অভিভাৱকত্ব : ‘এক প্ৰত্যাহ্বান’

18

প্ৰণতি দেৱী শৰ্মা

সাম্প্ৰতিক পৰিস্থিতিত আটাইতকৈ চৰ্চিত বিষয়টো হৈছে মানবীয় প্ৰমূল্যবোধৰ অৱক্ষয়৷ শিশুৰ পৰা ডাঙৰলৈকে সকলোৱে এতিয়া সাংঘাতিক মানসিক অস্থিৰতাত দিন কটাবলগীয়া হৈছে৷ মানসিক অৱক্ষয়ক লৈ সচেতন মহল আজি অতি চিন্তিত৷ এহাতে বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত উন্নয়ন আৰু আনহাতে মানবীয় প্ৰমূল্যৰাজীৰ চৰম অৱনতি৷ বিজ্ঞানে গোটেই পৃথিৱীখনকে হাতৰ মুঠিলৈ আনিবলৈ সক্ষম হ’ল যদিও মানুহৰ পৰা মানুহৰ আন্তৰিক দূৰত্ব বাঢ়িলে৷ আপোন বোৰ পৰ হৈ পৰিল ৷ মানুহৰ জীৱন যাত্ৰাৰ পদ্ধতি সলনি হৈ গ’ল৷ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে সকলোবোৰ সলনি হ’ল৷ প্ৰতি মুহূৰ্ততেই যন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ’ল৷ আবেগ, অনুভূতি, অনুভৱবোৰ ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হ’ল৷ কোনোও কাৰো কথা ভাবিবলৈ এতিয়া আৰু আহৰি নাই৷ আৰু এই পৰিবৰ্তনৰ কৰাল গ্ৰাসত পৰি শিশুসকল এতিয়া বাৰুকৈয়ে প্ৰভাৱান্বিত হ’ল৷

সমাজলৈ অহা পৰিবৰ্তনে মানুহৰ মনোজগতখনত যথেষ্ট প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে৷ পিতৃ-মাতৃৰ অত্যধিক ব্যস্ততা নতুবা বস্তুবাদী সমাজ ব্যৱস্থাৰ কিছুমান কাৰকৰ বাবে আজি বহুত সন্তানে জন্মৰ পৰাই বন্ধ কুঠৰিৰ ভিতৰত শৈশৱ পাৰ কৰিবলগীয়া হৈছে৷ নিসংগতা যেন স্বাভাবিক জীৱনলৈ পৰিণত হৈছে৷ যাৰফলত আজিৰ প্ৰজন্ম সন্মুখীন হৈছে চৰম প্ৰত্যাহ্বানৰ৷ আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক৷ তেওঁলোকৰ মানসিক , শাৰীৰিক, বৌদ্ধিক স্বাস্থ্যৰ ওপৰতে যে নিৰ্ভৰ কৰে দেশৰ প্ৰগতি আৰু উন্নতি৷ সৰুৰ পৰাই সুস্থ পৰিবেশ এটা দিব নোৱাৰিলে সুন্দৰ সমাজৰ গাঁঠনি আশা কৰিব নোৱাৰি৷ কথা হ’ল এই সুস্থ পৰিবেশ পাব ক’ত৷ কোনে ল’ব এক সুস্থ পৰিবেশ গঢ় দিয়াৰ দায়িত্ব? উত্তৰত এটা কথাই ক’ব পাৰি যে “অভিভাৱক“৷ এটা সন্তানৰ নৈতিক, বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনত পিতৃ-মাতৃতকৈ হয়তো উৰ্দ্ধত কোনো হ’ব নোৱাৰে৷ বিদ্যালয়ৰ শিক্ষাই এটা শিশুক জীৱন ধাৰণ প্ৰণালীৰ বাবে সকলোফালৰ পৰাই প্ৰস্তুত কৰি তুলিব নোৱাৰে৷

সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বা বিগত বৰ্ষবোৰত হৈ যোৱা কিছুমান ঘটনা অধ্যয়ন কৰিলে দেখা পাওঁ এখন ভয়লগা তথা ছবি৷ দ্ৰাগছ, মাদক দ্ৰব্যৰ প্ৰতি আসক্তিৰ লগতে নৈতিক স্খলনৰ যি ভয়াবহ ছবি পোহৰলৈ আহিছে ই সঁচাকৈয়ে ভৱিষ্যতৰ বাবে বৰ অশনি সংকেত৷ সন্তানক সুশিক্ষাৰে শিক্ষিত কৰি ডাঙৰ দীঘল কৰাত অভিভাৱকৰ দায়িত্ব অপৰিসীম৷ ঘৰখনৰ পৰাই যিহেতু এটা সন্তানৰ মানুহ হোৱাৰ যাত্ৰাপথ আৰম্ভ হয় সেয়ে সেই সন্তানৰ “কাঠামোটো” যদি কটকটীয়া নহয় অনাগত দিনবোৰত ইয়াৰ পৰিণতি বেয়াৰ প্ৰতি ঢাল খোৱাটো ধূৰূপ৷

