One Nation, One Health Policy- এক সমন্বিত স্বাস্থ্য পদ্ধতি

185

ডাঃ নিতুল বৈশ্য

কোনো এটা পদ্ধতি বা বিষয়েই কেতিয়াও স্বয়ংসম্পূৰ্ণ নহয়। পদাৰ্থ বিজ্ঞানত গণিত, গণিতত ব্যৱস্থাপনা, ৰসায়ন বিজ্ঞানত পদাৰ্থ বিজ্ঞান, জীৱবিদ্যাত ৰসায়ন বিজ্ঞান — প্ৰতিটো বিষয়েই এটা আনটোৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছে। এটাক আনটোৰ পৰা পৃথক কৰিলে কোনোটোৱেই নিজাববীয়াকৈ সম্পূৰ্ণ নহয়। আধুনিক চিকিৎসা বিজ্ঞানতো জীৱবিদ্যা, গণিত, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আদিৰ অৱদান অনস্বীকাৰ্য। এটা সৰু উদাহৰণেই এই কথা বুজিবলৈ যঠেষ্ট। মাইক্ৰ’স্কপ – যিটো পদাৰ্থ বিজ্ঞানৰ এক চমকপ্ৰদ আৱিষ্কাৰ, আজি সেই মাইক্ৰ’স্কপটো নাথাকিলে ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত আধুনিক চিকিৎসা বিজ্ঞানে এদিনো তিষ্ঠিব নোৱাৰে। অৰ্থাৎ, সকলো পদ্ধতিৰেই সীমাৱদ্ধতা আছে। কোনো পদ্ধতিয়েই স্বয়ংসম্পূৰ্ণ নহয়। বৰং একোটা পদ্ধতি আন একোটা পদ্ধতিৰ পৰিপূৰকহে।

আধুনিক চিকিৎসা বিজ্ঞানৰ কেতবোৰ চিকিৎসা পদ্ধতিৰ ফলাফলক অধিক ত্বৰান্বিত কৰিবকৈ স্বাস্থ্যসেৱাৰ এক নতুন দিশ উন্মোচিত হৈছে। সেয়া হ’ল- সমন্বিত স্বাস্থ্য পদ্ধতি (Integrative Health)। শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু আত্মিক সুস্থতাৰ সমন্বিত দৃষ্টিভংগীৰে আধুনিক চিকিৎসাৰ সৈতে পৰম্পৰাগত চিকিৎসা পদ্ধতিক সংযুক্ত কৰি সমন্বিত চিকিৎসা পদ্ধতিত ৰোগীৰ সামগ্ৰিক মঙ্গলৰ অৰ্থে চিকিৎসা আগবঢ়োৱা হয়।

আয়ুৰ্বেদ প্ৰাচীন ভাৰতীয় চিকিৎসা বিজ্ঞান। আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানত স্বাস্থ্যৰক্ষা, উৰ্জাবৃদ্ধি, ৰোগ প্ৰতিৰোধ আৰু ৰোগ আৰোগ্য  (Preventive, Promotive, Restorative and Curative)- এই চাৰিওটা দিশৰ ওপৰতেই সমানে গুৰুত্ব আৰোপ কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ৰ মতে, বিশ্বৰ ৮০% জনসংখ্যাই প্ৰাথমিক স্বাস্থ্যসেৱাৰ বাবে পৰম্পৰাগত চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰে। ভাৰতত AYUSH খণ্ডত (আয়ুৰ্বেদ, যোগ, নেচাৰোপেথী, ইউনানী, সিদ্ধা আৰু হোমিঅ’পেথী) বিনিয়োগ ২০২৫ চনত USD ২৪ বিলিয়নলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। ইতিমধ্যে ভাৰত চৰকাৰে এশতকৈও অধিক সমন্বিত স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰিছে। WHO-ৰ Global Traditional Medicine Strategy ২০১৪-২০২৩ ত আয়ুৰ্বেদক স্বীকৃতি দিয়া হৈছে আৰু ইয়াক স্বাস্থ্যসেৱাৰ গুৰুত্বপূর্ণ অংশ হিচাপে গণ্য কৰা হৈছে।

