ডাঃ কৰুণা হাজৰিকা
আপুনি বাৰু কেতইয়াবা নিজৰ কথা ভাৱিছেনে ? অৰ্থাৎ আপুনি আপোনাৰ পৰিচৰ্যাৰ কথা ভাৱি চাইছেনে বা অনুভৱ কৰিছেনে? সাধাৰণতে আমি কেতিয়াও আমাৰ নিজৰ কথা ভাৱিবলৈ আহৰিকে নাপাওঁ। সদায় হয়তো আপুনি কিবা নহয় কিবা কামত ব্য়স্ত থাকে নতুবা নিজৰ ল’ৰা-ছোৱালীক লৈয়েই ব্য়স্ত, হয়তোবা আপুনি আপোনাৰ ব্য়ৱসায় বা আপোনাৰ ব্য়ক্তিগত কামকলৈয়েই ব্য়স্ত থাকে। এই সকলোবোৰ আকৌ আজিৰ দুনিয়াৰ যান্ত্ৰিকতাৰ মাজত আমি বিলীন হৈ গৈছো। আহকচোন আজি আমি অলপ নিজৰ কথা কিদৰে ভাৱিব পাৰো বা ইয়াৰ বিষয়ে চিন্তা-চৰ্চ্চা কৰিলে আমাৰ কি লাভা-লাভ হ’ব পাৰে তাকে চাওঁ।
নিজৰ পৰিচৰ্যা অৰ্থাৎ আত্ম-যত্ন(Self-care) হৈছে মানুহে নিজৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু আৱেগিক স্বাস্থ্যৰ প্ৰসাৰৰ বাবে লোৱা এক সচেতন পদক্ষেপ বা কাৰ্য্যপন্থা। আত্ম-যত্ন হৈছে নিজৰ সামগ্ৰিক সুস্থতা নিশ্চিত কৰিবলৈ, স্বাস্থ্যৰ প্ৰচাৰ কৰিবলৈ, আৰু ৰোগ হ’লে সক্ৰিয়ভাৱে নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দ্দিষ্ট আচৰণ স্থাপন কৰাৰ প্ৰক্ৰিয়া হিচাপে সংজ্ঞায়িত কৰা হৈছে। আমি সকলো নিজৰ খাদ্য ব্য়ৱস্থাৰ পৰিচালনা, ব্যায়াম, টোপনি আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ সৈতে দৈনিক কোনো প্ৰকাৰৰ স্ব-যত্নত লিপ্ত নিশ্চয় হওঁ। সেয়ে সহজে আঁতৰাব নোৱাৰা জীৱনৰ যিকোনো মানসিক চাপৰ প্ৰতি স্থিতিস্থাপকতা গঢ়ি তোলাটো অতি গুৰুত্বপূৰ্ণ বুলি ধৰা যায়। যেতিয়াই আপুনি আপোনাৰ মন আৰু শৰীৰৰ যত্ন ল’বলৈ পদক্ষেপ গ্ৰহণ কৰিব, তেতিয়াই আপুনি আপোনাৰ শ্ৰেষ্ঠতম জীৱন যাপনৰ বাবে অধিক ভাৱে সাজু বা সুসজ্জিত হৈছে বুলি আশা কৰা যায়। অৱশ্যে, দুৰ্ভাগ্যজনকভাৱে, আমি আমাৰ বহুতে নিজৰ পৰিচৰ্যাৰ প্ৰতি অগ্ৰাধিকাৰৰ পৰিৱৰ্তে ইয়াক এক বিলাসিতা হিচাবেই গণ্য কৰো। ফলস্বৰূপে, আমি জীৱনৰ অনিবাৰ্য প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ বহু সময়ত ভাগৰুৱা আৰু