Parenting বা অভিভাৱকত্বক সঠিক পথপ্ৰদৰ্শক বুলিও অভিহিত কৰিব পাৰি৷ সন্তানক সঠিক পথ দেখুৱাব নোৱাৰিলে সেই সন্তান বিপথে যোৱাৰ সম্ভৱনা নুই কৰিব নোৱাৰি৷

এটা সুসন্তান তেতিয়াহে গঢ় লৈ উঠিব যেতিয়া সি সৰুৰ পৰাই জীৱনটো সুপৰিচালিত কৰিবৰ বাবে প্ৰয়োজন হোৱা অনান্য কিছুমান শিক্ষাও লাভ কৰিব৷ আৰু এই শিক্ষাৰ ভিতৰত প্ৰতিটো শিশুৱে সৰুৰ পৰাই নিয়মানুবৰ্তিতা, কৰ্মব্যস্ততা, শিষ্টাচাৰ, আধ্যাত্মিক শিক্ষা লাভ কৰাটো নিত্যান্তই প্ৰয়োজনীয়৷ এজন অভিভাকৰ দায়িত্ব বুলি ক’লে কিন্তু যথেষ্ট দিশ সংলগ্ন হৈ থাকে৷ সেই দিশবোৰ হ’ল—

আত্মবিশ্বাস বৃদ্ধি

অভিভাৱকসকলে এইটো কথা সদায় গুৰুত্ব দিব লাগিব যাতে তেওঁৰ সন্তানটো প্ৰবল আত্মবিশ্বাসী হয়৷ যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখি হ’ব পৰাকৈ অন্তৰাত্মাত বিশ্বাস অটুট থাকে৷ সন্তানে সদায় অভিভাৱকৰ কথাবোৰ অনুকৰণ কৰে৷ সেইকাৰণে নিজৰ কৰ্ম আৰু কথাৰ দ্বাৰা তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধিত অৰিহণা আগবঢ়াব লাগিব ৷

*প্ৰশংসা কৰাঃ*
সৰু সৰু কথাবোৰতো কেতিয়াবা সন্তানক প্ৰশংসা কৰিব লাগে৷ প্ৰশংসাই আত্মবিশ্বাস গঢ় দিয়াত সহায় কৰে৷ কিন্তু এইটো কথাও গুৰুত্ব দিব লাগিব যে সন্তানক যাতে আন কাৰোৰে সৈতে তুলনা কৰা নহয়৷ আনৰ সৈতে তুলনা কৰিলে শিশুৱে হীনমন্যতাত ভোগে আৰু নিজকে মূল্যহীন বুলি ভাবিবলৈ লয়৷ লগতে শিশুসকল আত্মবিশ্বাসহীনতাত ভোগে৷ তেওঁলোকৰ সৈতে কথা পাতোতে বা অনুশাসন কৰোঁতে সদায় শালীনতা সূচক শব্দ ব্যৱহাৰ কৰিব লাগে৷

ইতিবাচক মনোভাৱ

সন্তানৰ সন্মুখত কেতিয়াও ঋণাত্মক কথা বতৰা পাতিব নালাগে বা তেওঁলোককো ক’বও নালাগে৷ সদায় নহ’ব, নোৱাৰিবি, তোৰ দ্বাৰা অসম্ভৱ জাতীয় কথাবোৰ কৈ থাকিলে তেওঁলোকৰ মনৰ মাজত নকাৰাত্মক চিন্তাই বাঢ়িবলৈ লয় আৰু আত্মবিশ্বাস হেৰুৱাই পেলায়৷ তেওঁলোকে কৰা যিকোনো কাম সমালোচনা কৰাতকৈ যদি কৰবাত ভুল হয় মৰমেৰে বুজাই দিলে কামটো কৰাৰ প্ৰতি আগ্ৰহান্বিত হৈ উঠে আৰু কৰে৷ সেয়েহে প্ৰতিমুহূৰ্ততে ইতিবাচক মনোভাব পোষণ কৰিব লাগে৷

