ঈংগমাৰ বাৰ্গমেনৰ চলচ্চিত্ৰ কীৰ্তি

দীপক কুৰ্মী

চার্লি চেপলিন, গ্রিফিথ, আইজেনস্টাইন, আকিবৰা কুৰোশ্বাৱা, সত্যজিৎ ৰায়, আন্তোনিয়নিৰ দবে ছুইডেন ঈংগমাৰ বাৰ্গমেনো আছিল চলচ্চিত্রক এক উচ্চতম আধুনিক শিল্পৰূপত প্রতিষ্ঠা দিয়াৰ অন্যতম কাণ্ডাৰী পৰিচালক। বাৰ্গমেনৰ একোখন চলচ্চিত্ৰৰ আলোচনা একোখন গ্রন্থতহে সম্পূৰ্ণ হ’ব পাৰে। বাৰ্গমেনৰ চলচ্চিত্ৰত বেছিকৈ নিসংগতা, প্রেম, মৃত্যু আৰু ঈশ্বৰ সম্বন্ধীয় কথাই ভৰপূৰ হৈ আছে।

১৯৪৪ চনত বার্গমেনে চিনেমা পৰিচালনা কৰাৰ আগতে চিত্রনাট্য ৰচনাৰ কাম কৰে। ছবিখন পৰিচালনা কৰে Alf Sjoberg-এ. ছবিখনৰ নাম আছিল—’Hets’ (Torment)। এই ছবিখনৰ পিছতেই বাৰ্গমেনে প্রথম পৰিচালনা কৰে ‘Crisis’ (১৯৪৫)। ছবিখনৰ চিত্রনাট্য Leck Fischerৰ নাটক Moderdyretৰ আধাৰত বাৰ্গমেনে নিজে ৰচনা কৰিছিল। জীৱনত মানুহে সম্মুখীন হোৱা সকলো সমস্যা যদি সহ্য কৰিবলগীয়া হয়, জীৱনৰ সমগ্ৰ বিৰোধিতাৰ যদি মুখামুখি হ’বলগীয়া হয়, জীৱনৰ সকলো আক্রমণ যদি প্ৰতিৰোধ কৰিবলগীয়া হয়, মানুহে যদি নিজস্ব স্থিতি বজায় বাখিব বিচাৰে, তেন্তে নাৰী- পুৰুষে পৰস্পৰৰ কাষলৈ অহাৰ আদিমতম প্রয়োজনটো উপলব্ধি কৰিব লাগিব। অৱশ্যে এই উপলব্ধিৰ পিছতো নিসংগতাৰ পৰা মুক্তি পোৱা নাযায়, একাকীত্বৰ যন্ত্ৰণাৰ পৰাও পৰিত্ৰাণ ‘Crisis’ৰ নায়িকাক এজন লম্পট যুৱকে প্রলোভন দেখুৱাই বিপথে পৰিচালিত কৰিব বিচাৰে, তাইৰ চৰিত্ৰ নষ্ট কৰিব বিচাৰে, কিন্তু তাকে কৰিবলৈ গৈ যুৱকজন নায়িকাৰ গভীৰ প্ৰেমত পৰে। ইয়াৰ পৰৱৰ্তী ছবি, ‘It rains on our Love’. এই ছবিখনতো একেই আদর্শ প্রতিফলিত হৈছে। দুগৰাকী দুর্দশাগ্রস্ত নাৰী-পুৰুষ ৰে’ল ষ্টেশ্যনত লগ লাগি দুয়ো একেলগে পৃথিৱীৰ সমগ্ৰ পাপৰ মুখামুখি হোৱাৰ সিদ্ধান্ত লয়।

