অনুপমা ডেকা
‘গ্ৰীষ্মকালীন বন্ধ’ অধীৰ অপক্ষাৰে বাট চোৱা এক মধুময় সময়। এক কথাত ক’বলৈ গলে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ মাহজোৰা জিৰণি। এই ‘গ্ৰীষ্মকালীন বন্ধ’ বা গৰমৰ বন্ধৰ আৰত নিহি:ত হৈ থাকে শৈশৱৰ কিছু সুন্দৰ মুহূৰ্ত। সেই সুন্দৰ মুহূৰ্তবোৰ এতিয়াৰ পটভূমিত যেন স্মৃতিৰ এখিলা পাত হৈ পৰিছে। পূৰ্বে যেনেদৰে গৰম বন্ধ উপভোগ কৰা গৈছিল সেই মুহূৰ্তবোৰে আজিও বহুতকে নষ্টালজিক কৰি তোলে। গ্ৰীষ্মকালীন বন্ধত সি চহৰতে থকাই হওক বা গাঁওতে থকাই হওঁক মামাৰ ঘৰলৈ যোৱাৰ হেঁপাহ আৰু ইয়াৰ বাবে চলোৱা প্ৰস্তুতি আজিৰ প্ৰজন্মই গৰম দিনত কটোৱা সময়বোৰ পৰা সম্পূৰ্ণ পৃথক আছিল। সেই মূধময় সময় যিয়ে অতিক্ৰম কৰি আহিছে তেওঁহে ইয়াৰ গুৰুত্ব বাৰুকৈয়ে উপলদ্ধি কৰিব পাৰে। এতিয়াৰ প্ৰজন্মৰ বহুতেই গৰমৰ বন্ধত মামাৰ ঘৰলৈ যোৱাৰ সুকীয়া মাদকতা উপলব্ধি কৰিব নোৱাৰা বুলি কলেও মিছা কোৱা নহ’ব। যুগৰ পৰিৱৰ্তনৰ ফলতেই হওক বা আজিৰ সময়ত একক পৰিয়ালত থাকি ভালপোৱাৰ বাবে হওঁক যৌথ পৰিয়ালৰ মৰম চেনেহবোৰ যেন কোনোবাখিনিত এলাগী হৈ পৰিছে। তাৰমাজতো কেৱল গ্ৰামাঞ্চলতে নহয় নগৰ, মহানগৰৰত দুই এক যৌথ পৰিয়াল দেখা পোৱা যায় যিয়ে আজিও গৰমৰ বন্ধত মামাৰ ঘৰলৈ যোৱাৰ পৰম্পৰা অব্যাহত ৰাখিছে।
সেই যে জুন মাহলৈ সকলোৱে অধীৰ অপেক্ষা কৰা সময়কণ, মামাৰ ঘৰত কি কি খাব তাৰ তালিকা প্ৰস্তুত কৰা, কেনেদৰে বাৰীৰ ফল খাব, পুখুৰীৰ মাছ কেনেকৈ ধৰিব, কি কি খেলিব, তাকলৈ দীর্ঘদিন ধৰি প্ৰস্তুতিও আছিল অন্তহীন । এই প্ৰস্তুতিৰ মাজতে আছিল এক নিৰ্ভেজাল মৰমৰ বান্ধোন । অতি মৰমৰ মামাকৰ ঘৰখনলৈ গলেও বিদ্যালয়ৰ পৰা এমাহৰ বাবে ঘৰত কৰিবলৈ দিয়া পঢ়া- শুনাৰ কামো লগত নিয়া, লগতে বাহিৰা বহীখন লগত লৈ যোৱাটো বাধ্যতামূলক আছিল। সেয়েহে বিদ্যালয়ৰ পৰা গৰম বন্ধ দিয়াৰ আগদিনা প্রায়ে নিজৰ শ্ৰেণী কোঠাৰ ভিতৰত বন্ধু-বান্ধৱীৰ সৈতে স্কুলৰ ইউনিফৰ্মত চিয়াঁহী মাৰি ইজনে সিজনক বিদায় দি কৰা মৰমৰ উৎপাতবোৰ আজিও হয়তো বহুতৰে স্মৃতিৰ মানস পতত সজীৱ হৈ আছে। আজি ইস্কুল খোলা, মামাই দিব চোলা, আজি ইস্কুল বন্ধ গোলাপ ফুলৰ গোন্ধ’ এনেদৰে চিঞৰি, চিঞৰি লাভ কৰা অনাবিল আনন্দবোৰে নিশ্চয়কৈ সকলোকে শৈশৱৰ মধুময় দিনবোৰলৈ লৈ যায়। মামা আৰু ভাগিন-ভাগিনীৰ মাজত থকা সম্পৰ্ক অভিন্ন।
