বর্ণালী কটকী ওজা
গীতং বাদ্যং তথা নৃত্যং এৱং সঙ্গীত মুচ্যতে৷ অর্থাৎ গীত, নৃত্য আৰু বাদ্য এই তিনিওবিধ কলাকে একেলগে সংগীত বোলা হয়৷ সমঋ গীতৃশসংগীত৷ সংগীতৰ উৎপত্তি সম্বন্ধে বিভিন্নজন পণ্ডিতে বিভিন্ন মত আগববাইছে৷ পণ্ডিতসকলৰ ধাৰণা, মত–দ্বিমত বা সিদ্ধান্তৰ উপৰি পৰম্পৰাগতভাৱে কিছুমান জনবিশ্বাসো প্রচলিত হৈ আহিছে সংগীতৰ উৎপত্তি সন্দর্ভত৷ ভাৰতবর্ষত প্রচলিত এক জনবিশ্বাস অনুসৰি, সংগীতৰ স্রষ্টা হল ব্রহ্মা৷ ব্রহ্মাৰ পৰা দীক্ষা লয় নাৰদে আৰু নাৰদৰ দুগৰাকী শিষ্য হা হা আৰু হু হুৱে পৃথিৱীত সংগীতৰ প্রচলন কৰে৷ আন এক জনবিশ্বাস অনুসৰি সংগীতৰ স্রষ্টা মহাদেৱ৷ এনেধৰণৰ কিংবদন্তি বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা চলি অহা কথাই প্রমাণ কৰে যে সংগীত কলাক মানৱ জাতিয়ে অতি মর্যাদাপূর্ণ কলা হিচাপে স্থান দিছে৷
সংগীতৰ উৎপত্তি সন্দর্ভত থকা বিভিন্ন সিদ্ধান্তৰ মুঠ তিনিটা ভাগ হল ক আধ্যাত্মিক সিদ্ধান্ত খ বৈজ্ঞানিক সিদ্ধান্ত গ ব্যৱহাৰিক সিদ্ধান্ত৷
ক ভাৰতীয় সংগীতৰ আধ্যাত্মবাদী পণ্ডিতসকলৰ মতে সমগ্র বিশ্বব্রহ্মাণ্ডখনেই নাদৰ অধীন৷ এই নাদ হল ওংকাৰ ধবনি আৰু সকলো ধবনিৰে মূল ওংকাৰ ধবনি৷ এই দর্শন মতে নাদৰ পৰাই সংগীতৰ সৃষ্টি হয়৷ পৰমব্রহ্মৰো সন্ধান পাব পাৰি সংগীত সাধনাৰ মাজেদিয়েই৷ সেয়ে কোৱা হয় যতেই সংগীত তাতেই ভগৱান বিদ্যমান৷
খ সংগীতৰ উৎপত্তি সন্দর্ভত থকা বৈজ্ঞানিক সিদ্ধান্ত অনুসৰি, আদিম যুগত গুহাবাসী মানুহে হিংস্র জন্তুৰ পৰা ৰক্ষা পাবৰ কাৰণে ফোঁপোলা গছৰ মূূাত চপৰিয়াইছিল৷ আকৌ কোনোৱে মৰা জন্তুৰ শুকান নাডী ধেনুভিৰীয়া বাঁহত লগাই শব্দ উলিয়াবলৈ চেষ্টা কৰিছিল৷ আৰু শব্দৰ প্রকাশৰ এনেধৰণৰ প্রচেষ্টাৰ পৰাই সংগীতৰ উৎপত্তি হোৱা বুলি কোৱা হয়৷ আন এচাম বিজ্ঞানীৰ মত অনুসৰি, মানুহে জীৱ–জন্তু আৰু চৰাই–চিৰিকটিৰ মাত অনুসৰণ কৰাৰ পৰাই সংগীতৰো সৃষ্টি হৈছে৷
ভাৰতীয় সংগীতৰ যুগ বিভাজন
ভাৰতীয় দার্শনিক, বৈজ্ঞানিক, আধ্যাত্মিক পণ্ডিতসকলে সংগীতৰ ইতিহাসক পর্যায়ক্রমে তিনিটা ভাগত ভাগ কৰিছে৷
(১) প্রাচীন কাল বা প্রাক্–বৈদিক যুগৰ সংগীত৷
(২) মধ্যকাল
(৩) আধুনিক কাল
👉 সিন্ধু সভ্যতাৰ সময়ৰ পৰা অষ্টম শতিকালৈকে প্রাক্–ঐতিহাসিক যুগৰ সংগীতৰ মূল ভেটি নিণ্ত হৈছিল৷ এই সময়ক প্রাক্–বৈদিক যুগ বুলিও কোৱা হয়৷
👉 অষ্টম শতিকাৰ পৰা ত্রয়োদশ শতিকালৈকে আৰু ত্রয়োদশ শতিকাৰ পৰা অষ্টাদশ শতিকালৈকে মুঠ দুটা ভাগত সংগীতৰ মধ্যকাল অন্তর্ভুক্ত হৈছে৷
👉 অষ্টম শতিকাত ভাৰতবর্ষলৈ ইংৰাজৰ আগমনৰ সময়ৰ পৰা সংগীতৰ আধুনিক কালৰ সূচনা হোৱা বুলি জনা যায়৷
