খাব পৰা অৰ্কিডৰ ভেষজ গুণ

194

নিবেদিতা ভূঞা ৰাজকুমাৰী

অৰ্কিড—নামটোৱে এক বৈচিত্ৰ্য বহন কৰে৷ ইয়াৰ অতুল্য সৌন্দৰ্য,নান্দনিক গুণৰ ভাণ্ডাৰ হিচাপে বিশ্বৰ সকলো প্ৰান্তত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ অৰ্কিড জাতীয় ফুলৰ আকৃতি, আকাৰ আৰু ৰঙৰ পৰিসৰ বৈচিত্ৰ্যময়,অবিশ্বাস্য আৰু বিস্ময়ক৷ সচৰাচৰ আৱাসস্থল, কাৰ্যালয়, উদ্যান, বিমান-বন্দৰ, হোটেল-ৰেস্তোৰেণ্ট তথা ৰাজহুৱা স্থানত আলংকাৰিক উদ্ভিদ (decorative ) আৰু সুগন্ধিৰ  (arithmetic) বাবে অৰ্কিডসমূহ থোৱা হয়৷ সম্ভৱতঃ বহু কমসংখ্যক লোকৰহে জ্ঞাত যে অৰ্কিড আছে অনেক ঔষধি গুণাগুণ৷ আহকচোন আমাৰ এই লেখাটিৰ জৰিয়তে জানিবলৈ চেষ্টা কৰোঁ অৰ্কিডৰ বিষয়ে কিছু অজানা কথা৷

ORCHID ‘ শব্দটো মূল গ্ৰীক্ শব্দ ‘ ‘ORCHIS ‘ ৰ পৰা উৎপত্তি হৈছে ৷ গ্ৰীক্ ভাষাত ‘আৰ্কিচ’ মানে হ’ল অণ্ডকোষ বা Testicle ৷এৰিষ্ট’টলৰ শিষ্য তথা উদ্ভিদ বিজ্ঞানৰ পিতৃ থিওফ্ৰেষ্টাছে এই নামাকৰণ কৰিছিল ৷ পুৰণি গছ ,সেমেকা ঠাই , পঁচা গছ বা মূঢ়া, শিল বা পাথৰ আদিত অৰ্কিড হয় বা গজে৷ কিছুমান অৰ্কিড মাটিতো হোৱা দেখা যায়৷ অৰ্কিড পৰিয়ালৰ অন্তৰ্গত কপৌফুল হৈছে পৰাশ্ৰয়ী (Epiphytic) উদ্ভিদ ৷ অৰ্থাৎ  ইয়াৰ শিপাই অন্য গছৰ গাত খামুচি ধৰি ওলমি থাকে যদিও আশ্ৰয়দাতা মূল গছজোপাৰ পৰা আহাৰ সংগ্ৰহ নকৰে৷ ইহঁত স্বপোষী উদ্ভিদ ৷ গতিকে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয় ৷ কপৌ গছত কিছুমান অস্থায়ী শিপা থাকে যিবোৰে কলাকোষ ( ভেলামেন নাম  টিচু ) ৰ সহায়ত বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড আৰু প্ৰয়োজনীয় জলীয় বাষ্প সংগ্ৰহ কৰি পত্ৰহৰিতৰ জৰিয়তে সালোক- সংশ্লেষণ পদ্ধতিৰে আহাৰ প্ৰস্তুত কৰে ৷ কপৌফুলৰ দৈঘ্য প্ৰায় ষাঠি (৬০) ছেঃমিঃ পৰ্যন্ত হোৱা পৰিলক্ষিত হয়৷ কিছুমান কপৌফুল সুগন্ধিযুক্ত হয় ৷আন কিছুমান আকৌ গন্ধহীন ৷ সুগন্ধিযুক্ত ফুলবোৰ একৰ পৰা দুই ছেঃমিঃ (১-২ ছেঃমিঃ) ব্যাসৰ হোৱা দেখা যায় ৷ ফুলপাহ দেখিবলৈ কপৌ চৰাইৰ পাখি সদৃশ হোৱা বাবে এই অৰ্কিড বিধক কপৌফুল বুলি বহুতে ক’ব খোজে ৷ কপৌফুলক ইংৰাজীত Foxtail Orchid নামে জনাজাত ৷ ইয়াৰ বৈজ্ঞানিক নাম Rhynchostylis Retusa ( ৰাইনক’ষ্টিলিছ ৰেটুছা )৷ তথ্য অনুসৰি অসমত প্ৰায় ২৫ প্ৰকাৰৰ ভেষজ গুণসম্পন্ন কপৌফুল আছে ৷ অৰ্থাৎ কপৌ ফুল নানা ঔষধি গুণেৰে পৰিপুষ্ট উদ্ভিদ

