ফার্ণাজ নার্গিছ কৰিম
ধুনীয়া ধুনীয়া ৰং–বিৰঙী ঘপৰৰ দেৱালবোৰত, বেঁকা–বেকি আখৰেৰে, অকণমানি হাতেৰে, লৰাটোই লিখে, মা, মই পঢ়ি বেয়া পাওঁ৷ অফিচৰ পৰা ঘৰ গৈ পোৱাৰ লগে লগেই মাকে তাৰ কমপ্লেইন শুনে, মা, মই পঢ়ি বেয়া পাওঁ৷ মাকে হাঁহি মাৰি কয়, পঢ়িনো কোনে ভাল পায় সি অকণ মুখখন বেঁকাকৈ মাতটো জোৰ দি উলিয়াই কয়, মা, মই সঁচাকৈয়ে পঢ়ি বেয়া পাওঁ৷ এয়া হয়তো মাথোঁ এটা শিশু অথবা এগৰাকী মাক, এজন দেউতাক অথবা শিক্ষয়িত্রী আইতাকৰ লগত থকা কোনোবা অকণমানি এটাৰ কাহিনী নহয়, এয়া চাগে অনেক ঘৰৰ, কোৱা বা কোনোবাখিনিত নোকোৱা অনেক কথা৷ এতিয়া কথাটো হল, এয়া যে এক সমস্যা৷ মানে এই পঢ়ি ভাল নোপোৱা কথাটো কৈছে৷ ইয়াৰ কি সমাধান বহুতেই কয় ডাঙৰ হলে সকলো ঠিক হৈ যাব হব জানো৷ যদি ডাঙৰ হোৱাটোৱেই একমাত্র সমাধান, তেন্তে কি অভিভাৱকে সন্তান ডাঙৰ হোৱালৈ ৰৈ থাকিব লাগিব সেইখিনি সময়ত দেখোন তাৰ লগৰ অইন শিশুবোৰ আগবাঢ়ি যাব৷ কি হব তেতিয়া এৰা, এয়াও এক ডাঙৰ প্রশ্ন, পঢ়ি ভাল নোপোৱা শিশুবোৰৰ অভিভাৱকৰ বাবে৷ ৰব, পতককৈ ভাগি নপৰিব৷ ভাল ফল এটা পাবলৈ ধৈর্যৰ দৰকাৰ৷ ধৈর্য সেইপাতেই এতিয়া আপোনাৰ হাতত থকা ডাঙৰ মেজিক৷ পপাৰ বাহিৰে শিশুটিয়ে কি কৰি ভাল পায় খেলি, গান গাই, ৰাইমছ গাই, ছবি আঁকি কথা কৈ কৈ পিি, কিবা এটাতো তাৰ বা তাইৰ ভাল লাগে৷ তেন্তে উদাস নহৈ ভালপোৱা কামটোৰে আপুনি আগববা আৰম্ভ কৰক৷
ছবিয়ে অনেক নোকোৱা কথা কয়৷ এটা কথা আমি সদায় মনত ৰখা উচিত যে প্রতিটো শিশুৱেই একো একোটা মাষ্টাৰপিচ, যদিহে আমি সিহঁতক বুজি, মৰমেৰে গঢ় দিওঁ৷ প্রতিটো শিশুৰ থাকে নিজস্ব গুণ৷ আমি মাথোঁ সেয়া বিচাৰি উলিয়াব পাৰিব লাগিব৷ খং–ৰাগ, মাৰধৰ, সমস্যাৰ সমাধান নহয়৷ আজৰি পৰত ছবি আঁকিবলৈ দিয়ক৷ ছবিৰ মাজেৰেই শিশুৰ স্বপ্ণবিলাসী মনটো পপাৰ লওক৷ এই যে কার্টুন চাই ভালপোৱা শিশুবোৰ, কার্টু চাই এতিয়াও ভালপোৱা মাকবোৰ, দুয়ো একেলগেই কার্টুন চাওক কিছুসময়৷ দিনত সময় নাপায় নালাগে, ৰাতি চাওক৷ সিহঁতক বুজাওক, কার্টুনৰ ভয়চভাৰ অর্থাৎ কণ্ঠদানৰ বিশালতাক৷ কণ্ঠ কোনেনো কেনেকৈ দিছে ধুনীয়াকৈ বুজাই দিয়ক৷ হিন্দী, ইংৰাজী, অসমীয়া পাৰিলে যিমান পাৰি ভাষা আৰু নতুন শব্দৰ লগত পৰিচয় কৰাওক৷ সুক্লৰ কিতাপ পঢ়ি ভাল নাপালে, সঁফুৰা পৰা টিংকললৈ কিতাপবোৰ আনি দিয়ক৷ পঞ্চতন্ত্রৰ সাধুবোৰ শুনাব৷ এই যে