গায়ত্ৰী দেৱী বৰঠাকুৰ
আজিৰ পৰা অলপ দিন আগলৈকে ছোৱালীজনীক সকলোৱে জানিছিল কাপোৰ চিলোৱা ৰীল বনোৱা এজনী সাধাৰণ ছোৱালী হিচাপে। কিন্তু ২০২৪ চনৰ মে’ মাহে সেই সাধাৰণ ছোৱালীজনীক সমগ্ৰ বিশ্বতে চিনাকি কৰি তুলিলে অসাধাৰণ এক ফেশ্বন ডিজাইনাৰ হিচাপে। নিজে তৈয়াৰ কৰা আউটফিটৰে shutterbugs সকলৰ attention কাঢ়ি এতিয়া সকলোৰে নয়নমণি সেইছোৱালীজনী। চেলিব্ৰেটিয়ে পিন্ধা সাজ নিজে চিলাবৰ বাবে কম মূল্যত কাপোৰ কিনি সেই সাজ তৈয়াৰ কৰি, পিন্ধি , ৰীল বনাই ভাইৰেল হৈ আত্মবিশ্বাসেৰে এক খ্যাতিসম্পন্ন চেলিব্ৰিটি সেই ছোৱালীজনীৰ নাম নেন্সী ত্যাগী। নিজে তৈয়াৰ কৰা পোচাক পিন্ধি নিজে মডেল হৈ নিজে পিন্ধি সমগ্ৰ বিশ্ববাসীৰ আকৰ্ষণ কাঢ়ি এতিয়া নেন্সী গৌৰৱ আমাৰ। নেন্সী ত্যাগী এতিয়া আদৰ্শ আমাৰ দেশৰ যুৱ চামৰ। সকলোৰে আদৰৰ। সকলোৰেই মৰমৰ।
নেন্সী ত্যাগীৰ জীৱন আৰু তেওঁৰ সফলতাৰ যাত্ৰাৰ কথা জানিবলৈ হ’লে আমি ঘূৰি যাব লাগিব ক’ৰণা মহামাৰীৰ দিনবোৰলৈ। আমি সকলোৱে জানো যে ক’ৰণা মহামাৰীয়ে সলনি কৰি পেলাইছিলে বহুতৰে জীৱন। নৰ্থ দিল্লীৰ মুখাৰ্জী নগৰত চিভিল চাৰ্ভিছ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অহা নেন্সীয়ে ল’ক ডাউনৰ বাবেই ঘূৰি যাব লগা হয় ঘৰলৈ। ল’ক ডাউন বাবে ঘৰত পঢ়িবলৈ কচিংৰ কিতাপ কিনা, কচিংৰ ফীজ দিয়া, আৰু একে সময়তে ঘৰ চলোৱা– এই সকলোবোৰ সম্ভৱপৰ হৈ উঠা নাছিল নেন্সীহতঁৰ সৰু পৰিয়ালটোৰ বাবে।মহামাৰীৰ বাবে হোৱা ল’ক ডাউনৰ ফলত ইতিমধ্যে নেন্সীৰ মাকে এৰিব লগা হৈছিল কৰি থকা সৰু চাকৰিটোও।সেয়ে সকলো চালি -জাৰি চাই সাঁচতীয়া ধনেৰে কেমেৰা এটাকে কিনি নিজৰ যাত্ৰা আৰম্ভ কৰে নেন্সীয়ে।
“But we didn’t have enough money for the coaching as well as to run the house. My mother also lost her job during the lockdown. We thought that we would not have enough money left till the time coaching would start.So we bought a camera and started making videos.”