চীনা গ্ৰন্থ ‘Eki-Kyo ‘( একি-কিঅ’ ,খ্ৰীষ্টপূৰ্ব ৫০০ৰ) আৰু দৰ্শন বিষয়ৰ গ্ৰন্থ ‘ I-Chingh ‘(‘আই-চিং’,১০০০ খ্ৰীষ্টাব্দৰ)ত অৰ্কিড বিষয়ে পঢ়িবলৈ পোৱা যায়৷ ভাৰতীয় আয়ুৰ্বেদ শাস্ত্ৰত অৰ্কিডৰ উল্লেখ আছে৷ সম্ৰাট চেং-নুঙৰ (খ্ৰীষ্টপূৰ্ব ২৮০০) সময়ৰ পৰা চীন দেশত অৰ্কিডক ভেষজ গুণেৰে সমৃদ্ধ উদ্ভিদ হিচাপ চিহ্নিত হৈ আহিছে৷ গ্ৰীক্ সকলে অৰ্কিডক উৰ্ব্বৰতা আৰু প্ৰাণশক্তিৰ বাহক হিচাপে গণ্য কৰিছিল৷ অৰ্কিডত flavonoids (ফ্লেভন’য়ডচ্), alkaloids (এলকাল’য়ডচ্), stilbenoids (ষ্টিলবেন’য়ডচ্) আদি ৰাসায়নিক পদাৰ্থ থাকে ৷এইসমূহ পদাৰ্থই বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰে ৷ সম্প্ৰতি AIDS (এইডচ্) ৰোগৰ ক্ষেত্ৰত অৰ্কিড মহৌষধ হ’ব পাৰে বুলি অনুমান কৰা হৈছে ৷ কপৌফুলৰ শিপা, পাত,ফুলত থকা বিভিন্ন উপাদানৰ বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বহন কৰে ৷ কপৌফুলৰ ৰসে জ্বৰ,কাহ, জণ্ডিছ ,পেটৰ সমস্যা, শ্বাসতন্ত্ৰৰ সমস্যা,বাতবিষ উপশমত সহায় কৰে ৷ কপৌফুলৰ শিপাৰ পৰা তৈয়াৰ কৰা ৰস হাড়ৰ ৰোগত ব্যবহৃত হয় ৷ বিষাক্ত সাপ , বীছা,এন্দুৰ আদিয়ে কামুৰিলে গন্ধযুক্ত কপৌফুলৰ ৰস ব্যৱহাৰ কৰিলে বিষৰ পৰা সকাহ পোৱা যায় ৷ তদুপৰি বাতবিষ বাতৰক্ত, গাঁঠিৰ বিষ আদিত কপৌফুলৰ পৰা চূর্ণ, ক্কাথ প্ৰস্তুত কৰি সেৱন কৰিলে ফলদায়ক হয় ৷ বিশেষ জাতৰ কিছুমান কপৌফুল পেলু নাশক হিচাপে খোৱা হয়৷ লোকবিশ্বাস মতে,মঙলবাৰ আৰু শনিবাৰে বিহু অনুষ্ঠিত হ’লে কপৌফুলৰ শিপা খুন্দি তাৰ ৰস সেৱন কৰিলে বছৰটোলৈ হাড়ৰ ভালে থাকে আৰু বিভিন্ন ৰোগৰ পৰা মুক্ত পাব পাৰি ৷

কপৌফুলৰ উপৰিও এনে বহু অৰ্কিড জাতীয় উদ্ভিদ আছে যিবোৰত মানৱ দেহৰ বাবে উপকাৰী বিভিন্ন উপদান মজুত থাকে৷ ভেনিলা (Vanilla) হৈছে তেনে এবিধ অৰ্কিড ৷ ইয়াৰ ফুল আইচক্ৰীম, কেক্,বিস্কুট ,পুডিং,পায়স আনকি প্ৰসাধন জাতীয়