প্রাচীন কাল বা প্রাক্ বৈদিক যুগঃ আদিম যুগৰ পৰৱত্ যুগেই হল প্রাক্–বৈদিক যুগ৷ মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সভ্যতাই যে প্রাক্–বৈদিক যুগৰ সভ্যতা তাৰ প্রমাণ বিভিন্ন প্রত্নতাত্ত্বিক নিদর্শন, ছাৰ জন মার্শ্বাল, ৰাখাল দাস বন্দোপাধ্যায়, দয়াৰাম সাহানী প্রমুখ্যে বিদ্বানসকলৰ গৱেষণাৰ অন্তত সঠিকভাৱে জনা যায়৷ সিন্বুূ সভ্যতাৰ সময় কালেই প্রাক্–বৈদিক যুগৰ সময় কাল৷ মহেঞ্জোদাৰো আৰু হৰপ্পাৰ ধবংসস্তূপৰ গৱেষণাৰ পৰা জনা যায় যে খ্রীষ্টপূর্ব ৫০০০ৰ পৰা খ্রীঃ ৩০০০ বছৰলৈকে সিন্বুূ সভ্যতাৰ সময় কাল বুলি নির্ধাৰিত হৈছে৷
এই কালৰ সাংগীতিক পৰিচয়ঃ মহেঞ্জোদাৰো আৰু হৰপ্পাৰ খনন কার্যত পোৱা গৈছে, কিছুমান হাডৰ পৰা তৈয়াৰী বাঁহী, বীণা, চামৰাৰ দ্বাৰা তৈয়াৰ কৰা বাদ্যযন্ত্র, ব্রঞ্জৰ দ্বাৰা নির্মিত এক নৃত্যৰতা নাৰী আৰু দুটি নর্তকৰ ভাঙি যোৱা মূর্তি, ধবংসস্তূপত আৰু পোৱা হৈছিল, ডিঙিত ওলমি থকা মৃদংগৰ দৰে এবিধ বাদ্যৰ আন এক মূর্তি৷ তাৰ পিছৰ কালতো সেই ধবংসস্তূপৰ পৰা কিছুমান সাংগীতিক উপাদানসম্বলিত বস্তু পোৱা গৈছিল৷ এইবোৰেই প্রমাণ কৰে যে প্রাক্–বৈদিক যুগ অর্থাৎ সিন্বুূ সভ্যতাৰ যুগত সংগীত তথা গীত, বাদ্য আৰু নৃত্যৰ অনুশীলন অব্যাহত আছিল৷ ৰায়বাহাদুৰ দীক্ষিতৰPre Historic Civilization of the Indus Valey নামৰ গ্রন্থত উল্লেখ থকা মতে, প্রাক্–বৈদিক কালত নৃত্য–গীতৰ উপৰি কণ্ঠ সংগীতৰ চর্চাও হৈছিল৷ তন্ত্রযুক্ত বীণা আৰু চামৰাৰে বনোৱা মৃদংগজাতীয় বাদ্যৰো প্রচলন আছিল৷
লক্ষণ স্বৰূপৰThe Rig Veda and Mahenjodaro গ্রন্থৰ‘Indian Culture October 1937’ নামৰ প্রবন্ধত উল্লেখ থকা মতে, এটা শিলত নৃত্যৰ ছবি অংকন কৰা হৈছে, এজনে বাঁহী বজাইছে, আনসকলে মৃদংগজাতীয় বাদ্যৰ তালে তালে নৃত্য কৰিছে৷ প্রাক্–বৈদিক কালত অর্থাৎ সিন্বুূ সভ্যতাৰ যুগত পোৱা সাংগীতিক উপাদানসমূহে প্রমাণ কৰে যে গীত–বাদ্য আৰু নৃত্যৰ অনুশীলন তেতিয়াও অব্যাহত আছিল৷ কিন্তু দুখৰ বিষয় এয়ে যে সাংগীতিক ধাৰাবাহিকতাৰ অভাৱ আছিল৷ সেয়ে সিন্বুূ সভ্যতা আৰু বৈদিক সভ্যতাৰ মাজত একো ইতিহাস উদ্ধাৰ নোহোৱাৰ বাবে সামবেদকে ভাৰতীয় সংগীতৰ উৎস বুলি কোৱা হয়৷
বৈদিক যুগৰ সংগীতঃ সকলো সৃষ্টিৰ আঁৰত একোটা ইতিহাস জডিত হৈ থাকে৷ সৃষ্টিৰ আদিম যুগৰ পৰা আজিপর্যন্ত বিচিত্র বিকাশৰ স্তৰ অতিক্রমি মানুহৰ জীৱনযাত্রা, সামাজিক আৰু সাংস্কৃতিক ধাৰা নানা বিৱর্তনৰ মাজেদি প্রৱহমান হৈ আছে৷ সংগীতৰ ইতিহাসেও আদিম যুগৰ পৰা ক্রমবিৱর্তনৰ মাজেদি বর্তমানৰ ৰূপ লাভ কৰিছে৷ প্রাক্–বৈদিক যুগ অর্থাৎ সিন্ধু সভ্যতাৰ যুগৰ সাংগীতিক উপাদান পর্যাপ্ত নোহোৱাৰ বাবে সংগীতৰ ইতিহাস ৰচনা সম্ভৱ নহলেও সেই কালৰ সাংগীতিক উপাদানৰ গুৰুত্ব আছে৷ আর্যসকল ভাৰতবর্ষত প্রৱেশ কৰিছিল মধ্য এছিয়াৰ পৰা ইৰানৰ মাজেদি অর্থাৎ ভাৰতৰ উত্তৰ–পশ্চিম সীমান্তইদি৷ গতিকে পণ্ডিতসকলৰ মত অনুযায়ী খ্রীষ্টপূর্ব ২০০০ত ভাৰতৰ সপ্তসিন্ধু নামে ঠাইত আর্যসকলে প্রথম বসতি স্থাপন কৰে৷ পৰৱৰ্তী কালত খ্রীঃপূঃ ১৫০০ৰ পৰা ৮০০ শতাব্দীৰ মাজৰ সময়খিনিত আর্যসকল সমগ্র উত্তৰ আৰু মধ্য ভাৰতলৈকে বিস্তাৰিত হয়৷