বন্ধুত্বপূৰ্ণ ব্যৱহাৰ

সন্তানৰ লগত সদায় বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰিব লাগে। সম্বন্ধটো এনেকুৱা কৰি পেলাব লাগে যাতে কোনো কথা লুকুৱাই নাৰাখে বা ৰাখিবলৈ নিবিচাৰে৷ বন্ধুত্বসুলভ আচৰণেৰে কথাবোৰ আলোচনা কৰিব লাগে৷ ভয় ভিতি প্ৰদৰ্শন কৰিব নালাগে৷ ভয় ভিতি প্ৰদৰ্শন কৰিলে বা খং কৰিলে ভৱিষ্যতে সেই সন্তানে কোনো কথাই নক’ব বা অৱগত নকৰিব৷

মৰম আৰু অনুশাসনৰ সীমাবদ্ধতা

সন্তানক অনুশাসন কৰিবই লাগিব৷ অনুশাসন নাথাকিলে সন্তান বিপথে পৰিচালিত হ’ব৷ তাৰলগতে মৰমো সিমানখিনিলৈকেহে প্ৰদৰ্শন কৰিব লাগে যিমানখিনিলৈকে কৰিলে সি আপোনাক নমনা নহয়গৈ৷ অত্যধিক মৰমে সন্তানৰ হিতে বিপৰীত হোৱাৰ সম্ভৱনাই অধিক৷ কেতিয়াবা ই কথা শুনাব নোৱৰা পৰ্যায় পৰ্যন্ত পাবগৈ পাৰে৷ সেইকাৰণেই মৰমৰ মাজতেই অনুশাসন অত্যন্ত আৱশ্যকীয়৷ অনুশাসনে সন্তানক আত্ম-নিয়ন্ত্ৰণৰ শিক্ষা দিয়ে৷

সময় অতিবাহিত কৰা

সন্তানৰ সৈতে অভিভাৱকে যিমান পাৰি সিমান সময় অতিবাহিত কৰিব লাগিব৷ একেলগে খোৱা, একেলগত বহি কথা পতা, চিনেমা চোৱা, ফুৰিবলৈ যোৱা আৰু খেলাধূলা কৰিবলৈ ব্যস্ততাৰ মাজতো অলপ হ’লেও সময় উলিয়াই অতিবাহিত কৰিলে সন্তানে নিসংগতাবোধত নোভোগে আৰু তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হয়৷ যিসকল শিশুক অভিভাৱকে সময় দিব নোৱাৰে সেইসকল শিশুৱে প্ৰায়ে খিংখিঙীয়া, মন মাৰি থকা বা উদণ্ড হোৱা দেখা যায়৷ সেয়েহে প্ৰতিজন অভিভাৱকেই সন্তানৰ লগত সময় দিয়াতো নিতান্তই প্ৰয়োজনীয়৷

আদৰ্শ হওক

সন্তানে সদায় পিতৃ-মাতৃক অনুকৰণ কৰে৷ সেইবাবে সন্তানক কিবা এটা পৰামৰ্শ দিয়াৰ লগে লগে নিজেও এই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগিব যাতে তেওঁৰ দ্বাৰা এনে কিছুমান ভুল হৈ নাযায় যিটো তেওঁ সন্তানক বাধা দি থাকে৷ নিজেই যদি আদৰ্শ হ’ব পাৰে বা সন্তানৰ বাবে ৰ’ল মডেল হ’ব পাৰে নিশ্চয় সন্তানে সেই আদৰ্শৰে বাট বুলিব৷ অৱশ্যে এইক্ষেত্ৰত তেওঁলোকক যথেষ্ট তত্ত্বাৱধানৰ প্ৰয়োজন থাকে৷ পৰাপক্ষত অনাহকত খং ৰাগ কৰাৰ বিপৰীতে মৰমেৰে বা যুক্তিসহকাৰে বুজাবলৈ যত্ন কৰিব লাগে৷ অধ্যয়নৰ প্ৰতি ৰাপ সৃষ্টিৰ ক্ষেত্ৰত নিজেও তেওঁলোকৰ সন্মুখত অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰি দেখুৱাব লাগে৷ তেওঁলোকৰ নৈতিক চৰিত্ৰ গঠনৰ বাবে নিজেও আনৰ লগত কথা পাতোতে যাতে সংযম, শালীনতা বজাই ৰাখি কথা পাতে সেইটোৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। আনক সন্মান কৰা, বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰা, সততা , দয়াশীলতা বা সহনশীলতা প্ৰদৰ্শন কৰিব লাগে যাতে সেইবোৰ দেখি সন্তানে শিকে৷ কথা কওঁতে অনুৰোধ কৰিছোঁ বা ধন্যবাদ জনালোঁ সূচক শব্দবোৰ ব্যৱহাৰ কৰিব লাগে৷ যিকোনো ভাল কামৰ বাবে আনক প্ৰশংসা কৰিবলৈ শিকাৱ লাগে আৰু নিজেও কৰি দেখুৱাব লাগে ৷

