ভাৰ্গৱ কুমাৰ বৰুৱা
ঠিক কেতিয়াৰ পৰা! হয়তো এই ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ পৰৱৰ্ত্তী ক্ষণৰ পৰাই, হয়তো তাৰো পূর্বৰে পৰা “মন” আৰু “মানসিক” স্থিতিৰ পৰিচিতি,সক্ষমতা আৰু প্ৰভাৱৰ ওপৰত বিশ্লেষণ হৈ অহাৰ নানা প্ৰমাণ আৰু তথ্য পোৱা যায়। শাস্ত্ৰীয় আৰু পৌৰাণিক সময়ৰ লগত জড়িত উদ্ধৃত বিষয়টিৰ আলোচনা স্থানান্তৰত সুধী সকলে কৰি গৈছে। এই বিষয়ক আলোচনাৰ নিত্য-নতুন শাখাৰ উদ্ভাৱন আৰু বিশ্লেষণ এক চিৰ প্ৰবাহমান ধাৰা বুলি গন্য কৰিব পাৰি আৰু ইয়াৰ অন্তৰালৰ কাৰণো একেবাৰেই স্পষ্ট ,সেয়া হ’ল যেতিয়াৰ পৰা চৰাচৰৰ সৃষ্টি হোৱা বুলি ঠাৱৰ কৰা হৈছে তেতিয়াৰ পৰা কায়িক অস্তিত্বৰ সমান্তৰাল ভাবে মনৰ অস্তিত্ব আৰু মানসিক স্থিতিৰ বিষয়টিও এক বিস্মিত আৰু আলোচিত বিষয় হিচাবে গণ্য কৰা হৈ আহিছে। পৰবৰ্তীকালত এই বিষয়ৰ সুকীয়া আৰু পদ্ধতিগত অধ্যয়নৰ বিশালতা আৰু বিস্তৃতিয়ে বিষয়টিক এক স্বকীয় বিজ্ঞানৰ মাত্রা প্ৰদান কৰিলে লগতে ইয়াৰ বিকাশো ক্ৰমে,ক্ৰমে হৈ আহিব ধৰিলে।বিজ্ঞানৰ সকলো শাখাৰ ভিতৰত “মনোবিজ্ঞান”ক এতিয়া এক অন্যতম আৰু সবাতোকৈ প্ৰাথমিক তথা প্ৰাসংগিক শাখা বুলি মানি লোৱা হৈছে। বিশেষকৈ চিকিৎসা বিজ্ঞানৰ এক অবিচ্ছেদ্য অংগ হিচাবে ইয়াৰ গুৰুত্ব প্ৰতিনিয়ত বৃদ্ধি পাই গৈ আছে।সেই গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে সংগতিপূর্ণ ভাবে মানুহৰ মনোজগতৰ লগত জড়িত বিভিন্ন ধাৰণাবোৰৰ উৎপত্তি,অৱস্থিতি,স্থিতিৰ কাৰণ আৰু কাৰকবোৰৰ বিশ্লেষণ আৰু ইয়াৰ প্ৰভাৱৰ ওপৰত নিতৌ নতুন,নতুন আশ্চর্যজনক তথ্য আৰু ইয়াৰ বৈজ্ঞানিক ব্যাখ্যা আমাৰ সন্মুখলৈ আহি আছে।
তেনে এক বিশেষ ধাৰণা আৰু তাৰ লগত জড়িত কিছু প্ৰাসংগিক কথাই হ’ল আমাৰ এই লেখাৰ মূল উপজীব্য। বিংশ শতিকাৰ প্ৰায় মাজভাগত ১৯৫৫ চনত পাশ্চ্যাত্যৰ দুই প্ৰসিদ্ধ মনোবিজ্ঞানী জোসেফ লুফ্ত আৰু হাৰিংটন ইংহামে “মনোবিজ্ঞান” আৰু তাৰ লগত ওত:প্রোতভাবে জড়িত এক বৰ আকৰ্ষণীয় আৰু চমৎকাৰী ধাৰণাৰ ওপৰত সুন্দৰ বিশ্লেষণ আৰু বিশদ ব্যাখ্যা আগবঢ়াইছিল।এই আলোচ্য ধাৰণাটোৰ নাম হ’ল “জোহাৰি উইণ্ড’ “। দুই মহান বিজ্ঞানীৰ নামেৰেই উক্ত ধাৰণাৰ নামাকৰন কৰা হৈছিল।ইয়াৰ ব্যৱহাৰ আৰু বিকাশে মানৱ সভ্যতাৰ মানসিক স্বাস্থ্যৰ আৰু মনৰ স্থিতিৰ লগতে ব্যক্তি বিশেষৰ ব্যক্তিত্বৰ ভিন্ন দিশৰ ওপৰত অধ্যয়নৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰিছিল।
