গ্ৰেমী আৰু ভাৰত : ৰবিশংকৰৰ পৰা চন্দ্ৰিকা কৃষ্ণমূৰ্তি টেণ্ডনলৈকে

79

স্বপ্না দাস

বঁটা স্বীকৃতি! নিৰ্দিষ্ট ক্ষেত্ৰত উৎকৃষ্টতাৰ স্বীকৃতি হিচাপে বঁটা প্ৰদান কৰা হয়। ব্যক্তি এগৰাকীৰ কৰ্মক সন্মান প্ৰদৰ্শনৰ লগতে জড়িত ক্ষেত্ৰৰে তেওঁৰ কৰ্মক স্বীকৃতি প্ৰদানেৰে উৎসাহ-প্ৰেৰণা যোগাই প্ৰশংসিত কৰাৰ এক প্ৰয়াস বুলিব পাৰি বঁটা প্ৰদান প্ৰক্ৰিয়াক। বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰা বিভিন্ন সন্মানীয় বঁটাৰে উজলি উঠিছে অনেকৰ নাম। সংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা তেনে এটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্যতম শ্ৰেষ্ঠ বিবেচিত সন্মানীয় বঁটা গ্ৰেমী বঁটা।

১৯৫৯ চনৰ ৪ মে’ৰ পৰা ‘দ্য ৰেকৰ্ডিং একাডেমী’য়ে আৰম্ভ কৰা গ্ৰেমী বঁটাত প্ৰতি বছৰে সংগীত জগতৰ বিভিন্ন ক্ষেত্ৰৰ অসাধাৰণ কৃতিত্বক সন্মানাৰ্থে আগবঢ়োৱা হয়। সংগীত ক্ষেত্ৰখনৰ সৰ্বোচ্চ প্ৰশংসা হিচাপে স্বীকৃত গ্ৰেমী বঁটাই ধ্ৰুপদীৰ পৰা সংগীতৰ সমসাময়িকলৈকে ধাৰাসমূহক সামৰি লোৱা আৰু বিশ্বজুৰি সংগীতজ্ঞসকলৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰতিভা প্ৰদৰ্শন বিভিন্ন শাখাত উৎকৃষ্টতাক সন্মান জনাই অহা হৈছে এই গ্ৰেমী বঁটা প্ৰদানেৰে।

গ্ৰেমী বঁটাৰে ধন্য হৈছে কেইবাগৰাকীও ভাৰতীয়। গ্ৰেমী বঁটা লাভেৰে বহুগৰাকী ভাৰতীয়ই বিশ্বৰ বুকুত ভাৰতৰো নাম উজলাই থৈছে। ভাৰতৰ এই যাত্ৰা আৰম্ভ হৈছিল ১৯৬৭ চনত। গ্ৰেমী বঁটা লাভ কৰা ভাৰতীয় সম্পৰ্কে এই লেখাত চমুকৈ উল্লেখ কৰা হ’ল।

এতিয়ালৈ ঘোষিত আটাইতকৈ শেহতীয়া গ্ৰেমী বঁটাটো লাভ কৰে চন্দ্ৰিকা কৃষ্ণমূৰ্তি টেণ্ডনে। ২০২৫ বৰ্ষৰ ২ ফেব্ৰুৱাৰীত আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত হোৱা ৬৭সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত স্বৰ্ণ নিৰ্মিত গ্রাম’ফ’ন আৰ্হিৰ গ্ৰেমী বঁটা হাতত লৈ চন্দ্ৰিকা কৃষ্ণমূৰ্তি