পাৰ্টি- প্ৰাত্যহিক কঠোৰতাৰ বিপৰীতে মন জুৰোৱা সঞ্জীৱনী

57

পাপৰি সৌকাধৰা বৰঠাকুৰ

আমাৰ জীৱনৰ কোনো এটা বিশেষ উপলক্ষ উদযাপনৰ  উদেশ্যে নিমন্ত্ৰণ কৰা অতিথিৰ সমাগম আৰু আপ্যায়নেই হৈছে পাৰ্টি৷

পাৰ্টি বুলি ক’লেই মনলৈ কিবা এটা আনন্দৰ ভাৱ আহে,উচ্ছাস জন্মে৷ কাৰণ ই হৈছে হাহিঁ-স্ফূৰ্তি,আনন্দৰ বাৰ্তাবাহক৷লগত থাকে লোভনীয় খাদ্য সম্ভাৰ৷ পাৰ্টি শব্দটোৱেই যে তেনেকুৱা ৷সকলোকে উদ্বেলিত কৰে,সকলোকে সাঙুৰি লয়৷কোনোবাই ককাঁলটো ঘুৰাব পাৰকেই বা নোৱাৰক পাৰ্টি বুলিলে এপাক নাচিবলৈ উঠিবই৷ কোনোবাজনৰ আক’ সুৰ তাল লয় এফালে ,গীতৰ কথা এফালে তথাপিও পাৰ্টিত গান এটা গাইহে এৰিব৷আচলতে পাৰ্টি হৈছে জীৱনৰ তিতাবোৰ পাহৰি মিঠাবোৰ উদযাপন কৰাৰ এক কৌশলী হেপাঁহ৷

আজিৰ পৰা কিছু বছৰৰ আগলৈকে এই পাৰ্টি শব্দটো আমাৰ সমাজ ব্যৱস্হাত বৰ এটা সহজ শব্দ নাছিল৷অকণমান যেন কিবা বদনামী ৰেখা এডালেৰে শব্দটো মেৰিয়াই ৰাখিছিল৷কিন্তু এতিয়া সেই দিন ওকলিল৷গাওঁ,চহৰ-নগৰ সকলোতে ভিন ভিন বয়সৰ লোকৰ মাজত ভিন ভিন ৰং-ৰূপ-স্বাদেৰে সজোৱা পাৰ্টিৰ উজ্জ্বল সমাহাৰ৷নাম শুনা মাত্ৰকেই অনুমান কৰিব পৰা যায় পাৰ্টিৰ উদ্দেশ্য৷বাৰ্থ ডে’ পাৰ্টি,এনিভাৰছেৰী পাৰ্টি,হাউচ ৱাৰ্মিং পাৰ্টি …এইবোৰৰ কিবা নহয় কিবা এটাৰ নিমন্ত্ৰণ দৈনিক থাকেই৷জন্মদিনৰ দিনা ঘৰৰ আটাইকেওটা সদস্যই লগে-ভাগে গৈ ক’ৰবাত এসাঁজ খাই অহাটোকে এতিয়া পাৰ্টি নোবোলে৷বয়স অনুযায়ী পাৰ্টিৰ থিম নিৰ্দ্ধাৰণ হয়,কাপোৰৰ ৰং নিৰূপণ হয় আনহে নাালাগে ঠাই নিৰ্বাচন তথা সাজ-সজ্জা আৰু অভ্যাগতৰ বাবে ঠিক কৰা মেন্যু পয্যন্ত কাষ্টমাইজদ কৰি সাজু কৰা হয়৷তাৰবাবে নিজে বৰ বেছি ব্যস্ত হ’বলগীয়াও নহয়৷হাতত পইছা কেইটামান লৈ কোনোবা এটা ইভেণ্ট মেনেজমেন্ট গ্ৰুপৰ কাষ চাপিলেই হ’ল৷ তেওঁলোকে নিমিষতে কাষ্টমাৰৰ ৰুচি –মনঃস্তত্ব  পঢ়ি লৈ চকুৰ পচাৰতে সকলো আয়োজন কৰি দিয়ে৷

আচলতে পাৰ্টি হৈছে সদা ব্যস্ত একঘেয়ামী জীৱনক ক্ষন্তেকৰ বাবে নিলগাই থৈ হাহিঁ-স্ফূৰ্তি, ৰং-তামাছাৰ মাজেৰে কিছু সময় অতিবাহিত কৰি নিজকে জীৱনমুখী কৰি ৰখাৰ এক অজুহাত৷এই অজুহাত সুখৰো হ’ব পাৰে দুখৰো হ’ব পাৰে৷কিন্তু সেইবুলি পাৰ্টি মানেই নিষিদ্ধ উদ্দেশ্য উদযাপন  নহয়৷ৰঙীণ পানীয়ৰ নিচাত ডুবি উচ্চস্বৰে বাজি ৰোৱা সংগীতৰ তালে তালে উদ্দাম নৃত্য কৰা স্বল্প-বসনা যুৱতীক লৈ কৰা অসভ্যালি –উদ্ভণ্ডালিবোৰে কেতিয়াও পাৰ্টিৰ সংজ্ঞা নিৰূপন নকৰে৷ পুল পাৰ্টি, ৰে’ভ পাৰ্টি এইবোৰ আমাৰ সমাজ ব্যৱস্হাৰ বাহিৰৰ বিষয়৷

