ডাঃ কৰুণা হাজৰিকা
আমি আমাৰ জীৱনত আনক যিকোনো কামৰ বাবে ধন্যবাদ বুলি কোৱাৰ বাহিৰেও কৃতজ্ঞ হোৱাটো এটা গভীৰ ধাৰণা । আমি সাধাৰণতে আমাৰ হাঁত দুখন যোৰ কৰি প্ৰণাম জনাই আমাৰ ধন্য়বাদ সূচক বাৰ্তা প্ৰেৰণ কৰো আৰু ইয়াকে ইংৰাজীত আজি বহুলভাৱে প্ৰচাৰিত ‘ইম’জি’ হিচাবে জনা যায় আৰু ই আজিৰ ছচিয়েল মেডিয়াৰ বহুল ভাৱে প্ৰচলিত আমাৰ ভাৱ প্ৰকাশ কৰাৰ আহিলা হিচাবে পৰিগণিত হৈছে । কৃতজ্ঞতা হৈছে জীৱন ধাৰণৰ আৰু চিন্তাৰ এক পদ্ধতি যিয়ে আমাক আমি বাস কৰা পৃথিৱীখনৰ বিস্ময় আৰু সৌন্দৰ্য চিনাক্ত কৰিবলৈ সক্ষম কৰে। এই কৃতজ্ঞতা হৈছে এনে এক অভ্যাস যাৰ বহুতো মানসিক আৰু আৱেগিক অনুভৱ আছে যি আমাক সদায় বহুতো সুবিধা প্ৰদান কৰি আহিছে। যেতিয়া আমি আমাৰ ওচৰত যি আছে তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰোঁ, আমি আমাৰ মনোযোগ নেতিবাচকৰ পৰা ইতিবাচকলৈ ঘূৰাই দিওঁ। আমাৰ দৃষ্টিভংগীৰ এই পৰিৱৰ্তনে সুখ আৰু জীৱনৰ সন্তুষ্টি বৃদ্ধি কৰিব পাৰে, মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰিব পাৰে, আৰু সাধাৰণতে আমাৰ মানসিক স্বাস্থ্য বৃদ্ধি কৰাত সহায় কৰিব পাৰে। যদি মন কৰো আমি দেখা পাওঁ যে, আমাক সৰু অৱস্থাৰ পৰাই আনৰ সহায়ৰ বাবে কৃতজ্ঞ হ’বলৈ শিকোৱা হয় । আমি সামাজিক পৰম্পৰা অনুসৰি তেওঁলোকক ধন্যবাদ জনাইছো যি আমাক বিভিন্ন ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াই আহিছে । আচল অৰ্থত কৃতজ্ঞতা মানেনো কি? তাকে আমি আজি ইয়াত কিছু আলোকপাত কৰিবলৈ ওলাইছো ।
উদাহৰণস্বৰূপে, ইয়াৰ অৰ্থ এনে হ’ব পাৰেঃ আপোনাৰ জীৱনত যিবোৰৰ বাবে আপুনি কৃতজ্ঞ সেই বিষয়বোৰৰ বিষয়ে চিন্তা কৰি কেইটামান মুহূৰ্ত অতিবাহিত কৰা। আপোনাৰ দৈনন্দিন জীৱনত আপুনি সন্মুখীন হোৱা কিবা এটাৰ বিস্ময়ৰ সৌন্দৰ্য্য পৰ্যবেক্ষণ কৰা আৰু স্বীকাৰ কৰা বা আপোনাৰ সুস্বাস্থ্যৰ বাবে কৃতজ্ঞ হওক ইত্য়াদি । কৃতজ্ঞতা প্ৰকাশ কৰাটো এটা সচেতন, আৰু আনন্দদায়ক অনুভূতি । এই অনুভুতিয়ে আমাক যেতিয়া কোনো বস্তুৰ প্ৰতি আকৰ্ষণীয় বা