অভিমত ব্যক্ত কৰাৰ সুবিধা প্ৰদান

আমি আমাৰ সন্তানসকলক আমাৰ কিছুমান বিষয়ত অভিমত ব্যক্ত কৰাৰ সুবিধা দিব লাগে৷ কিছুমান সমস্যাৰ সৈতে তেওঁলোকক অকলেও যুঁজিবলৈ সৰুৰ পৰাই শিকাব লাগে৷ মাত্ৰ অভিভাৱক হিচাপে সেই সময়ত নিৰীক্ষণ কৰি থাকিব লাগে যাতে সন্তানটো বিপদত নপৰে৷ ঘৰুৱা কিছুমান বিষয়তো তেওঁলোকক জড়িত কৰাব লাগে৷ তেওঁলোকৰ অভিমত গ্ৰহণ কৰিব লাগে৷ এনে কৰিলে সন্তানে যিকোনো পৰিস্থিতিৰ সৈতে সাহসেৰে মুখামুখি হ’ব পাৰে আৰু সমস্যা সমাধানৰ পথ নিৰ্বাচন কৰিব পাৰে আৰু সিদ্ধান্ত গ্ৰহণৰ শক্তি লাভ কৰে৷

বৈদ্যুতিক মাধ্যম ব্যৱহাৰত নিৰীক্ষণ

বৰ্তমান সময়ত আটাইতকৈ প্ৰত্যাহ্বানমূলক কথাটো হৈছে সন্তানৰ মোবাইল ফোনৰ প্ৰতি আসক্তি ৷ এই মোবাইল ফোন ব্যৱহাৰ কৰি বহুত ল’ৰাছোৱালী অবাটে বাট বোলাৰ সময়ত এচাম ল’ৰাছোৱালীৱে কিন্তু ইয়াৰ ভাল দিশবোৰ ব্যৱহাৰ কৰি নিজৰ জীৱন সূচল কৰিছে৷ বৰ্তমান যুগটো যিহেতু বৈদ্যুতিক মাধ্যমৰ যোগ সেইবাবে আমি আমাৰ সন্তানৰ পকা পোনচাটেই মোবাইলটো বেয়া বুলি কৈ ঋণাত্মক কথা নকৈ ইয়াৰ ভাল আৰু বেয়া উভয় দিশৰ লগতে চিনাকি কৰাই দিব লাগিব৷ মোবাইলৰ অসৎ ব্যৱহাৰে যে জীৱনটো শেষ কৰি পেলাব পাৰে সেই কথাও বুজাই দিব পাৰিব লাগিব৷ইয়াৰ উপৰিও মোবাইল ব্যৱহাৰ কৰিবলৈ দিওঁতে সন্তানৰ ওচৰত যিমান পাৰি সিমান ওচৰত থাকিব লাগে৷

নিস্বাৰ্থ প্ৰেম

অভিভাৱকসকলে সন্তানক এইটোও বুজাই দিব পাৰিব লাগিব যে তেওঁলোকৰ প্ৰতি থকা মৰম আৰু দায়িত্ব যে নিস্বাৰ্থ আৰু চৰ্তহীন৷ তেওঁলোকৰ সুৰক্ষিত ভৱিষ্যতৰ বাবেহে অভিভাৱক সকল চিন্তিত আৰু পথপ্ৰদৰ্শকৰ ভূমিকা ল’ব লগা হয় সেই কথাটোও অনুভৱ কৰোৱাব পাৰিব লাগিব৷আপুনি যে আপোনাৰ সন্তানটোৰ নৈতিক চৰিত্ৰ গঠনৰ বাবে দায়বদ্ধ আৰু তেওঁলোকো যে নিজৰ ঘৰখন, সমাজ আৰু দেশৰ প্ৰতি দায়বদ্ধ হ’বগৈ লাগিব সেইকথাটোও বুজাই দিব পাৰিব লাগিব৷