বাৰ্গমেনৰ পৰৱৰ্তী তিনিখন ছবি হৈছে ‘A Ship Bound For India’, ‘Music in Darkness’, ‘Towards joy’. এই ছবিসমূহৰ যোগেদি নৰ-নাৰীৰ প্ৰেম আৰু যৌনতাৰ ৰহস্য বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিছে। ‘A Ship Bound for India,’ ফৰাচী চলচ্চিত্ৰ ৰীতিৰ দ্বাৰা সামান্য প্রভাৱিত। ভাৰতলৈ যাত্ৰা কৰা জাহাজখনত আছিল চাৰিগৰাকী যাত্রী—এগৰাকী মধ্যবয়স্ক কেপ্টেইন, তেওঁৰ পত্নী আৰু বিকলাংগ পুত্র। এই বিকলাংগ পুত্ৰৰ প্ৰেমত পৰে এগৰাকী যুৱতী। মানৱিক সম্পৰ্কৰ ঘাত-সংঘাত তুলি ধৰা হৈছে ছবিখনত। ১৯৪৮ চনত নির্মিত ‘Music in Darkness’ত তুলি ধৰিছে সামৰিক বাহিনীত থাকোঁতে অন্ধ হৈ পৰা এজন যুৱকৰ কাহিনী। তেওঁৰ একমাত্র সংগী এগৰাকী অভাৱগ্রস্ত যুৱতী। যুৱকৰ খং, অভিমান, ভাল লগা, বেয়া লগা প্রতিটো মুহূৰ্তৰ সংগী হয় যুৱতীগৰাকী। এজন বিকলাংগ পুৰুষ লাহে লাহে নীৰৱে কেনেদৰে হীনমন্যতাত আক্রান্ত হয় সেই কথাকেই বার্গমেনে ‘Music in Darkness’ত কৈছে। ছবিখনত বাৰ্গমেনৰ যৌৱনকালৰ চিন্তা প্রতিফলিত হৈছে। বাৰ্গমেনৰ দুখ আৰু ব্যক্তিগত নৈৰাশ্যৰ ভাবাৱেগে চুই গৈছে ‘Towards Joy’ নামৰ ছবিখন। ছবিখনত তেওঁ বৈবাহিক সম্পৰ্কৰ ভাঙোনৰ কাৰণ সন্ধান কৰিছে।

১৯৫০ চনত নির্মিত ‘This can’t Happen Here’ এখন অর্ধ ৰাজনৈতিক কাহিনীৰ ছবি। ৰাছিয়াৰ আক্ৰমণৰ সময়ত ছুইডেনত আশ্রয় ল’ব বিচাৰে এগৰাকী ৰাছিয়ান যুৱতীয়ে। কিন্তু চৰকাৰী কর্তৃপক্ষ আৰু আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গৈছে।

বাৰ্গমেনে নিজৰ কাহিনীৰে নিৰ্মাণ কৰা ‘Port of Call’ আৰু ‘Prison’ত প্রথম মৌলিকতাৰ পৰিচয় পোৱা যায় বুলি সমালোচকসকলে মন্তব্য কৰিছে। দুয়োখন ছবি নির্মাণ হৈছে ১৯৪৮ চনত। ‘Port of Call’ত শত্রুতাপূর্ণ এই পৃথিৱীত এহাল তৰুণ প্রেমিক-প্রেমিকাৰ সংগ্ৰামৰ কাহিনী কোৱা হৈছে।

‘Films and Filming’ গ্ৰন্থত চলচ্চিত্ৰ পৰিচালক বাৰ্গমেনে নিজৰ সম্পৰ্কে কৈছে যে ছবি নিৰ্মাণ কৰাটো তেওঁৰ বাবে খুব স্বাভাৱিক তাগিদা। ভোক লাগিলেই খোৱাৰ দৰে চিনেমা নির্মাণ কৰিবলৈ মন গ’লেই তেওঁ চিনেমা নির্মাণ কৰিছিল। চিনেমা নির্মাণ সম্বন্ধে তেওঁ তিনিটা অনুশাসন মানি চলিছিল। একঃ চিনেমা নির্মাণ কৰি আনন্দ লাভ কৰা। দুইঃ সকলো সময়তে শৈল্পিক চেতনা মানি চলা। তিনিঃ চিনেমা নির্মাণ কৰোঁতে মনত ৰাখিব, এইখনেই যেন আপোনাৰ শেষ ছবি।