অসম্পূৰ্ণ অনুভৱ কৰোঁ। আপুনি বিভিন্ন ক্ষেত্ৰত কেনেদৰে নিজৰ যত্ন লৈছে তাৰ মূল্যায়ন কৰাটো গুৰুত্বপূৰ্ণ; যাতে আপুনি আপোনাৰ মন, শৰীৰ আৰু আত্মাৰ সঠিক যত্ন লোৱাটো নিশ্চিত কৰিব পাৰে। সেয়ে আত্ম-যত্ন অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো ই আমাৰ সকলো দিশৰে ভাৰসাম্য পুনৰ স্থাপন কৰাত আৰু অতি পৰিশ্ৰম ( Burnout) পৰিহাৰ কৰাত সহায় কৰে। ইয়াৰ দ্ৱাৰা প্ৰায়ে আমাৰ খেলিবলৈ বা আনন্দ কৰিবলৈ, আৰাম কৰিবলৈ আৰু সামাজিক সংযোগ স্থাপন কৰাৰ সামৰ্থ্যৰ সৈতে আমাৰ মনটোক পুনৰ সাজু কৰিবৰ বাবে আৰু তাৰ লগত যোগাযোগ কৰাৰ ক্ষেত্ৰত আমাক প্ৰণালীবদ্ধ কৰা দেখা যায়।
আমাৰ নিজৰ পৰিচৰ্যাই যিকোনো এটা ৰূপ ল’ব পাৰে। আমাৰ এই আত্ম-যত্নৰ ভিতৰত থাকিব পৰা ব্য়ৱস্থা সমূহৰ ভিতৰত অমাৰ শাৰীৰিক দৈনন্দিন কাৰ্যকলাপ যেনে গৰম পানীৰে গা ধোৱা, বন্ধুবৰ্গৰ সৈতে যোগাযোগ কৰাৰ দৰে সামাজিক কাৰ্যকলাপ বা সাময়িক বিৰতি লোৱাৰ দৰে মানসিক কাৰ্যকলাপ ইত্য়াদি। আত্ম-যত্নত সাধাৰণতে আমাৰ স্বাস্থ্যকৰ কাৰ্যকলাপ বৃদ্ধি কৰা আৰু ব্যক্তি এজনৰ কল্যাণ আৰু জীৱনৰ মানদণ্ড বৃদ্ধি কৰিব পৰা কাৰ্যকলাপবোৰত সচেতনহৈ অংশগ্ৰহণ কৰা কাৰ্য্য় অন্তৰ্ভুক্ত হ’ব পাৰে । ই মানসিক চাপ হ্ৰাস কৰা, আত্মবিশ্বাস বৃদ্ধি কৰা, আৰু সামগ্ৰিক সুখ উন্নত কৰাত সহায় কৰে। আমি প্ৰতি ৰাতি পৰ্যাপ্ত টোপনি মৰাটো নিশ্চিত কৰা বা কিছু সতেজ বতাহৰ বাবে কেইমিনিটমানৰ বাবে বাহিৰলৈ ওলাই যোৱাটোও হ’ব পাৰে। ইয়াৰ অৰ্থ এইটোও হ’ব পাৰে যে আমি যি উপভোগ কৰোঁ বা কৰিবলৈ হাবিয়াস কৰো আৰু সেইটো কৰিবলৈ নিৰ্দ্দিষ্ট এটা সময় ঠিক কৰি লোৱা। ইয়াকে যদি ভাল দৰে চোৱা যায় তেতিয়া দেখিব,নিজৰ যতন বিভিন্ন প্ৰকাৰৰ হ’ব পাৰেঃ
শাৰীৰিক যতন