টেণ্ডনে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে। বেষ্ট নিউ এইজ, এম্বিয়েণ্ট বা চাণ্ট এলবামৰ শাখাৰ অধীনত ‘ত্ৰিবেণী’ শীৰ্ষক এলবামৰ বাবে গ্ৰেমী বঁটা লাভ কৰা চন্দ্ৰিকা কৃষ্ণমূৰ্তি টেণ্ডনে ইয়াৰ পূৰ্বে ২০০৯ চনৰ ‘ছ’ল কল’ শীৰ্ষক এলবামৰ বাবে তেওঁ প্ৰথমবাৰৰ বাবে গ্ৰেমী মনোনয়ন লাভ কৰিছিল। ৱাউটাৰ কেলাৰমেন, এৰু মাটছুমোটোৰ সহযোগিতাত টেণ্ডনে ‘ত্ৰিবেণী’ এলবামেৰে বৈচিত্ৰ্যময় সংস্কৃতিৰে একত্ৰিত হোৱাৰ বিষয়টোকে বুজাই দিলে বিশ্ব ইতিহাস ৰচনা কৰে। হিন্দী শব্দ ‘ত্ৰিবেণী’ক শিৰোনাম হিচাপে লোৱা এই এলবামটোত সাতটা ট্ৰে’ক আছে। প্ৰতিটো গীতৰ আছে নিজস্ব কাহিনী আৰু এই এলবামটো হিলিং ৰেজোনেন্সৰ বিষয়বস্তুৰ সৈতে সংলগ্ন। গ্ৰেমী বঁটা লাভেৰে সংগীতৰ মাধ্যমেৰে বিশ্ব দৰবাৰত ভাৰতৰ নাম উজলোৱা চন্দ্ৰিকা কৃষ্ণমূৰ্তি টেণ্ডনৰ ১৯৫৪ চনত চেন্নাই (তেতিয়াৰ মাদ্ৰাছ)ৰ এটি তামিল পৰিয়ালত জন্ম হৈছিল। তেওঁৰ মাতৃ সংগীতজ্ঞ হোৱাৰ বিপৰীতে পিতৃ আছিল এগৰাকী ৰাজ্যিক বেংকাৰ।মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত শিক্ষা সমাপ্ত কৰাৰ পিছত চন্দ্ৰিকা কৃষ্ণমূৰ্তি টেণ্ডনে আহমেদাবাদৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট পৰা ১৯৭৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে। এগৰাকী ভাৰতীয়-আমেৰিকান ব্যৱসায়ী, দানবীৰ আৰু গ্ৰেমী বিজয়ী সংগীত শিল্পী টেণ্ডন মূলতঃ ব্যৱসায়িক উদ্যোগৰ বাবে তেওঁ ‘মেককিনজী এণ্ড কোম্পানী’ত অংশীদাৰ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয়-আমেৰিকান মহিলা হিচাপে পৰিচিত। ২০১৫ চনত চন্দ্ৰিকা কৃষ্ণমূৰ্তি টেণ্ডন আৰু তেওঁৰ স্বামী ৰঞ্জন টেণ্ডনে এন ৱাই ইউ পলিটেকনিক স্কুল অফ ইঞ্জিনিয়াৰিঙলৈ ১০ কোটি ডলাৰ অনুদান আগবঢ়ায়, যিখনক এতিয়া ‘এন ৱাই ইউ টেণ্ডন স্কুল অৱ ইঞ্জিনিয়াৰিং’ নামেৰে নামাকৰণ কৰা হৈছে। সেয়া আছিল আমেৰিকা নিবাসী কোনো ভাৰতীয়-আমেৰিকান লোকে আগবঢ়োৱা আটাইতকৈ ডাঙৰ অনুদান। টেণ্ডনে