১৯৫১ চনত নির্মিত ‘Summer Interlude’ নির্মাণ কৰাৰ সময়ত বাৰ্গমেনৰ বয়স আছিল ৩২ বছৰ। ছবিখনৰ কাহিনী নির্মাণ হৈছে মাৰী নামৰ এগৰাকী জনপ্রিয় বেলে নর্তকীৰ জীৱনক কেন্দ্ৰ কৰি। তাই ৰিহাৰ্ছেল কৰি থাকোঁতে ১৩ বছৰ আগতে মৃত্যু হোৱা তাইৰ প্ৰেমিক হেনৰিকৰ এখন ডায়েৰীৰ পাৰ্ছেল পায়। ছবিখনৰ ফ্লেছবেকত দেখা গৈছে মাৰী আৰু হেনৰিকৰ প্ৰেমৰ দিনবোৰ। দুয়োৰে ঘৰ দুখন মৃত্যু ছায়াত আচ্ছন্ন। মাৰী মাকৰ মৃত্যুৰ শোকত আচ্ছন্ন। হেনৰিক থাকে পেহীয়েকৰ লগত। কেন্সাৰ ৰোগত আক্ৰান্ত হৈ তাৰ পেহীয়েকো এদিন ঢুকাই থাকিল। মৃত্যুৰ শোকে বিৰাজ কৰা ঘৰ দুখন এৰি দুয়ো গুচি আহে। শিশুৰ দৰে দুয়ো ঘূৰি ফুৰে আৰু যৌন মিলনত সিহঁতৰ প্ৰেমে পূর্ণতা লাভ কৰে। দুয়ো সম্পূর্ণ সুখী। কিন্তু হঠাৎ নামি আহিল দুখৰ দিন। এদিন ছুইমিং পুলত ডাইভ দিবলৈ গৈ শিলত খুন্দা খাই হেনৰিকৰ মৃত্যু ঘটে। মাৰী ভাগি পৰে। তাই কয়-‘ভগৱান নাই। থকাহেঁতেন তাৰ মুখত থুৱালোহেঁতেন।’ নৃত্যৰ মাজতে তাইৰ বাকী জীৱন উছৰ্গা কৰে। এই সময়তে মাৰীৰ প্ৰেমত পৰে ডেভিদ নামৰ এগৰাকী সাংবাদিক। ডেভিদক তাই হিনৰিকৰ ডায়েৰীখন পঢ়িবলৈ উপহাৰ দিয়ে। ডেভিদ হৈছে শূন্যতাৰ ভয়ত পিষ্ট মাৰীৰ শেষ আশ্রয়। বাৰ্গমেনৰ ছবিৰ চৰিত্ৰৰ মাজত এই প্রথম আশাবাদ প্রকাশ কৰা হৈছে। ১৩ বছৰ আগতে সমাপ্তি ঘটা স্মৃতিক নেওচি তাই বাস্তৱৰ মুখামুখি হৈছে ডেভিদৰ প্ৰেমক স্বীকাৰ কৰি। ডেভিদে সাংবাদিকতাক লৈ ব্যস্ত, তাইৰ নৃত্যৰ মোল নুবুজিলেও কথা নাই, সিয়ে তাইক ভাল পায় সেয়াই যথেষ্ট।

কিন্তু আন এখন ছবি ‘Summer with Monica’ত মণিকা আৰু হেৰী নামৰ নাৰী-পুৰুষ চৰিত্ৰ দুটা কিন্তু মাৰী আৰু হেনৰিকৰ বিপৰীত। মণিকা অনৈতিকতা আৰু কামুকতাত আক্রান্ত। মাৰীৰ দৰে তাই ৰোমাণ্টিক নহয়, Cynical, সর্বদা যৌন উত্তেজনাত তৃপ্ত। মণিকা অতি বাস্তৱবাদী। । ছবিৰ শেষ দৃশ্যত দেখা গৈছে কেফে এখনত বহি থকা মণিকাই এজন মানুহৰ সৈতে অন্তৰংগ সম্পর্ক গঢ়ি তোলে আৰু মানুহজনকলৈ ওলাই আহে। এইবাৰ তাইৰ Close-up শ্বট দর্শকৰ ফালে, তাইৰ চাৰিওফালে পর্দা অন্ধকাৰ হৈ যায়৷

