গ্ৰীষ্মকালীন স্বাস্থ্যৰ যতন 

6

অজন্তা উপমন্যু 

গৰমৰ দিনত চাটি -ফুটি কৰি পাৰ কৰা সময়। অসহ্যকৰ গৰম, গাম , ৰ’দৰ প্ৰচণ্ড উত্তাপ,‌ শৰীৰৰ নানান বিসংগতি যেনে এলাৰ্জি,‌ ঘাঁমচি, খজুৱতি, ৰেচ ইত্যাদি।‌ এইবোৰৰ পৰা পৰিত্ৰাণ পাই গৰমৰ দিন কেইটা কিছুপৰিমানে হ’লেও আৰামদায়ক কৰি তুলিব পাৰি। তাৰবাবে নিজৰ  দৈনন্দিন জীৱনৰ ষ্টাইল কিছু সালসলনি কৰি ল’বলৈ চেষ্টা কৰি ললেই হ’ল।

গৰমৰ দিন মানেই টো গৰম অনুভৱ হোৱাটো কোনোৱে নূই কৰিব নোৱাৰে। দিনটোৰ চব্বিশ ঘণ্টা বাতানুকোল পৰিবেশত কটোৱাও সম্ভৱ নহয়। কিন্তু অসহ্যকৰ গৰমৰ দিন কেইটা আৰামদায়ক কৰি নিজকে

সুৰক্ষিত আৰু সুস্থ ৰাখিবলৈ যত্ন কৰা অতি দৰকাৰী ।‌

কেইটামান অতি ফলপ্ৰসূ গ্ৰীষ্মকালীন দিহা দিবলৈ চেষ্টা কৰিম  …..

আৰ্দ্ৰতা বজাই ৰখা – গৰমৰ দিন কেইটা হাইড্ৰেচন অতি জৰুৰী। শৰীৰৰ অতিৰিক্ত পানীভাগ যেতিয়া ঘামৰ আকাৰেৰে ওলাই যায় তেতিয়া শৰীৰক বেছি পানীৰ প্ৰয়োজন হয়। ডিহাইড্ৰচন হ’লে ক্লান্তি , হিট ষ্ট্ৰোক আৰু অন্যান্য গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে।‌

* দিনটোত কমেও ৮/১০ গিলাচ পানী খাব লাগে । ঘৰৰ বাহিৰলৈ গ’লেও লগত পৰ্যাপ্ত ‌পানী লৈ যাব লাগে আৰু সময়ে সময়ে চিপ চিপ কৈ পানী খাই থাকিব লাগে।

* পানী সমৃদ্ধ ফল-মূল, শাক-পাচলি দৈনিক খাব লাগে।‌ তৰমুজ, তিঁয়হ, কমলা, ষ্ট্ৰবেৰী, আঙুৰ, মৌচুমী টেঙা, আমলখি আদি নিয়মীয়াকৈ খাব লাগে। বেছি তেল -মছলাযুক্ত খাদ্যৰ সলনি লঘু আহাৰ গ্ৰহণ কৰা উচিত। সেউজীয়া শাক-পাচলি, চালাদ, আদি বেছিকৈ খাব লাগে। বিলাহী আৰু দৈ প্ৰত্যেক দিনাই খাব পাৰিলে ভাল। সেউজীয়া শাক যে খাবলৈ মাত্ৰ ভালেই এনে নহয় ই ভিটামিন আৰু এন্টিঅক্সিডেন্টৰ ভঁৰাল। এনেবোৰ খাদ্যই  শৰীৰ শাঁত পেলায় । নেমুৰ চৰ্বত , ডাবৰ পানী খাব লাগে।

* পানী হীন পানীয় যেনে এলক’হল, কেফেইন আৰু চেনী যুক্ত বজাৰৰ পানীয় সম্পূৰ্ণ বৰ্জন কৰা উচিত ।

ছালখন সুৰক্ষিত কৰা –

সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে ছালৰ বিশেষ ক্ষতি কৰে।‌ অতিমাত্ৰা ৰ’দে ছালৰ নানান উপসৰ্গ যেনে ছাল ক’লা বা ৰঙা পৰা, ৰেচ হোৱা, জোলা ফুটা আনকি ছালৰ কৰ্কট ৰোগ পৰ্যন্ত হোৱাৰ সম্ভাৱনা নূই কৰিব নোৱাৰি । গতিকে প্ৰধান কাম হ’ল ছালখন সুৰক্ষিত কৰা