নমনীয়তা

সন্তানৰ লগত কৰা অনুশাসন সময়মতে বা প্ৰয়োজন অনুসৰি শিথিলতা আনিব লাগিব৷ তেওঁলোকে কৰা ভুলৰ বাবে কঠোৰ শাস্তি বিহাৰ পৰিবৰ্তে ভৱিষ্যতে যাতে তেনেকুৱা ভুল পুনৰ নকৰে আৰু সেই ভুলৰ সংশোধন কৰিবলৈ যত্ন কৰে তাৰবাবে চেষ্টা কৰিব লাগিব৷ তেওঁলোকক অনুতপ্ত হোৱাৰ সুযোগ প্ৰদান কৰিব লাগিব৷ অনুতপ্ত শিশুৱে বাৰে বাৰে একেতা ভুলকে নকৰে আৰু ভুলৰ সংশোধন কৰাৰ চেষ্টা কৰে৷ যিমানলৈকে পাৰি তেওঁলোকৰ লগত নমনীয় হ’বলৈ যত্ন কৰিব লাগে৷ যদিহে কিছুমান অনুশাসনে সন্তানটোৰ মানসিক জগতত ক্ষতি কৰিছে তেনেহ’লে সেই নিয়ম বা অনুশাসনৰ সালসলনি কৰিব লাগে৷ এনে কৰিলে শিশুসকলৰ পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হ’ব আৰু বিশ্বাস বাঢ়িব৷

আধ্যাত্মিকতা

সন্তানক সৰু পৰাই এটা আধ্যাত্মিক পৰিবেশ দিয়াৰ চেষ্টা কৰিব লাগে যাতে নকাৰাত্মক চিন্তা-চৰ্চাৰ পৰা আঁতৰত থাকিব পাৰে। আধ্যাত্মিকতাই শিশুক সৎ হ’বলৈ শিকায়৷মাৰ্জিত আৰু শৃংখলাবদ্ধ হ’বলৈ শিক্ষা দিয়ে৷ এটা সুন্দৰ মানসিকতা গঢ় দিয়াত সহায় কৰে৷ প্ৰাৰ্থনা, শ্লোক বা বন্দনাই শিশুৰ মানসিক শক্তি সবল কৰে আৰু স্মৃতিশক্তি বৃদ্ধি কৰে৷ মনৰ পৰা ভয় সংকোচ আঁতৰাই পোহৰৰ বাট দেখুৱাই দিয়ে৷

যোগ প্ৰাণায়ম

বৰ্তমান সমাজ ব্যৱস্থাৰ উশৃংখলতা তথা মানসিক চাপ ৰোধত যোগ প্ৰাণায়মে মহৌষধ হিচাপে কাম কৰে৷ তাৰোপৰি শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উত্তৰণত অগ্ৰণী ভূমিকা পালন কৰে৷ বহুতো ৰোগ প্ৰতিৰোধ কৰাৰ লগতে সুস্বাস্থ্য গঢ় দিয়াত যথেষ্ট সহায় কৰে৷ ভয়, খং, ক্ৰোধ, হিংসা, ঈৰ্ষা, আবেগ এই ৰিপুবোৰ নিয়ন্ত্ৰণত ৰাখিবলৈও যোগ প্ৰাণায়ামে ভাবিব নোৱৰাকৈয়ে সহায় কৰে৷ সেইবাবে শিশুসকলে যাতে যোগ প্ৰাণায়মকো জীৱনৰ অংশ হিচাপে লয় তাৰবাবে সৰুৰ পৰাই সেই পৰিবেশ দিয়াৰ যত্ন কৰাব লাগে৷

সন্তানক সৰ্বতোপ্ৰকাৰে সুস্থ পৰিবেশ এটা দিয়াৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি ৰৈ নাযায় তাৰ প্ৰতি সদা সচেতন হ’বই লাগিব৷ ওপৰত উল্লেখ কৰা বিষয় সমূহৰ উপৰিও সৰুৰ পৰাই যাতে তেওঁলোকে সজ জ্ঞান, সজ চিন্তা, সৎ কৰ্ম, সৎ বিচাৰ, সদ্ভাৱ, সৎ চৰিত্ৰ, সৎ কথা, সৎ আচৰণ, সততা , সত্যবাদিতা , সংস্কাৰ লাভ কৰিব পাৰে তাৰ প্ৰতিও অভিভাৱকসকল দায়বদ্ধ হ’ব লাগিব৷ এইসমূহ দিশ গুৰুত্ব সহকাৰে লৈ যদি প্ৰতিটো শিশুকে ডাঙৰ কৰা হয় নিশ্চয় আমাৰ অনাগত দিনবোৰ সুখকৰ হ’ব আৰু এখন সুন্দৰ সমাজ গঢ় লৈ উঠিব৷

শেষত এটা কথাই কওঁ ,“Parenting is the easiest thing in the world to have an opinion about, but the hardest thing in the world to do.”
———-

You might also like

Comments are closed, but trackbacks and pingbacks are open.