বৈদিক যুগৰ সংগীতৰ পৰিচয়ঃ ভাৰতবর্ষলৈ আর্যসকলৰ আগমনৰ সময়ৰ পৰাই বৈদিক কালৰ আৰম্ভ হৈছিল৷ বৈদিক সাহিত্যসমূহেই বৈদিক কালৰ বিষয়ে জনাৰ নির্ভৰযোগ্য সমল৷ প্রধানতঃ ঋকবেদ, যর্জুবেদ, সামবেদ আৰু অথর্ববেদ সাহিত্যৰ বিষয়বস্তু এই চাৰিখন বেদৰ ওপৰতে নির্ভৰশীল৷ এই বেদ চাৰিখন দুই ভাগত বিভক্ত ক ব্রাহ্মণ আৰু খ সংহিতা৷ ব্রাহ্মণ অংশ গদ্যত ৰচিত আৰু সংহিতা অংশটি পদ্যত ৰচিত এটি গাথা আৰু বেদমন্ত্রৰ সমষ্টি৷ বেদৰ ব্রাহ্মণ অংশত পোৱা যায় যাগ–যজ্ঞৰ বিধি–বিধানসম্বলিত তত্ত্বকথা৷ বেদৰ ব্রাহ্মণ আৰু সংহিতাৰ উপৰি পৰৱৰ্তী কালত আৰণ্যক আৰু উপনিষদ নামেৰে দুটি বিভাগৰো সূচনা হয়৷ বেদৰ ৰচনাকাল আনুমানিক খ্রীঃপূঃ ২০০০ৰ পৰা ১৫০০ শতাব্দীৰ মাজত৷ অন্য বেদসমূহৰো ৰচনা কাল খ্রীঃ পূঃ ১৫০০ৰ পৰা ৮০০ শতাব্দীৰ মাজত৷ উপনিষদসমূহ খ্রীঃপূঃ ৮০০ৰ পৰা ৫০০ শতাব্দীৰ ভিতৰত ৰচিত হৈছিল৷ বেদক কেন্দ্র কৰি গিি উঠা সময়কে বৈদিক যুগ বুলি কোৱা হয়৷ বৈদিক যুগৰ আৰম্ভণি ঋকবেদৰ পৰাই হয়৷ ঋকবেদৰ সংহিতা অংশত বায়ু, অগ্ণি, বৰুণ, সোম, বিশ্বামিত্র, বামদেৱ, অত্রি, ভৰদ্বাজ, বশিষ্ঠ প্রমুখ্যে দেৱ–দেৱতা ঋষি–মুনিসকলৰ প্রশংসাসূচক মন্ত্রসমূহকে ঋক্ বোলা হয়৷ এই মন্ত্রসমূহ সুৰ লগাই গোৱা হয়৷ ঋকবেদৰ মন্ত্রসমূহত দুন্দুভি, ভূমি ইত্যাদি বাদ্যৰ নাম উল্লেখ আছে৷ জীৱ–জন্তুৰ ছালৰ পৰা দুন্দুভি তৈয়াৰ কৰা হয়৷ ঋক্বেদৰ মন্ত্রত গর্গৰ আৰু পিঙ্গ নামৰ বাদ্যৰো উল্লেখ আছে৷ আনহাতে আঘাতি, ঘাটলিকা, কাণ্ডবীণা, নাডী, বনস্পতি, বীণা আদি বাদ্যৰ নামৰো উল্লেখ আছে৷
সামবেদৰ সংগীতঃ সাম শব্দৰ অর্থ হল সুৰ অথবা মধুৰ স্বৰ৷ স্বাভাৱিকতেই এই বেদৰ মন্ত্রসমূহত সংগীতময়তা বিৰাজমান৷ ঋকবেদৰ ছন্দ আৰু সুৰৰ মিলনত সাম গানৰ সৃষ্টি হৈছিল৷ সাম গানত মুঠ ১৮০৮টা স্তোত্র আছে৷ ১ অগ্ণিস্তোত্র ২ চার্তুমাস্য ৩ ৰাজসূয় ৪ অশ্বমেধ ৫ বাদশ্বাহ ৬ সোম ৭ দশপূর্ণমাস ইত্যাদি৷ যাগ–যজ্ঞত সামগান গোৱাৰ লগতে নৃত্য আৰু বাদ্যৰো প্রচলন আছিল৷ বাদ্যসমূহৰ ভিতৰত বিশেষকৈ আঘাতি, ঘাটলিকা, ক্ষৌণী, কান্তি, কাত্যায়নী, বেণু আৰু বীণাৰ নাম উল্লেখ আছে৷ যজ্ঞত পুৰুষসকলে দুন্দুভি আৰু নাৰীয়ে চামৰাৰে নির্মিত গোধাবীণা আৰু কান্তবীণা বজাইছিল৷ সামবেদৰ গানত সাতটি স্বৰৰ প্রয়োগ হৈছিল৷ যেনে– ক্রুষ্ট, প্রথম, দ্বিতীয়, তৃতীয়, চতুর্থ, মন্ত্র আৰু অতিস্বার্য৷ সাম গানত অনুদাত্ত মন্ত্র, স্বৰিত মধ্য, আৰু উদাত্ত তাড