অস্পৰ্শনীয় ভাৱে প্ৰশংসা কৰাৰ স্পৃহা জন্মায় আৰু যেতিয়া আমাৰ কাৰ্য্য়ৰ দ্ৱাৰা ইয়াক প্ৰকাশ কৰিব পাৰি তাক কৃতজ্ঞতা বুলি কোৱা হয়। কৃতজ্ঞ হোৱাটো যিকোনো ক্ষেত্ৰতে কেৱল মাত্ৰ ভাল হোৱাতকৈ বহু বেছি। এইটো আমাৰ মনত এনে এক মনোভাৱ য’ত আমি আনে আমাৰ জীৱনত কৰা সৰু সৰু অনুদান বা দয়া নাইবা সহায়ৰ ক্ষেত্ৰত মনত আনন্দ আৰু অভ্যন্তৰীণ স্পন্দন অনুভৱ কৰোঁ। ই আমাৰ ক্ষেত্ৰত ভাল ফলাফলৰ লগতে ইয়াৰ উপযোগিতা চিনাক্ত কৰাৰ কাৰ্য্যও সামৰি লয় । সাধাৰণতে আমি আমাৰ জীৱনত আনৰ পৰা কিবা এটা পালেই আমি আনক তাৰ বাবে ধন্য়বাদ সহকাৰে আৰু কৃতজ্ঞতাৰে স্ৱীকাৰ কৰো । পশ্চিমীয়া ইতিহাসৰ অন্যতম সৰ্বশ্ৰেষ্ঠ চিন্তাবিদ গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলে এটা কথা প্ৰকাশ কৰিছিল যে আমি যি বোৰ বাৰে বাৰে কৰোঁ শেষত আমি তেনে হৈ পৰোঁ। আমি সকলোৱে আমাৰ আচৰণৰ সৰু সৰু পৰিৱৰ্তন কৰি কাৰ্য্য়ক্ষেত্ৰত অধিক প্ৰশংসনীয় মানুহ হ’ব পাৰোঁ । আমি আমাৰ হৈ যোৱা সাধাৰণ ভুলবোৰ আৰু ভৱিষ্যতৰ বাবে ইয়াৰ দ্ৱাৰা আমাৰ নিজৰ জীৱনটো যদি অন্ধকাৰ যেন লাগে আৰু তাৰ ওপৰতে মনোনিৱেশ কৰি অতিবাহিত কৰোঁ ,তেন্তে আমি নিজেই দুখ আৰু ঘৃণাৰ মাজত সোমাই পৰিম আৰু তেতিয়া আমাৰ জীৱন দুৰ্বিসহঃ হৈ পৰিব । অৱশ্যে, আমি আমাক এনে ব্যক্তি হিচাপে গঢ়ি তোলাৰ ক্ষমতাও আছে যিয়ে সকলো সময়তে সক্ৰিয়ভাৱে আমি কৃতজ্ঞ হ’বলৈ প্ৰৰোচিত হ’ব পাৰো আৰু তেতিয়া আমি সকলোতে ইয়াৰ ভাল ফলা-ফলো পাবলৈ সক্ষম হ’ব পাৰিম । ইয়াতেই কৈ থওঁ আমাৰ প্ৰকৃতিৰ মাজত থকা চমৎকাৰী হাইড্ৰেঞ্জিয়া নামৰ ফুল বিধক কৃতজ্ঞতাৰ প্ৰতীক হিচাবে লোৱা হয় আৰু এই ফুলবিধে সচাকৈয়ে চাবলৈ গ’লে তাৰ গঠন প্ৰনালীয়ে হৃদয়স্পৰ্শী যিকোনো বস্তুক প্ৰতিনিধিত্ব কৰে আৰু সেয়েহে সেই কৃতজ্ঞতাৰ ভাৱনাক নিখুঁতভাৱে প্ৰতিনিধিত্ব কৰে বুলি ধৰা হয় । নীলা হাইড্ৰেঞ্জা কৃতজ্ঞতাৰ অৰ্থৰ সৈতে আটাইতকৈ ঘনিষ্ঠভাৱে জড়িত, আনহাতে গুলপীয়াৰ অৰ্থ হৈছে আন্তৰিক আৱেগ আৰু প্ৰকৃত অনুভূতি বুলি কোৱা হয় । আৰু যদি ৰঙৰ কথা কোৱা হয়, গোলাপী বা বিশেষভাৱে গাঢ় গোলাপী কৃতজ্ঞতা আৰু প্ৰশংসাৰ সৈতে সম্পৰ্কিত কৰা হয়। কৃতজ্ঞ হোৱাটো কেৱল “ধন্যবাদ” কোৱাৰ কাৰ্য্য নহয়, ই তাতকৈ বহু গভীৰ। এইটো এটা অনুভূতি, এটা ইতিবাচক আৱেগ যিয়ে এটা উদ্দেশ্য পূৰণ কৰে।
