মীনাক্ষি বেজবৰুৱা
আহ্ কি সুগন্ধ প্রাচীন অসমৰ খাদ্য সম্ভাৰৰ কি যে সুস্বাদু ব্যঞ্জনেৰে অতিথি আপ্যায়নৰ এক পাৰম্পৰিক নীতি–নিয়মৰ প্রচলন, ভাবিলে সঁচাই নিজৰ মননত উদ্ভাসিত হৈ উঠে কিমান যে কর্মঠ অসমৰ পুৰুষ–নাৰীসকল৷
আহকচোন আমি আজি প্রাচীন অসমৰ ৰান্ধনিশাল, পাকঘৰ বা জুহালখনলৈ উলটি যাওঁ৷ স্মৃতিৰ কৰণিত কৰবাত যেন আজিও ৰিণি ৰিণি জিলিকি উঠিছে সেই তাহানিৰ প্রাচীন অসমীয়া শৃংখলাবদ্ধ এখন ফুলনি, শাকনিৰে ভৰপূৰ বাৰীৰ সন্মুখৰ বাটচৰাইদি সোমাই যোৱা দীঘলীয়া পদূলিটোৰে এখন কাঠ–বাঁহ খেৰ–টিনেৰে তৈয়াৰী কৰবাত ইটা–চিমেণ্টেৰে পৰিপাটী অসমীয়া মানুহৰ ঘৰখন৷ যত ককাই–ভাই, বাই–ভনী, পিতৃ–মাতৃ, ককা–আইতাৰে পৰিপূর্ণ এখন ঘৰ৷
সেই সময়ত অসমীয়া সমাজৰ গৃহ নির্মাণ পদ্ধতিৰ এক বৈশিষ্ট্য আছে৷ ডাঠ চকোৱাৰ বেৰা দি মাজতে চোতালখন লৈ চৰাঘৰ, বৰঘৰ, মাৰলঘৰ, গোসাঁইঘৰ, ৰান্ধনিঘৰ আদি সজা হয়৷ চৰাঘৰ, বৰঘৰৰ পৰা আঁতৰত অলপ ভিতৰ ফাললৈ সাধাৰণতে কেঁচাকৈয়ে ৰান্ধনিঘৰটো সজা হয়৷ আনহাতে কাঠৰ খুঁটা বা টিন দি সাজিলেও ৰান্ধনিঘৰত মজিয়াখন কেঁচাকৈয়ে ৰখা হয়৷ তদুপৰি বেলেগ পাগত খোৱা গুৰু–গোসাঁই, আলহী–তিথি, ভকত–বৈষৱসকলৰ্ বাবে ৰান্ধনিশালতে টৌখুঁটি মাৰি ৰান্ধিবলৈও সহজ হয়, নিপুণ গৃহিণীৰ হাতৰ পৰশত ৰঙামাটিৰে দুয়োবেলা মচি থোৱা ৰান্ধনিশালখন পৰিষ্কাৰ–পৰিচ্ছন্ন চিকচিকাই থাকে৷
জুইশাল বা জুহাল ভাতখোৱা মজিয়াৰ একাষে নাইবা আছুতীয়া কোঠালি বা টিনেৰে বেৰা দিয়ো জুইশাল বহুওৱা হয়৷ আনহাতে ৰান্ধনিশাল অসূর্যস্পর্শাস্বৰূপ৷ যেই–সেই লোকে যেনেকে–তেনেকে জোতাই–মোজাই, বাহী গাৰে সোমাব নোৱাৰা পৰম্পৰা চলি আহিছে৷ পূব বা উত্তৰমুৱাকৈ সাজি লোৱা দুটা চৌকা ৰান্ধনিশালৰ মূল সম্পদ৷ ৰন্ধা ঠাইখনৰ এক বেলেগ মর্যাদা আছে বাবে চাৰিওফালে মাটিৰে সৰুকৈ এটি আলি বান্ধি দিয়াও হয়৷ এই সীমাৰ ভিতৰতে ৰন্ধনৰ সকলো বাচন–বর্তন, চৌকা পোহৰোৱা চাকি আৰু পৰিষ্কাৰ কৰা বুটীশোতা ৰখা হয়৷