আন এখন উল্লেখযোগ্য ছবি হৈছে ‘Waiting Women’৷ ছবিখনত দেখা গৈছে চাৰিজন ভাতৃৰ পত্নীসকলে তেওঁলোকৰ পতিসকল অহাৰ অপেক্ষা কৰিছে। প্রত্যেকেই নিজৰ বিয়া সম্পর্কে একোটাকৈ গল্প কৈছে। প্রতিটো গল্পত ফুটি উঠিছে বিয়া আৰু দাম্পত্য জীৱন সম্পর্কে ভিন্ন দৃষ্টিভংগী। বাৰ্গমেনৰ ‘Wild Strawberries’কে বহু সমালোচকে শ্রেষ্ঠ ছবিৰূপে আখ্যা দিব খোজে। ছবিখনৰ নায়ক আঠসত্তৰ বছৰীয়া, এক বৃদ্ধ, নাম— আইজাক বর্গ। তেওঁ এগৰাকী বিখ্যাত বেক্টেৰিঅ’লজিষ্ট। জীৱনৰ শেষ প্রান্তত উপনীত হৈ তেওঁ এটি পুৰস্কাৰ গ্ৰহণ কৰিবলৈ এখন বিশ্ববিদ্যালয়লৈ ৰাওনা হৈছে। এই যাত্রাকালীন স্মৃতি সোঁৱৰণ আৰু স্বপ্নই ছবিখনৰ প্ৰধান ঘটনা। ছবিখনৰ কাহিনীৰ দৈর্ঘ্য দুপৰীয়াৰ পৰা নিশা প্ৰথম প্ৰহৰলৈকে। যাত্ৰাৰ সময় বর্গে তেওঁৰ অহংকাৰ, আত্মকেন্দ্রিকতা আৰু অনুভূতিহীনতাৰ আত্মসমীক্ষা কৰে, বাৰ্গমেনে কৰে বৰ্গৰ সমীক্ষা আৰু দৰ্শকে দুয়োৰে সমীক্ষা বিশ্লেষণ কৰি ত্রিমাত্রিক সমীক্ষা লাভ কৰে। বৰ্গ, তেওঁৰ মাক, পত্নী, পুত্ৰ আৰু বোৱাৰী সকলোৱে নিসংগতা, যন্ত্রণা, বিচ্ছিন্নতা, অসহায়তাৰ চিকাৰ। এইবোৰ হৈছে আধুনিক প্রযুক্তি সভ্যতাৰ বিকাৰ।

আনহাতে বহু সমালোচকে বাৰ্গমেনৰ অসাধাৰণ শিল্পকর্ম ‘The Seventh Seal’ক শ্রেষ্ঠ ছবি আখ্যা দিব খোজে। এই ছবিখন বাৰ্গমেনে নিৰ্মাণ কৰিছে স্বৰচিত ‘Painting on wood’ নামৰ এখন একাংকিকা নাটৰ আধাৰত। নাটখন ‘The Seventh seal’ত দর্শন ইতিহাস আৰু কাব্যলৈ ৰূপান্তৰিত হৈছে। যুদ্ধৰ পৰা উভতি আহোঁতে পথত নাইট এন্তনিয়াছ ব্লকে মুখামুখিকৈ দবাখেলত বহিছে মৃত্যুৰ সৈতে। যুদ্ধক্ষেত্ৰত মৃত্যুৰ বীভৎস কিৰীলিৰ সৈতে মুখামুখি হোৱা নাইটে সর্বশক্তিমান মৃত্যুক পৰাজিত কৰিবলৈ দবা খেলিছে। শেষত নাইটে কৈছে— ‘এই অন্ধকাৰত তোমাৰ শাস্তিৰ বাবে অপেক্ষাৰত আমি সকলে তোমাকেই মাতো প্রভু, কৰুণা কৰা, আমাক ৰক্ষা কৰা, আমি ক্ষুদ্র, ভয়াতুৰ আৰু অজ্ঞ। ঠিক একেদৰেই বহু সন্মান, অভিজ্ঞতা লাভ কৰা ‘Wild Strawberries’ৰ আইজাক বর্গে কয়— ‘We are small, frightened and ignorant.’ নাইটৰ চৰিত্ৰত অসাধাৰণ অভিনয় কৰিছিল মেক্স ভন ছিডোৱে। ছবিখনে কান আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত বিশেষ পুৰস্কাৰ লাভ কৰিছিল।