“জোহাৰি উইণ্ড’ ” হ’ল এনে এক ধাৰণাৰ বিকাশ আৰু ব্যৱহাৰ যাৰ জৰিয়তে মানুহৰ মনৰ চাৰিটা ভিন্ন স্থিতিৰ ঝলক পাব পাৰি। মনোবিজ্ঞানীদ্বয়ে এই ধাৰণাটোক মানুহৰ মনৰ চাৰিখন খিৰিকীৰ লগত তুলনা কৰি ধাৰণাটোৰ উদ্ভৱ আৰু বিকাশ সাধন কৰিছিল।ব্যক্তিগত তথা সামাজিক জীৱনত ইয়াৰ ব্যৱহাৰৰ জড়িয়তে মানুহৰ আচৰণ,প্ৰবৃত্তি ইত্যাদিৰ সম্যক ধাৰণাৰ বোধ কেনেকৈ পাব পাৰি ,ইয়াৰ প্ৰভাৱ কোনবোৰ ক্ষেত্রত কেনে হ’ব পাৰে তাৰ ওপৰত সুন্দৰ আৰু প্ৰামাণ্য তথ্য সম্বলিত এক যুক্তিসংগত বৈঞ্জানিক ব্যাখ্যা আৰু বিশ্লেষণ আগবঢ়াই আমাৰ মনোজগতৰ সত্য উদঘাটনৰ ক্ষেত্রত তেওঁলোকে কিছু যুগান্তকাৰী সিদ্ধান্ত দি থৈ গৈছে। জোসেফ আৰু হাৰিংটনৰ দ্বাৰা উদ্ভাৱিত আৰু বিকশিত ধাৰণাটোৰ আভাস তেওঁলোকে এনেকৈ দিছে, “আমাৰ মানুহৰ মনৰ চাৰিখন বিশেষ খিৰিকী থাকে যাৰ জৰিয়তে আমি আমাৰ নিজৰ আৰু আনৰ বিশেষকৈ যিবোৰ মানুহৰ লগত আমাৰ জীৱন ভিন্ন সময়ত,বিভিন্ন দিশত আৰু ভিন্ন কাৰণত,বেলেগ,বেলেগ সম্পর্ক গঢ়ি উঠে তেনে মানুহবোৰৰ আচৰণ আৰু চাৰিত্ৰিক দিশবোৰত দৃষ্টি নিবদ্ধ কৰিব পাৰোঁ আৰু ইয়াৰ উন্নত অৱস্থাৰ বাবে কাম কৰিব পাৰোঁ। ইয়াতে বিজ্ঞানীদ্বয়ে এক বিশেষ “আৰেখ” (Diagram)ৰ সহায়ত সম্পূর্ণ ধাৰণাটোৰ আভাস দিবলৈ চেষ্টা কৰিছে।তেওঁলোকৰ মতে মানুহৰ মনৰ চাৰিটা স্থিতিয়েই চাৰিখন খিৰিকীৰ দৰে যেনে (১) নিজৰ বাবে নিজৰ প্ৰকাশ্য পৰিচয়, (২) আনৰ বাবে নিজৰ প্ৰকাশ্য পৰিচয়, (৩) নিজৰ বাবেই নিজৰ অপ্ৰকাশ্য পৰিচয় আৰু (৪)আনৰ বাবে নিজৰ অপ্ৰকাশ্য পৰিচয়। ইয়াক আকৌ আন চাৰিটা স্তৰত এনেদৰে বিভক্ত কৰা হৈছে (ক) মুকলি, (খ) অলক্ষিত(গ) গুপ্ত আৰু (ঘ)অজ্ঞাত। এই চাৰিখন খিৰিকীৰ যিকোনো এখন খুলিলেই আৰু উল্লেখিত স্তৰ সমূহৰ যিকোনো এটা স্তৰত এজন মানুহৰ চৰিত্ৰ বা আচৰণৰ কিছুমান দিশ নিজৰ ওচৰত আৰু আনৰ ওচৰত প্ৰত্যক্ষ হয়। আকৌ গোটেই কেইখন খিৰিকীৰে ভালকৈ জুমি চালে বা ওপৰোক্ত প্ৰতিটো স্তৰত ক্ৰমান্বয়ে উপনীত হ’ব পাৰিলে আমাৰ নিজৰ বিষয়ে বা সেই মানুহ জন,যাৰ মনৰ খিৰিকীৰে আমি জুমি চাব খোজোঁ তেওঁৰ বিষয়ে প্ৰায় সকলো খিনিয়ে জনাটো সম্ভৱপৰ হৈ উঠে।
