‘মিছ ইউনিভাৰ্ছ’ আলেজ্ৰান্দ্ৰা

87

গায়ত্ৰী দেৱী বৰঠাকুৰ

“জীৱনটো উপভোগ কৰা আৰু বয়সটো পাহৰি যোৱা।কাৰণ বয়স মাথো এটা সংখ্যাহে। যোগ্যতাৰ একক কেতিয়াও নহয়।”

‘মিছ ইউনিভাৰ্ছ’– কি যে এক মোহময় খিতাপ।  সৌন্দৰ্যৰ  বিশ্বপ্ৰসাৰী এই খিতাপ অৰ্জন কৰা প্ৰতিগৰাকী নাৰীয়েই সোণালী আখৰেৰে নিজৰ নাম খোদিত কৰে বিশ্ববাসীৰ হৃদয়ত। আমাৰ দেশৰ প্ৰথম ‘মিছ ইউনিভাৰ্ছ’ সুস্মিতা সেনৰ নাম আজিও সৌন্দৰ্য পিপাসুসকলৰ হৃদয়ত খোদিত হৈ  আছে । প্ৰতি বছৰে বিশ্বৰ কোনোবা নহয় কোনোবা দেশৰ পৰা সৌন্দৰ্যৰ লগতে স্বপ্ৰজ্ঞাৰে বিচাৰকৰ হৃদয় জয় কৰি ‘মিছ ইউনিভাৰ্ছ’ৰ খিতাপ দখল কৰে কোনো লাস্যময়ী সুন্দৰীয়ে।পিছে ২০২৪ বৰ্ষৰ ‘মিছ ইউনিভাৰ্ছ ‘ প্ৰতিযোগিতাৰ মুকুট পিন্ধা প্ৰতিযোগীগৰাকী বিশেষ বিশ্ববাসীৰ বাবেই ।মহিলাৰ শাৰিৰীক সৌন্দৰ্যক বিশ্বমুখী কৰাৰ ক্ষেত্ৰত  মূল্যবোধও  যে এক  মহত্বপূৰ্ণ ভূমিকা পালন কৰে  এই কথাকেই প্ৰমাণিত কৰে বিগত বৰ্ষৰ ‘মিছ ইউনিভাৰ্ছ’গৰাকীয়ে। ‘মিছ ইউনিভাৰ্ছ ‘ৰ প্ৰতিগৰাকী প্ৰতিযোগীয়েই Beauty with Brain ৰ সুন্দৰ নিদৰ্শন যদিও ২০২৪ চনৰ গৰাকী যেন ব্যতিক্ৰমী ভাৱেই বিশেষ।

মিছ ইউনিভাৰ্ছ সংস্থাই প্ৰতিযোগীসকলৰ বয়সৰ ক্ষেত্ৰত থকা বাধ্যবাধ্যতা দূৰ কৰি দিয়াৰ লগে লগেই বৰ্ষীয়ান মিছ ইউনিভাৰ্ছ হিচাপে সৌন্দৰ্যৰ ইতিহাসত নিজৰ নাম হীৰাৰ দৰে জিলিকাই তোলা ২০২৪ বৰ্ষৰ মিছ ইউনিভাৰ্ছ আলেজ্ৰান্দ্ৰা মাৰিছা ৰড্ৰিগেজৰ বসয়ে হয়তো প্ৰথমে আচৰিত কৰিব পাৰে আমাক।

মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ বয়সৰ ক্ষেত্ৰত থকা বাধ্যবাধকতাৰ উঠাই লোৱাৰ  এবছৰৰ ভিতৰতে বয়স  যে নাৰীৰ সৌন্দৰ্যৰ ক্ষেত্ৰত অন্তৰায় নহয় সেই কথাকেই বিশ্ববাসীৰ সন্মুখত সজোৰেৰে ঘোষণা কৰিলে আজেৰ্ন্টিনাৰ অধিবক্তা তথা সাংবাদিক ৰড্ৰিগেজে। এগৰাকী অধিবক্তা অথবা সাংবাদিক ‘মিছ ইউনিভাৰ্ছ’ হোৱাতো একো ডাঙৰ কথা নহয়, ডাঙৰ কথা আলেজ্ৰান্দ্ৰাৰ বয়সতোহে।য’ত নাৰীক “কুৰিতেই বুঢ়ী” বুলি কোৱাৰ প্ৰৱণতা আজিৰ সমাজৰো সেইখন সমাজতেই এই গৰাকী অধিবক্তা তথা উকীলে প্ৰমাণ কৰি দেখুৱালে যে নাৰীৰ ক্ষেত্ৰতো বয়সতো কেৱল মাত্ৰ এটা সংখ্যা হে।  আৰু লগতে ন দি  ক’ব পাৰি  আলেজ্ৰান্দ্ৰাই কঠোৰ সাধনাৰে ষোল্ল অনাই সঁচা প্ৰমাণিত কৰিলে যে ” এগৰাকী নাৰীয়ে তেওঁৰ ষোল্ল বছৰৰ শাৰীৰিক সৌন্দৰ্যৰ কাৰণে গৰ্ব কৰিব নোৱাৰে। কিন্তু ষাঠি বছৰীয়া নাৰীৰ শাৰীৰিক সৌন্দৰ্য তেওঁৰ আত্মাৰ সাধনাৰ ফল।” সঁচাই বিৰল সৌন্দৰ্যৰ এই সন্মানৰ আকৰ।