বিশেষজ্ঞসকলৰ মতে, কৃতজ্ঞতা অনুভৱ কৰাৰ দুটা পৰ্যায় আছেঃ কৃতজ্ঞতা প্ৰকাশৰ দ্ৱাৰা জীৱনত প্ৰথমে নিজৰ কাৰণে হোৱা মঙ্গলময় আৰু আনন্দ ভাৱৰ স্বীকাৰ কৰা হয়। যেতিয়া আমি কৃতজ্ঞ হওঁ তেতিয়া আমাৰ মনত অজানিতে যোগাত্মক ভাৱৰ সৃস্তি হয় । ইয়াৰ দ্ৱাৰাই আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ যে জীৱনটো সাধাৰণতে সুন্দৰ আৰু ইয়াৰ এনে এটা দিশ আছে যিয়ে আমাক জীয়াই থকাৰ অনুপ্ৰেৰণা যোগায় আৰু লগতে যোগ্য কৰিও তোলে। আমাক আনে কিবা এটা দিয়া হৈছে বুলি স্বীকৃতি দিব পোৱাটোৱে আমাক নিজৰ বিষয়ে ভাল অনুভৱ কৰায়, আৰু ইয়াৰ অস্তিত্ব আৰু ইয়াক বাছনি কৰাৰ ক্ষেত্ৰত প্ৰদানকাৰীৰ অনুভৱো গুৰুত্ৱ পায় । আনহাতে,আমি উপলদ্ধি কৰা বিভিন্ন প্ৰকাৰৰ দয়াৰ বাহ্যিক উৎস সমূহক স্বীকাৰ কৰাৰ অৰ্থ হ’ল কৃতজ্ঞ হোৱা। সাধাৰণতে আন মানুহ, জীৱ-জন্তু আৰু আমাৰ সৃষ্টিকৰ্তাৰ প্ৰতি কৃতজ্ঞ অনুভৱ কৰাটো তেনেই সম্ভৱ, কিন্তু নিজৰ বাবে ইয়াক অনুভৱ কৰাটো ইমান সহজ নহয়। এই মুহূৰ্তত, আমি আমাৰ জীৱনৰ ইতিবাচক বিষয়সমূহ আৰু সেইবোৰৰ বাবে দায়বদ্ধ লোকসকলৰ বিষয়ে সাধাৰণতেই অৱগত । আমাৰ জীৱনত থকা ভাল গুণবোৰৰ স্বীকৃতি আৰু এই ভাল গুণ কেনেকৈ,ক’ৰ পৰা আহিল তাৰ ব্যাখ্যা সাধাৰণতে কৃতজ্ঞতাৰ দুটা পৰ্যায়ৰে অন্তৰ্ভুক্ত। এই প্ৰক্ৰিয়াৰ জৰিয়তে আমি আমাৰ জীৱন আৰু নিজকে উন্নত কৰাৰ বাবে যিকোনো পৰিস্থিতি বা যিকোনো আশীৰ্বাদৰ বিষয়ে সদায়েই সচেতন হৈ পৰোঁ।
সুবিধাসমূহঃ