উত্তৰ প্ৰদেশৰ ৱাৰৱানাৰ পৰা কাপোৰ চিলোৱা ভিডিঅ’ৰে জনপ্ৰিয় হোৱা তেইশ বছৰীয়া তেতিয়া ঊনৈশ বছৰীয়া।এই চাৰি বছৰত এজনী সাধাৰণ ছোৱালীৰ পৰা নেন্সী হৈ পৰিল এগৰাকী প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ। ইন্ষ্টাগ্ৰামত এতিয়া নেন্সীৰ ফ’লৱাৰ দুই মিলিয়ন।চ’চিয়েল মিডিয়াত ভাইৰেল হোৱা নেন্সীৰ কাঁ চলচিত্ৰ মহোৎসৱলৈ যোৱাৰ আগলৈকে ফ’লৱাৰচ আছিল মাত্ৰ সাত লাখ।ক্ষীণ অৱয়বৰ বাবে মাজতে বৰ বেয়াকৈ ট্ৰ’ল হোৱা নেন্সী কিন্তু থমকি ৰোৱা নাছিল। থমকি ৰোৱা নাছিল নেন্সীৰ অদম্য মনোবল। ঠিক নেন্সীৰ সৰু চিলাই মেচিনটোৰ দৰেই।
ইতিহাসত হয়তো এয়ে প্ৰথম যে কাঁ চলচিত্ৰ মহোৎসৱলৈ নিমন্ত্ৰিত হোৱা এগৰাকী ব্যক্তিয়ে নিজ হাতে তৈয়াৰ কৰিছে মহোৎসৱত পিন্ধিবলৈ নিজৰ বাবে সাজ।কেৱল নিজৰ হাতেৰে চলাই চিলাই কৰা মেচিনত এই সাজ তৈয়াৰ কৰাই নহয় নিজে মডেলিঙো কৰিছে সেই সাজ পিন্ধি ।নিজে হৈছে নিজৰ সাহস। যেন “মই আৰু মোৰ ছাঁ দুয়ো দুয়োৰে লগৰীয়া ” এই গানটোক সাৰ্থক কৰি নেন্সীয়ে গাই গ’ল জীৱনৰ অনুপম গান। “I gave many poses.They went viral and the audience loved it .I am very grateful for them.I don’t have words to thank them for their love and support. I felt very nice and also that I was one of the influencers who were in Cannes is amazing. And I’m happy that our country is progressing. “
এগৰাকী ফেশ্বন ইনফ্লুৱেন্সাৰ হিচাপে যেতিয়া Cannes film festival লৈ নেন্সীক জনোৱা হৈছিলে নিমন্ত্ৰণ তেতিয়া প্ৰথমে যাবলৈ সন্মতেই হোৱা নাছিল তেওঁৰ। পি.টি.আই.ৰ এক সাক্ষাৎকাৰত নেন্সীয়ে কয় ,” But my team convinced me and when I went there, it felt like it was the best decision of my life. Even until I was in the car by the red carpet ,I was scared .But as soon as I stepped out, I felt totally different. “
কাঁ মহোৎসৱৰ আগৰ চাৰি মাহ নেন্সী ব্যস্ত আছিল ফেষ্টিভেলত পিন্ধিবলৈ চাৰিটা পোচাক তৈয়াৰ কৰাত। আৰু নেন্সীৰ এই পৰিশ্ৰম অথলে যোৱা নাছিল। ফেষ্টিভেলৰ নেন্সীৰ ফাৰ্ষ্ট লুকে সকলোকে কৰি তুলিছিল আচৰিত।এহেজাৰ মিটাৰ কাপোৰেৰে বিশ কেজি ওজনৰ এটা পিঙ্ক গাউন যিটো তৈয়াৰ কৰিবলৈ নেন্সীক লাগিছিল প্ৰায় এমাহমান ।চেকেণ্ড লুকত নেন্সীয়ে পিন্ধিছিল হাত এম্বদায়েৰী কৰা লেভেন্দাৰ কালাৰৰ শাৰীৰ সতে এটা হাত দীঘল আৰু বেকলেচ ব্লাউজ আৰু ভাৰতীয় সংস্কৃতিক প্ৰতিভাত কৰি তাৰ সতে মিলা এখন ভেইল মানে ওৰণি আৰু এখন দীঘল আঁচল।কাঁ মহোৎসৱত শাৰীৰে পিন্ধাৰ আঁৰত লুকাই থকা নেন্সীৰ মনোভাৱ আছিল এনেধৰণৰ— ” When I got to know that I am going to Cannes, the first thought that crossed my mind was what to make and how.So, I thought that because I am going from India, saree must be one of my outfits.I gave my saree a western touch and the audience liked it a lot.It was my best decision to wear a saree and I think people loved it even more than my first outfit “
