ড০ মৃদুপ্লাৱন বৰা
এটি শিশুৰ এবছৰ হোৱাৰ পূর্বেই শিশুটিক এখন ৱাকাৰত থৈ চলি–ফুৰি থাকিবলৈ দিয়াটো আমি সকলোৱেই দেখোঁ৷ এই ৱাকাৰখন এটা যেন ভাল উপহাৰ৷ মাক–দেউতাকে চিন্তা কৰাৰ আগতেই ঘৰৰ অন্য কোনো এজনে এই ৱাকাৰখন আনিবৰ বাবে পৰিকল্পনা কৰি থাকে৷
প্রায়ে ১৫-১৮ মহীয়া শিশুক মোক দেখাবলৈ আনিলে অভিভাৱক, পিতৃ–মাতৃক মই সোধোঁ আপোনাৰ কেঁচুৱাটোৱে খোজ কাঢ়িব পৰা হৈছেনে কেতিয়াবা উত্তৰটো পাওঁ-
হয়৷ এনেই নোৱাৰে, কিন্তু ৱাকাৰখনত দিলে একেবাৰে দৌৰি ফুৰে৷
কথাটো সঁচা, পিছে এইখিনিতেই আমাৰ অলপ শিকিবলগীয়া থাকি গল৷ বহুতে বিশ্বাস কৰে যে ৱাকাৰখনে শিশু এজন থিয় হবলৈ বা খোজ কাঢ়িবলৈ সহায় কৰে৷ পিছে তেনে নহয়৷
প্রকৃততে এটি নমহীয়া শিশুৱে অত–তত ধৰি থিয় হবলৈ চেষ্টা কৰে৷ এনে সময়ৰ পৰাই তেওঁলোকৰ খোজ কাৰ প্রৱণতা বাঢ়ে৷ প্রথমটো জন্মদিন যোৱাৰ পিছতেই নধৰাকৈ থিয় হৈ থাকিব পৰা হয়৷ লগতে এখোজ বা দুখোজ নধৰাকৈ দিবলৈ চেষ্টা কৰে৷ প্রায় ১৫-১৮ মাহত সুন্দৰকৈ খোজ কাঢ়িব পৰা হয়৷
কিন্তু ৱাকাৰখনত বহাই দিয়াৰ লগে লগে শিশুটিয়ে অনায়াসে চৌপাশৰ ঠাইবোৰ বিচৰণ কৰিব পৰা হয়৷ এনে কৰাৰ ফলত শিশুৰ নিজৰ ভাৰসাম্য ৰক্ষা কৰিব পৰা গুণ আৰু খোজকাৰ প্রকৃত কৌশলটো পূর্ণাংগ ৰূপে বিকশিত হৈ নুঠে৷ দেখা যায় যে যিসকল শিশুক প্রতিদিনে একৰ পৰা দুই ঘণ্টা মান ৱাকাৰত খোজ কাঢ়িবলৈ দিয়া হয়, তেওঁলোকৰ স্বয়ংক্রিয়ভাৱে খোজ কাৰ কৌশল প্রকৃততে এক–দুই মান দেৰিহে হৈ পৰে৷
ৱাকাৰখনত খোজকাঢ়ি থকাৰ সময় ভালদৰে মন কৰিলে দেখা যায় যে তেওঁলোকৰ কঁকালৰ অংশ আৰু আনকি ভৰি দুয়োখন চিধা হৈ নাথাকে৷ শিশুটিয়ে ভৰিৰ আঙুলিৰে নিজকে ঠেলি লৈ যায়৷ পিছৰ পর্যায়ত এনে শিশুৰ খোজ বিকৃত হৈ ৰয় আৰু যিটো শুদ্ধ কৰোৱাটো বৰ সহজ নহয়৷
ৱাকাৰখনে শিশুটিক প্রয়োজনতকৈ বেছি বেগেৰে যোৱাত সহায় কৰে৷ এনে হোৱাৰ বাবে শিশুটিয়ে ঘৰৰ যিকোনো আচবাবত খুন্দা খোৱাই নহয়, আন ডাঙৰ বিপদৰো আশংকা থাকে৷ বহু ক্ষেত্রত দেখা যায় যে অতি গতিবেগেৰে আহি শিশুটি ৱাকাৰখনৰ পৰা ওলাই পৰি আঘাতপ্রাপ্ত হয়৷
এনেবোৰ বহু কাৰণবশতঃ আমেৰিকা–ছিংগাপুৰ আদি বহু উন্নত দেশে এনেবোৰ ব্যস্তু ব্যৱহাৰত আগ্রহ দেখুওৱা নাই৷ বিশেষভাৱে কবলৈ গলে কানাডা হেন দেশত এনে ৱাকাৰ ব্যৱহাৰত বাধা প্রদান কৰি ৰখা হৈছে৷
শিশুসকলক খোজ লোৱাত আমিহে সহায়ক হোৱা উচিত৷ খোজ লোৱাৰ সময়ত উৎসাহিত কৰক৷ এবাৰ দুবাৰ থুপুচকৈ পৰিবলৈকো দিয়ক৷ সি আকৌ উঠি চেষ্টা কৰিব৷ তেতিয়াহে মনৰ দৃঢ়তা বাঢ়িব আৰু আত্মবিশ্বাসে গগ লব৷ শিশুৰ বৃদ্ধি আৰু বিকাশৰ পর্যায়বোৰ বৰ আমোদজনক৷
Comments are closed, but trackbacks and pingbacks are open.