‘Touch’ বাৰ্গমেনৰ প্ৰথম ইংৰাজী ছবি। বহু সমালোচকে এই ছবিখনক সাধাৰণ প্ৰেমৰ ছবি বুলিয়ে কৈছে যদিও প্রেম আৰু নিসংগতাই বাৰ্গমেনৰ ছবিৰ প্ৰধান বিষয়। তাৰোপৰি আছে ধৰ্ম আৰু প্রেম, প্রাচীন ঐতিহ্য আৰু আধুনিক সভ্যতাৰ সংঘাত, মানুহৰ সৈতে মানুহৰ সম্পৰ্ক, নাৰী আৰু পুৰুষৰ জীৱনত নিয়তিৰ প্ৰভাৱ, মানুহৰ একাকীত্বৰ যন্ত্রণা আদি। মৃত্যুৰ ভয়ংকৰ ৰূপ বাৰ্গমেনে চিত্ৰিত কৰিছে ‘The Virgin Spring’ত। এই ছবিখনত মৃত্যু আৰু ঈশ্বৰক অনা হৈছে নাটকীয় দৃশ্যৰ যোগেদি। ছবিখনত কাৰিন নামৰ এগৰাকী যুৱতীক এদল পশুপালকে পাশৱিকভাৱে ধৰ্ষণ কৰে। এই দৃশ্য বাৰ্গমেনে এটি শিশুৰ দৃষ্টিৰে তুলি ধৰিছে। । যুৱতীক হত্যা কৰি পেলাই থৈ যোৱাৰ পিছত গছ পাতেৰে তাইক ঢাকি দিয়ে শিশুটিয়ে। ঘৰলৈ গৈ সি খাব নোৱাৰে, বাক্‌শক্তি হেৰুৱাই পেলায়, বমি কৰে। এদিনতেই জগত, মানুহ সম্পর্কে তাৰ অভিজ্ঞতা শেষ হয় ভয়ংকৰ ৰূপত। একেই অৱস্থা কাৰিনৰো। যৌৱন আৰু সৌন্দৰ্যৰে ভৰপূৰ কাৰিনৰ জীৱনলৈ মৃত্যুৰ আগমন অপ্রত্যাশিত, যেন যৌৱন আৰু সৌন্দৰ্যৰে নামান্তৰ এই মৃত্যু। মৃত্যুৰ আগে আগে কাৰিনে শিক্ষা লাভ কৰে যৌৱন আৰু জীৱন কোনো খেল নহয়, ই মৃত্যুৰেই নাম।