স্মতৰ্ৱ যে বিশ  বছৰৰ পৰা তেসত্তৰ বছৰীয়া বহুকেইগৰাকী প্ৰতিযোগিৰ মাজৰ পৰা প্ৰথম ৰানাৰ্ছ আপ গৰাকীও আছিল  বছৰীয়া আইৰিছ এলিয়ট। মুখত দৰ্শকৰ লগতে বিচাৰকৰো হৃদয় জুৰোৱা হাঁহি আৰু বিনম্ৰ আচৰণেৰে এই প্ৰতিযোগিতাত বিজয় খিতাপ অৰ্জন কৰে  চনত ১৯৬৩ চনৰ সাতাইশ এপ্ৰিলত আৰ্জেন্টিনাত জন্মগ্ৰহণ কৰা আলেজ্ৰান্দ্ৰা ৰড্ৰিগেজে।

বিগত ত্ৰিশ বছৰ ধৰি পাৰিবাৰিক বিষয়ত চিকিৎসালয় এখনত পৰামৰ্শদাতা হিচাপে সেৱা আগবঢ়াই আলেজ্ৰান্দ্ৰা ‘মিছ ইউনিভাৰ্ছ ‘ প্ৰতিযোগিতাৰ প্ৰতি আগ্ৰহ বাঢ়িছিল যেতিয়া ২০২৪ চনত এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীৰ বয়স ওঠৰৰ পৰা আঠাইশ হ’ব লাগিব বুলি থকা ধৰাবন্ধা নিয়ম  শিথিল কৰি  বয়সৰ সীমা মুকলি কৰি দিয়া হয় ওঠৰৰ পৰা তেসত্তৰ বছৰলৈ।

সৌন্দৰ্যৰ জগতত আলেজ্ৰান্দ্ৰাৰ আধিপত্যই প্ৰমাণিত কৰে যে নাৰীৰ সৌন্দৰ্য কেৱল শাৰীৰিক নহয় মানসিকো।মানসিক সৌন্দৰ্যক উদ্ভাসিত কৰি তোলে নাৰীৰ আভ্যন্তৰীণ সত্তাক। নিয়মিত ভাৱে খোজকঢ়াৰ লগতে ব্যায়ামৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা আলেজ্ৰান্দ্ৰাৰ সৌন্দৰ্যৰ আঁৰত অৰিহনা থকা আনকেইটামান মহত্বপূৰ্ণ দিশ হৈছে তেওঁৰ অনুশাসিত জীৱন শৈলীৰ লগতে উপবাসো বুলি অৱগত কৰে আলেজ্ৰান্দ্ৰাই। আলেজ্ৰান্দ্ৰাৰ মতে প্ৰতি গৰাকী নাৰীয়ে নিজকে সৱল কৰি ৰাখিবলৈ হ’লে  নিয়মিত পুষ্টিকৰ  খাদ্য গ্ৰহণৰ লগতে ব্যায়ামৰ ওপৰতো গুৰুত্ব প্ৰদান উচিত। প্ৰতি গৰাকী নাৰীয়ে নিজৰ যত্ন সঠিক সময়ৰ পৰা লোৱা আৰম্ভ কৰিলে বয়স বঢ়াৰ লগে লগে সৃষ্টি হোৱা নানান ৰোগত নপৰাকৈ থাকিব পাৰি বুল্ দৃঢ় ভাৱে মত পোষণ কৰে ৰড্ৰিগেজে।নিজৰ লগতে সমাজৰ প্ৰতি গৰাকী নাৰীৰ বাবেই আদৰ্শৰ প্ৰতিমূৰ্তি স্বৰূপ আলেজ্ৰান্দ্ৰাৰ মাৰিছা ৰড্ৰিগেজৰ সফলতাই যেন আমাক মনত পেলাই দিয়ে ” তোমাৰ যি আছে  তাৰেই তুমি আৰম্ভ কৰা , তুমি য’ত আছা  তাৰ পৰাই আৰম্ভ কৰা এক নতুন যাত্ৰাৰ।”

You might also like

Comments are closed, but trackbacks and pingbacks are open.