নিউয়ৰ্ক বিশ্ববিদ্যালয়, এন ৱাই ইউ লেংগন হেল্থ, আমেৰিকান ইণ্ডিয়া ফাউণ্ডেশ্যন আদিৰ ট্ৰাষ্টী হিচাপে কাম কৰি আহিছে আৰু ইয়েল বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰপতিৰ ‘কাউন্সিল অন ইণ্টাৰনেশ্যনেল এক্টিভিটি’ আৰু বাৰ্কলি কলেজ অফ মিউজিকৰ ৰাষ্ট্ৰপতিৰ পৰামৰ্শদাতা পৰিষদৰ সদস্য আছিল। নিউয়ৰ্ক একাডেমী অফ চায়েন্সেছৰ গৱৰ্ণৰ ব’ৰ্ডেৰেও জড়িত চন্দ্ৰিকা কৃষ্ণমূৰ্তি টেণ্ডনে ব্যৱসায়ৰ সমান্তৰালভাৱে সংগীত সাধনাত ব্ৰতী হৈ ‘ওম নমো নাৰায়ণ’ মন্ত্ৰৰ আঠটা ধ্বনিৰ আধাৰত নিৰ্মিত অবিৰত আবৃত্তিৰ এলবাম ‘ছ’ল কল’ ২০০৯ চনত মুকলি কৰে। এই এলবামটোৱে ২০১১ চনত ৫৩সংখ্যক বাৰ্ষিক এলবাম বঁটাৰ বাবে ‘শ্ৰেষ্ঠ সমসাময়িক বিশ্ব সংগীত এলবাম’ৰ বাবে মনোনীত হয়। টেণ্ডনে তেওঁৰ দ্বিতীয় ষ্টুডিঅ’ এলবাম হিচাপে ১৯৩০ চনৰ মহাত্মা গান্ধীৰ শান্তিপূৰ্ণ ছল্ট মাৰ্চৰ পৰা অনুপ্ৰাণিত হৈ ২০১৩ চনত ‘ছ’ল মাৰ্চ’ মুকলি কৰে। ২০১৪ চনত টেণ্ডনে তেওঁৰ তৃতীয় ষ্টুডিঅ’ এলবাম ‘ছ’ল মন্ত্ৰ’ মুকলি কৰে, য’ত নটা ৰাগত ‘ঔম নমঃ শিৱায়’ গীতটো প্ৰদৰ্শিত হয়। চাৰিখন মহাদেশৰ নটা ষ্টুডিঅ’ত ৰেকৰ্ডিং কৰা টেণ্ডনে ২০১৭ চনত তেওঁৰ চতুৰ্থ ষ্টুডিঅ’ এলবাম ‘শ্বিভ’হাম : দ্য কুৱেষ্ট’ মুকলি কৰে, য’ত সংস্কৃত প্ৰাৰ্থনাক ইংৰাজীৰ পদৰ সৈতে একত্ৰিত কৰা হৈছিল। ইয়াৰ পিছত ২০২৩ চনত তেওঁ ‘আম্মু’ছ ট্ৰেজাৰ্ছ’ নামেৰে ১৭গৰাকী সহযোগী সংগীতজ্ঞৰ অংশগ্ৰহণেৰে পঞ্চমটো ষ্টুডিঅ’ এলবাম মুকলি কৰে। ২০২৩ চনত গ্ল’বেল মিউজিক এৱাৰ্ডত শিশু সংগীত শাখাত সোণৰ পদক লাভ কৰা ‘আম্মু’ছ ট্ৰেজাৰ্ছ’ তেওঁৰ নাতি-নাতিনীৰ পৰা অনুপ্ৰাণিত হৈ বিভিন্ন ধাৰা আৰু ভাষাৰে নিৰ্মিত তিনিটা খণ্ডৰ গীতৰ সংকলন। তেওঁৰ ষষ্ঠ ষ্টুডিঅ’ এলবাম ‘ত্ৰিবেণী’ হ’ল দক্ষিণ আফ্ৰিকাৰ বাঁহীবাদক ৱাউটাৰ কেলাৰমেন আৰু জাপানী-আমেৰিকান চেলিষ্ট এৰু মাটছুমোটোৰ সহযোগত মুকলি কৰা গ্ৰেমী বঁটা বঁটা বিজয়ী এলবামটো।