স্বৰো ব্যৱহূত হৈছিল৷ পৰৱত্ কালৰ সংগীতত ইয়াক ভিত্তি কৰিয়েই সপ্ত স্বৰৰ বিকাশ হয়৷ সামবেদৰ সংগীত পূর্বাচিক আৰু উত্তৰাচিক নামেৰে দুটা ভাগত বিভক্ত৷ পূর্বাচিকক ক গ্রামগেয় আৰু খ অৰণ্যগেয় নামে দুটা ভাগত ভগোৱা হৈছে৷ উত্তৰাচিকৰো, ঔহ আৰু ঔহ্য নামেৰে দুটা ভাগ৷ গ্রামগেয় গীতসমূহ গ্রাম্য অঞ্চলৰ বাবে ৰচিত বাবে সকলোৱে গাব পাৰিছিল৷ আনহাতে উত্তৰাচিকৰ ঔহ আৰু ঔহ্য দুয়ো প্রকাৰৰ গীতেই ৰহস্য গীত৷ সকলোৱে গাব নোৱাৰে৷ কেৱল উপনিষদৰ সাধকসকলেহে এই গীত গাব জানিছিল৷
মহাকাব্যিক কালঃ মহাকাব্যিক কাল বুলিলে বুজা যায় ৰামায়ণ আৰু মহাভাৰতৰ ঐতিহাসিক সময়খিনি৷ আনুমানিক ৮০০ শতাব্দী এই দুয়োখন মহাকাব্যৰ ৰচনাকাল বুলি জনা যায়৷ মহাকাব্যিক কালত সংগীত কলাৰ পৰিচয় বিভিন্ন তথ্যৰ পৰা পোৱা যায়৷ ৰামায়ণত সাতবিধ শুদ্ধ ৰাগৰ উল্লেখ ভিন ভিন কাহিনীত উল্লেখ আছে৷ লৱ আৰু কুশই শাস্ত্রীয় লক্ষণযুক্ত গান গাব জানিছিল৷ সুগ্রীৱৰ অন্তেষপুৰত লক্ষ্মণে বীণাবাদন শুনিবলৈ পাইছিল৷ ৰাৱণ আছিল সংগীত শাস্ত্রৰ বিদ্বান লোক৷ মহাভাৰতত গান্ধাৰ গ্রাম আৰু সপ্ত স্বৰৰ বর্ণনাও পোৱা যায়৷
খ্রীষ্টপূর্ব ১০০০ৰ পৰা খ্রীষ্টিয় ১ চন বৌদ্ধ আৰু জৈন ধর্মৰ উদ্ভাৱনৰ সময়৷ সেই সময়খিনিত বৌদ্ধ জাতক মালা, জৈন ধর্মৰ গ্রন্থ, ৰত্ন প্রদীপিকা বা উপনিষদসমূহত সংগীতৰ বিষয়ে বিশেষ তথ্য পাবলৈ নাই৷
খ্রীষ্টিয় দ্বিতীয় শতাব্দীত আনুমানিক ভৰতমুনিয়ে প্রণয়ন কৰা নাট্যশাস্ত্রত গীত, বাদ্য, নৃত্য, নাট, জাতি, স্বৰ, শ্রুতিৰ উপৰি শাস্ত্রীয় সংগীতৰ বিভিন্ন ৰাগ, অলংকাৰ আদি সংগীত বিষয়ক বিভিন্ন তথ্যৰ উল্লেখ পোৱা যায়৷ নাট্যশাস্ত্র নামটোৱেই সূচায় যে নাট্যকলাৰ সবিশেষ এই গ্রন্থত উল্লেখ আছে৷
ভাৰতীয় সংগীতৰ মধ্যকালঃ
ভাৰতীয় সংগীতৰ প্রৱহমান সুঁতিত শতিকাৰ হিচাপত নির্ধাৰণ কৰিলে মধ্যমকাল বুলি ধৰা হয় ৮০০ শতিকাৰ পৰা ১৮০০ শতিকা পর্যন্ত৷ ইতিহাসৰ প্রামাণ্য তথ্য অনুসৰি জনা যায় যে এই দীঘলীয়া সময়খিনিত সংগীতে ব্যাপকভাৱে বিকাশ লাভ কৰিছিল৷ গ্রীচ, আৰব, মধ্য এছিয়াৰ বিভিন্ন দেশৰ লগত ভাৰতৰ সাংসৃক্তিক আদান–প্রদান চলিছিল৷ এই আদান–প্রদানৰ গুৰিতে আছিল সেই দেশসমূহৰ লগত ভাৰতৰ বাণিজ্যিক সম্পর্ক৷ ১১০০ শতিকাৰ পৰা সঘনে ভাৰতবর্ষত বিদেশীৰ আক্রমণ চলে আৰু শক, হুন, পাঠান, মোগল আদি বিদেশী শক্তিৰ গৰাহত পৰি ভাৰতৰ ৰাজনৈতিক ক্ষেত্রত আমূল পৰিৱর্তন সাধন হয়৷ মোগলে ভাৰতত ১২০০ শতিকাৰ পৰা স্থায়ীভাৱে ৰাজত্ব কৰিবলৈ লয়৷ তেতিয়াৰে পৰা ভাৰতত ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আৰু সাংসৃক্তিক ক্ষেত্রত আমূল পৰিৱর্তন সাধন হয়, যি আছিল অতিশয় স্বাভাৱিক৷ বিভিন্নজন মোগল শাসকৰ সাংসৃক্তিক আদান–প্রদানৰ পৰিপ্রেক্ষিতত