সমন্বিত স্বাস্থ্য পদ্ধতিৰ মূল উপাদানসমূহঃ

1. সমন্বিত চিকিৎসা – কেৱল উপসৰ্গ নহয়, ৰোগৰ মূল কাৰণ নিৰ্ণয় আৰু নিষ্পত্তি।

2. ৰোগীক কেন্দ্ৰ কৰি চিকিৎসা – ব্যক্তিৰ প্ৰকৃতি বিশেষে প্ৰয়োজন অনুসৰি চিকিৎসাৰ উপায় নিৰ্ধাৰণ।

3. বিভিন্ন চিকিৎসা পদ্ধতিৰ সংযোজন – আধুনিক আৰু পৰম্পৰাগত চিকিৎসাৰ সংমিশ্ৰণ।

4. প্ৰতিৰোধ আৰু চিকিৎসাৰ সমন্বয় – দীৰ্ঘকালীন সুস্থতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্বাস্থ্যৰক্ষা আৰু ৰোগ প্ৰতিৰোধৰ ওপৰত সমানে গুৰুত্ব আৰোপ কৰা।

5. বৈজ্ঞানিক ভিত্তি নিৰ্ধাৰণ – পৰম্পৰাগত থেৰাপী বা চিকিৎসা পদ্ধতিসমূহৰ বৈজ্ঞানিক প্ৰমাণীকৰণ।

সমন্বিত স্বাস্থ্য পদ্ধতিত আয়ুৰ্বেদৰ ভূমিকাঃ ৫০০০ বছৰ পুৰণি আয়ুৰ্বেদ সমন্বিত স্বাস্থ্যৰ মূল কাঠামোৰ সৈতে সামঞ্জস্যপূর্ণ। প্ৰকৃতি (Prakriti)-ৰ ভিত্তিত ব্যক্তি বিশেষে স্বাস্থ্যবিধানৰ পৰামৰ্শ প্ৰদান কৰা হয়। আধুনিক চিকিৎসা বিজ্ঞানৰ সৈতে আয়ুৰ্বেদৰ সংযোগে চিকিৎসাৰ ফলাফল উন্নত কৰে, ঔষধৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়া হ্ৰাস কৰে আৰু ৰোগীৰ জীৱন ধাৰণৰ মান উন্নত কৰে।

সমন্বিত স্বাস্থ্যত আয়ুৰ্বেদৰ অৱদানঃ

1. প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা – দিনচৰ্যা (Dinacharya), ৰাতিচৰ্যা ( Ratricharya), ঋতুচৰ্যা (Ritucharya) আৰু সদ্ভৃত্ত (Sadvritta) পালনে দেহৰ সঠিক সামঞ্জস্য ৰক্ষা কৰি ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে। Journal of Ayurveda and Integrative Medicine (২০২২) অনুসৰি, আয়ুৰ্বেদ পদ্ধতিয়ে মেটাব’লিক ডিজঅ’ৰ্ডাৰ ৪০% পৰ্যন্ত হ্ৰাস কৰে।

2. দীর্ঘস্থায়ী ৰোগৰ ব্যৱস্থাপনা – আয়ুৰ্বেদৰ পঞ্চকর্ম (Panchakarma), ৰসায়ন থেৰাপী (Rasayana Therapy) আৰু ভেষজ চিকিৎসা দ্বাৰা ডায়বেটিছ, কিডনি ৰোগ আৰু আৰ্থ্ৰাইটিছ ৰোগ আদি বিভিন্ন দীৰ্ঘস্থায়ী আৰু জীৰ্ণ ৰোগ নিৰাময়ত সহায় কৰে। AIIMS Delhi-ৰ এক অধ্যয়ন অনুসৰি, আয়ুৰ্বেদ চিকিৎসাৰে ৬ মাহৰ ভিতৰত ডায়বেটিছ ৰোগীৰ HbA1c ১.৫% হ্ৰাস কৰা হৈছে।

3. মানসিক স্বাস্থ্য – আয়ুৰ্বেদৰ সত্ত্বাৱজয় চিকিৎসা (Satvavajaya Chikitsa), যোগ আৰু ধ্যান-প্ৰাণায়াম আদিয়ে মানসিক চাপ, উদ্বিগ্নতা, ষ্ট্ৰেছ আৰু ডিপ্ৰেছন হ্ৰাস কৰাত সহায় কৰে। Lancet Psychiatry (২০২৩)-ত প্ৰকাশিত এক গৱেষণাত দেখা গৈছে যে আয়ুৰ্বেদ-আধাৰিত থেৰাপীত ৩০% পৰ্যন্ত উদ্বিগ্নতা হ্ৰাস পায়।