ৰান্ধনিশালৰ চৌকাৰ ইটো কাষে থাকে বাঁহেৰে সজা এখন পানী চাং৷ ইয়াত ডাঠ মৰাপাটৰ ৰছীৰে মজবুতকৈ বান্ধি থোৱা হয় এসোপা ধোঁৱা লগা টেকেলি৷ এই টেকেলিবোৰত আমাৰ আইতা, আজোআইতাহঁতে শুকাই সংৰক্ষণ কৰি ৰাখে শুকান থেকেৰা, শুকান শিলিখা, শুকান আমলখি, ঔটেঙা, গুডি, কাৰীগুডি আদি অনেক উপাদেয় আৰু স্বাস্থ্যসন্মত খাদ্য, হেন্দালিত শুকান খৰি, লাগনি খৰিৰ লগতে থাকে শুকাই মচমচীয়া হোৱা কিছুমান শাক–পাত, যেনে– নিমপাত, শুকলতি, শুকান খৰিচা, অবতৰত খাৰ ৰান্ধি খাবলৈ ডলা ভৰাই ঘৰৰ সৰু লৰা–ছোৱালীয়ে চোতালৰ তল সৰি থকা শেৱালিজোপাৰ পৰা বুটলি অনা শেৱালিফুলবোৰ৷ এনেবোৰ বনৌষধিৰ গুণৰ কথা কৈ শেষ কৰিব পাৰি জানো৷ মেলেৰিয়া ৰোগৰ মহৌষধ শেৱালি ফুলৰ বৰ আৰু খাৰৰ বাবে আহিন–কাতি মাহতে কলগছ শুকুৱাই কলাখাৰ তৈয়াৰ কৰি কলহত ভৰাই থোৱা হয়৷ নতুবা আঠিয়া কলৰ শুকান বাকলি আৰু নিমখ ভৰাই ৰখা হৈছিল৷ কিয়নো সেইখিনি সময়ত নিমখৰ বৰ নাটনি আছিল৷
তদুপৰি পানীচাঙত বা পাভতিচাঙত থোৱা টেকেলি, কলহ, মলাবোৰত পিঠাগুডি, সান্দহগুৰি, হুৰুম, কৰাইগুৰি, ভজাচাউল, বৰাচাউল আদি বিধে বিধে জা–জলপানবোৰ৷ কাষতে হাত দিলেই পাব পৰাকৈ কাঠৰ বৰ চৰিয়া এটাত দক্ষিণ হেঙাৰৰ গুৰ চকলিয়াই কাটি থোৱা৷ ইফালে ৰান্ধনিশালৰ এচুকত কচু–ঢেঁকীয়াৰ থোৰ, কণবিলাহী, মাটিকাদুৰি, মানিমুনি, ভেদাইলতা দুমুঠিমান কটা লাও এচিটা বাঃ অসমীয়া মানুহৰ ৰন্ধনৰ জুতি, স্বাস্থ্যসন্মত খাদ্যাভ্যাস, একাজিত মাছ, পুখুৰীৰ ৰৌ–বাহু মাছৰ মূৰেৰে জালুক–নহৰু বটা দি ৰন্ধা কচুশাকৰ লাখন, কণবিলাহী দি মাটিকাদুৰি বা ঢেঁকীয়াশাকেৰে ৰন্ধা টেঙা আঞ্জাখন৷ লগতে বিভিন্ন বতৰৰ ফলমূলেৰে কৰা আচাৰৰ লগতে শিলৰ বাটিটোত কলপাতেৰে নুৰিয়াই থোৱা কাঁহুদি–খাৰলিৰ পানীটেঙা অকণমান, মেৰেলাইৰ ঠাৰি ডাঙৰ ডাঙৰ দি ৰন্ধা থপথপীয়া ৰহৰ দাইলখন, তাতে অলপ খাটি গৰুৰ ঘি দি গৰমে গৰমে খাবলৈ দিলে লৰাহঁতৰ কমখন আনন্দ হয়নে তাতে যদি মচমচীয়া নতুন আলুৰ পিটিকা এটা, বা মাহৰ বুটমাহৰ গুৰিৰ পিটিকা এটা থাকে, তাৰ সোৱাদেই বেলেগ হৈ পৰে৷ হয় এতিয়া মাঘৰ মাহতে নতুনকৈ বিধে বিধে আলুবোৰ ওলোৱাৰ দৰে মাহ–সৰিয়হবোৰো নতুনকৈ ওলায়৷ বোলে নতে ন অৰা পুৰণি হলে চ অৰা৷ নতুন শস্যৰ সোৱাদেই বেলেগ৷ নতুন মাটিমাহত কাঠআলু দি হিং–নহৰু পাত দি ফোৰণ মৰা আঞ্জাকণৰ সোৱাদ কোনেও সতকাই পাহৰিব নোৱাৰে৷ মাটিমাহত ঔটেঙাৰ জুতি মা–আইতাৰ ৰন্ধন সঁচাকৈয়ে পাহৰিব নোৱাৰা আছিল বর্ণনাৰ বহলতালৈ চাই সকলো লিখিব পৰা নাযায়৷