আৰু পৃষ্ঠপোষকতাত ভাৰতীয় সংগীতে ৰাজদৰবাৰত স্থান লাভ কৰিবলৈ সুবিধা পায়৷ উল্লেখ্য যে মোগল সম্রাটসকলৰ সৰহসংখ্যকেই সংগীত অনুৰাগী আৰু সংগীতজ্ঞ আছিল৷ প্রাচীন যুগত প্রচলিত সংগীত চর্চাই মোগলৰ প্রভাৱত উত্তৰ ভাৰতীয় সংগীতৰ ক্ষেত্রত এক আমূল পৰিৱর্তন সাধন কৰিছিল৷ প্রাক্–মোগল যুগৰ প্রবন্ধ গানসমূহেই পৰৱত্ কালত ধ্রুপদ সংগীতলৈ পৰিৱর্তিত হয় আৰু ধ্রুপদৰেই পৰিৱর্তিত ৰূপ খেয়াল৷ বর্তমান কালৰ সংগীত চর্চাত মধ্যযুগৰ মোগল প্রভাৱিত সাংগীতিক ধাৰাই চলি আহিছে যদিও দক্ষিণ ভাৰতৰ শাস্ত্রীয় সংগীতৰ ধাৰাই ঐতিহ্যক সাবটি চলি আছে৷
১২১১ শতিকা আছিল ভাৰতীয় সংগীতৰ বাবে বিশেষভাৱে তাৎপর্যপূর্ণ৷ তেতিয়া দিল্লীৰ সম্রাট আছিল ইলতুৎমিছ৷ তেওঁৰ দিনতে প্রথমবাৰৰ বাবে ৰাজদৰবাৰত সংগীতৰ প্রৱেশ ঘটে৷ পৰৱত্ শতিকাসমূহত খিলিজী ৰজাৰ শাসনকালত হিন্দুস্তানী সংগীতে যথেষ্ট মর্যাদা লাভ কৰে৷ সেই কালৰ এজন বিখ্যাত সংগীতজ্ঞ আছিল আমিৰ খুশ্রু৷ আনুমানিক ১৩৩৪ খ্রীষ্টাব্দত উত্তৰ প্রদেশৰ এটোৱা জিলাত আমিৰ খুশ্রুৰ জন্ম হৈছিল বুলি জনা যায়৷ খুশ্রুৰ দিনত ভাৰতীয় সংগীতৰ ক্রিয়াত্মক দিশটোলৈ অনেক পৰিৱর্তন আহিল৷ আৰব, পাৰস্য আদি দেশৰ সুৰ–শব্দ আৰু ভাৱৰ আমদানি ঘটিল খুশ্রুৰ দিনতে৷ খুশ্রুৱে বহুতো নতুন ৰাগৰ সৃষ্টি কৰিছিলহ্ল, যেনে– সৰপর্দা, সাজগিৰি, উশশাখ ইত্যাদি৷ খেয়ালৰ সৃষ্টিকর্তাও আমিৰ খুশ্রুৱেই৷ খুশ্রু আছিল বাদ্য সংগীতৰো সুনিপুণ শিল্পী৷ চেতাৰ আৰু তবলাক নতুন গগ দি তেওঁ জনপ্রিয় কৰি তুলিছিল৷ পাচ্ ভাষাৰ সেহ্ তাৰ (৩ ডাল তাঁৰ পৰা চেতাৰ শব্দটো উৎপন্ন হৈছিল৷ এইগৰাকী সংগীতজ্ঞই ভাৰতীয় সংগীতলৈ যোগোৱা অৱদান চিৰস্মৰণীয়৷
সেই কালত গোপাল নায়ক, বৈজুবাৱৰা বা বৈজু নাথে ভাৰতীয় সংগীতলৈ যথেষ্ট বৰঙণি আগববাইছিল৷
ভাৰতীয় সংগীতৰ মধ্যযুগক সোণালী যুগ বুলি কোৱা হয়৷ কাৰণ সেই সময়তে বিভিন্ন শৈলীৰ সংগীতৰ উৎপত্তি হৈছিল৷ ৰজা–মহাৰজা, নবাব, চুলতানসকলে নতুন নতুন দৃষ্টি আৰু সৃষ্টিৰে ভাৰতীয় সংগীতক সমৃদ্ধ কৰিছিল৷ ঠুম্ৰী, গজল, ভজন, কীর্তন আদি বিভিন্ন শৈলীৰ সংগীতৰ সৃষ্টি হৈছিল সেই স্বর্ণযুগতে৷
১৫৫৬ খ্রীষ্টাব্দ ভাৰতীয় সংগীতৰ বাবে এক উল্লেখযোগ্য বছৰ৷ ১৫৫৬ খ্রীষ্টাব্দত সম্রাট আকবৰ দিল্লীৰ সিংহাসনত বহে৷ আকবৰ আছিল অতিকৈ সংগীত অনুৰাগী৷ সম্রাট আকবৰে বহুকেইজন সংগীতজ্ঞক সংগীত কলা চর্চাৰ সুযোগ দিছিল৷ তাৰে ভিতৰত স্বামী হৰিদাস, তানসেন, বৈজু বাৱৰা, গোপাল নায়ক, মীৰাবাঈ আছিল অন্যতম৷ এইসকল তাৰকা সংগীতজ্ঞৰ ভিতৰত তানসেন আছিল অন্যতম৷ অনেক কাললৈকে তানসেনৰ সমকক্ষ কোনো এজন সংগীতজ্ঞৰ জন্ম হোৱা নাছিল৷ তানসেন অলৌকিক শক্তিসম্পন্ন আছিল বুলিও অনেক জনশ্রুতি আজিও প্রচলিত৷ যেনে– তেওঁ ৰাগ জুৰিলে গছত ফুল ফুলে, ৰাগ মেঘমল্লাৰ গালে খৰাং বতৰতো বৰষুণ আহে ইত্যাদি৷ তানসেন কেইবাটাও নতুন ৰাগৰ সৃষ্টিকর্তা আছিল৷ মিয়াকী তোডী, মিয়াকী সাৰংগ, মিয়া মল্হাৰ, দৰবাৰী কানাডা ইত্যাদি তানসেনসৃষ্ট ৰাগ৷ তেওঁ বহুতো ধ্রুপদ গীতো ৰচনা কৰিছিল৷