প্ৰথমেই প্ৰত্য়েকেই নিজৰ শৰীৰৰ যত্ন ল’ব লাগিব আৰু সুস্থহৈ থাকিব লাগিব। ইয়াকো মনত ৰাখিব লাগিব যে শৰীৰ আৰু মনৰ মাজত এক সুদৃঢ় সম্পৰ্ক সদায় থাকে। যেতিয়া আমি প্ৰত্য়েকেই শৰীৰৰ যত্ন লওঁ, আমি ভাল চিন্তা কৰিব পাৰিম আৰু লগে লগে ভাল অনুভৱ কৰিম। শাৰীৰিক যত্নৰ ভিতৰত আছে শৰীৰক সুষম আহাৰ যোগান ধৰা, পৰ্যাপ্ত টোপনি অহা, পৰ্যাপ্ত শাৰীৰিক কাৰ্যকলাপ কৰা, আৰু শাৰীৰিক প্ৰয়োজনীয়তাৰ যত্ন লোৱা। স্বাস্থ্যৰ বাবে বা স্ৱাস্থ্য়সেৱাৰ এপইণ্টমেণ্টত উপস্থিত থকাটো, নিৰ্ধাৰিত ঔষধ গ্ৰহণ কৰা, আৰু নিজৰ স্বাস্থ্য সুচাৰু ৰূপে পৰিচালনা কৰাটো এটা ভাল শাৰীৰিক যত্নৰ অংশ। ব্যায়াম হৈছে ইয়াৰ এটা স্পষ্ট উদাহৰণ য’ত আপুনি এটা নিৰ্দ্দিষ্ট লক্ষ্যৰ প্ৰতি আপোনাৰ অধ্যৱসায়ৰ ফল লক্ষ্য় কৰিব পাৰে। ইয়াৰ দ্ৱাৰা আপুনি আপোনাৰ মনৰ সীমাবদ্ধতা অতিক্ৰম কৰিব পাৰে আৰু নিজকে প্ৰমাণ কৰিব পাৰে যে আপুনি পূৰ্বতে ভাবাতকৈ অধিক শক্তিশালী হ’ব পাৰে। এইটো ব্যায়ামৰ আত্মবিশ্বাস আৰু ইয়াৰ স্থিতিস্থাপকতাৰ সৈতে সহায় কৰা প্ৰধান উপায়বোৰৰ ভিতৰত এটা। কেতিয়াবা, ভাৰসাম্য পুনৰুদ্ধাৰ কৰিবলৈ বা আপোনাৰ জীৱনৰ চাপৰ পৰা মুক্তি পাবলৈ আপোনাক এটা নিৰ্দিষ্ট ক্ষেত্ৰত অধিক আত্ম-যত্নৰ প্ৰয়োজন হ’ব পাৰে। আপোনাৰ স্বাস্থ্য আৰু সুস্থতাৰ যত্ন ল’বলৈ, এনে এক ভাৰসাম্য বিচাৰি উলিওৱাটো গুৰুত্বপূৰ্ণ যিয়ে আপোনাক এই ক্ষেত্ৰসমূহৰ প্ৰতিটোতে গুৰুত্ব দিব পাৰে। ইয়াৰ উদাহৰণবোৰৰ ভিতৰত আছেঃ পৰ্যাপ্ত টোপনি যোৱা ,স্বাস্থ্যকৰ আৰু পুষ্টি পূৰ্ণ খাদ্য খোৱা, খোজকঢ়া, যথেষ্ট পৰিমাণে পানী খোৱা, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য় ৰখা আৰু উপযুক্ত ভাৱে আৰামদায়ক স্নান কৰা আদি। যেতিয়াই শাৰীৰিক আত্ম-যত্নৰ প্ৰশ্ন আহে, তেতিয়া আপুনি উন্নতি কৰিব লগা কিছুমান ক্ষেত্ৰ থাকিব পাৰে নেকি তাকে মূল্যায়ন কৰিবলৈ নিজকে তলত দিয়া প্ৰশ্নবোৰ সোধাৰ প্ৰয়োজন আছে আৰু সেইবিষয়ত নজৰ দিয়াৰো স্থল আছে। আপোনাৰ টোপনি পর্যাপ্ত পৰিমাণৰ হয়নে নহয় ? আপোনাৰ আহাৰে আপোনাৰ শৰীৰক উপযুক্ত ভাৱে পুষ্টি বা ইন্ধন যোগায় নে? আপুনি আপোনাৰ স্বাস্থ্যৰ দায়িত্ব প্ৰকৃত ভাৱে লৈছেনে? আপুনি যথেষ্ট পৰিমাণৰ শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰে নেকি? ইত্য়াদি ।