4. পাচন স্বাস্থ্য আৰু ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি – আয়ুৰ্বেদ চিকিৎসা পদ্ধতিত সদায়েই অগ্নি (Agni) আৰু ওজঃ (Ojas)-ৰ ওপৰত গুৰুত্ব দিয়া হয়। National Institute of Ayurveda (NIA), Jaipur-ৰ মতে, আয়ুৰ্বেদ চিকিৎসাৰে  ৭৫% ৰোগীয়ে পাচনৰ সমস্যা সমূলি নাইকিয়া হোৱা বুলি জনাইছে।

সমন্বিত চিকিৎসাৰ কেতবোৰ সফল উদাহৰণঃ

কেন্সাৰ চিকিৎসাঃ Tata Memorial Hospital-ত আধুনিক চিকিৎসাৰ সৈতে আয়ুৰ্বেদ সংযুক্ত কৰা হৈছে, য’ত অশ্বগন্ধা আৰু হলধিৰ দৰে ভেষজ ঔষধে কেম’থেৰাপীৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়া ৫০% পৰ্যন্ত হ্ৰাস কৰে। অসমৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক চিকিৎসালয়ত উপলব্ধ কেঞ্চাৰ ক্লিনিকত কৰ্কট ৰোগীৰ ক্ষেত্ৰত আধুনিক চিকিৎসাৰ সৈতে আয়ুৰ্বেদ চিকিৎসা পদ্ধতিৰ সংযুক্তকৰণেৰে বিশেষ আশাপ্ৰদ ফলাফল লাভ কৰা দেখা গৈছে।

হৃদৰোগঃ অর্জুন (Terminalia arjuna) আৰু গুগ্গুলু (Commiphora mukul)-ৰ ব্যৱহাৰে দেহৰ অতিৰিক্ত ক’লেষ্টেৰল ২৫% পৰ্যন্ত হ্ৰাস কৰা দেখা গৈছে।

কিডনিৰ ৰোগঃ আয়ুৰ্বেদৰ গৱেষণাত পুনৰ্ণৱা (Boerhavia diffusa)-ৰ ব্যৱহাৰে ক্ৰিয়েটিনিন ২০% পৰ্যন্ত হ্ৰাস কৰা দেখা গৈছে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিঃ ক’ভিডাকালীন সময়ত আয়ুৰ্বেদৰ ঔষধি কাঢ়াই ৰোগী আৰু সুস্থ লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা বুলি প্ৰমাণিত হৈছে।

সমন্বিত স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব সম্পৰ্কে অনুধাৱন কৰিবলৈ দুই-এটা সৰু উদাহৰণেই যঠেষ্ট। এই কথা সৰ্বজনবিদিত আৰু বিজ্ঞানসন্মতভাৱে প্ৰমাণিত যে আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানৰ ক্ষাৰসূত্ৰ পদ্ধতি অৰ্শৰোগ বা পইল্চৰ চিকিৎসাত উপলব্ধ অন্য সকলো চিকিৎসা পদ্ধতিতকৈ হেজাৰগুণ অধিক ফলপ্ৰসূ। গতিকে ৰোগী এগৰাকীয়ে যেতিয়া অৰ্শৰোগৰ চিকিৎসাৰ বাবে যিকোনো চিকিৎসকৰ কাষ চাপে, তেতিয়া তেওঁক সেইধৰণে বুজাব লাগে। ইয়ে তেওঁৰ কষ্ট, সময়, অৰ্থ — সকলো বচাই দিয়ে। একেদৰে, ব্ৰেইন ষ্ট্ৰোক হৈ সজ্ঞাহীন হৈ পৰা কোনো এগৰাকী ৰোগীৰ প্ৰতি আয়ুৰ্বেদিক চিকিৎসক এগৰাকীৰ সেই মুহুৰ্তত কৰণীয় তেনেই নগণ্য। সময়ৰ অপচয় নকৰি ব্ৰেইন ষ্ট্ৰোক হৈ সজ্ঞাহীন হৈ পৰা যিকোনো ৰোগী এগৰাকীকে ততালিকে নিউৰ’ছাৰ্জাৰী কেন্দ্ৰলৈ পঠোৱাৰ ব্যৱস্থা কৰা উচিত। হয়তো তেনে এগৰাকী ৰোগীক অপাৰেচন বা শল্য চিকিৎসাৰো দৰকাৰ হ’ব পাৰে। ধৰা হ’ল যে সুকলমে শল্য চিকিৎসা সমাপন হোৱাৰ পিছত ৰোগীগৰাকী শংকামুক্ত বুলি ঘোষিত হ’ল। কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা গ’ল যে তেওঁৰ শৰীৰৰ এফাল পেৰালাইচিচ। এনে অৱস্থাত আহি পৰে আয়ুৰ্বেদৰ পঞ্চকৰ্ম চিকিৎসাৰ মহত্ত্ব। ৰোগীক এই বিষয়ে চিকিৎসকে জনাব আৰু বুজাব লাগিব, তেহে ৰোগীয়ে সঠিক পথেৰে আগবাঢ়িব।