বৈজুবাৱৰায়ো সৃষ্টি কৰিছিল কিছু নতুন ৰাগ৷ মীৰাবাঈয়ে বহুতো ভজন ৰচনা কৰি গোৱাৰ উপৰি ৰাগ সৃষ্টিও কৰিছিল৷ সেই একে সময়তে সুৰদাস, তুলসীদাস এই দুয়োজনে ভাৰতীয় সংগীতৰ বিকাশ সাধনত যথেষ্ট অৰিহণা যোগোৱাৰ কথা সংগীতৰ ইতিহাসত খোদিত হৈ আছে৷ মোগল সম্রাট আকবৰৰ ৰাজদৰবাৰত ৩৬জন সংগীতজ্ঞৰ নাম পোৱা যায় আবুল ফজলৰ আইন ই আকবৰী নামৰ গ্রন্থখনত৷
চুলতান আল্লাউদ্দিন খিলিজীৰ পৃষ্ঠপোষকতাত গায়ক আমিৰ খুশ্রু, চুলতান হুছেইন শক্, গোৱালিয়ৰৰ ৰজা মানসিংহ তোমৰ, মৃগনয়নী ইত্যাদি আছিল মধ্যযুগৰ সংগীতৰ দিক্পাল৷ সম্রাট আকবৰৰ পিছত জাহাংগীৰ, চাহজাহান, আনকি ঔৰংগজেবৰ শাসনকালতো সংগীতৰ জয়যাত্রা অক্ষুণ্ণ আছিল৷ সর্বশেষ মোগল সম্রাট মহম্মদ শ্বাহৰ দিনত সংগীতে প্রচুৰ জনপ্রিয়তা লাভ কৰিছিল৷ সম্রাট মহম্মদ শ্বাহৰ ৰাজদৰবাৰক সংগীত বিদ্যাৰ পুণ্যস্থান বুলি কোৱা হৈছিল৷ শ্রেষ্ঠ সংগীত বিশাৰদ খেয়ালৰ ৰচয়িতা সদাৰংগ আৰু অদাৰংগ সম্রাট মহম্মদ শ্বাহৰ ৰাজদৰবাৰৰ মুখ্য সংগীতজ্ঞ আছিল৷ ভাৰতীয় সংগীতৰ অস্তিত্বৰ ইতিহাসত সেয়ে তেওঁলোক ভোটাতৰাৰ দৰে জিলিকি আছে৷
ভাৰতীয় সংগীতৰ দুটি মুখ্য পদ্ধতি হল ১. উত্তৰ ভাৰতীয় বা হিন্দুস্তানী পদ্ধতি আৰু ২. দক্ষিণ ভাৰতীয় বা কর্ণাটকী পদ্ধতি৷ হিন্দুস্তানী পদ্ধতি উত্তৰ ভাৰত অর্থাৎ পষ্চিমবংগ, উৰিষ্যা, অসম, বিহাৰ, ত্রিপুৰা ইত্যাদি প্রদেশত প্রচলিত পদ্ধতি৷ কর্ণাটকী পদ্ধতি তামিলনাডু, অন্ধ্রপ্রদেশ, মহীশূৰ ইত্যাদিত প্রচলিত৷
ভাৰতীয় সংগীতৰ বিভিন্ন ধাৰা হল, খেয়াল, ভজন, টপ্পা, ঠুংৰী, গজল ইত্যাদি৷
সংগীত বিষয়ক গ্রন্থাৱলীঃ
মধ্যযুগৰ সংগীত বিষয়ক কেইখনমান উল্লেখযোগ্য গ্রন্থ হল শাৰঙ্গদেৱ ৰচিত সংগীত ৰত্নাকৰ, নাৰদ ৰচিত সংগীত মকৰন্দ, নাৰদীয় শিক্ষা, জয়দেৱ ৰচিত গীত গোবিন্দ, লোচন ৰচিত ৰাগ তৰংগিনী ইত্যাদি৷ মধ্যযুগৰে আন কেইজনমান চুলতান বাদশ্বাহেও সংগীত বিষয়ক গ্রন্থ প্রণয়ন কৰিছিল৷ মহাৰাণা কুম্ভদেৱৰ বাদ্য ৰত্নকোষ, সংগীত মীমাংসা, সংগীত ৰাজ জগদেৱমল্লাই ৰচিত সংগীত চূডামণি, শ্রীকণ্ঠ ৰচিত ৰাগ কৌমুদী আদি অন্যতম৷ ইয়াৰ পৰৱত্ কালত ৰচনা কৰা কেপ্টেইন এম এ উইলার্ডৰA Treatise on the music of Hindusthan এক উল্লেখযোগ্য সংগীত বিষয়ক গ্রন্থ৷
ভাৰতীয় সংগীতৰ আধুনিক কালঃ
