অউমুৱামুৱা

93

পুষ্পাঞ্জলি শিৱমশৰ্মা

”অউমুৱামুৱা’’ হৈছে আমাৰ সৌৰজগতৰ মাজেৰে পাৰ হোৱা প্ৰথমটো দৃশ্যমান আন্তঃনক্ষত্ৰীয় এক আশ্বৰ্যকৰ বস্তু বুলি জনা যায়, যিটো ২০১৭ চনত হাৱাইত দৃশ্যমান হৈছিল। মহাকাশ বিজ্ঞানীসকলে ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১০০ৰ পৰা ১০০০ মিটাৰ বুলি অনুমান কৰিছিল আৰু ইয়াৰ ৰং বাহিৰৰ সৌৰজগতৰ বস্তুৰ দৰেই দেখা গৈছিল বুলি মত প্ৰকাশ কৰিছিল৷  ২০১৭ চনৰ ১৯ অক্টোবৰত হাৱাইৰ মাউই দ্বীপৰ হালেয়াকালা মানৱ নিৰীক্ষণ কেন্দ্ৰত অৱস্থিত হাৱাই বিশ্ববিদ্যালয়ৰ Pan-STARRS (Panoramic Survey Telescope and Rapid Response System) টেলিস্কোপে প্ৰথমবাৰৰ বাবে মহাকাশৰ সৌৰজগতত এক অদ্ভুত বস্তু প্ৰত্যক্ষ কৰিছিল। এই আৱিষ্কাৰ হাৱাই বিশ্ববিদ্যালয়ৰ পোষ্ট ডক্টৰেট গৱেষক ৰবাৰ্ট ৱেৰিক, যিয়ে পৃথিৱীৰ ওচৰৰ বস্তুৰ সন্ধান (NEO) বিচাৰি মহাকাশৰ বুকুত গৱেষণা নিৰীক্ষণ কৰি আছিল তেওঁৰ দ্বাৰা কৰা হৈছিল।

ৱেৰিকে মহাকাশৰ ওপৰেৰে হঠাৎ দ্ৰুতগতিৰে গতি কৰা এটা ক্ষীণ, অস্বাভাৱিক বস্তু লক্ষ্য কৰিছিল, যিটো প্ৰথম অৱস্থাত ধুমকেতু বা গ্ৰহাণু বুলি তেওঁ ভাবিছিল।  কিন্তু অতি সূক্ষ্ম পৰ্যবেক্ষণ আৰু বিশ্লেষণত প্ৰমাণিত হৈছিল যে সেই বস্তুটো কোনো ধুমকেতু বা গ্ৰহাণুৰ দৰে নাছিল। কাৰণ তাৰ অস্বাভাৱিক আকৃতি, আকাৰ আৰু গতিৰ বাবে বিজ্ঞানীসকলৰ মাজত তাক পুংখানুপুংখকৈ জনাৰ বাবে তীব্ৰ আগ্ৰহ আৰু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

অউমুৱামুৱা বা ইংৰাজীত”’Oumuamua” নামটো হাৱাই ভাষাৰ এটি শব্দ।  যাৰ অৰ্থ হৈছে “স্কাউট” বা “দূত।”  হাৱাই বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞান বিভাগে এই নামটো প্ৰদান কৰিছিল। ‘অউমুৱামুৱা’ৰ অস্বাভাৱিক আকৃতিক লক্ষ্য কৰাৰ পিছত বিজ্ঞানীসকলে গৱেষণাৰ কৰি কেইটামান কথা উল্লেখ কৰিছিল।  তেওঁলোকৰ মতে সম্ভৱতঃ চিগাৰ বা পেনকেকৰ দৰে ই অতি দীঘলীয়া হব পৰে বুলি মতো প্ৰকাশ কৰিছিল।  ইয়াৰ পোহৰৰ বক্ৰতা নিৰীক্ষণ কৰি যে ই ঘূৰি থকাতকৈ ডুলি থকাৰ দৰেহে আছিল বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছিল। ইয়াৰ উৎপত্তিৰ বিষয়ে বিজ্ঞানী গৱেষকসকলে কেইবাটাও তত্ত্বৰ কথা উল্লেখ কৰিছে। হয়তোবা এইটো এক বিভাজিত আন্তঃনক্ষত্ৰীয় ধুমকেতুৰ অৱশিষ্ট বা বহিঃগ্ৰহৰ খণ্ডৰ দৰে এক ৰূপো হব পাৰে।