আমি আমাৰ জীৱনত বহু ঘটনা সংঘটিত হয় যাৰ বাবে আমি সঘনাই কৃতজ্ঞতা প্ৰকাশ কৰো আৰু এনে অনুশীলনৰ কেইবাটাও তাৎক্ষণিক আৰু দীৰ্ঘম্যাদী লাভালাভ আছে। ইতিবাচক মনোবিজ্ঞানৰ এটা মুখ্য কেন্দ্ৰবিন্দু হৈছে কৃতজ্ঞতা, ইয়াক মনোবিজ্ঞানীসকলে ভালদৰে অনুধাৱন কৰিছে। সচেতনভাৱে আৰু সঠিক ভাৱে নিজৰ বাবে হোৱা প্ৰতিটি ফলপ্ৰচু অনুদান বা ভালকাৰ্য্য় নাইবা আশীৰ্বাদ সমূহ পৰ্যালোচনা কৰিলে নিজকে সুখী আৰু সাময়িক ভাৱে সেই বিষয়ত কিছু দুৰ্বল কৰিও তোলে। কিন্তু সঠিকভাৱে চালে দেখা য়ায় কৃতজ্ঞতাৰ দ্বাৰা আমাৰ মগজুত ভাৱৰ সলনি হয় । অধ্যয়নসমূহে দেখুৱাইছে যে যিসকলে প্ৰশংসা কৰে তেওঁলোকে শিকা আৰু সিদ্ধান্ত লোৱাৰ সৈতে জড়িত মগজুৰ এটা অংশ মেডিয়েল প্ৰি-ফ্ৰণ্টেল কৰ্টেক্সত উচ্চ স্তৰৰ কাৰ্য্যকলাপ প্ৰদৰ্শন কৰে। কৃতজ্ঞতা সাধাৰণতে হ’ব পৰা যিকোনো নেতিবাচক আৱেগ পৰাভুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। কৃতজ্ঞতাই আমাক আমাৰ জীৱনৰ বিস্ময়কৰ বস্তুবোৰ বিচাৰিবলৈ আৰু সংযোগ কৰিবলৈ উৎসাহিত কৰে আৰু ফলত আনন্দ আৰু সহানুভূতিৰ দৰে ইতিবাচক আৱেগবোৰ বৃদ্ধি কৰাত সহায় কৰে। ই সদায়েই আমাক অসন্তুষ্টি আৰু ইৰ্ষাৰ দৰে নেতিবাচক আৱেগৰ পৰা আমাৰ মনোযোগ ঘূৰাই আনিবলৈ সহায় কৰে। সময়ৰ লগে লগে আমাৰ অব্যাহত থকা বিভিন্ন কৃতজ্ঞতা প্ৰকাশৰ অনুশীলনবোৰে আচৰণ আৰু মেজাজৰ ওপৰত যিকোনো ইতিবাচক প্ৰভাৱ পেলাব আৰম্ভ কৰে, আৰু সেইবোৰ আমাৰ আচৰণৰ এক সূচাংকও হৈ পৰিব পাৰে। সাধাৰণতে প্ৰশংসাই হতাশাৰ বিৰুদ্ধে যুঁজিবলৈ আমাক সহায় কৰিব পাৰে। সেয়ে যেতিয়া কোনো ব্যক্তিয়ে এক কঠিন সময়ৰ মাজেৰে পাৰ হয়, তেতিয়া তেওঁলোকৰ জীৱনৰ ভাল সময় আৰু তেওঁলোকৰ মাজত থকা ভাল লোকসকলক মনত ৰখাটো গুৰুত্বপূৰ্ণ বা তেওঁলোকে কৰা সহায়ৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত। তথ্য়মতে দেখা গৈছে যে তৎক্ষণাত মনোযোগপূৰ্ণ কৃতজ্ঞতা গঢ়ি তোলাৰ ফলত সুখ ১০% বৃদ্ধি পায় আৰু হতাশাৰ লক্ষণসমূহ ৩৫% হ্ৰাস পায়। যদি এই ক্ষেত্ৰত আমি একান্ত গভীৰভাৱে জড়িত হৈ পৰিব পাৰো, ই বিষাদ আৰু উদ্বেগ প্ৰতিৰোধ কৰাত যঠেষ্ট সহায় কৰিব পাৰে।