সামাজিক আত্ম-যত্ন
মানুহ হৈছে সামাজ প্ৰীয় জীৱ, যাক নিয়মীয়া বাৰ্তালাপৰ প্ৰয়োজন। সামাজিক সম্পৰ্ক এজন ব্যক্তিৰ স্বাস্থ্য আৰু সুস্থতাৰ বাবে উপকাৰী । আমি যদি সমাজৰ পৰা বিচ্ছিন্ন হৈ থাকো তেতিয়া আমাৰ মানসিক, আৱেগিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব আৰু ফলত আমি সামাজিক ভাৱে বৰ্জিত হৈ পৰিব পাৰো। সেয়ে সামাজিকীকৰণ হৈছে আত্ম-যত্নৰ মূল চাবিকাঠি। কিন্তু, প্ৰায়ে, বন্ধুবৰ্গৰ বাবে সময় উলিওৱাটো কঠিন, আৰু জীৱনত অতি ব্যস্ত হৈ পৰিলে আমাৰ সকলো সম্পৰ্কক অৱহেলা কৰাটো সহজ হ’ব পাৰে। ঘনিষ্ঠ সম্পৰ্ক আমাৰ সুস্থতাৰ বাবে গুৰুত্বপূৰ্ণ। গতিকে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলা আৰু বজাই ৰখাৰ আটাইতকৈ ভাল উপায় হ’ল আনৰ সৈতে আমাৰ সম্পৰ্ক গঢ়ি তোলাত সময় আৰু নিজৰ দক্ষতা উপযুক্ত ভাৱে ব্যৱহাৰ কৰা। আনহাতে আপুনি আপোনাৰ বন্ধুবৰ্গৰ বাবে বা আপোনাৰ সম্পৰ্কৰ ওপৰত কাম কৰাৰ বাবে নিৰ্দিষ্ট সংখ্যক সময় দিব নালাগে। কিয়নো সকলোৰে সামাজিক প্ৰয়োজনীয়তা অলপ বেলেগ বেলেগ। সামাজিক আত্ম-যত্নত এনে কিছুমান কাৰ্যপন্থা অন্তৰ্ভুক্ত থাকে যি এজন ব্যক্তিৰ সম্পৰ্ক গঢ়ি তোলে আৰু বৃদ্ধি কৰে। এইবোৰৰ ভিতৰত আছেঃ স্বাস্থ্যকৰ সামাজিক মাধ্যমব্যৱহাৰত জড়িত হোৱা, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সময় কটোৱা বা প্ৰিয়জনৰ লগত সময় কতাইছে, নতুন ৰুচি চেষ্টা কৰা আৰু আনৰ সৈতে সাক্ষাৎ আৰু মিলামিছা কৰিবলৈ বিভিন্ন গোটত যোগদান কৰা আদি। মূল কথা হ’ল আপোনাৰ সামাজিক প্ৰয়োজনীয়তাবোৰ কি সেইটো বিচাৰি উলিওৱা আৰু এক অনুকূল সামাজিক জীৱন সৃষ্টি কৰিবলৈ আপোনাৰ সূচীত পৰ্যাপ্ত সময় নিৰুপন কৰা আৰু তাক পৰ্যাপ্ত ধৰণে ব্য়ৱহাৰ কৰা। তলৰ প্ৰশ্ন কেইটাই আপোনাৰ সামাজিক আত্ম-যত্নৰ মূল্যায়ন কৰিবলৈ, বিবেচনা কৰাত সহায়ক হ’ব আৰু আপোনাক নিৰ্দ্দিষ্ট ভাৱে ইয়াৰ ফল প্ৰাপ্তিত অৰিহণা