’’ আদি প্ৰতীক ব্যৱহাৰ কৰি এক ৰহস্যময় বাৰ্তা প্ৰদান কৰাৰ দৰে পৰিৱেশৰ সৃষ্টি কৰাটো পৰিলক্ষিত হ’য়। মনোৰঞ্জনত এই প্ৰতীকবোৰ এতিয়া ইমানেই সাধাৰণ হৈ পৰিছে যে ইয়াৰ উপস্থিতিয়ে অলীক কিছুমান জল্পনা-কল্পনা আৰু ৰহস্যময় আখ্যান পাগুলিবলৈ দৰ্শকক ইন্ধন যোগায়। কিতাপ, চিনেমা আৰু বিভিন্ন গেমসমূহেও ইলুমিনেটিক বিশ্বৰ পৰিঘটনা নিয়ন্ত্ৰণ কৰা এক গোপন অভিজাত শ্ৰেণীৰ গোটৰ প্ৰভাৱযুক্ত বুলি প্ৰক্ষেপিত কৰা প্ৰতিচ্ছবিখনক জনপ্ৰিয় কৰি তোলাত অৰিহণা যোগাইছে। মিডিয়াই প্ৰায়ে এই বিষয়ত মুখৰোচক তথ্য আৰু কিছুমান কল্পকাহিনীৰ মিশ্ৰণেৰে ৰাজহুৱা কল্পনাবোৰক মানুহৰ মাজত আৰু বেছি জাগ্ৰত কৰি তুলিছিল। ১৯৬০ চনত ট্ৰাইলজীয়ে ইলুমিনেটি ধাৰণটোৰ এক ব্যাপক সাংস্কৃতিক পৰিঘটনালৈ ৰূপান্তৰিত কৰাত সহায় কৰিছিল। ইয়াৰ আঁৰ লৈ বিভিন্ন অৰাজক ধাৰণাক ষড়যন্ত্ৰমূলক তত্ত্বৰ সৈতে মিহলাই দি ইয়াক অধিক ৰহস্যময় কৰি প্ৰকাশ কৰিছিল। ইয়াৰ পৰা মুনাফা আদায় কৰিবলৈ সক্ষম হৈছিল। ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াই এই ধাৰণাসমূহৰ দ্ৰুত প্ৰচাৰ বৃদ্ধি কৰিলত, এই সম্পৰ্কেয় উৰাবাতৰি আৰু প্ৰতীকী ব্যাখ্যাসমূহ দ্ৰুতগতিত বিয়পি পৰে। ফলস্বৰূপে বিভিন্ন দৰ্শকৰ মাজত ই জনপ্ৰিয়তা লাভ কৰে।

চেলিব্ৰিটিসকলেও ইয়াৰ সুবিধা লৈ বহুসময়ত এই প্ৰতীকবোৰক জানি-বুজি ব্যৱহাৰ কৰে যাতে দৰ্শকৰ মাজত এক ৰহস্যৰ সৃষ্টি কৰি মোহাচ্ছন্ন কৰি ৰাখিব পাৰে। সংবাদ মাধ্যমতো “ইলুমিনেটিৰ’’চিত্ৰণ সময়ৰ লগে লগে নাটকীয়ভাৱে বিকশিত হোৱাতো পৰিলক্ষিত হৈছে।মূলতঃ ইলুমিনেটি আছিল সীমিত লোকৰ মাজত প্ৰভাৱ থকা ১৮ শতিকাত উদ্ভৱ হোৱা এখন গোপন সমাজ, কিন্তু কলা আৰু সংস্কৃতিত ইয়াৰ ভাবমূৰ্তি ১৯৬০ চনত পৰিলক্ষিত হয়। যেতিয়া ৰবাৰ্ট এণ্টন উইলছন আৰু কেৰী থৰ্নলিৰ দৰে লেখকে সামাজিক ধাৰাভাষ্য আৰু ব্যংগাত্মক প্ৰতিকী হিচাপে চাঞ্চল্যকৰ ভুল তথ্য আৰু ষড়যন্ত্ৰমূলক কাহিনী প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে বিশেষকৈ “দ্য ইলুমিনেটাছ! ট্ৰাইলজী”-এ ইলুমিনেটিক তথ্য আৰু কল্পকাহিনীৰ মিশ্ৰণেৰে ছাঁয়াময়, বিশ্ব নিয়ন্ত্ৰণকাৰী অভিজাত শ্ৰেণীৰ প্ৰতীকলৈ ৰূপান্তৰিত কৰিছিল।