ৰোগীৰ এনেধৰণৰ চিকিৎসা প্ৰয়োজনীয়তাই সমন্বিত স্বাস্থ্য পদ্ধতিৰ প্ৰয়োজনীয়তাক অধিক প্ৰকট কৰি তোলে।

সমন্বিত স্বাস্থ্য পদ্ধতিত প্ৰত্যাহ্বানঃ  

(১) বৈজ্ঞানিক প্ৰমাণীকৰণ – অধিক ক্লিনিকেল পৰীক্ষা আৰু ঔষধৰ মানদণ্ড নিৰ্ধাৰণৰ প্ৰয়োজন। AYUSH মন্ত্ৰালয়ে ইতিমধ্যে ৯০০ কোটি টকা এই গৱেষণাৰ বাবে অনুমোদন দিছে।

(২) আয়ুৰ্বেদ-আধুনিক চিকিৎসকৰ সহযোগিতা – চিকিৎসাৰ ক্ষেত্ৰত দুয়ো চিকিৎসক গোটৰ মাজত অধিক সমন্বয়ৰ প্ৰয়োজন। আয়ুস মন্ত্ৰালয় আৰু কেন্দ্ৰীয় চৰকাৰৰ ২০২৪-ৰ নীতি প্ৰস্তাৱত আধুনিক চিকিৎসকক আয়ুৰ্বেদ সম্পৰ্কে প্ৰাথমিক জ্ঞান প্ৰদানৰ নীতি নিৰ্ধাৰণ কৰা হৈছে।

(৩) আইনী কাঠামো – গুজৰাটত WHO Global Centre for Traditional Medicine (GCTM)  স্থাপন কৰা হৈছে যাতে বিশ্বব্যাপী আয়ুৰ্বেদ চিকিৎসা পদ্ধতিৰ এক মানদণ্ড নিৰ্ধাৰণ কৰিব পৰা যায়।

ভাৰতবৰ্ষই One Nation, One Health নীতিক বাস্তৱায়িত কৰি আয়ুৰ্বেদক স্বাস্থ্যসেৱাৰ মূল ভিত্তিত অন্তৰ্ভুক্ত কৰিলে ৰোগীসমূহ অধিক উপকৃত হ’ব বুলি আশা কৰিব পৰা যায়। ইয়াৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা মডেল নিৰ্ধাৰণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। তাৰোপৰি গৱেষণা আৰু উন্নয়নত গুৰুত্ব দি অধিক সমন্বিত স্বাস্থ্যকেন্দ্ৰ স্থাপনৰ প্ৰয়োজনীয়তা আছে। আয়ুৰ্বেদৰ আধুনিকীকৰণ আৰু চিকিৎসা শিক্ষাত আয়ুৰ্বেদক একীভূতকৰণে সমন্বিত স্বাস্থ্য পদ্ধতিৰ সফল ৰূপায়ণক একেবাৰে সহজ কৰি তুলিব। ইয়াৰ জৰিয়তে ভাৰতবৰ্ষই বিশ্বৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰখনত এক নৱ দিগন্তৰ উন্মোচন কৰিবলৈ সক্ষম হ’ব।

ফোনঃ ৭৮৯৬২৪৬০০১
You might also like

Comments are closed, but trackbacks and pingbacks are open.