যোগাব পাৰে। আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে জোখতকৈ বেছি সময় পাৰ কৰি আছে নেকি? বন্ধু আৰু পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক গঢ়ি তুলিবলৈ আপুনি কি ব্যৱস্থা কৰি আছে বা উপায় অৱলম্বন কৰি আছে ? ইয়াৰ দ্ৱাৰা আপোনাৰ কিবা ক্ষতি হৈছে নেকি ? ইত্য়াদি।
মানসিক আত্ম-যত্ন
মানসিক স্বাস্থ্যৰ বাবে আত্ম-যত্নত এজন ব্যক্তিয়ে তেওঁলোকৰ মনৰ সৈতে এক স্বাস্থ্যকৰ সম্পৰ্ক ৰাখিবলৈ কৰা সকলোবোৰ অন্তৰ্ভুক্ত থাকে। ইয়াত অন্তৰ্ভুক্ত থাকে মনকেন্দ্ৰীভূত আৰু ব্যস্ত ৰখা ব্য়ৱস্থাপনা, যেনে মগজু-উদ্দীপনামূলক বিভিন্ন কাৰ্যকলাপ। আমি চিন্তা কৰাৰ ধৰণ আৰু আমি আমাৰ মনত ধৰি ৰখা বস্তুবোৰে আমাৰ মানসিক সুস্থতাক যথেষ্ট প্ৰভাৱিত কৰে। মানসিক আত্ম-যত্নৰ ভিতৰত আছে আপোনাৰ মনটো তীক্ষ্ণ কৰি ৰখা কামবোৰ কৰা, যেনে পাজল বা আপোনাক আকৰ্ষিত কৰা বিষয়ৰ শিক্ষা। কেতিয়াবা হয়তো কিতাপ পঢ়া বা অনুপ্ৰেৰণামূলক চিনেমা চোৱাটোৱে আপোনাৰ মনত ইন্ধন যোগাব পাৰে। ই আপোনাৰ মানসিক চিন্তাত খোৰাক যোগাব পৰা এটা উপযুক্ত উপায় হ’ব পাৰে আত্ম-যত্নৰ দ্বাৰা ব্যক্তি এজনৰ মানসিক স্বাস্থ্যৰ বাবে কেইবাটাও লাভালাভ থাকিব পাৰে। এইবোৰৰ ভিতৰত আছেঃ ৰোগৰ শংকা হ্ৰাস কৰা, শক্তিৰ স্তৰ বৃদ্ধি কৰা, চাপ হ্ৰাস কৰা ইত্য়াদি। মানসিক আত্ম-যত্নত এনে কাম কৰাটোও অন্তৰ্ভুক্ত থাকে যি আপোনাক মানসিকভাৱে সুস্থ হৈ থাকিবলৈ সহায় কৰে। উদাহৰণস্বৰূপে, আত্ম-সহানুভূতি আৰু গ্ৰহণযোগ্যতাৰ অনুশীলনে আপোনাক এক স্বাস্থ্যকৰ আভ্যন্তৰীণ সন্তুলন বজাই ৰখাত সহায় কৰে। আপুনি আপোনাৰ মানসিক আত্ম-যত্নৰ বিষয়ে চিন্তা কৰোঁতে ইয়াত কেইটামান প্ৰশ্ন বিবেচনা কৰিব লাগিব আৰু তাৰ প্ৰতি নিজৰ অনুকুল ব্যৱস্থা গঢ়ি তুলিব লাগিব। আপোনাক মানসিকভাৱে উদ্দীপিত কৰা কাৰ্যকলাপৰ বাবে আপুনি পৰ্যাপ্ত সময় উলিয়াইছে নেকি? আপুনি মানসিকভাৱে সুস্থ হৈ থাকিবলৈ বা সহায় কৰিবলৈ কেনে ধৰণৰ সক্ৰিয় কাম কৰি আছে ?
