জোনাকী দেৱী কাশ্যপ
“Motivation is the state of the individual which disposes him to certain behavior for seeking goal.” -Woodworth
জীৱনত-যাত্ৰাত সময়ে সময়ে বহুতো ধুমুহা অতিক্ৰম কৰিব লগা হয়। কেতিয়াবা মানুহ ভাগৰুৱা হৈ পৰে ধুমুহাৰ সৈতে যুঁজিবলৈ শক্তি নোহোৱা হয়।সেই সময়তে প্ৰয়োজন হয় অনুপ্ৰেৰণাৰ, নিজৰ হেৰোৱা মনোবল ঘূৰাই আনিবলৈ।
আজিকালি বিভিন্ন সভা অথবা সামাজিক মাধ্যমত অনুপ্ৰেৰণামূলক বক্তৃতা শুনিবলৈ পোৱা যায়। মানুহে বৰ আগ্ৰহেৰে বক্তৃতাসমূহ আকোঁৱালি লয় আৰু ব্যক্তিগত জীৱনত তাৰ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে। বৰ্তমান বহু কেইজন জনপ্ৰিয় অনুপ্ৰেৰণামূলক বক্তা(Motivational speaker)আছে, তেওঁলোক নিজৰ জ্ঞান বুদ্ধিৰ বাবে সন্মানৰ যোগ্য। কিন্তু বিশ্বৰ প্ৰথম অনুপ্ৰেৰণা মূলক বক্তা কোন!সেয়া নি:সন্দেহে প্ৰভূ শ্ৰীকৃষ্ণ।যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ অবশ্যম্ভাবী হৈ উঠে তেতিয়া কৃষ্ণই পাণ্ডৱ আৰু কৌৰৱ উভয়পক্ষকেই সুযোগ দিয়ে তেখেতৰ কাষৰ পৰা সহায় হিচাপে দুটি বস্তুৰ মাজত যিকোনো এটাক নিৰ্বাচন কৰিবলৈ। তেওঁ কয় যে হয় তেওঁ স্বয়ং থাকিব অথবা তেখেতৰ নাৰায়ণী সেনাক যুদ্ধৰ বাবে প্ৰদান কৰিব, কিন্তু তেওঁ নিজে য’ত থাকিব তাত তেওঁ হাতত অস্ত্ৰ তুলি নলয়। পাণ্ডৱৰ পক্ষত অৰ্জুনে স্বয়ং কৃষ্ণক গ্ৰহণ কৰে আৰু কৌৰৱৰ পক্ষত দুৰ্যোধনে কৃষ্ণৰ নাৰায়ণী সেনাক গ্ৰহণ কৰে। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত কৃষ্ণই অৰ্জুনৰ ৰথৰ সাৰথিৰ ভূমিকা পালন কৰে কাৰণ তেখেতৰ অস্ত্ৰ ধৰাৰ কোনো প্ৰয়োজন নাছিল।যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈ তৃতীয় পাণ্ডৱ অৰ্জুনে যেতিয়া উপলব্ধি কৰে যে যিসকল লোক তেখেতৰ প্ৰতিপক্ষ তেখেতসকল তেখেতৰ আত্মীয়বৰ্গ আৰু অত্যন্ত প্ৰিয়জন তেতিয়া তেওঁ যুদ্ধক লৈ দ্বিধাগ্ৰস্ত হৈ পৰে। তেওঁ সমস্ত আশা ত্যাগ কৰি তেখেতৰ ধনু গাণ্ডীৱ কান্ধৰ পৰা নমায় দিয়ে। তেতিয়া কৃষ্ণই অৰ্জুনক সেই যুদ্ধৰ প্ৰয়োজনীয়তা সম্বন্ধে এলানি উপদেশ দিয়ে যিসমূহ গীতা নামেৰে খ্যাত।
Bhagvad Gita is not a religious book but it’s a way of life. It’s a manual that all souls need to follow —- Gaur Gopal Das
জীৱনৰ ভিন্ন বয়সত অনুপ্ৰেৰণাৰ প্ৰকাৰ ভিন্ন হয়। ছাত্ৰ জীৱনত পিতৃ-মাতৃ তথা শিক্ষা গুৰুসকলৰ পৰা ভালদৰে পঢ়া-শুনা কৰিবলৈ অনুপ্ৰেৰণা পোৱা যায়।ঠিক বৃত্তিগত তথা সাংসাৰিক জীৱনত সুচাৰুৰূপে আগুৱাই যাবলৈ আমি কাৰোবাৰ নহয় কাৰোবাৰ পৰা অনুপ্ৰাণিত হও। অনুপ্ৰেৰণা কিয় জৰুৰী আহক আলোচনা কৰোঁ –
*আত্মবিশ্বাস ঘূৰাই আনিবলৈ কাৰোবাৰ অনুপ্ৰেৰণা দৰকাৰী।
*নিজৰ কৰ্তব্যৰ পৰা বিচলিত নহ’বলৈ অনুপ্ৰেৰণাৰ আৱশ্যক হয়।
*অনুপ্ৰেৰণাই ইতিবাচক চিন্তাৰে মগজু সুস্থিৰ কৰি ৰাখে।
*অনুপ্ৰেৰণাই কৰ্মত নতুন উদ্যম আৰু সতেজতা আনে।
*নিজৰ জীৱনৰ সমস্যাবোৰ সমাধানত সহায়ক হয়।
আমি জীৱনত অনুপ্ৰেৰণা কাৰ পৰা লাভ কৰোঁ আলোচনা কৰোঁ আহক-
*অভিভাৱক তথা শিক্ষক সকলৰ পৰা প্ৰথম অনুপ্ৰেৰণা লাভ কৰোঁ।
*পিছৰ পৰ্য্যায়ত বন্ধু -বৰ্গ, সহকৰ্মী সকলৰ পৰা অনুপ্ৰাণিত হও।
* অনুপ্ৰেৰণামূলক বক্তাৰ সুন্দৰ কথাৰদ্বাৰাও আমি অনুপ্ৰেৰণা লাভ কৰোঁ।
*পিতৃ-মাতৃৰ পিছত আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণাৰ উৎস হ’ল জীৱন সঙ্গী। জীৱনত যি ধুমুহাই নাহক সকলো হেলাৰঙে পাৰ হ’ব পাৰি জীৱন সঙ্গীয়ে হাতত হাত ধৰি থাকিলে..
অনুপ্ৰেৰণা কেনেকৈ প্ৰদান কৰিব পাৰি-
*মৰমৰ অভাৱ অনুভৱ কৰিব দিব নালাগে।
*কৰ্তব্যৰ কথা সোঁৱৰাই দিব লাগে।
*মোৰ বিশ্বাস আছে তুমি পাৰিবা – আপোনাৰ এই বাক্যশাৰীয়ে কাৰোবাক জীৱনত সফল হ’বলৈ নিশ্চিতভাৱে অনুপ্ৰাণিত কৰিব।
*কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলৈ দিব নালাগে।
সকলোৰে জীৱনত সমস্যা থাকে, বিভিন্ন প্ৰকাৰৰ থাকে। কিন্তু জীৱন মাথোঁ এবাৰেই, জীয়াই থাকিবই লাগিব।আহকচোন জীৱনটো সুন্দৰ কৰোঁ কাৰোবাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আৰু কাৰোবাক অনুপ্ৰেৰণা যাচি…
Comments are closed, but trackbacks and pingbacks are open.