জীৱনৰ উদযাপন কৰোঁ আহক

159

অনুপমা বৰগোহাঁই

জীৱন হৈছে আমাৰ অস্তিত্বৰ অন্তৰ্নিহিত সৌন্দৰ্য্য আৰু গভীৰ অৰ্থ উন্মোচন কৰা কেতবোৰ শৃংখলাবদ্ধ মুহূৰ্তৰ সমষ্টি। প্ৰতিটো দিনেই আমাক জীৱনৰ আশীৰ্বাদক আকোৱালি লোৱাৰ এক সুযোগ দিয়ে ৷ কৃতজ্ঞতা, মননশীলতা, ক্ষমা, প্ৰেম আৰু কৰুণাৰ মানসিকতা থাকিলে আমি জীৱনে আগবঢ়োৱা প্ৰতিটো পাঠ আৰু অভিজ্ঞতাক আশীৰ্বাদ ৰূপে গ্ৰহণ কৰিব পাৰোঁ। আজি জীৱনৰ আশীৰ্বাদক আকোৱালি , বৰ্তমানৰ মুহূৰ্তটোক উপহাৰ হিচাপে গ্ৰহণ কৰি আমি কেনেদৰে জীৱনক আনন্দৰে উদযাপন কৰিব পাৰোঁ সেয়া জানো আহক ৷

জীৱন উদযাপনত মননশীলতাৰ শক্তি
জীৱন উদযাপনৰ বাবে কৰা শক্তিশালী অভ্যাসসমূহৰ ভিতৰত অন্যতম হ’ল মাইণ্ডফুলনেছ বা মননশীলতা। মননশীলতা হৈছে বৰ্তমান মূহূৰ্তত সম্পূৰ্ণৰূপে উপস্থিত থকা আৰু আমাৰ চিন্তা, আৱেগ তথা অভিজ্ঞতাক যেনে হয়, তেনে ভাৱেই স্বীকাৰ কৰা। যেতিয়া আমি মননশীল হওঁ, তেতিয়া আমি জীৱনত প্ৰায়ে উপেক্ষা কৰা সৰু সৰু কথাবোৰৰ প্ৰতিও সচেতন হৈ পৰো – ফলত আমাৰ সাধাৰণ জীৱনটোকো অসাধাৰণ যেন অনুভৱ হয় ৷ উদাহৰণ স্বৰূপে এজাক মৃদু মলয়া, পুৱাৰ এচেৰেঙা কোমল ৰ’দ, বনৰীয়া ফুলৰ সুঘ্ৰাণ , চৰাইৰ কল কাকলিৰ পৰা আৰম্ভ কৰি আপোনজনৰ সৈতে ভাগ কৰা হাঁহিও হৈ পৰে আমাৰ বাবে বিমল আনন্দৰ উৎস । এনেদৰে মননশীলতাই আমাক প্ৰতিটো মুহূৰ্তৰ সোৱাদ ল’বলৈ নিজৰ আৰু আমাৰ চৌপাশৰ জগতখনৰ সৈতে গভীৰ আনন্দ আৰু সংযোগৰ অনুভূতি গঢ়ি তুলিবলৈ সহায় কৰে।

আজি আধুনিক জীৱন-যাপনৰ দৈনন্দিন ব্যস্ততাৰ মাজতো মানুহে প্ৰায়ে ভৱিষ্যতৰ উদ্বেগ বা অতীতৰ অনুশোচনাত আবদ্ধ হৈ পৰে ৷ আধুনিক পৃথিৱীত জীৱন উদযাপনৰ বাবে যেন কোনো ঠায়েই নাই। মননশীলতাই আমাক কিছু থমকি ৰ’বলৈ , গভীৰভাৱে উশাহ ল’বলৈ আৰু জীৱনৰ সূক্ষ্মতাৰ শলাগ ল’বলৈ শিকায়। দৈনিক ধ্যান অনুশীলনৰ জৰিয়তে হওক, মুকলি আকাশৰ তলত নিতৌ কিছু সময় মননশীলতাৰে খোজ কঢ়াৰ জৰিয়তে হওক, বা কেৱল কেইমিনিটমান সময় উলিয়াই আমাৰ উশাহ-নিশাহত মনোনিৱেশ কৰাই হওক, আমাৰ ৰুটিনত মননশীলতাক অন্তৰ্ভুক্ত কৰিলে প্ৰতিটো দিনতে উদযাপনৰ মনোভাৱৰ সৈতে একাত্ম হোৱাৰ এক সুযোগ পোৱা যায়।