কিছুমান পাৰ্টিয়ে আমাৰ মন-মগজুক উজ্জিৱীত কৰি তোলে৷আমাৰ শৰীৰত ভিটামিনৰ দৰে কাম কৰে৷সেৰেকা বিস্কুট এখন গাখীৰ –চেণী দিয়া চাহকাপত ডুবাই খোৱাৰ আমেজৰ দৰে এই আমেজ ৷ বহুদিনলৈ এই আমেজেৰে সিক্ত হৈ থাকিব পাৰি৷মাঘৰ বিহুৰ উৰুকাৰ ভোজটো নতুবা সমুহীয়াভাৱে উদযাপন কৰা একত্ৰিছ ডিছেম্বৰৰ নিশাটোৰ ছন্দময় হাহিঁ-স্ফূৰ্তিবোৰৰ আমেজেই সুকীয়া৷ বহুদিনলৈ লিৰিকি বিদাৰি চাব পৰাকৈ সুগন্ধিময় সেই স্মৃতি৷

সন্তুলিত জীৱন সকলোৰে কাম্য ৷কিন্তু সকলোৰে ভাগ্যত সেই সুখ নাথাকে৷দুখ উদযাপনৰো এক অচিলা এই পাৰ্টি ৷বন্ধু-বৰ্গৰ আগত মুকলিকৈ মনৰ দুঃখবোৰ প্ৰকাশ কৰাৰ এক সুবিধাও এই পাৰ্টিতেই পোৱা যায়৷বছৰ বছৰ ধৰি যুজিঁ থকা সমস্যা একোটাহতঁৰ সমাধান সূত্ৰও হয়তো ইয়াতেই ওলাই পৰে ৷ অলপতে এনে এটা পাৰ্টিৰ নাম শুনিবলৈ পালো যিটোৰ কথা  আমাৰ মুলুকত এটা ভাৱিব নোৱাৰা বিষয় ৷ ‘ডিভোৰ্চ পাৰ্টি’৷বিবাহ বিচ্ছেদিত এক দম্পতিয়ে আয়োজন কৰা এই পাৰ্টিটোক লৈ যঠেষ্ট চৰ্চা হৈছে৷কিন্তু তেওঁলোক দুজনৰ মতে এইটো এটা সিমানেই সাধাৰণ কথা যিমানখিনি সাধাৰণীকৰনেৰে তেওঁলোকৰ যুগ্ম জীৱনৰ আৰম্ভনীৰ পাৰ্টিটো আয়োজন কৰা হৈছিল৷ইজনে –সিজনক জীৱনলৈ আদৰি আনোঁতে যিদৰে আত্মীয়-স্বজন ,বন্ধুবৰ্গসকলৰ বাবে পাৰ্টিৰ আয়োজন কৰিছিল ঠিক তেনেকৈ ইজনৰ পৰা সিজনক বিদায় দিয়াৰ মূহুৰ্তটোও এটা পাৰ্টিৰে উদযাপন কৰিব বিচাৰিছে৷

কথাকেইটাই প্ৰথমে চকু কপালত তুলিছিল যদিও পিছ মূহুৰ্তে বুজি উঠিলো যে চুটি জীৱনটোত কোনেও কাৰো বাবে সহ্য কৰি ৰৈ যাব নোখোজে এতিয়া ৷ জীৱন উদযাপন কৰিবলৈ  এটা উপলক্ষৰ প্ৰয়োজন৷

কথাৰ ফুলজাৰি,সন্মুখত সু-স্বাদু খাদ্যৰ সমাহাৰ,নানাৰঙী পোহৰে আলোকময় এক সাংগীতিক পৰিৱেশৰ মাজত ক্ষন্তেকৰ বাবে পাহৰা হয় প্ৰাত্যহিকতাৰ কঠোৰতা৷ নিস্তেজ, নিস্তৰংগ হৈ পৰা পলবোৰ পুনৰাই জীপাল কৰাৰ ক্ষমতা থাকে একোটাহতঁ পাৰ্টিত ৷সেয়েহে ক’ব পাৰি নেতিবাচক কথাবোৰৰ বিপৰীতে হাজাৰটা ইতিবাচক সম্ভাৱনাৰ বীজ লুকাই থাকে একোটাহতঁ পাৰ্টিৰ অন্তৰভাগত৷

যেনেকুৱা যি পাৰ্টিয়েই নহওক ইয়াৰ এটা উদেশ্য থাকে ৷সেই হিচাপে নামবোৰো তেনেকুৱা৷ কিটি পাৰ্টি, ক’কটেইল পাৰ্টি, গ্ৰেজুৱেশ্যন পাৰ্টি,বেচ্চেলৰ পাৰ্টি,ফেয়াৰৱেল পাৰ্টি…আদি৷ পাৰ্টি মানেই স্বাচন্দ্য জীৱনৰ এক বিলাস বুলি ভৱাটো কিন্তু ভুল ৷ বিপৰীতে ই কাৰোবাৰ বুকুৰ নিচুকণিও হ’ব পাৰে৷

জীৱনৰ গতিময়তাক উচ্ছল আৰু প্ৰানময় কৰি ৰখাত পাৰ্টিয়ে বহুখিনি সহায় কৰে৷অৱশ্যে সকলো মানুহেই যে পাৰ্টি কৰে তেনে নহয়৷ব্যক্তি বিশেষে ৰুচি ভিন্ন হোৱাটো স্বাভাৱিক৷পাৰ্টিৰ বিপক্ষে যিমানসংখ্যকে ক’ব সপক্ষেও ঠিক সিমানসংখ্যকেই মন্তব্য আগবঢ়াব৷দুয়োপক্ষৰ প্ৰতি সন্মান ৰাখি ক’ব বিচাৰোঁ যে –Life is a party & everyone is the host of their own story.

ফোন – ৯৪৩৫৭-০৪৮৯৫

You might also like

Comments are closed, but trackbacks and pingbacks are open.