১৮ শতিকাত ব্রিটিছে ভাৰতবর্ষৰ মাটিত ভৰি দিয়ে৷ আৰু তেতিয়াৰে পৰা ভাৰতীয় সংগীতৰ সূর্যাস্ত আৰম্ভ হয়৷ বিভিন্ন ৰাজনৈতিক আৰু অর্থনৈতিক বা সামাজিক অনিষ্চয়তাই ভাৰতীয় সংগীততো প্রভাৱ পেলালে আৰু ব্রিটিছৰ ভাৰতীয় সংসৃক্তিৰ প্রতি অৱহেলাও ইয়াৰ অন্যতম কাৰণ৷ ক্রমশঃ ব্রিটিছৰ ৰাজত্বই ভাৰতীয় সংসৃক্তি বিপদাপন্ন কৰি তুলিবলৈ ধৰিলে৷ সংগীতৰ শিক্ষা আৰু চর্চাও বন্ধ হোৱাৰ উপক্রম হল৷ ভাৰতীয় সংসৃক্তি অন্ধকাৰাচ্ছন্ন হোৱাৰ সময়তে কেইজনমান স্বাভিমানী সংগীতজ্ঞই অক্লান্ত পৰিশ্রম কৰি ঐতিহ্যমণ্ডিত ভাৰতীয় সংগীতক পুনৰ উদ্ধাৰৰ কামত ব্রতী হয়৷ সেই পুৰোধাসকলৰ ভিতৰত পোনতেই নাম লব লাগিব অষ্টাদশ শতাব্দীৰ শেষৰ ফালৰ জয়পুৰৰ ৰজা প্রতাপ সিংহৰ৷ ভাৰতীয় সংগীতৰ পুনৰ উত্থানৰ বাবে ৰজা প্রতাপ সিংহই জয়পুৰত এক বিশাল সংগীত মহাসভাৰ আয়োজন কৰিছিল৷ তাতেই সমৱেত হৈছিল দেশৰ আগশাৰীৰ সংগীতজ্ঞসকল৷
অষ্টাদশ শতিকাৰ মাজভাগত উত্তৰ আৰু দক্ষিণ ভাৰতত কেইবাগৰাকীও গায়ক তথা সংগীতজ্ঞৰ আৱির্ভাৱ হয়৷ ১৮৭২ খ্রীঃৰ পৰা ১৯৩১ খ্রীঃলৈকে প্রসিদ্ধ গায়ক আৰু সংগীতজ্ঞ পণ্ডিত বিষু দিগম্বৰ পলুস্ক্ৰে ভাৰতৰ বিভিন্ন ঠাইত সংগীত সন্মিলন ইত্যাদি অনুষ্ঠিত কৰি সংগীতৰ প্রসাৰতা বৃদ্ধি কৰে৷ গন্ধর্ব মহাবিদ্যালয় তেওঁৰ প্রচেষ্টাতে স্থাপন হয় আৰু ইয়াৰ দ্বাৰা সংগীতৰ ন–শিকাৰুসকল যথেষ্ট উপকৃত হয়৷ ভাৰতীয় সংগীতৰ প্রচাৰ আৰু প্রসাৰৰ ক্ষেত্রত পণ্ডিত বিষু দিগম্বৰ পলুস্ক্ৰে আগবেোৱা উল্লেখযোগ্য বৰঙণি সংগীত ইতিহাসত চিৰস্মৰণীয় হৈ থাকিব৷ এইজন অসাধাৰণ সংগীতজ্ঞৰ কম বয়সতে দুর্ঘটনাত পতিত হৈ দুয়োটা চকু নষ্ট হৈছিল যদিও উল্লেখযোগ্য যে তেওঁ কেইবাখনো সংগীত বিষয়ক গ্রন্থ ৰচনা কৰিছিল আৰু সংগীত শিক্ষা সহজবোধ্য কৰি তুলিবলৈ স্বৰলিপি Notationও প্রস্তুত কৰিছিল৷
১৮৬০ খ্রীঃৰ পৰা ১৯৩৬ খ্রীঃলৈকে ভাৰতীয় সংগীতলৈ পণ্ডিত বিষু নাৰায়ণ ভাটখাণ্ডেৰ বৰঙণি অনবদ্য৷ অক্লান্ত পৰিশ্রম, একনিষ্ঠ সাধনা আৰু অগাধ পাণ্ডিত্যৰ অধিকাৰী ভাতখাণ্ডেজীয়ে শ্রীমৎস লক্ষ্য সংগীতম আৰু অভিনৱ ৰাগ মঞ্জুৰী নামৰ দুখন সংসৃক্ত ভাষাত ৰচিত গ্রন্থ ৰচনা কৰে৷ ১৯২৬ খ্রীঃত বৰোদাত ভাটখাণ্ডেজীয়ে এখন বিশাল সংগীত সন্মিলনৰ আয়োজন কৰিছিল৷ সেই সন্মিলনত দেশৰ প্রসিদ্ধ সংগীত শিল্পীসকল একত্রিত হয় আৰু তাতেই ভাৰতীয় সংগীতৰ এক নতুন অধ্যায়ৰ সূচনা হয়,‘A Short Historical Survey of the Music of Northern India’ নামৰ ৰচনাৰ জৰিয়তে৷ এইগৰাকী অসাধাৰণ প্রতিভাধৰ সংগীতজ্ঞ ভাটখাণ্ডেজীৰ জন্ম হৈছিল বোম্বেৰ মুম্বাইৰ বালকেশ্বৰত ১৮৬০ চনত৷ পিতৃ–মাতৃ দুয়োৰে সংগীতৰ প্রতি অনুৰাগ থকাৰ সুবাদতে ভাটখাণ্ডেজীয়ে শৈশৱৰে পৰা সংগীতময় পৰিৱেশত ডাঙৰ–দীঘল হৈছিল৷ কলেজত পিি থকাৰে পৰা তেওঁ সংগীতৰ শিক্ষা গ্রহণ কৰিছিল আৰু সংগীত বিষয়ক কেইবাখনো গ্রন্থ প্রণয়ন কৰিছিল৷ তেওঁ বোম্বেত থাকি ওকালতি কৰিবলৈ লৈছিল৷