শুনি থকা, কৈ থকাৰ হেঁপাহবোৰ, এইবোৰনো কেতিয়া ৰাপ অথবা হবী হৈ সিহঁতৰ মাজতেই ভাল বক্তা, ভাল চিত্রকৰ, ভাল গায়িকা হৈ শিপাব, আপুনি মই গমকেই নাপাম৷ কেতিয়াবা ভাবি চাবচোন তুমি বৰ ভাল, গুড গার্ল গুড বয় এই কথাবোৰৰ কিমান শক্তি৷ আপুনি জানেনে আপুনি সদায় কোৱা কি কৰিলা, তুমি একো নোৱাৰা, ভুল হৈ থাকিব বাৰে বাৰে জাতীয় কথাবোৰে শিশুটিৰ ওপৰত কিমান নিগেটিভ বার্তা দিয়ে কোনোবাই আপোনাক নোৱাৰা বা বেয়া বুলি কলে আপোনাৰ ভাল জানো লাগিব নালাগে নিষ্চয়৷ একেই কথা সিহঁতৰ ক্ষেত্রতো হয়৷ খেলি ভালপোৱা, ড্রাম, তবলা বজাই ভালপোৱা সিহঁতক অনুপ্রেৰণা দিয়ক৷ জোতা–মোজাৰে গৰম ঠাণ্ডা দিন পাৰ কৰা শিশুহঁতক সুবিধা পালেই মাটিত খালী ভৰিৰে খোজ পেলাব দিয়ক প্রাণভৰি বৰষুণৰ টোপালে মাটি স্পর্শ কৰাৰ অনুপম গোন্ধ প্রাণভৰি লব দিয়ক৷ প্রকৃতি অবিহনে মন–মগজু, শৰীৰ আধৰুৱা৷ সৰু হল বুলিয়েই সিহঁতৰো জানো জীৱন এটা নাই অতিমাত্রা পাৰ নকৰাকৈ,সীমাত থাকি জীৱন জীয়াই থকা মানুহবোৰ সদায় সফল৷ শিশুটিয়ে ভালপোৱা কামবোৰৰ মাজেৰেই সিহঁতক আগুৱাই নিয়ক৷ আগ্রহ জন্মাওক৷ পপাৰ প্রতি এবাৰ তিক্ত হলে, আগ্রহ ঘূৰাই অনা কঠিন৷ সেয়ে সিহঁতৰ ভাল পোৱা কামৰ মাজেৰেই পপাৰ প্রতি আগ্রহী কৰাত গুৰুত্ব দিব লাগিব৷
শিশুৰ লগত থাকিলে, নিজওে কেতিয়াবা শিশুৰ দৰে আচৰণ কৰিব লগা হয়৷ এই ধৰক, শিশুটিয়ে একেধাৰে কথা কৈ আছে, কথা কৈ থাকিব বিচাৰিছে, আপুনি এজন ভাল শ্রোতাৰ দৰেই কথাবোৰ শুনি যাব লাগিব৷ পপাৰ মাজতো বহু শিশুৱে কথা কৈ থাকিব বিচাৰে৷ সেইখিনি সময়তো কৌশলেৰে কথা পিছত পাতিম, শুনিম আগিতে, এইখিনি শেষ কৰি লওঁ আহা বুলি আগববাৰ বাদে হাতত একো উপায় নাথাকে৷ অনুকৰণপ্রিয় শিশুৱে অহৰহ আপোনাক অনুকৰণ কৰে৷ বহু বছৰ আগতে আমাৰ ক্লাছৰ ছাৰে আমাক কৈছিল, আহিবলগীয়া দিনবোৰত ভাল মানুহ পাবলৈ হলে, প্রথমে আমি নিজেই ব্যৱহাৰ আৰু কামেৰে ভাল হব লাগিব৷ কথাষাৰ তেনেই সৰল, অথচ বহুমূলীয়া৷ পপা–শুনাৰ লগতে শিশুক মানৱীয় গুণেৰে পৰিপুষ্ট কৰাৰ দায়িত্বও যে আমাৰেই৷ মাথোঁ মার্কশ্বীটৰ নম্বৰেৰে নহয়, মানৱীয় গুণেৰে জীয়াই থকা প্রতিটো শিশুৱেই সুখী৷ শিশুবোৰ একো একো পাহ ফুল, পৃথিৱীৰ ফুলবোৰক সুন্দৰকৈ গগ দিয়াৰ, ৰূপ ৰঙেৰে জিলিকাই ভাল মানুহ কৰাৰ পথবোৰ আমিয়েই দেখুৱাব লাগিব৷
Comments are closed, but trackbacks and pingbacks are open.