ইলুমিনেটিৰ আঁৰত প্ৰকৃততে কিন্তু কোনো পৰম্পৰাগত আলৌকিক ধৰ্মীয় বিশ্বাস নাছিল। বৰঞ্চ গোটৰ সদস্যসকলে তেওঁলোকে খ্ৰীষ্টান ধৰ্ম আৰু অন্যান্য সংগঠিত ধৰ্মৰ ঠাইত “যুক্তিৰ ধৰ্ম” স্থাপন কৰিবলৈ বিচাৰিছিল, স্বাধীনতা, নৈতিক সমতা আৰু ধৰ্মীয় ব্যভিচাৰৰ পৰা মুক্ত জ্ঞানৰ সন্ধানৰ পোষকতা কৰিবলৈহে চেষ্টা কৰিছিল। সমাজখনে যাতে আধ্যাত্মিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ লক্ষ্যৰে শিপাই যোৱা অন্ধবিশ্বাস, পক্ষপাতিত্ব আৰু ৰাজনৈতিক অত্যাচাৰৰ বিৰোধিতা কৰিব পাৰে সেই বিষয়ে সজাগতাৰ সৃষ্টি ইয়াৰ প্ৰধান লক্ষ্য আছিল। উল্লেখনীয় যে ১৮ শতিকাৰ শেষৰ ফালে ইলুমিনেটিক নিষিদ্ধ কৰা হৈছিল আৰু আজিও ইয়াৰ অস্তিত্ব অব্যাহত থকাৰ কোনো প্ৰমাণে সমৰ্থন নকৰে।

ইলুমিনেটিৰ এই গোপন সমাজখনে ৰাষ্ট্ৰ আৰু ধৰ্মৰ উভয়ৰে বাবে ভাবুকি কঢ়িয়াই অনা বুলি ক্ৰমাৎ আশংকা বৃদ্ধি পোৱাৰ বাবে বাভাৰিয়া চৰকাৰে ১৭৮৫ চনত ইলুমিনেটিক নিষিদ্ধ কৰি ভংগ কৰে। ধৰ্মীয় আৰু ৰাজনৈতিক কৰ্তৃত্বৰ বিৰোধিতা, তেওঁলোকৰ গোপনীয়তা নাগৰিক আৰু ৰাষ্ট্ৰীয় সংস্থাসমূহত তেওঁলোকৰ প্ৰভাৱে কৰ্তৃপক্ষক আতংকিত কৰি তুলিছিল। ৰাজহুৱা কেলেংকাৰী, সদস্যসকলৰ মাজত শিথিল কথা-বতৰা আৰু আমূল ধাৰণাসমূহৰ পৰামৰ্শ দিয়া নথি-পত্ৰ আৱিষ্কাৰৰ ফলত ৰাজনৈতিক ষড়যন্ত্ৰ আৰু ধৰ্মবিৰোধী কাৰ্যকলাপৰ অভিযোগো উত্থাপন হৈছিল। ৰক্ষণশীল আৰু ধৰ্মীয় সমালোচকৰ হেঁচাত ড্যুক কাৰ্ল থিয়ডৰে ইলুমিনেটিক বিশেষভাৱে লক্ষ্য কৰি সকলো গোপন সমিতি নিষিদ্ধ কৰি আদেশ জাৰি কৰে আৰু মূল সদস্যসকলৰ বাবে কাৰাদণ্ড আৰু নিৰ্বাসনৰ দৰে শাস্তি বলবৎ কৰে। কিন্তু ই এতিয়াও বহুতো তত্ত্বৰ গৱেষণাৰ কেন্দ্ৰীয় বিষয় হৈয়েই আছে, যিয়ে বিশ্বাস কৰে যে বিশ্বৰ সকলো গুৰুত্বপূৰ্ণ কাম-কাজ নিয়ন্ত্ৰণ কৰা ই এটা ৰহস্যঘন গোট। ইয়াৰ লগত জড়িত আটাইতকৈ চৰ্চিত তত্ত্বটো হ’ল “ইলুমিনেটি হৈছে বিশ্বৰ পৰিঘটনা, চৰকাৰ আৰু অৰ্থনীতিক ঘটনাবোৰক পৰ্দাৰ আঁৰৰ পৰা নিয়ন্ত্ৰণ কৰা এটা গোপন অভিজাত সংস্থা, যাৰ লক্ষ্য হৈছে “নতুন বিশ্ব ব্যৱস্থা”ৰ নিৰ্মাণ কৰা। যত কেৱল দক্ষ লোকৰহে উপস্থিতি থাকিব।