সামগ্ৰী প্ৰস্তুত প্ৰক্ৰিয়াতো ব্যৱহৃত হয়৷ কৰ্মা কপৌ (Dendrobium),গেজেং কপৌ (Cymbidium), বাঁহ কপৌ (Bamboo orchid), খাগৰি কপৌ (Arundina Graminifolia), Epidrendrum  আদি নানা প্ৰজাতিৰ কপৌফুল খাব পাৰে৷ Cymbidium ৰ ভিতৰত Cymbidium erythraeum,Cymbidium Hookeriaum,Indian Cymbidium অন্যতম৷ ইয়াৰ নতুনকৈ ওলোৱা pseudobulb(ছ্যুড’বাল্ব)বোৰ আলুৰ দৰে সিজাই খাব পাৰি৷ এনে বহু অৰ্কিড আছে যাৰ কাণ্ড বাল্বৰ দৰে বৃদ্ধি হয় সেইবোৰকে ছ্যুড’বাল্ব বোলে ৷ অৰ্কিডৰ ফুল গৰমপানীত ডুবাই বা উতলাই চাহ প্ৰস্তুত কৰি খাব পাৰি৷ কণীৰ সৈতে অমলেট বনাব পাৰি৷ চালড হিচাপে খাব পাৰি৷ Cymbidium ৰ ফুল কিছুসময় সিজাই পিছত পানীৰ পৰা টুকি নিমখ,হালধি চটিয়াই চিজৰ লগত ভাজি খোৱা হয়৷ পাহাৰ এলেকাত বসবাস কৰা লোকসকলে বাঁহকপৌ আৰু খাগৰি কপৌ তেওঁলোকৰ ৰন্ধন প্ৰকৰণত অতীজৰে পৰা ব্যৱহাৰ কৰি আহিছে ৷ Epidrendrum-ৰ ফুলবোৰ খাবলৈ লিকটা হয় ৷ গোন্ধটো তৰমুজৰ দৰে ৷ বাঁহ কপৌ পানীত সিজাই ভাজি খাব পাৰি৷সোৱাদটো তিতা৷ তদুপৰি ইয়াৰ পৰা পানীয় (মদ) তৈয়াৰ কৰে৷ জানিব পৰা মতে Bamboo Orchid প্ৰেচাৰৰ বাবে ভাল পথ্য ৷ খাদ্য উপযোগী কপৌফুল বা অৰ্কিডত ভিটামিন চি ,লৌহ পদাৰ্থ ,কেলচিয়াম,পটাছিয়াম আৰু এণ্টি-অক্সিডেণ্ট থাকে । Vitamin আৰু phytochemicals -এ  মানুহৰ  immune system শক্তিশালী হোৱাত সহায় কৰে । তদুপৰি বহুতো ঔষধি অৰ্কিডত এলকেলয়ড (Alkaloids) থকা বুলি জানিব পৰা গৈছে ৷

ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে অৰ্কিডৰ ঔষধি গুণৰ আৱিষ্কাৰক হ’ল চীনাসকল৷ চীনা চিকিৎসা বিজ্ঞানৰ পিতৃ সম্ৰাট চেং-নুঙে (Shen Nung)তেওঁৰ চিকিৎসা বিষয়ৰ এক লেখাত ডেণ্ড্ৰবিয়াম প্ৰজাতি(Genus) আৰু ব্লেটিলা ষ্ট্ৰিয়াটাৰ কথা উল্লেখ কৰি গৈছে। অতীজৰে পৰা চীনা দেশৰ লোকসকলে ঔষধি হিচাপে অৰ্কিড ব্যৱহাৰ কৰি আহিছে ৷ ইয়াৰ সৰহভাগ তেওঁলোকে চাহৰ ৰূপত (ঔষধি) সেৱন কৰে। শুকান ডেণ্ড্ৰবিয়াম প্ৰজাতিৰ শুকান ফুল ঔষধি গুণ আছে যিয়ে কেন্সাৰৰ চিকিৎসাত সহায় কৰিব পাৰে বুলি ভবা হয়৷ ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰে আৰু চকুৰ দৃষ্টিশক্তি উন্নত কৰিব পাৰে বুলি বিশ্বাস কৰা হয়।

