পল্লৱী শইকীয়া
জুই আৰু চকাৰ আৱিষ্কাৰে মানৱ সভ্যতাক যিদৰে খাপে খাপে আগুৱাই যোৱাত সহায় কৰিছিল ঠিক একেদৰে সম্প্ৰতি ইণ্টাৰনেটৰ আৱিষ্কাৰেও যেন মানুহক নতুন জীৱন শৈলীৰ লগত চিনাকী কৰি দিলে। ইণ্টাৰনেট মানুহৰ জীৱনৰ সহচৰ হোৱাৰ লগে লগে যেন সামাজিক মাধ্যম, ডিজিটেল পৃথিৱী ইত্যাদিবোৰ অবিহনে মানুহৰ জীৱন অসম্ভৱ হৈ পৰিল। জনসংখ্যাতাত্বিকৰ মতে যি সমুহ লোক ২০১০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত পৃথিৱীলৈ আগমন হৈছে সেইসকলক জেনেৰেচন আলফা (Generation Alpha) চমুকৈ জেন আলফা হিচাপে নামাকৰণ কৰা হৈছে। এই ‘জেনেৰেচন আলফা’ক নামাকৰণ কৰিছিল মাৰ্ক মেকক্ৰিণ্ডল নামৰ সংখ্যাতত্ববিদজনে । ই এটা সম্পূৰ্ণ নতুন নামাকৰণ চক্ৰৰ আৰম্ভণি কাৰণ গ্ৰীক বৰ্ণমালাৰ প্ৰথম আখৰৰ আৰম্ভণি মানে পুৰণি নামাকৰণৰ (এক্স, ৱাই, জেড) ৰ সফল সমাপ্তি । সাধাৰণতে ২১ শতিকাত সম্পূৰ্ণৰূপে ডাঙৰ দীঘল হ’বলৈ আৰম্ভ কৰা এই সকলেই প্ৰথম প্ৰজন্ম আৰু এই সকলে জন্মৰে পৰা ডিজিটেল পৃথিৱীৰ লগত সম্পুৰ্ণৰূপে ঘনিষ্ঠতা গঢ়ি তুলিবলৈ সুবিধা পাইছে।
এটা কথা উল্লেখনীয় যে এই প্ৰজন্মই জন্মলগ্নৰে পৰা ডিজিটেল ডিভাইচ আৰু অনলাইন প্লেটফৰ্মৰ লগত জড়িত হোৱাৰ সুযোগ লাভ কৰা হেতু তেওঁলোকৰ এইসমুহ ব্যৱহাৰ কৰা তথা নতুন প্ৰযুক্তিসমুহ পৰিগ্ৰহণ কৰাৰ ক্ষমতাও আগৰ প্ৰজন্মতকৈ যথেষ্ট বেছি । অনাগত দিনবোৰত হয়তো তেওঁলোকে ইয়াতকৈও অধিক উন্নত মানৰ প্ৰযুক্তিৰ লগত জড়িত হৈ সেইসমূহৰ লগত সহচৰ হোৱাৰ সুবিধা লাভ কৰিব। এই প্ৰজন্মই বাস্তৱৰূপে বিশেষ গুণৰ অধিকাৰী হোৱাৰ উপৰিও আগৰ প্ৰজন্মৰ তুলনাত ব্যাপক পৰিসৰৰ এখন পৃথিৱীত জীৱন নিৰ্বাহৰ সুবিধা লাভ কৰিব। এই নতুন প্ৰজন্মৰ সন্মুখত কম বেছি পৰিমাণে সম্পৰীক্ষণৰ বাবে কম বয়সৰ পৰাই সমগ্ৰ পৃথিৱীতে আমোদ প্ৰমোদৰ উপৰিও শিক্ষাৰ আহিলা হিচাপে এটা ডিজিটেল ডিভাইচ দাঙি ধৰাৰ সময় আহি পৰিল । ই অনাগত ভৱিষ্যতে তেওঁলোকৰ সামাজিক তথা অন্যান্য দিশসমূহত গঠনমুলক কামত আগবাঢ়ি যোৱাত বা দিশ নিৰ্দেশনাত সহায়ক হৈ উঠিব বুলি আমি আশাবাদী। ২০১০ চনতে প্ৰথম ‘iPad’ উদ্ভাৱন কৰিছিল, ‘ইনষ্টাগাম’ আমাৰ মাজলৈ আহিছিল আৰু ‘এপ’ নামটো বছৰটোৰ বাবে এক বিশেষ শব্দ হৈ পৰিছিল যাৰ পৰিপেক্ষিততে সেই সময়ত জন্ম লাভ কৰাসকলৰ শৈশৱ আৰম্ভ হৈছিল এনেবোৰ নতুন বস্তুৰ সৈতে আৰু তেওঁলোকক ‘স্ক্ৰিনেজাৰ’ হিচাপে নামাকৰণ কৰা হয়। দিনক দিনে বৃদ্ধি পোৱা টেকনলজি আৰু ডিভাইচৰ ব্যৱহাৰে তেওঁলোকৰ বিদ্যালয়ৰ আৰম্ভণিৰপৰাই এই সমুহৰ জৰিয়তে শিক্ষাগ্ৰহণৰ সুবিধা প্ৰৱল হৈ পৰিল। তেওঁলোকেই প্ৰথম প্ৰজন্ম যি ৰিমৰ্ট ক্লাছৰূম, টেবলেট কম্পিউটাৰ ব্যৱহাৰৰ সুবিধা লাভ কৰিছে। তেওঁলোকে Siri নাইবা Alexa ৰ জড়িয়তে voice assistants আৰু chatGPT ৰ জড়িয়তে ভাষাৰ পৰিবৰ্তন কৰিবৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাক বহুলভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। কভিডৰ সময়বোৰেও জেন আলফাৰ শিশুসকলক নতুন টেকনলজিৰ লগত জড়িত হোৱাৰ সুবিধাসমূহ আৰু অধিক কাষ চপাই আনিলে। কভিড-19 ৰ পেনডেমিক পৰিস্থিতিৰ বহুলভাৱে প্ৰভাৱ পৰা এই প্ৰজন্মক কিছু বিশেষজ্ঞই ‘জেন চি’ বা ‘জেনেৰেচন কভিড’ বুলিও নামাকৰণ কৰিছে। তেওঁলোকৰ বাবে ডিজিটেল শ্ৰেণীকোঠা, ভিডিঅ কল ইত্যাদিবোৰ দৈনন্দিন কাম কাজবোৰৰ দৰেই একেবাৰে সাধাৰণ ।
জেন Alphaৰ সদস্যসমুহ এতিয়াও শিশুকালতে আছে যি মাক দেউতাকৰ তত্বাৱধানতে নিজক আগুৱাই নিয়াৰ পথত অগ্ৰসৰ হৈছে। তেওঁলোকৰ মাক দেউতাক অনুমানিক জেনেৰেচন ৱাইৰ সদস্য আছিল যিসকল সামাজিক মাধ্যমত ইতিমধ্যে অভ্যস্ত হৈ পৰিছে আৰু নিজৰ সন্তানৰ ফটো, ভিডিঅ আৰু ৰিলছসমুহ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। গতিকে জেন Alphaৰ শিশুসকল জন্মৰে পৰা অনলাইন প্লেটফৰ্মত সক্ৰিয়, নহয় জানো?