গ্ৰেমী বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন? সংগীতৰ ক্ষেত্ৰখনত, বিশেষকৈ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰখনত যথেষ্ট অৱদান আগবঢ়াই থোৱা ছেটাৰ বাদক আৰু সুৰকাৰ ৰবি শংকৰ আছিল ভাৰতৰ প্ৰথমজন গ্ৰেমী বঁটা বিজয়ী। ১৯৬৭ চনত ভায়’লিনবাদক য়েহুদি মেনুহিনৰ সৈতে ‘ৱেষ্ট মিটছ ইষ্ট’ এলবামত চেটাৰ বাদন কৰি তেওঁ শ্ৰেষ্ঠ চেম্বাৰ মিউজিক পৰিবেশনৰ বাবে গ্ৰেমী বঁটা লাভ কৰে। ১৯৯৯ চনত দেশৰ সাংস্কৃতিক ঐতিহ্যলৈ আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ লাভ কৰা ৰবি শংকৰে ভিন্ন শাখাত মুঠ পাঁচটা গ্ৰেমী বঁটাৰে লাভ কৰিছিল। আনহাতে, গ্ৰেমী বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হ’ল টন্‌ভি শ্বাহ। ভাৰতৰ প্ৰথম মহিলা হিচাপে গ্ৰেমী বঁটাৰ তথা বিশ্ব সংগীতৰ ইতিহাসত সদায় নাম লিখা থাকিব টন্‌ভি শ্বাহৰ। কাৰণ টন্‌ভি শ্বাহ হ’ল ভাৰতীয় সংগীতৰ ক্ষেত্ৰখনলৈ বিশ্বৰ সৰ্বোচ্চ সন্মানীয় বঁটা ‘গ্ৰেমী’ প্ৰাপ্তিৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰথমগৰাকী মহিলা। তেওঁ ‘শ্লামডগ মিলিয়নাৰ’ৰ ‘জয় হো’ শীৰ্ষক গীতটো স্পেনিছ গীতৰ বাবে চলচ্চিত্ৰ বা অন্যান্য ভিজুৱেল মিডিয়াৰ বাবে ‘য়্যু আৰ মাই ডেষ্টিনী’ শিৰোনামেৰে লিখি শ্ৰেষ্ঠ গীত হিচাপে ২০১০ চনত সন্মানীয় গ্ৰেমী বঁটা লাভ কৰিছিল। ২০০৯ চনত একেটা ট্ৰেকৰ বাবে লণ্ডনত বিএমআই বঁটা লাভ কৰাৰ উপৰি এ আৰ ৰহমান আৰু গুলজাৰৰ সৈতে বিশ্ব চাউণ্ডট্ৰেক বঁটা (২০০৯)ও তেওঁ লাভ কৰিছিল। ৫২সংখ্যক গ্ৰেমী বঁটাত তেওঁৰ যুগান্তকাৰী কৃতিত্ব আছিল হিন্দী ছবি ‘শ্লামডগ মিলিয়নাৰ’ সেই আইকনিক গীত ‘জয় হো’ৰ কথাখিনি স্পেনিছ ভাষাত লিখি সেইটো পৰিবেশন কৰিছিল। তেওঁৰ এই কৃতিত্বই ভাৰতীয় সংগীত উদ্যোগত বৈচিত্ৰ্যময় অন্তৰ্ভুক্তিৰ গুৰুত্বক উজ্জ্বল কৰি তুলিছে আৰু ভাৰতীয় সংগীতৰ বিশালতাক প্ৰতীয়মান কৰে।১৯৮৫ চনৰ ১ ডিচেম্বৰত তামিলনাডুত জন্মগ্ৰহণ কৰা টন্‌ভি শ্বাহে আৰবী, স্পেনিছ, পৰ্তুগীজ আৰু অন্যান্য ভাষাত গীত গোৱাৰ উপৰি কণ্ঠশিল্পী হিচাপে তামিল, হিন্দী আৰু তেলেগু ছবিজগতলৈ যথেষ্ট অৰিহণা যোগাইছে।