নেন্সীৰ তৃতীয় সাজটো আছিল ক’লা ৰঙৰ। corset , skrit আৰু gloves ৰে intricate blackৰ এটা সুন্দৰ সাজ।নেন্সীয়ে এই ফেষ্টিভেলৰ বাবে তৈয়াৰ কৰা চতুৰ্থ সাজযোৰৰ আছিল ব্যতিক্ৰম। নেন্সীয়ে এই white and blue printed pant suit যোৰ নিৰ্মাণ কৰিছিলে sustainable fabric আৰু 100% অ’ৰগেনিক কটনৰ পৰা ।এনেধৰণৰ আউটফিট ভৱিষ্যতেও নিৰ্মাণৰ বাবে মন পুহি ৰখা নেন্সীয়ে যিমান পাৰে সিমান সাধাৰণ অথচ গাম্ভীৰ্যপূৰ্ণ কৰি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিলে নিজৰ প্ৰতিযোৰ সাজ। বৰ্তমানলৈকে নিজৰ বাবেই কাপোৰ তৈয়াৰ কৰি থকা নেন্সীৰ এতিয়া মন তেওঁ ডিজাইন ভালপোৱা সকলৰ বাবে নিজৰ মতে একো- একোযোৰ সাজযোৰ তৈয়াৰ কৰাৰ।
ফেশ্বন ডিজাইনৰ জগতখনত তিষ্ঠি থাকিবলৈ হ’লে একো- একোজন ডিজাইনাৰ হ’ব লাগিব প্ৰচুৰ সম্ভাৱনাৰে পৰিপূৰ্ণ। আমাৰ নেন্সীয়ো ব্যতিক্ৰম নহয় ইয়াৰ। এবাৰ তৈয়াৰ কৰা একেটা ডিজাইনকে আকৌ তৈয়াৰ কৰিবলৈ মন নাযায় নেন্সীৰ আৰু সেই গুণটোৱেই নেন্সীক কৰি ৰাখিছে বেলেগতকৈ বহুত পৃথক।ভীৰৰ মাজত নেন্সী হৈ ৰয় এক বিশেষ সত্তা যি সহজতে হেৰাই যাব নোখোজে …যি সহজতে যাব নোখোজে হাৰি…।
ফেশ্বন ডিভা নেন্সীৰ এই যাত্ৰাত নেন্সীৰ সহযোগী তেওঁৰ ভাতৃ।কিবা আইডিয়া মনলৈ আহিলে নেন্সীয়ে শ্বেয়াৰ কৰে ভায়েকৰ সতে আৰু সেই কামটোত আগবাঢ়ে ভায়েকৰ পৰামৰ্শ মতেহে। পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবেই নেন্সীৰ ভায়েকে নেন্সীৰ বাবে উৎসৰ্গা কৰি দিছে নিজৰ জীৱনৰ এটা বছৰ।নিজৰ এটা একাডেমীক ইয়েৰৰ টকা বায়েকৰ ৰীল বনোৱা আৰু কাপোৰ কিনাৰ বাবে খৰছ কৰিবলৈ অনুমতি ভায়েকে নেন্সীক দেখুৱালে আজিৰ এই সফলতাৰ চমক। নেন্সী কৃতজ্ঞ ভায়েকৰ ওচৰত। জীৱনৰ ওচৰত। এনে এজন অতুলনীয় ভায়েক জীৱনে উপহাৰ দিয়াৰ বাবে ।”I ask my brother for the designs.So, he gives me the ideas and designs and then I make the outfit. Sometimes what happens is when I feel uncomfortable in some outfits, Manu suggests I should do this and that , and always listen to him.He told me about the design, he decided on the colour and everything. “
নেন্সী প্ৰচণ্ড আত্মবিশ্বাসী ।হাজাৰ সাহস আৰু আত্মবিশ্বাস থাকিলেও কিন্তু কেতিয়াবা কাৰোবাৰ এটি সঁহাৰিৰে মানুহক কৰি তোলে আৰু অধিক আত্মবিশ্বাসী।ফেশ্বন ডিবা বুলি খ্যাত অভিনেত্ৰী সোণম কাপুৰে নেন্সীৰ আত্মবিশ্বাস দুগুণ কৰিলে নেন্সীক সোণমৰ বাবে এটা আউটফিট তৈয়াৰ কৰিবলৈ কৈ আৰু ইন্ষ্টাগ্ৰামত নেন্সীৰ প’ষ্ট শ্বেয়াৰ কৰি। নেন্সী যেন হৈ পৰিল আনন্দত অধীৰ। আত্মহাৰা।”Sonam Kapoor first posted my video in her Instagram story and later she also loved both my Cannes looks, but she loved the saree look the most.She asked me to make her an outfit too in her Instagram story .It’s a huge thing for me that a fashion diva like her has asked me.I will definitely make an outfit for her in the future. “
কোৱা হয় ” man needs difficulties because they are necessary to enjoy success. ” জীৱনৰ ঘাট- প্ৰতিঘাট নেওচি নেন্সীৰ দৰে হাজাৰজনী ত্যাগী নেন্সীয়ে নিজৰ হাতেৰে লিখক জীৱনৰ অনুপম কবিতা। কিয়নো জীৱন! জীৱন সঁচাই অনুপম।
ফোনঃ ৮৮২২৯-৪৩০৬৪
Comments are closed, but trackbacks and pingbacks are open.