আধ্যাত্মিক আত্ম-যত্ন
এই দিশত বিভিন্ন গৱেষণাই দেখুৱাইছে যে ধৰ্ম বা আধ্যাত্মিকতাকে( Spiritual mindset) ধৰি জীৱনশৈলী সাধাৰণতে এক স্বাস্থ্যকৰ জীৱনশৈলী। অৱশ্যে, আপোনাৰ আত্মাৰ লালন-পালনত ধৰ্ম জড়িত হোৱাৰ প্ৰয়োজন নাই। ইয়াত এনেকুৱা যিকোনো বস্তু অন্তৰ্ভুক্ত থাকিব পাৰে যি আপোনাক বিশ্বব্ৰহ্মাণ্ডৰ সৈতে এক গভীৰ অৰ্থবোধ, বোধগম্যতা বা সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে। গতিকে আপুনি ধ্যান কৰা আৰম্ভ কৰক আৰু তাক উপভোগ কৰাৰ বাবে যি চেষ্টা কৰিব পাৰে তাকে কৰক, বা নিয়মিত ভাৱে যিকোনো ধৰ্মীয় সেৱাত অংশগ্ৰহণ কৰক বা প্ৰাৰ্থনা কৰক। কিয়নো আমাৰ সুস্থ জীৱন প্ৰনালীৰ বাবে আধ্যাত্মিক আত্ম-যত্ন অত্যাৱশ্যকীয়। সেয়ে আপুনি আপোনাৰ আধ্যাত্মিক জীৱনৰ কথা বিবেচনা কৰাৰ সময়ত নিজকে প্ৰশ্ন কৰক আৰু তাৰ সদ্ উত্তৰ পাবলৈ যত্ন কৰক। আপোনাৰ জীৱন আৰু অভিজ্ঞতাৰ বিষয়ে আপুনি নিজকে কি প্ৰশ্ন সুধিছে বা কি ব্য়ৱস্থা গ্ৰহণ কৰিছে? আপুনি পূৰণ কৰিব পৰা আধ্যাত্মিক অনুশীলনত জড়িত হৈ আছে নে নাই ? ইত্য়াদি।
আৱেগিক আত্ম-যত্ন
খং, উদ্বেগ আৰু বিষাদৰ দৰে অস্বস্তিদায়ক আৱেগৰ সৈতে নিয়মিত ভাৱে মোকাবিলা কৰিবলৈ আমাৰ দৰাচলতে স্বাস্থ্যকৰ তথা উপযুক্ত ভাৱে পৰিচালিত কৰিব পৰা সুস্থ আৰু মানসিক ভাৰসাম্য যুক্ত পৰিকল্পনা কৰিব পৰাৰ দক্ষতা থকাটো গুৰুত্বপূৰ্ণ। আৱেগিক আত্ম-যত্নত এনে কিছু কাৰ্যকলাপ অন্তৰ্ভুক্ত থাকিব পাৰে যি আমাক নিয়মিতভাৱে আৰু সুৰক্ষিতভাৱে আমাৰ অনুভূতি সমূহ স্বীকাৰ কৰাত আৰু তাক প্ৰকাশ কৰাত সহায় কৰে। আপুনি আপোনাৰ আৱেগিক অনুভৱ কেনেকুৱা সেই বিষয়ে আপোনাৰ সংগী বা ঘনিষ্ঠ বন্ধুৰ সৈতে কথা পাতি বা আপোনাৰ আৱেগবোৰৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰাত সহায় কৰা বিভিন্ন প্ৰকাৰৰ অৱসৰৰ ব্য়ৱস্থা কৰক বা বিনোদনৰ বাবে নিৰ্দ্দিষ্ট সময় আঁতৰাই ৰাখক । কিয়নো জীৱনত আৱেগিক আত্ম-যত্নৰ ব্য়ৱস্থা অন্তৰ্ভুক্ত কৰাটো যঠেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। সেয়ে আপোনাৰ আৱেগিক আত্ম-যত্নৰ কৌশলৰ মূল্যায়ন কৰোঁতে, তলৰ প্ৰশ্নবোৰ বিবেচনা কৰা উচিত আৰু আপোনাৰ আবেগবোৰ মোকাবিলা কৰিবৰ বাবে বা তাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে স্বাস্থ্যকৰ উপায় আছেনে নাই আৰু তাৰ পৰা আপোনাৰ সুবিধা হৈছেনে নাই তাক পৰীক্ষা কৰা অতি জৰুৰী। আপুনি আপোনাৰ জীৱনত এনে কোনো ব্য়ৱস্থা লয় নেকি যি আপোনাক পুনৰ আৰোগ্য অনুভৱ কৰাত বা সুস্থ বুলি মনত উৎসাহ পোৱাত সহায় কৰে?
আত্ম-যত্ন কিয় গুৰুত্বপূৰ্ণ ?