ভাৰত প্ৰেক্ষাপটত কেৱল এওঁলোকেই এই সন্মানপ্ৰাপক একমাত্ৰ ভাৰতীয় নহয়। অন্য কেইবাগৰাকীও ভাৰত সন্তানে গ্ৰেমী বঁটা লাভ কৰি দেশক বিশ্বৰ বুকুত উজলাই থৈছে। হয়, ভাৰতৰ কেইবাগৰাকীয়েও সংগীতৰ ক্ষেত্ৰখনৰ বিশ্বৰ সৰ্বোচ্চ সন্মান হিচাপে পৰিচিত গ্ৰেমী বঁটা লাভ কৰি দেশক গৌৰৱান্বিত কৰি থৈছে। পশ্চিমীয়া শাস্ত্ৰীয় সংগীতৰ বিখ্যাত ভাৰতীয় পৰিচালক জুবিন মেহ্তাই ১৯৮১ চনত আইজাক ষ্টাৰনৰ ৬০ বছৰীয়া জয়ন্তী উদযাপনত আগবঢ়োৱা অৱদানৰ বাবে গ্ৰেমী লাভ কৰে। কেৰিয়াৰৰ সময়ছোৱাত জুবিন মেহ্তায়ো পাঁচটা গ্ৰেমী বঁটা লাভ কৰিছিল। ভাৰতৰ শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত বিশ্ব মোহন ভট্টই ১৯৯৪ চনত ‘এ মিটিং বাই দ্য ৰিভাৰ’ৰ বাবে গ্ৰেমী বঁটা লাভ কৰাৰ বিপৰীতে বিশ্ববিখ্যাত তবলা বাদক ওস্তাদ জাকিৰ হুছেইনে ২০০৯ চনত গ্ৰেমী বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ পিছত ২০২৪ চনত তিনিটা ভিন্ন শাখাত গ্ৰেমী বঁটা অৰ্জনেৰে মুঠ চাৰিবাৰ এই বঁটা লাভ কৰি দেশৰ সংগীত জগতখনক উজলাই তুলিছে। এওঁলোকৰ উপৰি ‘বিক্কু বিনায়কৰাম’, ‘ঘটাম দেৱতা’ আদি নামেৰেও জ্ঞাত প্ৰসিদ্ধ ভাৰতীয় পাৰ্কাচনিষ্ট থেটাকুডি হৰিহৰ বিনায়কৰামে ‘মিকি হাৰ্ট’ৰ ‘প্লেনেট ড্ৰাম’ত ঘটাম আৰু মৰ্চিং বাদক হিচাপে অভিনয় কৰি শ্ৰেষ্ঠ বিশ্ব সংগীত এলবামৰ বাবে ১৯৯১ চনত গ্ৰেমী বঁটা লাভ কৰা প্ৰথমজন দক্ষিণ ভাৰতীয় সংগীতজ্ঞ হিচাপে পৰিচিত। ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ সুৰকাৰ, ৰেকৰ্ড প্ৰযোজক, কণ্ঠশিল্পী, গীতিকাৰ আল্লাহ ৰাখা ৰহমানে (চমুকৈ এই আৰ ৰহমান) ২০১০ চনত শব্দ অভিযন্তা এইচ শ্ৰীধৰ আৰু মিক্স অভিযন্তা তথা ৰেকৰ্ড প্ৰযোজক পি এ দীপকৰ সৈতে অস্কাৰ বিজয়ী চিনেমা ‘শ্লামডগ মিলিয়নাৰ’ৰ বাবে শ্ৰেষ্ঠ সংকলন চাউণ্ডট্ৰেক এলবাম শাখাত গ্ৰেমী