কৃতজ্ঞতা : জীৱন উদযাপন মানসিকতাৰ ভেটি
জীৱন উদযাপনত কৃতজ্ঞতাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ হাতত থকা আশীৰ্বাদক সচেতনভাৱে স্বীকাৰ কৰি আমি আমাৰ দৃষ্টিভংগীক অভাৱৰ মানসিকতাৰ পৰা পৰিপূৰ্ণতাৰ মানসিকতালৈ পৰিবৰ্তন কৰোঁ। এই পৰিৱৰ্তনে আমাৰ মানসিক আৰু আৱেগিক সুস্থতাত গভীৰ প্ৰভাৱ পেলায়, কৃতজ্ঞতাই আমাক কেৱল সন্তুষ্টি আৰু সুখৰ অনুভূতি দিয়াই নহয় – জীৱনৰ প্ৰত্যাহ্বানক উৎকৰ্ষতা, শিক্ষণ আৰু সংযোগৰ শৃংখলাবদ্ধ সুযোগ হিচাপে চাবলৈ সহায় কৰে।

কৃতজ্ঞতাৰ অনুশীলন কৰা তেনেই সহজ ৷ পুৱা শুই উঠাৰ পৰা আৰম্ভ ৰাতি বিচনাত শুই পৰালৈকে প্ৰতিটো মূহূৰ্তে নিজৰ প্ৰতিটো ভাললগা অনুভৱৰ কৰি ধন্যবাদ কবলৈ আৰম্ভ কৰক ৷ৰাতি শুৱাৰ আগতেও দিনটোত ঘটা তিনিটা ভাল লগা মূহূৰ্তৰ কথা চিন্তা কৰি তিনিটা ধন্যবাদ জনাব। সময়ৰ লগে লগে যেতিয়াই এই প্ৰথা অভ্যাসলৈ পৰিণত হ’ব , আমি আমাৰ অভাৱতকৈ প্ৰাচুৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ শিকিম। কৃতজ্ঞতাৰ জৰিয়তে জীৱনক উদযাপন কৰাৰ অৰ্থ এইটো নহয় যে আমি জীৱনৰ অসুবিধাবোৰক আওকাণ কৰা কৰিম, বৰঞ্চ ইতিবাচক দিশবোৰত বেছি গুৰুত্ব দিলে সমস্যা বা অসুবিধাবোৰ ইমানেই সৰু যেন লাগিব যে সেইবোৰ সমাধান কৰিবলৈ আমাৰ মাজত অসীম শক্তি জাগ্ৰত হ’ব।

সম্পৰ্ক : জীৱনৰ উদযাপনৰ হৃদস্পন্দন
মানুহ সামাজিক জীৱ ৷সমাজ আৰু সমাজৰ লগত থকা আমাৰ সম্পৰ্কই সুন্দৰ জীৱনৰ , উদযাপিত জীৱনৰ শিলাস্তম্ভ গঠন কৰে। জীৱন উদযাপন কৰিবৰ বাবে আমি আনৰ লগত আনন্দ, প্ৰেম আৰু মধুৰ মুহূৰ্ত ভাগ কৰিব বিচাৰো। পৰিয়াল তথা বন্ধু-বান্ধৱীৰ সৈতে সময় কটোৱাই হওক বা আৰ্তজনৰ সেৱাৰ কাৰ্য্যই হওক, এই সম্পৰ্কবোৰে আমাৰ জীৱনত অৰ্থ আৰু উদ্দেশ্যৰ সৃষ্টি কৰে।

জীৱন উদযাপনৰ অন্যতম অৰ্থপূৰ্ণ উপায় হ’ল এই সম্পৰ্কবোৰক লালন-পালন কৰা৷ কেৱল সুখৰ মুহূৰ্ততে নহয়, দুখৰ সময়তো আমাক সম্পৰ্ক লাগে – সমাজ লাগে। দুখৰ সময়ত আনৰ দ্বাৰা সমৰ্থন পোৱাটোৱে গভীৰ অন্তৰ্নিহিত ভাৱনা গঢ়ি তোলে আৰু আমাক সোঁৱৰাই দিয়ে যে আমি আমাৰ যাত্ৰাত অকলশৰীয়া নহয়। আচলতে জীৱন উদযাপন আটাইতকৈ গভীৰ হয় তেতিয়া যেতিয়া আমি আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ লোকসকলৰ সৈতে নিজৰ জীৱনৰ মূহূৰ্তবোৰ ভাগ-বতৰা কৰিব পাৰোঁ। পৰস্পৰৰ প্ৰতি থকা প্ৰেম আৰু যত্নৰ মনোভাৱে আমাৰ দৈনন্দিন জীৱন সহজ ,সুন্দৰ আৰু আনন্দময় কৰি তুলিব পাৰে ৷

জীৱন উদযাপনত উদ্দেশ্যৰ ভূমিকা
জীৱনৰ উদ্দেশ্য বুজি পালে আমি প্ৰতিটো মুহূৰ্তক জীৱনৰ বৃহত্তৰ লক্ষ্যৰ দিশত আগবঢ়োৱা একোটা খোজ হিচাপে উদযাপন কৰিব পাৰিম। জীৱনৰ উদ্দেশ্যৰ স্পষ্ট জ্ঞানে আমাৰ কাৰ্য্য আৰু সিদ্ধান্তক পথ প্ৰদৰ্শন কৰে। ই আমাক জীয়াই থকা অৰ্থ দিয়ে আৰু আমাৰ মূল্যবোধ আৰু আকাংক্ষাৰ সৈতে মিল থকা প্ৰচেষ্টাত শক্তি প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰে।