একাংশ বিজ্ঞানীয়ে ইয়াক “প্লুটো১”ৰ দৰেই নাইট্ৰজেন বৰফেৰে সমৃদ্ধ বহিঃগ্ৰহৰো এটুকুৰা খণ্ডিত অংশ হ’ব পাৰে বুলি মত প্ৰকাশ কৰিছিল। ই এনে এক দৃশ্যমান নোহোৱা আৰু ৰহস্যময় ব্ৰহ্মাণ্ডক সূচোৱা এক পৃথক বস্তুক প্ৰতিনিধিত্ব কৰিছে। ২০১৭ চনৰ অক্টোবৰত হাৱাই দ্বীপৰ পান-ষ্টাৰ টেলিস্কোপটোৱে দুপৰীয়াৰ ভাগত প্ৰথম বাৰৰ বাবে ইয়াক প্ৰত্যক্ষ কৰে। কিন্তু মূল কথাটো হৈছে ইয়াৰ আৱিষ্কাৰৰ দিন ধৰি এতিয়ালৈকে কিন্তু ই গৱেষণাতে সীমাৱদ্ধ হৈ আছে। ইয়াক সৌৰজগতৰ বাহিৰৰ প্ৰথম জনাজাত আন্তঃনষ্টেলাৰ বস্তু হিচাপে চিহ্নিত কৰা হৈছিল।”

গৱেষণা অনুসৰি ই সৌৰজগতত থকা গ্ৰহতকৈ বহু দ্ৰুত গতিত গতি কৰে। নিংসন্দেহে মহাকাশত থকা আন্ত: তাৰ্টালাৰ বস্তুৰ গতি আৰু বৈশিষ্ট্যলব্ধ গৱেষণাৰ বাবে’অউমুৱামুৱাৰ অধ্যয়ন বৰ গুৰুত্বপূৰ্ণ। আশাকৰা হৈছে যে ই আমাৰ সৌৰজগতৰ বাহিৰৰ পৰিৱেশৰ বিষয়ে নতুন তথ্য দিব পাৰে। অউমুৱামুৱাৰ অস্বাভাৱিক ত্বৰণ আৰু বৈশিষ্ট্যই ইয়াৰ প্ৰকৃতিৰ ওপৰত বিতৰ্কৰ সূচনা কৰিছে।  ইয়াত বিদেশী মহাকাশযান বা অন্য গ্ৰহৰ অনুসন্ধানকাৰী হিচাপে পৃথিৱীলৈ অহাৰ সম্ভাৱনাৰ বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অৱশ্যে বেছিভাগ বিজ্ঞানীয়ে এই সম্ভাৱনাৰ আশা অতি ক্ষীণ বুলি গণ্য কৰিছে।

বিজ্ঞানীসকলে বিশ্বাস কৰা অনুসৰি, ই পৃথিৱীৰ বাদে অন্য কোনো অংশৰ মহাকাশযানো হব পাৰে বুলি কৰা অনুমানৰ আঁৰৰ আটাইতকৈ শক্তিশালী যুক্তিটো হ’ল, ‘অউমুমুৱাৰ ত্বৰণক প্ৰাকৃতিক পৰিঘটনাৰ দ্বাৰা ব্যাখ্যা কৰিব পাৰি, যেনে সৌৰ বিকিৰণৰ চাপ বা ধুমকেতুৰ আউটগেছিঙৰ দৰে এক প্ৰক্ৰিয়া। ইয়াৰ অস্বাভাৱিক আকৃতি আৰু আকাৰ আকৰ্ষণীয় হ’লেও ইয়াক প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰাও ব্যাখ্যা কৰিব পাৰি। কিন্তু একাংশ বিশেষজ্ঞই সন্দেহো প্ৰকাশ কৰি আঙুলিয়াই দিয়ে যে ই অসম্পূৰ্ণ আৰু ভুল তথ্যৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে ল’বে দাবী কৰা অনুসৰি, ‘অউমুৱামুৱাৰ প্ৰতিফলন ক্ষমতা অস্বাভাৱিকভাৱে বেছি, কিন্তু এইটো অসম্পূৰ্ণ তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে আৰু আমাৰ সৌৰজগতৰ বহু প্ৰাকৃতিক বস্তুৰ প্ৰতিফলন ক্ষমতা একে হোৱাটো দিশটোও আওকাণ কৰা হৈছে।