ডেণ্ড্ৰবিয়াম হৈছে অৰ্কিডেচিয়া (Orchidaceae) পৰিয়ালৰ৷ ইয়াৰ অধিকসংখ্যক এপিফাইটিক (Epiphytic) আৰু লিথ’ফাইটিক (Lithophytic) অৰ্কিডৰ এটা বৃহৎ প্ৰজাতি। ইয়াত ওঠৰশ (১,৮০০)ৰো অধিক প্ৰজাতি আছে ৷ সমগ্ৰ দক্ষিণ,পূব আৰু দক্ষিণ-পূব এছিয়াৰ বিভিন্ন অঞ্চলত ইয়াৰ প্ৰজাতি পোৱা গৈছে ৷ চীন, জাপান, ভাৰত, ফিলিপাইনছ, ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া, নিউগিনি, ভিয়েটনামকে ধৰি প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহলৈও বিস্তৃত হৈ আছে। এই প্ৰজাতিৰ অৰ্কিডৰ শিপা গছ বা শিলাপৃষ্ঠৰ ওপৰেৰে সোমাই থাকে, মাটিত শিপা খুব কমেইহে থাকে। এটা ডালৰ ডগাত ছটালৈকে পাত এটা গোটত গঢ় লৈ উঠে আৰু এটাৰ পৰা বৃহৎ সংখ্যক ফুললৈকে ডালবিহীন ফুলৰ কাণ্ডৰ কাষেৰে সজোৱা হয়।

পৰম্পৰাগত চীনা চিকিৎসা (টিচিএম)ত ডেণ্ড্ৰবিয়াম ন’বাইল, ব্লেটিলা ষ্ট্ৰিয়াটা আৰু গেষ্ট্ৰ’ডিয়া ইলাটা( Dendrobium nobile/ Noble ,Bletilla Striata and Gastrodia Elata )৷ নিয়মিতভাৱে ব্যৱহাৰ কৰা হয়। চীনৰ লোকঔষধত এনোএক্ট’চিলাছৰ (Anoectochilus ) কেইবাটাও প্ৰজাতি ব্যৱহাৰ কৰা হয়, যেনে- এনোএক্ট’চিলাছ ফৰ্মোচেনাছ হায়াটা, এনোএক্ট’চিলাছ কোছুনেন্সিছ হায়াটা, আৰু এনোএক্ট’চিলাছ ৰক্সবাৰ্গি (ৱাল.) লিণ্ডল। চীনৰ দক্ষিণাঞ্চল,জাপান,ভাৰত,নেপাল শ্ৰীলংকাত পোৱা এনোএক্ট’চিলাছ ৰক্সবাৰ্গি চীনদেশত “কিং মেডিচিন” (king medicine) ৰূপে জনাজাত৷এনোএক্ট’চিলাছ প্ৰজাতিৰ অৰ্কিডসমূহ Jewel orchid নামে অতি জনপ্ৰিয়৷

তুৰস্কত অৰ্কিডৰ পৰা ‘ছালেপ’ (Salep ,Sahlep or Sahlab ) নামৰ পৰম্পৰাগত পানীয় প্ৰস্তুত কৰা হয়। অট্টোমান সাম্ৰাজ্যৰ (Ottoman Empire )সময়ত এইবিধ পানীয় অতি জনপ্ৰিয় আছিল।অৰ্কিডৰ শিপাৰ(Root tubers ) গুৰি বা আটাৰ পৰা ছেলেপ বনোৱা হয়। এই পানীয় চৌদি আৰব, ছিৰিয়া, ইৰাণ আদিতো সেৱন কৰা হয় । ডিঙিৰ বিষ, পাচনতন্ত্ৰৰ সমস্যা, ডায়েৰিয়া, আঁঠুৰ ৰোগ নিৰাময়ত ই ফলপ্ৰসূ বুলি কোৱা হয়। পানীৰ উপৰিও ডেজাৰ্টতো ছালেপ পাউডাৰ ব্যৱহাৰ কৰা হৈছিল ৷ প্ৰাচীনকালত ৰোমানসকলে অৰ্কিডৰ বাল্ব পিহি তাৰ পৰা প্ৰিয়াপিস্কাছ আৰু চেটিৰিয়ান নামৰ পানীয় কামোদ্দীপক ঔষধ হিচাপে সেৱন কৰিছিল বুলি জানিব পৰা গৈছে৷ মালয়েছিয়াত  এনোএক্ট’চিলাছৰ এটা প্ৰজাতিৰ পাত শাক হিচাপে খায় আৰু ডেণ্ড্ৰবিয়াম চালাচেন্সৰ পাত চাউলৰ সৈতে জুতি লগাকৈ ৰান্ধিব জানে ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.