বঁটা লাভ কৰে। একেখন ছবিৰ বাবেই তেওঁ ভিজুৱেল মিডিয়াৰ বাবে লিখা শ্ৰেষ্ঠ গীতৰ শাখাত আন এটা গ্ৰেমীও লাভ কৰে। একেটা শাখাতেই ভাৰতীয় উৰ্দু কবি, গীতিকাৰ, লেখক, চিত্ৰনাট্যকাৰ আৰু হিন্দী চিনেমাৰ ৰচনাৰ বাবে পৰিচিত চলচ্চিত্ৰ পৰিচালক গুলজাৰ আৰু টন্‌ভি শ্বাহেও বিশ্ববিখ্যাত গ্ৰেমী বঁটা লাভ কৰে। আনহাতে, ‘শ্ৰীধৰ হৰিহৰণ’, ‘এইচ পদ্মনাভ’ বুলিও পৰিচিত এইচ শ্ৰীধৰে চলচ্চিত্ৰ, টেলিভিছন বা অন্যান্য দৃশ্যমান মাধ্যমৰ বাবে শ্ৰেষ্ঠ সংকলন চাউণ্ডট্ৰেক এলবাম শাখাত ‘শ্লামডগ মিলিয়নাৰ’ৰ যোগেদি ২০১০ চনত গ্ৰেমী বঁটা লাভ কৰে। তদুপৰি পি এ দীপক বুলিও জনা ৰেকৰ্ড প্ৰযোজক আৰু মিক্স ইঞ্জিনিয়াৰ অদ্ৰুষ্ট দীপক পল্লিকোণ্ডাই ২০১০ চনতেই ভিজুৱেল মিডিয়াৰ বাবে শ্ৰেষ্ঠ কম্পাইলেচন চাউণ্ডট্ৰেকৰ বাবে গ্ৰেমী বঁটা লাভ কৰিছিল ‘শ্লামডগ মিলিয়নাৰ’ৰ ছবিখনত কৰা কামৰ বাবে। ইয়াৰ উপৰি ৫৭সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ নিউ এজ এলবাম হিচাপে সন্মানিত হোৱা গ্ৰেমী বঁটা বিজয়ী এলবাম ‘উইণ্ডছ অফ চামছাৰা’ত চাউণ্ড মিক্স ইঞ্জিনিয়াৰ হিচাপে জড়িত হৈ ২০১৫ চনত ‘দ্য ছং একাডেমী’ৰ পৰা সন্মানৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ উপৰি ২০২২ চনত ৬৪সংখ্যক অনুষ্ঠানত ডিভাইন টাইডছ এলবামৰ বাবে শ্ৰেষ্ঠ মিক্সাৰ এণ্ড ইঞ্জিনীয়াৰৰ বাবেও গ্ৰেমী বঁটা লাভ কৰে। ভাৰতীয় সংগীত জগতৰ জনপ্ৰিয় সুৰকাৰ ৰিকি কেজে ২০১৫ চনত দক্ষিণ আফ্ৰিকাৰ বিখ্যাত বাঁহীবাদক আৰু সুৰকাৰ ৱাউটাৰ কেলাৰমেনৰ সৈতে ‘উইণ্ডছ অফ চামছাৰা’ৰ বাবে শ্ৰেষ্ঠ নিউ এজ এলবাম শিতানত গ্ৰেমী বঁটা লাভ কৰে। ২০২২ চনৰেই গ্ৰেমী বঁটাত একেটা শাখাতে ১৪সংখ্যক ষ্টুডিঅ’ এলবাম ডিভাইন টাইডছৰ বাবে দ্বিতীয়টো গ্ৰেমী লাভ কৰে আৰু একেটা এলবামৰ বাবে ২০২৩ চনত ‘বেষ্ট ইম্মার্শীভ অডিঅ’ শাখাত গ্ৰেমী বঁটা লাভ কৰি তেওঁ ভাৰতলৈ সুনাম কঢ়িয়াই আনে। গ্ৰেমী বঁটা লাভ কৰা আন এগৰাকী ভাৰতীয় হ’ল নীলা বাস্‌ৱানী। নোবেল