২০১৭ চনত আৱিষ্কাৰ হোৱাৰ পিছৰে পৰা গৱেষকসকলে সক্ৰিয়ভাৱে অধ্যয়ন কৰি ইয়াৰ প্ৰকৃতি আৰু উৎপত্তিৰ সন্দৰ্ভত কেইবাটাও তত্ত্বৰ উন্মেষ ঘটাইছে। ‘অউমুৱামুৱা’ৰ বিষয়ে বিজ্ঞানীসকলে এতিয়াও বহু উত্তৰহীন প্ৰশ্নৰ দোমোজাত পৰি আছে যদিও চলি থকা গৱেষণা আৰু পৰ্যবেক্ষণে বিজ্ঞানীসকলক তেওঁলোকৰ তত্ত্বসমূহ পৰিশোধন কৰাত আৰু এই ৰহস্যময় আন্তঃনক্ষত্ৰীয় বস্তুটোক ভালদৰে বুজিবলৈ সহায় কৰিও আছে। ’অউমুৱামুৱাৰ এই আৱিষ্কাৰে জ্যোতিৰ্বিজ্ঞানৰ এক উল্লেখযোগ্য আৱিষ্কাৰৰ খুঁটি হিচাপে চিহ্নিত কৰিছে, যিয়ে আন্তঃনক্ষত্ৰীয় ভ্ৰমণ, জীৱনৰ উৎপত্তি আৰু বিশ্বব্ৰহ্মাণ্ডৰ গঠনৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰিব পাৰিব বুলি আশা কৰা হৈছে।

 প্ৰথমটো জনাজাত আৰু দৃশ্যমান আন্তঃনক্ষত্ৰীয় বস্তু হিচাপে ই বৈজ্ঞানিক আৱিষ্কাৰৰ বাবে এক অনন্য সুযোগ প্ৰদান কৰিব পাৰে। সূক্ষ্ম পৰ্যবেক্ষণ কৌশল আৰু আন্তঃশাখা সহযোগিতাৰ উদ্ভাৱনক আগুৱাই লৈ যাবলৈ ‘অউমুমুৱাৰ অধ্যয়নে জনসাধাৰণৰ মহাকাশ বিজ্ঞান অধ্যয়নৰ সংযোগক অনুপ্ৰাণিত কৰে, মহাকাশ অন্বেষণৰ বিষয়ে সজাগতা বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা কৰা হয়।  ইয়াৰ ৰহস্যময় অৱস্থা আৰু প্ৰকৃতিয়ে বিজ্ঞানী আৰু জনসাধাৰণক একেদৰেই মোহিত কৰি ৰাখিছে, যিয়ে এক অন্বেষণ, ভয় আৰু বিস্ময়ৰ প্ৰতীক হিচাপেও পৰিগণিত হৈছে।

হাৱাইৰ পৌৰাণিক কাহিনীত ‘অউমুৱামুৱাক বিশ্বব্ৰহ্মাণ্ডৰ সৈতে আশা আৰু সংযোগৰ প্ৰতীক হিচাপে উল্লেখ কৰাৰ কথা জনা যায়, যিয়ে এনে এক ধাৰণাক প্ৰতিফলিত কৰে যে, আমি পৃথিৱীবাসী মহাকাশৰ বিশাল বিস্তৃতিত অকলশৰীয়া নহয়।

সামৰণিত ক’বলৈ গ’লে ‘অউমুৱামুৱাৰ অস্বাভাৱিক বৈশিষ্ট্যসমূহ আকৰ্ষণীয় হ’লেও বৰ্তমান ই এক বিদেশী মহাকাশযান বা অনুসন্ধানকাৰী বুলি ধাৰণাটো সমৰ্থন কৰিব পৰাকৈ কোনো নিৰ্ণায়ক প্ৰমাণ পোৱা নাই। এই সম্পৰ্কত প্ৰাকৃতিক ব্যাখ্যা, যেনে ধুমকেতুৰ আউটগেছিং বা সৌৰ বিকিৰণৰ চাপ, ইয়াৰ আচৰণৰ আটাইতকৈ যুক্তিসংগত ব্যাখ্যা হৈয়েই আছে।অউমুৱামুৱাৰ অস্তিত্বই বৈজ্ঞানিক সকলৰ মনত নতুন কিছুমান আগ্ৰহৰ সৃষ্টি কৰিছে, গৱেষকসকলে এই ৰহস্যময় বস্তুটোৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহ প্ৰকাশ কৰি, পৃথিৱীৰ বাদেও অন্য ঠাইত অন্য কোনোবা জীৱৰ অৱস্থিতি থাকিব পৰা বিষয়টোক লৈ অধিক উৎসাহ প্ৰকাশ কৰিছে। ইয়াৰ সঠিক প্ৰকৃতি আৰু উৎপত্তি স্পষ্ট নহ’লেও এটা কথাত তেওঁলোকে নিশ্চয়তা প্ৰকাশ কৰিছে যে – ‘অউমুৱামুৱে আন্তঃনক্ষত্ৰীয় বস্তু আৰু আমাৰ সৌৰজগতৰ বাহিৰৰ জীৱনৰ সম্ভাৱনাৰ ওপৰত গৱেষণাৰ বাবে নতুন পথ মুকলি কৰিব পাৰে।

যোগাযোগঃ ৮৪৮৬৮৯৪৯১৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.