অতীজৰে পৰা মামা আৰু ভাগিন-ভাগিনীৰ মাজত থকা সম্পর্কই এক বিশেষ ভূমিকা পালন কৰি আহিছে। মামাৰ ঘৰত নিজৰ পচন্দমতে খেলা-ধূলা কৰাৰ লগতে বাহিৰা বহীত বিভিন্ন কাম কৰা, ছবি আঁকি সময় কটোৱা, পুখুৰীত সাঁতুৰি নাডুৰি ফুৰা সময়বোৰ, খাল বিল সিঁচি মাছ ধৰা আনন্দ, উদৰ পুৰাই শাকে-মাছে খোৱা দিনবোৰে নিশ্চয়কৈ সকলোকে আমনি কৰে। বিশেষকৈ বিদ্যালয়ত একে লেথাৰিয়ে পঢ়া-শুনা কৰি একঘেমিয়া হৈ পৰা জীৱনৰ পৰা অলপ আতৰি আহি কেৱল সেউজীয়াৰ মাজত উমলি যামলি ফুৰা দিনবোৰ চিৰ সেউজ। পুৱাৰ সেউজীয়া পথাৰখনৰ সৌন্দৰ্যই হাত বাউলি দি মতা, ঘৰৰ চোতালত বহি তৰা গণা পৰ্বৰ মাদকতাও আছিল সুকীয়া।
উৎকট গৰমত থাকিব নোৱাৰি বাঁহৰ বিচনীখত হাতত লৈ কোমল মনৰ শিশুবোৰে কোনে কিমান বাৰ বিছিলে তাকে লৈ প্ৰতিযোগিতা কৰা, একান্তমনে ককা-আইতাৰ মুখৰ পৰা সাধু শুনি নিজকে সেই সাধুৰ চৰিত্ৰৰ মাজতে বিচাৰি লোৱা,কেতিয়াবা দিনৰ আন্দোলিত আকাশখনে মাদল বজোৱালৈ চাই কল্পনাত বিভোৰ হোৱা, সন্ধিয়া ঢাৰি-পাতিত বহি ,কেতিয়াবা শুই ফৰকাল আকাশখনৰ ফালে চাই, কেতিয়াবা আকৌ জোনাকী পৰুৱাৰ পোহৰেৰে জিলমিলাই থকা চোতালখনতলৈ চাই,নিশা যিমানেই গভীৰ হয় সিমানেই দূৰৈৰ পৰা নিগৰি অহা জিলিৰ মাত শুনি যি এক আনন্দ লাভ কৰা গৈছিল সেইবোৰ সুখ, আনন্দ আন কাৰোৰে সৈতে তুলনা নহয়।
গৰমৰ বন্ধৰ দিনকেইটাত প্ৰত্যেকৰ জীৱনত শৈশৱৰ সোণালী দিনবোৰৰ বহু স্মৃতি বিজড়িত হৈ থাকে। এতিয়াৰ প্ৰজন্মই ‘গৰম বন্ধ’ বুলি কলে ‘চামাৰ কেম্প’ কৰিবলৈহে সাজু হয়। ১০-১৫ দিবৰ বিভিন্ন আকৰ্ষণীয় কৰ্মশালাৰ বাবেহে তেওঁলোক আগ্ৰহী হয়। তেনেদৰে বিভিন্ন কৰ্মশালাত ব্যস্ত হৈ থাকোতে বিদ্যালয় খোলাৰ সময় আহি পৰে। গৰমৰ বন্ধত মামাৰ ঘৰখনলৈ যোৱাৰ যি আনন্দ সেই ঘৰখনৰ পৰা উভতনি যাত্ৰাও আছিল বৰ বেদনাদায়ক। কেৱল মৰমতে উমলি জামালি এমাহ সময় অতিবাহিত কৰাটো কিমান সুখকৰ আজিল,সেয়া উপলদ্ধি কৰাটো কঠিন। সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত ‘গৰমৰ বন্ধ আৰু মামাৰ ঘৰখন এক নষ্টালজিক’ হৈ পৰিছে।
Comments are closed, but trackbacks and pingbacks are open.