জীৱনৰ উদ্দেশ্য আৱিষ্কাৰ কৰাটো প্ৰত্যেকৰে বাবে এক ব্যক্তিগত যাত্ৰা -যিটোৰ বাবে প্ৰায়ে আত্মনিৰীক্ষণ আৰু আত্ম-আৱিষ্কাৰৰ প্ৰয়োজন হয়। কোনোৱাই হয়তো তেওঁলোকৰ কেৰিয়াৰত, আন কোনোৱাই তেওঁলোকৰ সম্পৰ্ক বা সৃষ্টিশীল সাধনাত জীৱনৰ উদ্দেশ্য বিচাৰি পায় । জীৱনৰ উদ্দেশ্য বিশ্ব পৰিৱৰ্তনকাৰী এক মহৎ কাৰ্য যে হ’ব লাগে এনে কথা নহয় ; ই আপোনজনৰ মংগলৰ বাবে নিজকে উৎসৰ্গা কৰা বা নিজৰ সমাজ বা সম্প্ৰদায়লৈ অৰিহণা যোগোৱাৰ দৰে সহজ কথাও হ’ব পাৰে। যিয়েই নহওক কিয়, উদ্দেশ্যই জীৱনত প্ৰেৰণা আৰু পূৰ্ণতাৰ অনুভূতিক জাগ্ৰত কৰে, জীৱনৰ সাধাৰণ মুহূৰ্তবোৰক অসাধাৰণ মুহূৰ্তলৈ ৰূপান্তৰিত কৰে।

জীৱন উদযাপনৰ জৰিয়তে প্ৰতিকূলতাক জয় কৰা
সকলোৰে জীৱনত সৰু-ডাঙৰ প্ৰত্যাহ্বান, প্ৰতিকূলতা থাকিবই৷ ই মানৱ জীৱনৰ অভিজ্ঞতাৰ এক অনিবাৰ্য অংশ। প্ৰত্যাহ্বান, প্ৰতিকূলতাৰ মাজতো ইতিবাচক তথা নমনীয় মানসিকতা গ্ৰহণ কৰি জীৱন উদযাপন কৰা সম্ভৱ। আমি সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বানেই হৈছে নতুন কথা শিকাৰ, উৎকৰ্ষ সাধন কৰাৰ আৰু আগৰ তুলনাত শক্তিশালী হোৱাৰ এক সুযোগ।

প্ৰতিকূলতাক জীৱনৰ স্বাভাৱিক অংশ হিচাপে আকোৱালি ল’লে আমি অসুবিধাবোৰক সুযোগ তথা ব্যক্তিগত ৰূপান্তৰৰ অনুঘটক হিচাপে চাবলৈ শিকিম। এই দৃষ্টিভংগীয়ে আমাক অনেক দুখ-কষ্টৰ মাজতো জীয়াই থকাৰ আনন্দক উদযাপন কৰিবলৈ অনুমতি দিয়ে। আমি নিজৰ নিয়ন্ত্ৰণত থকা বস্তুবোৰত মনোনিৱেশ কৰি, সৰু সৰু কথাবোৰত আনন্দ বিচাৰি আৰু ভৱিষ্যতৰ প্ৰতি আশাবাদী হৈ থাকিলে কঠিন সময়তো জীৱন উদযাপন কৰিব পাৰিম ।

সামৰণিঃ জীৱন উদযাপন, নিজক দিয়া এক দৈনন্দিন প্ৰতিশ্ৰুতি

উদযাপন এক দৈনন্দিন অভ্যাস যাৰ বাবে সচেতন প্ৰচেষ্টা আৰু উদ্দেশ্যৰ প্ৰয়োজন। কৃতজ্ঞতা, মননশীলতা, প্ৰেম আৰু ক্ষমাৰ অনুশীলন কৰিলে জীৱনৰ ইতিবাচক দিশবোৰত মনোনিৱেশ কৰিব পাৰি, সম্পৰ্কবোৰক সুন্দৰ কৰিব পাৰি, আৰু বৰ্তমানৰ মুহূৰ্তত আনন্দ বিচাৰি পাব পাৰি ৷

জীৱনটো এক বহুমূলীয়া উপহাৰ ৷এই উপহাৰক আমি সন্মান জনাব লাগে৷ জীৱনক সম্পূৰ্ণৰূপে উদযাপন কৰিব জানিলে আমি কেৱল নিজৰ জীৱনকে নহয়, আমাৰ চৌপাশৰ লোকসকলৰ জীৱনকো সন্মান জনাব পাৰিম। সেয়ে আহক, আমি জীৱনক উদযাপন কৰোঁ৷ এই উদযাপনে ইতিবাচকতা, আনন্দ আৰু পৰিপূৰ্ণতাৰ এনে এক লহৰৰ সৃষ্টি কৰিব যাৰ দ্বাৰা সকলোৱে ‘জীয়াই থকাটোৱেই জীৱনৰ আনন্দ’ বুলি অনুভৱ কৰিব পাৰিব ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.