* অতি কমেও 30/50 SPF যুক্ত ছান স্ক্ৰীন নিৰ্বাচন কৰা আৰু প্ৰয়োগ কৰা। প্ৰতি দুঘণ্টাৰ মুৰে মুৰে ছান স্ক্ৰীন প্ৰয়োগ কৰিব লাগে। সাঁতুৰিলে বা বেছি সময় ৰ’দত থাকিব লগীয়া হ’লে পুনৰ প্ৰয়োগ কৰিব লাগে।

* ঋতু অনুযায়ী এলাৰ্জি থকা লোকৰ গ্ৰীষ্ম ঋতু কেতিয়াবা বিপদজনক হৈ পৰে। তেনে ক্ষেত্ৰত ঘৰৰ ভিতৰৰ আৰু বাহিৰৰ বাতাবৰণ সদায় পৰিস্কাৰ কৰি ৰাখিব লাগে। মহ, মাখি আদিকে ধৰি নানান ভেকুৰ জাতীয় উপসৰ্গবোৰ যাতে পৰিবেশ বিনষ্ট নকৰে তাৰ সাৱধানতা অৱলম্বন কৰিব লাগে। বিশেষ অসুবিধা হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। পৰাপক্ষত চুইমিং পুল নাইবা ৰুক্ষ বা বন্ধ পানীত ননমাই ভাল ।

* সুৰক্ষা মূলক পোচাক নিৰ্বাচন কৰা উচিত। দীঘল হাতৰ পোচাক, টুপি, ছানগ্লাছ আদি ব্যৱহাৰ কৰিব লাগে।‌ কপাহী , কোমল , পাতল আৰু ঢিলা পোচাকে গৰমৰ দিনত আৰাম দিয়ে ।

নিজকে সক্ৰিয় কৰি ৰখা –

ফিটনেচ আৰু সামগ্ৰিক স্বাস্থ্য বজাই ৰখাৰ বাবে শাৰীৰিক কাৰ্য-কলাপ অতি গুৰুত্বপূৰ্ণ। নিজৰ দৈনন্দিন কাম -কাজৰ লগতে শাৰিৰীক ব্যায়াম, জগিং,‌ চাইক্লিং, সাঁতোৰা আদি কৰিব পাৰে । কিন্তু ইয়াটো কিছু সাৱধানতা অৱলম্বন কৰা উচিত । দিনটোৰ অতি উত্তপ্ত সময়ত বেছি ক্লান্তিকৰ কাম -কাজ এৰাই চলিব লাগে। একেবাৰে ৰাতিপুৱা বা সন্ধিয়াৰ শেষৰ ফালে এনেবোৰ কামৰ বাবে আদৰ্শ সময়।‌ কেতিয়াবা তাপ মাত্ৰা অতি বেছি হ’লে ঘৰৰ ভিতৰৰ ক্ৰীয়া-কলাপ বাচনি কৰি ল’ব লাগে।‌

পৰ্যাপ্ত টোপনি মৰা –

গৰমৰ দিনকেইটা টোপনিৰ বৰ প্ৰয়োজন।‌ এটা শিতল টোপনিৰ পৰিবেশ তৈয়াৰ কৰি ল’ব লাগে । বিশ্ৰাম লোৱা কোঠাটো শীতল, লঘু আৰামদায়ক বিচনা লগতে শ্বাস -প্ৰস্বাস সহজ হ’বলৈ ঢিলা আৰামদায়ক পোচাক পিন্ধিব লাগে।

দৈনিক ৰুটিন মানি চলা –

ব্যস্ততাৰ মাজতো প্ৰতিদিনে একেসময়তে শোৱা,খোৱা আৰু পুৱা উঠাৰ অভ্যাস কৰিব লাগে। ই আমাৰ শৰীৰৰ অভ্যন্তৰীণ ঘড়ীৰ সামঞ্জস্য বজায় ৰাখে ।

মানসিক স্বাস্থ্যৰ গুৰুত্ব দিয়া –

প্ৰিয় কামবোৰ কৰিবলৈ হেলা কৰিব নালাগে । যিবোৰ কামে মানসিক প্ৰশান্তি দিয়ে তেনে কাম দৈনিক ৰুটিনত অন্তৰ্ভুক্ত কৰা উচিত । কিতাপ পঢ়া , বাগিচাত কাম কৰা , বন্ধু-বান্ধৱৰ লগত সময় কটোৱা , গান শুনা, শীতল ঠাইলৈ ফুৰিবলৈ যোৱা আদি কৰা উচিত ।

গ্ৰীষ্মকালীন স্বাস্থ্য যতনৰ জৰিয়তে আমি এটা সুস্থ, সুখী আৰু নিৰাপদ ঋতু উপভোগ কৰিব পাৰোঁ ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.