ডাঃ এ আই চৌধুৰী
কুকুৰ কেনাইন প্রজিাতিৰ৷ বিশ্বত প্রায় ৪০০ স্বীকৃতিপ্রাপ্ত কুকুৰৰ বংশ আছে৷ ক্ষুদ্রতম আকৃতিৰ ভিতৰত উল্লেখিত হলPomercaniom/shiftTzo/Poodle আৰু ডাঙৰ আকৃতিৰ হিচাপেGreat dane/English mastiff/saint barnard কুকুৰক গণ্য কৰা হয়৷
আমাৰ সমাজত কুকুৰক অতীজৰে পৰা প্রভুভক্ত বুলি জনাজাত৷ কাৰণ ক্ষুদ্রতম আকৃতিৰ কুকুৰ ইতিহাসৰ পাঠত লিপিবদ্ধ খাদ্য বিষাকৰণৰ পৰা হাত সাৰিবলৈ ৰজা–মহাৰজা, সেনা বিষয়া, কর্মী, হাইপ্রফাইল ব্যক্তিসকলে কুকুৰ প্রয়োগ অতি প্রয়োজনীয় প্রথা আছিল হয়তো এতিয়াও আছে৷ ডাঙৰ আকৃতিৰ কুকুৰ দেশৰ সুৰক্ষা, ঘৰৰ সুৰক্ষাত এতিয়াও কাম কৰি আছে আৰু শত্রুৰ গতিবিধিতো নজৰ দিয়াত কুকুৰ ব্যৱহূত হৈ আহিছে৷
মধ্যম দেহৰ কুকুৰৰ বাবে প্রতিদিনে প্রায় আঢ়ৈশ গ্রাম মাংসৰ দৰকাৰ৷ ঘৰুৱা খাদ্য যেনে– ভাত, দাইল, আলু, দৈ কুকুৰক খাদ্য হিচাপে দিব পাৰি৷ পহৰাদাৰী ৰক্ষক কুকুৰক মাংসৰ পৰিমাণ ববাই দিব লাগে৷
প্রতিপালনৰ দিশটোলৈ লক্ষ্য কৰিলে প্রথম পদক্ষেপ হল বিভিন্ন টিকাকৰণ বয়স অনুসাৰে ৰোগ প্রতিৰোধক বেজী দিব লাগে৷ ১নং– ৫০ দিন ওপৰ প্রথম বেজী –DHLPPI, তাৰ ১৫ দিন পিছত ARV প্রথম বেজী৷ ২নং, প্রথম বেজীৰ এমাহৰ পিছতDHLPPI দ্বিতীয় বেজী, দ্বিতীয় ARV এমাহৰ পিছত আৰু প্রিয়দিক বেজী৷ কুকুৰৰ আয়ুসকাল ১৬ বছৰ৷ পোহনীয়া কুকুৰ চৰকাৰীভাৱে সঞ্চিকৰণ ব্যৱস্থা আছে৷ পৰজীৱী বাবে পশু চিকিৎসকৰ পৰামর্শমতে ঔষধ দিয়া দৰকাৰ৷
পোহনীয়া কুকুৰৰ পৰা মানুহলৈ বিয়পিব পৰা মাৰাত্মক বেমাৰ হল ৰেবিজ৷ এই বেমাৰৰ কোনো ঔষধ এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই৷ কিন্তুARV ৰেবিজ প্রতিৰোধ সক্ষম৷ সেয়েহে কুকুৰ বেজী দিয়াই হওক বা ষ্ট্রে কুকুৰ হওক কুকুৰে কামুৰিলে প্রতিৰোধকARV বেজী লোৱাটো অতি বাঞ্ছনীয়৷
আমাৰ বায়ুমণ্ডল যেতিয়া অতিৰিক্ত উষ্ম–গৰম হয় আৰু অতিৰিক্ত ঠাণ্ডা–শীত হয় এই সময়ছোৱাত বেজী দিয়া কুকুৰ বা বেজী নিদিয়া কুকুৰৰ চেলাইভাত মুখত ৰেবিজ ভাইৰাছ থাকিব পাৰে৷