বাৰ্গমেনৰ বিখ্যাত ত্ৰিল’জীৰূপে জনাজাত “Through a glass darkly’, ‘Winter light’ আৰু The Silence’ত বাৰ্গমেনৰ ছবিৰ দর্শন তথা ঈশ্বৰতত্ত্ব সম্বন্ধে সুন্দৰকৈ প্ৰকাশিত হৈছে। বার্গমেনে এক সাক্ষাৎকাৰত কৈছে— ‘To me, religious problems are continuously alive. I never cease to concern myself with them, it goes on at every hour of the day.’ ত্ৰিল’জী সম্পর্কে তেওঁ কৈছে মানুহৰ সংবেদনশীলতা, বোধশক্তি আৰু অনুভূতিৰ ক্ষমতাক বিশ্লেষণ কৰি নাটকীয় কৰি তোলা হৈছে ত্ৰিল’জীত। ত্ৰিল’জীৰ প্ৰথম ছবি ‘Through a glass darkly’এটি বিচ্ছিন্ন দ্বীপত ছুটী কটাবলৈ যোৱা এটি পৰিয়ালৰ ২৪ ঘণ্টাৰ ঘটনা ছবিখনত বর্ণিত হৈছে। ছবিখনত লেখক ডেভিদ, কাৰিন আৰু মিনাছৰ দেউতাক। পিতৃয়ে মিনাছক কয় যে ঈশ্বৰেই প্রেম। ত্ৰিল’জীত প্ৰেম আৰু ঈশ্বৰ সম্বন্ধে বিস্তৃত ব্যাখ্যা দিয়া।

ত্ৰিল’জীৰ দ্বিতীয় ছবি ‘Winter light’ত বার্গমেনে কৈছে— ‘ঈশ্বৰেই প্রেম’। গির্জাৰ এগৰাকী যাজকে উপলব্ধি কৰে যে ঈশ্বৰৰ ওপৰত তেওঁ বিশ্বাস হেৰুৱাই পেলাইছে। যাজকৰ স্ত্ৰীৰ মৃত্যু হৈছে বহুদিন আগতে। স্থানীয় বিশ্ববিদ্যালয়তে পঢ়া। মার্তাই-যাজকক বিয়া কৰাব খোজে, তাক প্রেম দিব বিচাৰে। কিন্তু সি নাকচ কৰে। টমাছেই মাৰ্তাক শিকায় ঈশ্বৰেই প্রেম। এই তেজ-মঙহেৰে গঢ়া শৰীৰ দুদিনীয়া।

ত্ৰিল’জীৰ তৃতীয় ছবি ‘The Silence’ এই ছবিখনত আত্মা আৰু শৰীৰৰ চিৰন্তন দ্বন্দ্বৰ কথা কৈছে বাৰ্গমেনে। দুগৰাকী ভনীয়েকৰ কাহিনী। আনা বিবাহিতা, এষ্টাৰ অবিবাহিতা। সিহঁত ভ্রমণলৈ ওলাইছে। সিহঁতৰ লগত গৈছে আনাৰ এঘাৰ বছৰীয়া সন্তানটি। এষ্টাৰ এক নামহীন অসুখত আক্রান্ত। সিহঁত যাত্রাপথত নিশা চহৰৰ এখন হোটেলত আশ্রয় লৈছে। এই ছবিখনত কাহিনী অবান্তৰ। চৰিত্ৰসমূহ আৰু সিহঁতৰ আৱেগেই ছবিখনৰ প্ৰাণ। এইখন বাৰ্গমেনৰ ‘ঈশ্বৰহীন ছবি’।

এনেধৰণৰ বিষয়বোৰকে বাৰ্গমেনে বিভিন্ন কাহিনী, বিভিন্ন পটভূমিত বিভিন্ন পৰিস্থিতিত, বিভিন্ন চৰিত্ৰৰ মাজেৰে প্ৰকাশ কৰিছিল নিজস্ব দার্শনিক বিশ্লেষণেৰে। বাৰ্গমেনৰ আন উল্লেখযোগ্য ছবিসমূহ হৈছে—’Now about all these women’ (১৯৬৪), ‘Persona’ (১৯৬৬), ‘Shame’ (১৯৬৮), ‘Cries and whispers’ (১৯৭৩), ‘Autumn Sonata’ (১৯৭৮), Fanny and Alexander (১৯৮২) আদি।

ফোনঃ ৯৮৫৪৬৬৭১৪৬।

You might also like

Comments are closed, but trackbacks and pingbacks are open.