প্ৰখ্যাত মনোবৈজ্ঞানিক দুজনাই ধাৰণাটোৰ উদ্ভৱ কৰাৰ পিছত ইয়াৰ বিকাশ আৰু ব্যৱহাৰৰ বাবেও বহুখিনি কাম কৰিছে। এই ধাৰণাটোৰ জড়িয়তে ঘাইকৈ আত্মানুসন্ধান,আনক বুজাৰ চেষ্টা আদিৰ দৰে কিছু দুৰূহ অথচ নিত্যান্তই প্ৰয়োজনীয় আৰু প্ৰাসংগিক কাম কৰি ব্যক্তিবিশেষে নিজৰ নৈতিকতা, আধ্যাত্মিকতা,বৌদ্ধিকতা আদিৰ বিকাশ সাধনৰ লগতে আনৰো এনেবোৰ দিশৰ সংশোধন কৰিব পাৰে। সমাজ জীৱনৰ বিভিন্ন ক্ষেত্রত বিভিন্ন মানুহৰ লগত সুসম্পর্ক স্থাপন আদি কৰিব পাৰে আৰু বিশেষ ভাবে এইবোৰৰ উৎকৰ্ষ সাধন কৰি নিজৰ ব্যক্তিত্বৰ সুপ্ৰভাৱেৰে নেতৃত্বৰ দৰে দিশত আগুৱাই লৈ যাব পাৰে,নিজৰ বাবে এই খিৰিকী কেইখন খুলি আনৰো মনৰ খিৰিকীৰে জুমি চাব পাৰে (সৎ অভিপ্রায় আৰু সৎ উদ্দেশ্য আগত ৰাখি) । এই ধাৰণাটোৰ ব্যৱহাৰৰ বাবেও ইয়াৰ উদ্ধাভৱক আৰু বিকাশকাৰী সকলে কেতবোৰ বিশেষ নীতি-নিৰ্দেশনা আগবঢ়াই থৈ গৈছে। স্থানান্তৰত ইয়াৰ বিতং আৰু বৃস্তিত আলোচনা হৈছে আৰু আগলৈও হ’ব বুলি আমি আশাবাদী। আমাৰ এই লেখাত ধাৰণাটোৰ বিষয়ে একেবাৰে থূলমূল এক আভাস দিয়াৰহে প্ৰয়াস কৰা হৈছে এই আশা আগত ৰাখি যে, মানুহৰ মনৰ স্বাস্থ্য আজিকালি কায়িক স্বাথ্যৰ তুলনাত দ্ৰুতভাৱে অৱনতিৰ দিশে যোৱাটো পৰিলক্ষিত হয়। সৰু, সৰু কথাতে খং, অভিমান বৃদ্ধি হৈ গৈ আছে আৰু আটাইতকৈ উদ্বেগজনক ভাবে একেবাৰে সামান্য কথাতেই চূড়ান্ত হঠকাৰী সিদ্ধান্ত লোৱা দেখা যায় যিটো সকলোৰে বাবে অবাঞ্চিত আৰু অনাকাংক্ষিত।
আহক আমি প্ৰথমে নিজক, নিজৰ মনক চিনি লৈ পৰিশোধন কৰোঁ তাৰ পাছত আন দহকো সুসংস্কাৰিত কৰোঁ,এখন সুন্দৰ আৰু সুস্থিৰ সমাজৰ খাতিৰত।দৈহিক স্বাস্থ্যৰ লগতে মনৰ স্বাস্থ্যৰো খবৰ ৰাখো ,সুস্থ মানসিকতা অটুট ৰাখো বা বৃদ্ধি কৰোঁ, মনৰ খিৰিকীৰে জুমি চাইয়েই যদি সৰল আৰু সুলভ ভাবে নিজলৈ আৰু সমাজলৈ বুলি সুন্দৰৰ বাতৰি কঢ়িয়াই অনাটো সম্ভৱ তেন্তে অন্য চিন্তাৰ জটিলতা বা অন্য ব্যয়বহুলতা কিয়?
Comments are closed, but trackbacks and pingbacks are open.