চৰকাৰী চাকৰি জীৱন অভিজ্ঞতা, পদক্ষেপৰ ঘটনাৰ জৰিয়তে বেজীৰ ক্ষমতা আৰু ৰেবিজ বেমাৰৰ ভয়াৱহতা উল্লেখ কৰিব পাৰি৷ গুৱাহাটী উজানবজাৰ– যোৰপুখুৰীৰ বাসিন্দাৰ বনকৰা ছোৱালী আৰু মালিকক ঘৰৰ পোহনীয়া কুকুৰৰ কামোৰৰ চিকিৎসাৰ বাবে স্বাস্থ্য বিষয়াৰ নির্দেশতে বনকৰা ছোৱালীজনীক এআৰভি দিয়া হৈছিল, কিন্তু ঘৰৰ মালিকে বেজী নললে৷ প্রায় এমাহৰ পিছত মালিক ৰেবিজ বেমাৰ হৈ ঢুকাই থাকে৷ আৰু এটা বেজী লোৱা বনকৰা ছোৱালীজনী ৰেবিজমুক্ত হৈ জীয়াই থাকিল৷ ৰেবিজ ভাইৰাছ সাধাৰণ ৰদৰ তাপেই ধবংস কৰে৷ বাইটিংসকলে ঘৰত পটাছিয়াম পাৰমেঙেনে, কার্বলিক, চাবোন, ভিনেগাৰ ৰাখিব লাগে৷ যাতে কিবা কাৰণত কুকুৰৰ পৰা আঘাত পালে আঘাতপ্রাপ্ত অংশ কটৰাইচ নিজেই কৰি লৈ ডাক্তৰ পৰামর্শ লোৱাটো অতি উচিত৷ ৰঙিয়াৰ এখন গাঁৱৰ বিয়াত দৈ আপ্যায়ন কৰিছিল৷ গাখীৰ প্রস্তুত কৰিছিল গাইৰ গাখীৰেৰে৷ ঘটনাক্রমে এজনী গাই ৰেবিজ বেমাৰ হৈ মৰিছিল৷ ৰাইজৰ কেইগৰাকীমানে সেই সময়ৰ স্বাস্থ্যমন্ত্রী তথা বর্তমানৰ মুখ্যমন্ত্রীলৈ ঘটনাৰ বিৱৰণসহ আবেদন দিছিল, যত বিহিত ব্যৱস্থা লোৱাৰ নির্দেশ দিছিল যুটীয়া সঞ্চালক স্বাস্থ্য বিভাগলৈ৷ মন্ত্রী মহোদয়ে স্বাস্থ্য বিভাগৰ পৰা কামৰূপ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মতামত বিচাৰে৷ মই লগতে ডাঃ কমল কুমাৰ বৰা, ডাঃ তনুজ হাজৰিকা আৰু সেই সময়ৰ ৰঙিয়া ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডাঃ নাথৰ লগত আলোচনা আৰু বিশ্লেষণ কৰি মতামত দিলোঁ যে খাদ্য খোৱাৰ বাবে ৰেবিজ হব নোৱাৰে৷ দৈত লেক্টবেচিলা থাকে, যিয়ে হজম শক্তি ববাই, বেমাৰটো থাকিব নোৱাৰে৷ খাদ্যৰ দ্বাৰা ৰেবিজ হোৱা নাই৷ মন কৰিব লগাখিনি হল অসমত মহ বা গাইৰ গাখীৰ প্রায় গৰম নকৰাকৈ মাটিৰ পাত্রত থোৱা হয় দৈ প্রস্তুৰ বাবে৷ গাখীৰ উতলাওক ১০১ ডিগ্রী চেলচিয়াছত আৰু পানীৰ পাত্র উতলাওক ১০০ ডিগ্রী চেলচিয়াছত৷ এই উষতাত গাখীৰ বা পানীত কোনো ভাইৰাছ বর্তি থাকিব নোৱাৰে৷ পাত্রত দৈ প্রস্তুত হলে অলপ তললৈ বহে, পাত্রত দিয়া শুদ্ধ গাখীৰ পৰিমাণৰ পৰা পাত্রত দৈ হোৱালৈ অলপ পৰিৱর্তন হয়৷ দৈ প্রস্তুত গাখীৰ সংগ্রহত বহু ধৰণৰ কনটামিনেচ হব পাৰে৷ মানুহৰ হাতত, মুখত, পাচনতন্ত্রত ঘা থাকিব পাৰে৷ আগতীয়া সাৱধানতা দৰকাৰ৷ লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশ্লেষণ–পৰামর্শ লিপিবদ্ধ কৰিলোঁ৷ সেইমর্মে পিছদিনাই পুৱা এটি দল গাঁৱলৈ প্রেৰণ কৰে স্বাস্থ্য বিভাগে ভেকচিন দিয়াৰ বাবে বিনামূলীয়াকৈ৷
পোহনীয়া কুকুৰ প্রায় পৰিয়ালৰ মৰম৷ কৰণীয় কথাবোৰো প্রয়োজনীয়৷
Comments are closed, but trackbacks and pingbacks are open.