থমথমীয়া খুঁটিৰ মহৰ দৈ, গোহালিৰ গৰুৰ দৈ, শিকিয়াত ওলমি আছে এঁৱা গাখীৰৰ ঘটিটো৷ কাষতে পানীচাঙৰ কাষৰ খুঁটাটোত ঘৰৰ গৃহিণীহঁতে পইচা সাঁচি ৰখা তিনিটাকৈ বিন্ধা৷
আহল–বহল ৰান্ধনিশালৰ আন এটা চুকত এখন চাপৰ বাঁহৰ হেন্দালিত মা, বৰমা, আইতাহঁতে শুচি গাৰে ধুতিকৈ ৰখা চিৰা–পিঠা, আখৈ–মুৰি আদি কেৰাহী লৰণি মাৰি, চিৰা খুন্দা খোঁচৰা মাৰি, পিঠাগুৰি লৰোৱা আদি ভাগে ভাগে সজাই থোৱা হয়৷
ৰান্ধনিশালৰ মজিয়াৰ বেৰত ওলমি থাকে খোৱা তেলৰ চিচা, ডলা–কুলা–চালনি, দাঁত খৰচিয়াবলৈ খৰিকা থোৱা চুঙা আদি৷
তদুপৰি মজিয়াৰ বেৰত আঁউজাই থোৱা সৰু–ডাঙৰ চকচকীয়া পীৰাবোৰ, ঘৰৰ বয়োজ্যেষ্ঠসকলে সন্মানসহকাৰে খাবৰ বাবে ৰান্ধনিশালৰ মজিয়াত বৰভেটি, আহল–বহল মজিয়াখনত লৰা–ছোৱালীয়ে ঘৰে–ঘৰোৱাহে একেলগে খাবৰ বাবে আইনা যেন চকচকীয়াকৈ ঘঁহি–পিহি ধুই থোৱা বৰকাঁহী, ফুলকটা কাঁহী, পাণধোৱা, বেৰাকাঁহী, ঘটি কাঁহ–পিতলৰ, বাণবাটি, লোটা–চৰিয়া হাত ধোৱা৷ তাৰ কাষতে পিতলৰ শাৰী শাৰী কলহত পানী এচুকত জাপ জাপ কৈ মাটিৰ কলহত বালি আৰু এঙাৰেৰে সজা পৰিপাটী শীতলীকৰণ ফিচ্টাৰ৷ ফুলকটা শিলৰ বুকুত পটাগুটি৷ অনবৰতে তুঁহ জুই থাকিবৰ বাবে তুঁহ দি থোৱা জুহালৰ ওপৰত শিকলিৰে বন্ধা এটা লোহাৰ ডেগ৷
অন্নপূর্ণা স্বৰূপা অসমীয়া মাতৃ বা বোৱাৰীগৰাকীয়ে পুহৰিপুৱাতে গা–পা ধুই আগদিনা ৰাতিয়েই তিয়াই–বুৰাই থোৱা ধুতি কাপোৰসাজ পিন্ধি, গোসাঁই ঘৰত নিত্য–নৈমিত্তিক পূজা–সেৱাৰ জা–যোগাৰ কৰি, ঘৰখনৰ প্রতিটো প্রাণীৰে মংগলৰ বাবে ধূপ–চাকিগছি লাই মংগলময় প্রার্থনাৰে দিনটোৰ শুভাৰম্ভ কৰে৷ আনহাতে উপজিপুৱাতে আগদিনা ৰাতিয়ে ধুই–পখালি থোৱা বাচন–বর্তনখিনি ধুই চোতাল–ঘৰ সাৰি–মচি পৰিষ্কাৰ কৰি থৈ আহে৷
খোৱাৰ সময়ত বজাৰৰ বস্তুৰে জা–জলপান দি ঘৰৰ গৃহস্থ লৰা–ছোৱালীক আপ্যায়ন কৰাটো সেই সময়ত অসমীয়া ঘৰ এখনৰ নাৰী এগৰাকীৰ মনত লজ্জাজনক কথা৷
পানী অকণ দি মোহাৰ মাৰিলেই কুমলি উঠা কোমল চাউলমুঠি, তেঁতেলি পাত যেন চিৰা দুটামান, লোওৱা পিঠাগুডি এলদা, খোলা চপৰীয়া পিঠা বা সান্দহ দু–আঁজলি যদি যতনাই থোৱা নাথাকে, সেইখন বাৰু অসমীয়াৰ আখল বা ৰান্ধনিশাল হলনে।
ফোনঃ ৯৯৫৪৬-৫৯৭৪৯
Comments are closed, but trackbacks and pingbacks are open.