নিশ্চয় আমাৰ মনলৈ এনে এটা প্ৰশ্ন আহিব পাৰে যে কিয় এনেধৰণৰ জেনেৰেচন বা প্ৰজন্মৰ নামাকৰণ প্ৰয়োজন হৈ পৰিল ? সময় পৰিৱৰ্তনশীল ।সময়ৰ লগে লগে আমাৰ জীৱনশৈলীও সলনি হয়। আমি শিশুকালত যিবোৰ পৰিৱেশত ডাঙৰ দীঘল হৈছিলো এতিয়া সেই পৰিৱেশ হয়তো আমাৰ চৌপাশে বৰ্তী থকা নাই। গতিকে এই জেনেৰেচন নামাকৰণেই এক নতুন পদ্ধতি যি নেকি সমগ্ৰ পৃথিৱীৰ ঘটনা পৰিঘটনা তথা প্ৰযুক্তিগত, অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনে এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানৰ মানুহক কি দৰে প্ৰভাৱিত কৰিছে বা তেওঁলোকে এই পৰিৱৰ্তনখিনিক কিদৰে পৰিগ্রহণ কৰিছে তাৰ এক অনুমান কৰিব পাৰি। এতিয়া এই প্ৰযুক্তিৰ ভৰপক সময়ত জেনেৰেচন সমুহক প্ৰভাৱিত কৰা আন কাৰকসমূহৰ উপৰিও ‘ডিজিটেল ট্ৰেনচফৰমেচন'( Digital Transformation) ক হে মূখ্য হিচাপে গণ্য কৰা হয়। সেয়ে জেন-ৱাইতকৈ জেন-জেডৰ ব্যক্তিসকল প্ৰযুক্তিগত ভাৱে অধিক অগবঢ়া। ক্ৰমশঃ এই প্ৰযুক্তিগত সক্ষমতা বৃদ্ধি পোৱাৰ সম্ভাৱনাই অধিক ।
এই জেনেৰেচন অৱশ্যে কিছুমান সমস্যা নথকা নহয়। Alpha জেনেৰেচনৰ শিশুসকল জন্ম হোৱাৰ পৰাই প্ৰযুক্তিৰ বিকাশ আৰু প্ৰয়োগৰ মাত্ৰা বৃদ্ধি পাই আহিছে ফলত তেওঁলোকৰ এই সমুহৰ লগত সহচৰ হোৱাৰ প্ৰৱণতাও বৃদ্ধি পাইছে। মনোবিজ্ঞানী আৰু স্নায়ুৰোগ বিশেষজ্ঞৰ মতে এইসমূহৰ সুফল যেনেদৰে আছে কিছু কিছু ক্ষেত্ৰত কম বেছি পৰিমাণে অশুভ প্ৰভাৱো পৰিলক্ষিত হয়। দিনৰ অধিক সময় অনলাইনত ব্যস্ত হৈ পৰাৰ বাবে ঘৰুৱাভাৱে শিকিবলগীয়া কথাবোৰ, লগৰীয়াৰ লগত খেলাৰ আনন্দবোৰ আৰু সামাজিক ঘনিষ্ঠতাবোৰ ক্ৰমে হ্ৰাস পোৱা দেখা যায়, যি সামাজিক ঘনিষ্ঠতাক নেওচি সামাজিক মাধ্যমৰ ভাৰ্চুৱেল জগতলৈ গতি কৰাত অৰিহণা যোগাইছে। যিমানে অনলাইন গেম অথবা screen time বৃদ্ধি পাইছে সিমানে শিশুসকলৰ মাজত কল্পনা শক্তি আৰু সৃজনী শক্তি ক্ৰমে হ্ৰাস পোৱা দেখা যায় যি অদুৰ ভবিষ্যতে জটিলতাৰ সৃষ্টি কৰিব বুলি অনুমান কৰা হৈছে। এই সকলোবোৰে শিশু তথা ব্যক্তিবিশেষক মানসিক ভাৱে যথেষ্ট দুৰ্বল কৰি তোলাৰ উপৰিও বয়স বাগৰি যোৱাৰ লগে লগে তেওঁলোকৰ মাজত হতাশা , উদ্বিগ্নতা আৰু একাকীত্বৰ সমস্যাই দেখা দিব।
সময় আগুৱাই গৈ থাকিব, প্ৰজন্মৰ পিছত প্ৰজন্মই পৃথিৱীক নতুন ৰূপেৰে উদ্বুদ্ধ কৰি তুলিব। এটা সময়ত অৰণ্যত বাস কৰা মানুহ এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে ৰবটৰ মাজত মানুহক কল্পনা কৰাৰ সময় আহিল। এই উন্নতি সদায় সফলকামী হওঁক, মানুহৰ চিন্তাজগত সদায় ইতিবাচক দিশেৰে আগুৱাই যাওঁক।
ফোন : ৮৬৩৮২৩৮১২১
Comments are closed, but trackbacks and pingbacks are open.