একাংশৰ মতে সংগীত, মনোৰঞ্জন আৰু ৰাজনীতিৰ বিশিষ্ট ব্যক্তিসকল—যেনে “জে-জেড, বিয়ন্সে, মেডোনা, আনকি ৰাজনৈতিক নেতাসকলো—ইলুমিনেটিৰ গোপন সদস্য যিসকলে, পৰিবেশন আৰু সংবাদ মাধ্যমত প্ৰতীক আৰু ক’ডযুক্ত বাৰ্তা ব্যৱহাৰ কৰি বিশ্বৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঘটনাবোৰক পৰিচালিত কৰি আহি আছে। একাংশৰ মতে আকৌ সংস্কৃতিৰ পথাৰখনত ইলুমিনেটিক প্ৰায়ে চয়তানবাদ আৰু অন্ধকাৰ আচাৰ-অনুষ্ঠানৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়। তেওঁলোকৰ মতে এই গোটটোৱে সমাজক প্ৰভাৱিত কৰিবলৈ কিছুমান গুপ্ত প্ৰতীক ব্যৱহাৰ কৰে আৰু অলৌকিক শক্তি ব্যৱহাৰ কৰে বুলি দাবী কৰে। এই শক্তিৰ অধিকাৰী হবলৈ ব্যক্তিবিশেষে কিছুমান গোপনীয় চৰ্ত পালন কৰিব লাগে আৰু বিনিময়ত তেওঁলোকে পৃথিৱীৰ পৰা যি পাব বিচাৰে তাকে পায় বুলি কোৱা হয়।  বিভিন্ন ৰহস্যময় তত্ত্বসমূহে প্ৰকাশ কৰে যে ইলুমিনেটিয়ে ফৰাচী বিপ্লৱ আৰু জে এফ কে হত্যাকাণ্ডকে ধৰি বিপ্লৱ আৰু হত্যাৰ দৰে ডাঙৰ ঐতিহাসিক পৰিঘটনাসমূহৰ আঁৰত জড়িত আছিল আৰু তাক নিয়ন্ত্ৰণ কৰি পৰিচালনাও কৰিছিল। ইলুমিনেটীক সঘনাই ফ্ৰীমেছন আৰু স্কাল এণ্ড ব’নছৰ দৰে অন্যান্য গোপন সমিতিৰ সৈতে জড়িত কৰা হয়, যিসকলে বিশ্বজনীন আধিপত্যৰ ভাগ-বতৰাৰ লক্ষ্যৰ দৰে কাৰ্যবোৰ সম্পাদনা কৰে। ৰাজহুৱা আকৰ্ষণৰ বাবে ইলুমিনেটিৰ প্ৰতীকসমূহ—যেনে সকলোকে চাই থকা এটা চকু, পিৰামিড আৰু হাতৰ চিন আদিবোৰ বিভিন্ন মঞ্চত ৰাইজৰ দৃষ্টিগোচৰ হোৱাকৈ ব্যৱহাৰ কৰা হ’য়। পশ্চিমীয়া পপ সংস্কৃতিত এই ধাৰণাটো ইমানেই জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত যে ইয়াৰ ব্যৱহাৰে লগে লগে জনসাধাৰণৰ মনত জল্পনা-কল্পনা আৰু ৰহস্যঘনীভূত মনোযোগৰ সূচনা কৰে।