আমাৰ দৈনন্দিত জীৱনত এক ফলপ্ৰসূ আত্ম-যত্নৰ ৰুটিন থকাৰ ফলত কেইবাটাও গুৰুত্বপূৰ্ণ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত লাভালাভ থকা দেখা গৈছে। ইয়াৰ ভিতৰত প্ৰধান বা উল্লেক্ষযোগ্য় বুলি বিবেচনা কৰা আৰু স্ৱাস্থ্য় ৰক্ষাৰ পোষকতা কৰা উপসৰ্গ বোৰ হৈছে যেনে- উদ্বেগ আৰু হতাশা হ্ৰাস কৰা, মানসিক চাপ হ্ৰাস কৰা আৰু নিজৰ স্থিতিস্থাপকতা উন্নত কৰা, সুখ বৃদ্ধি কৰা বা শক্তি বৃদ্ধি কৰা, আৰু অভ্যন্তৰীণ ব্যক্তিগত সম্পৰ্ক শক্তিশালী কৰা ইত্য়াদি। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে আত্ম-যত্ন গুৰুত্বপূৰ্ণ, কিয়নো ই আমাৰ স্বাস্থ্যৰ প্ৰসাৰ, ৰোগ প্ৰতিৰোধ আৰু মানুহক ৰোগৰ সৈতে ভালদৰে মোকাবিলা কৰিব পৰাত সহায় কৰিব পাৰে। স্ব-যত্নৰ নিৰ্দিষ্ট প্ৰকাৰবোৰক দীৰ্ঘজীৱন প্ৰাপ্তিকে ধৰি বিভিন্ন স্বাস্থ্য আৰু সুস্থতাৰ সুবিধাৰ সৈতেও জড়িত কৰা হৈছে।
বিভিন্ন প্ৰকাৰৰ ব্যায়াম, জীৱনৰ উদ্দেশ্য বিচাৰি উলিওৱা ব্য়ৱস্থাপনা, আৰু উপযুক্ত টোপনি, এই সকলোবোৰ সুস্ৱাস্থ্য় আৰু এক বর্ধিত জীৱনকালৰ বাবে আমাৰ দৈনন্দিন জীৱন প্ৰনালীৰ লগত নিৰ্দ্দিষ্ট প্ৰকাৰে জড়িত হৈ আছে আৰু আমাৰ সুস্থ জীৱনৰ বাবে অপৰিহাৰ্য বুলি বিবেচিত হৈ আহিছে। এক স্বাস্থ্যকৰ আৰু সুখী জীৱন যাপনৰ বাবে নিজৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। ক্ৰমান্বয়ে ব্যস্ত জীৱনৰ মাজত, নিজৰ যত্ন লোৱাৰ কথা পাহৰি যোৱাটো সহজ হ’ব পাৰে। কিন্তু আত্ম-যত্নত লিপ্ত হ’লে প্ৰত্য়েকৰে নিজৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত সুস্থতা অনুভৱ কৰাত সহায়ক হ’ব পাৰে, যাৰ ভিতৰত আছে তেওঁলোকৰ স্বাস্থ্য, সম্পৰ্ক আৰু কাম। ইয়েই, ব্যক্তিগত আৰু সামাজিক কল্যাণ বৃদ্ধি হোৱাত অৰিহণা যোগাব পাৰে তাত দ্ৱিমত নাই । বিভিন্ন আত্ম-যত্ন অভ্যাসত জড়িত হোৱাৰ ফলত অনুভৱ কৰা চাপ হ্ৰাস হয় আৰু জীৱনৰ মানদণ্ড উচ্চ হয়। সেয়ে স্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে আত্ম-যত্নৰ আচৰণ গুৰুত্বপূৰ্ণ আৰু ইয়াৰ ফলত শাৰীৰিক, মানসিক আৰু সামাজিক স্বাস্থ্য যে উন্নত হ’ব ই নিশ্চিত।
ফোনঃ ৯৮৬৪০১৮৬৬৫
Comments are closed, but trackbacks and pingbacks are open.