বোম্বেত ১৮৮৭ খ্রীঃত প্রতিষ্ঠা হোৱা গায়ন উত্তেজক মণ্ডলী নামৰ সংগীত সন্থাটোৱে বছা বছা সংগীত শিল্পীসকলৰ দ্বাৰা সংগীতানুষ্ঠান অনুষ্ঠিত কৰিছিল আৰু তাৰ দ্বাৰা ভালেকেইজন আগশাৰীৰ সংগীতজ্ঞৰ নিকট সান্নিধ্য লাভ কৰিছিল৷ শাস্ত্রীয় সংগীতৰ গৱেষণা কৰা কালত তেওঁ ভাৰতবর্ষৰ বিভিন্ন ঠাই ভ্রমণ কৰি সংগীত বিষয়ক বিভিন্ন তথ্যপাতি আহৰণ কৰিছিল৷ তাৰেই ফলস্বৰূপে হিন্দুস্তানী স্বৰলিপি লিখি উলিয়াইছিল৷ দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতৰ ৰাগ সংগীতৰ তত্ত্বগত জ্ঞান এই অভিযানতে তেওঁ সঞ্চয় কৰিছিল৷ উত্তৰ আৰু পূব ভাৰতৰ সংগীতৰ অভিজ্ঞতালব্ধ জ্ঞানৰ ভিত্তিত লিখি উলিয়াইছিল স্বৰমালিকা৷
শুদ্ধ পদ্ধতিগত সংগীত শিক্ষা প্রদানৰ নিমিত্তে ভাটখাণ্ডেজীয়ে বৰোদাত এখন সংগীত বিদ্যালয় প্রতিষ্ঠা কৰে আৰু এই সংগীত বিদ্যালয়ে চৰকাৰী স্বীকৃতি লাভ কৰে ১৯১৬ চনতে গোৱালিয়ৰৰ মহাৰজাৰ সাহায্যত৷ তাৰ পিছত মাধৱ সংগীত কলেজ ১৯২৬ চনতMarries College if Music প্রতিষ্ঠা কৰে ভাটখাণ্ডেজীয়ে৷ পৰৱৰ্তী কালত এইখন সংগীত কলেজৰ নাম হয় Bhat Khande College of Hindustani Music. বর্তমান এই কলেজৰ নাম Bhatkhande Music Institute (Deemed University)৷ সংগীতৰ পাঠ্যক্রম ভিত্তিক গ্রন্থ সংগীত ক্রমিকা পুস্তিকামালা নামেৰে পাঁচটা খণ্ডত ভাটখাণ্ডেজীয়ে ৰচনা কৰি থৈ গৈছে৷
বর্তমান ভাটখাণ্ডে সংগীত মহাবিদ্যালয় অসমৰ কেইবাখনো জিলাত প্রতিষ্ঠা হৈছে৷ এই বিশাল প্রতিভাধৰ, আধুনিক ভাৰতীয় সংগীতৰ অন্যতম পথিকৃৎ পণ্ডিত ভাটখাণ্ডেজীপক্ষাঘাত ৰোগত আক্রান্ত হৈ ১৯৩৬ চনত পৰলোকগামী হয়৷ বর্তমান কালত ভাটখাণ্ডে সংগীত মহাবিদ্যালয় অসমৰ তেজপুৰ, নগাঁও, গুৱাহাটী ইত্যাদিৰ পৰা বিভিন্ন ঠাইলৈ সম্প্রসাৰিত হৈছে৷
পাটনা, দিল্লী, মহাৰাষ্ট্র, লক্ষ্ণৌ, উত্তৰ প্রদেশৰ বাৰাণসী, গোৱালিয়ৰ, কলকাতা ইত্যাদি ভাৰতবর্ষৰ অন্যতম সংগীতৰ পীঠস্থানসমূহতো বহুকেইজন পণ্ডিতে সংগীতক আলোক উজ্জ্বল কৰি তুলিছে৷
ভাৰতীয় সংগীতৰ প্রচাৰ আৰু প্রসাৰৰ বাবে বিশেষকৈ স্বৰাজোত্তৰ কালত আকাশবাণী আৰু চলচিচত্রৰ ভূমিকা অতুলনীয়৷ প্রয়াগ, চণ্ডীগড, কাণপুৰ, বেনাৰস, গোৱালিয়ৰ, মুম্বাই, কলকাতা আদি ঠাইসমূহত বহুতো সংগীত সংস্থাই সংগীতৰ বহুল প্রচাৰ কার্যত ব্রতী হয়৷ এই সংগীত সংস্থাসমূহৰ ভিতৰত ভাটখাণ্ডেক বাদ দি প্রয়াগ সংগীত সমিতি এলাহাবাদ, প্রাচীন কলাকেন্দ্র চণ্ডীগড, গান্ধর্ব সংগীত মহাবিদ্যালয় পুনে, সুক্ল অৱ ইণ্ডিয়ান মিউজিক মুম্বাই, সুক্ল অৱ ইণ্ডিয়ান মিউজিক বৰোদা, মিউজিক কলেজ কলকাতা, সর্বভাৰতীয় সংগীত পৰিষদ কলকাতা, নিখিল ভাৰত সংগীত বিদ্যালয় গোৱালিয়ৰ ইত্যাদি৷
Comments are closed, but trackbacks and pingbacks are open.