চেলিব্ৰিটি আৰু তেওঁলোকৰ পৰিৱেশন দলসমূহে প্ৰায়ে দৰ্শকক আকৰ্ষণ কৰিবলৈ, তেওঁলোকৰ মাজত হুলস্থূল সৃষ্টি কৰি কৰি ৰাখিবলৈ এই চিহ্নসমূহ অন্তৰ্ভুক্ত কৰে। ইলুমিনেটিৰ চিত্ৰকল্পৰ উল্লেখ হ’লেই বিশ্বব্যাপী এক বিতৰ্ক আৰু ৰহস্যময় কুটিলতাৰ সৃষ্টি হয়, যিয়ে কলাকুশলীক তেওঁলোকৰ পৰিবেশন আকৰ্ষণীয় কৰিবলৈ আৰু মিউজিক ভিডিঅ’ ভাইৰেল হোৱাত সহায় কৰে। সামৰণিত ক’বলৈ গ’লে, চেলিব্ৰিটিসকলে ইলুমিনেটিৰ প্ৰতীকবাদ ইচ্ছা কৰিয়েই ব্যৱহাৰ কৰে কাৰণ ই সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰে, গোপন ৰহস্যময় কথোপকথনৰ সূচনা কৰে আৰু তেওঁলোকৰ দৃশ্যমানতা আৰু ব্ৰেণ্ডক বিশ্বৰ দৃষ্টিত সাংস্কৃতিক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলে। অনলাইন কিছুমান সম্প্ৰদায় আৰু ছ’চিয়েল মিডিয়াই এই বিশ্বাসসমূহক বৃদ্ধি কৰাত ইন্ধন যোগায় আহিছে। কাৰণ গোপনীয় লুকাই থকা অৰ্থ বা গোপন সমাজৰ বিশ্বাসে ব্যক্তি মনক উত্তেজনা আৰু সৱলীকৰণৰ অনুভৱ কৰোৱাত উৎসাহ যোগায়। ই এক ৰহস্যময় পৰিৱেশ সৃষ্টি কৰে। ইয়াৰ আলম লৈ কিছুমান শক্তিশালী ব্যক্তি বা প্ৰতিষ্ঠানে তেওঁলোকৰ প্ৰতি উদ্বেগ বঢ়াবলৈ ব্যৱহাৰ কৰি আহিছে।  বিশ্বৰ যিকোনো উল্লেখযোগ্য পৰিঘটনাৰ আঁৰৰ শক্তিশালী, সংগঠিত কোনোবা এক শক্তিৰ ওপৰত বিশ্বাসে (ইলুমিনেটিৰ দৰে)কোনো প্ৰতিষ্ঠান বা ব্যক্তিক তেওঁলোকৰ উদ্দেশ্যক সফল কৰাত সহায়ক হব পাৰে। প্ৰকৃততে ইলুমিনেটিৰ তাৎপৰ্য্য নিহিত হৈ আছিল সমাজত যুক্তি, জ্ঞান আৰু সমতাক প্ৰসাৰিত কৰাৰ লগতে অন্ধবিশ্বাস, ধৰ্মীয় আধিপত্য আৰু ৰাজনৈতিক অত্যাচাৰক প্ৰত্যাহ্বান জনোৱা। যদিও এই গোটটো বেছি সময় টিকি নাথাকিল বুলি বিশ্বাস কৰা হয়, তথাপি ইউৰোপৰ বৌদ্ধিক অভিজাত শ্ৰেণীৰ মাজত বিতৰ্ক, মুক্ত চিন্তা আৰু সংস্কাৰত ই প্ৰেৰণা যোগাইছিল, যাৰ ফলত ক্ষমতা, গোপনীয়তা আৰু সামাজিক প্ৰগতিৰ বিষয়ে আলোচনাত প্ৰভাৱ পেলোৱা এটা গোটৰ উদ্ভৱ হৈছিল আৰু  সমানে জনপ্ৰিয়ও হৈছিল।  সামৰণিত ক’বলৈ গ’লে, ইয়াৰ আঁৰ লৈ একাংশ চতুৰ প্ৰতিষ্ঠিত ব্যক্তিয়ে মানুহৰ মাজত শৃংখলা আৰু তেওঁলোকৰ প্ৰভুত্ব বা উপস্থিতৰ অৰ্থক প্ৰতিষ্ঠিত কৰিবলৈ ইলুমিনেটিৰ প্ৰতীকক গোপনে বিশ্ব নিয়ন্ত্ৰণৰ এক গোট হিচাপে আৰু বেছি দকৈ বিশ্বাস প্ৰদান কৰিবলৈ বাধ্য কৰাই অহাৰ দৰে কথাকো কিন্তু নুই কৰিব নোৱাৰি।

যোগাযোগঃ ৮৪৮৬৮৯৪৯১৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.