বঁটা বিজয়ী মালালা ইউছুফজাইৰ আত্মজীৱনী ‘আই এম মালালা’ৰ অডিঅ’বুকত কথনৰ বাবে গ্ৰেমী বঁটা লাভ কৰি নীলা বাস্‌ৱানীয়ে এই অনন্য প্ৰাপ্তিৰ অধিকাৰী হয়। ২০১৫ চনত শ্ৰেষ্ঠ শিশু এলবামৰ গ্ৰেমী বঁটা লাভ কৰি সংশ্লিষ্ট শাখাত এই সন্মান লাভ কৰা একমাত্ৰ ভাৰতীয় হিচাপে পৰিগণিত হয় নীলা বাস্‌ৱানী। গ্ৰেমী বঁটা লাভ কৰা আন এগৰাকী ভাৰতীয় ফাল্গুনী শ্বাহ নামৰ ভাৰতীয় সংগীতৰ ক্ষেত্ৰখনৰ এক উজ্জ্বল তাৰকাগৰাকী ‘ফালু’ বুলিও পৰিচিত। তেওঁৰ মনোমোহা সুৰ আৰু আত্মাস্পৰ্শী সংগীতৰ বাৱে ২০২২ চনত তেওঁ ‘এ কালাৰফুল ৱৰ্ল্ড’ৰ বাবে শ্ৰেষ্ঠ শিশু এলবামৰ বাবে গ্ৰেমী বঁটা লাভ কৰে। অৱশ্যে গ্ৰেমী জয়ৰ পূৰ্বে ‘ফালু’ৰ সংগীতৰ দক্ষতাই ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছিল‌ যদিও এই প্ৰাপ্তিৰ পিছত জনপ্ৰিয়তা বৃদ্ধি পায়। ২০১৯ চনত ‘ফালুজ বাজাৰ’ আৰু ২০২৩ চনত ‘এবুণ্ডেন্স ইন মিলেটছ’ এলবামৰ বাবে একেটা শাখাতে গ্ৰেমী বঁটাৰ মনোনয়ন লাভ কৰা ‘ফালু’ৰ গ্ৰেমী বিজয়ে তেওঁৰ ব্যতিক্ৰমী প্ৰতিভাক সন্মান জনোৱাই নহয় ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যকো সমৃদ্ধ কৰে। আনহাতে, ৰাকেশ চৌৰাছিয়ায়ো ২০২৪ চনত ‘বেষ্ট গ্ল’বেল মিউজিক পাৰ্ফৰ্মেন্স’ শাখাত ‘পেষ্টো’ এলবামৰ বাবে আৰু ‘বেষ্ট কণ্টেম্পৰেৰী ইণ্ষ্ট্ৰুমেণ্টেল’ শাখাত ‘এ্যজ উই স্পীক’ এলবামৰ বাবে একেটা বছৰতে দুটা গ্ৰেমী বঁটা অৰ্জনেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনে। এওঁলোকৰ বাদেও ২০২৪ চনত শ্ৰেষ্ঠ গ্ল’বেল মিউজিক এলবাম ‘শক্তি’ৰ বাবে জাকিৰ হুছেইন, ভি চেলভাগনেশ, গণেশ ৰাজগোপালন আৰু শংকৰ মহাদেৱনে গ্ৰেমী বঁটা বিজয়ী হৈ ভাৰতীয় সংগীত জগতত এক নজিৰ গঢ়ে।

এইসকল ভাৰত সন্তানে এতিয়ালৈকে বিশ্ববিখ্যাত গ্ৰেমী বঁটা লাভ কৰি স্বদেশৰ নাম বিশ্ব প্ৰেক্ষাপটত উজলাই থৈছে। এই জয়যাত্ৰা অব্যাহত থাকক।

ফোন : ৭০০২০২৫০৪৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.