ই আমাৰ স্বাস্থ্যৰ বাবেও ভাল। অপ্রীতিকৰ আবেগ হ্ৰাস আৰু নিষ্ক্ৰিয় কৰাৰ উপৰিও, কৃতজ্ঞতাক শাৰীৰিক কাৰ্যকলাপকে ধৰি অন্যান্য স্বাস্থ্য-প্ৰোৎসাহী আচৰণৰ সৈতেও জড়িত কৰা হৈছে। ইয়াৰ ফলত আমাৰ শক্তিশালী ৰোগ প্ৰতিৰোধ প্ৰণালী, বিষ সহ্য় কৰিব পৰা শক্তি আৰু, গভীৰ আৰু শান্তি পূৰ্ণ টোপনি এই সকলোবোৰ পৰোক্ষভাৱে কৃতজ্ঞতাৰ সৈতে জড়িত হৈ আছে।
কৃতজ্ঞতা প্ৰকাশ কৰাৰ ফলত ইজনে সিজনৰ মাজত উন্নত মানৰ যোগা-যোগৰ দ্ৱাৰা সম্পৰ্কৰ বান্ধোন গাঢ় হয় আৰু ফলত নতুন সম্পৰ্কৰ সৃষ্টি আৰু ই বিস্তাৰিতও হয়। কৃতজ্ঞতাই আমাৰ ক্ষমা কৰাৰ ক্ষমতা বৃদ্ধি কৰে, আনক সহায় কৰিবলৈ আমাক অনুপ্ৰাণিত কৰে, আৰু আনৰ প্ৰতি সহানুভূতি গঢ়ি তোলাত সহায় কৰে। ইয়াৰ দ্ৱাৰা আমাৰ বন্ধু –বান্ধবী বা আন সদস্যসকলক অধিক সুখী আৰু অধিক পূৰ্ণতা অনুভৱ কৰাৰ স্থল আছে আৰু ফলত হ’ব পৰা ঈৰ্ষাৰ ভাৱ হ্ৰাস কৰাত সহায় কৰিব পাৰে।
কৃতজ্ঞতা অনুভৱ কৰিলে ইতিবাচকতাৰ সৃষ্টি হয়ঃ
আমি যেতিয়াই কৃতজ্ঞতা প্ৰকাশ কৰো বা আনক সহায় কৰিবলৈ অধিক আগ্ৰহী হৈ থাকো, তেতিয়াই আমাৰ মনত অধিক আনন্দৰ যোৱাৰ উঠে আৰু আমি সদায় সন্তুস্ত হওঁ । বিভিন্ন সময়ত এইটো প্ৰমাণিত হৈছে যে আমাৰ কৃতজ্ঞ মানসিকতা থাকিলে ই আমাৰ মাজত সৃষ্টি কৰা অনুপ্ৰেৰণা আৰু আনন্দ ভাগ বতৰা কৰাৰ সম্ভাৱনা বৃদ্ধি কৰে আৰু আনৰ ওচৰত আমাৰ প্ৰয়োজনীয়তাও বৃদ্ধি পায় আৰু ইয়ো বহু সময়ত আমাৰ মানসিক শক্তি বৃদ্ধি কৰাত সহায় কৰে ।
আমি কৃতজ্ঞতাৰ পৰা দুটা ভিন্ন স্তৰত লাভৱান হ ‘ব পাৰোঁ। প্ৰথমতে, কৃতজ্ঞতাৰ অনুশীলনে আমাক অন্যান্য কাৰ্যকলাপত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা অধিক কৰি তোলে যি আমাৰ সামগ্ৰিক সুস্থতা উন্নত কৰে, যেনে এথলেটিকছ, ধ্যান, আৰু আত্ম-সজাগতা আদি । দ্বিতীয়তে, ই আমাৰ মনত বন্ধুত্বপূৰ্ণ ভাৱ বৃদ্ধি কৰে, আমাক অধিক চিন্তাশীল আৰু অধিক দানশীল হ’বলৈ উৎসাহিত কৰে।
আমাৰ জীৱনৰ স্পষ্ট আৰু গুৰুত্বপূৰ্ণ অভিজ্ঞতা, পৰিস্থিতি, আৰু ঘটনাবোৰ সঘনাই মনত পৰে যেতিয়াই আমি যিবোৰৰ বাবে কৃতজ্ঞ হওঁ বা সেই বিষয়বোৰৰ বিষয়ে চিন্তা কৰোঁ । আমি আমাৰ শৈশৱ, পৰিয়াল, কাম কাজ, স্বাস্থ্য আৰু শিক্ষাৰ সুযোগসমূহৰ প্ৰতিও বিভিন্ন প্ৰকাৰে প্ৰশংসা কৰিব পাৰোঁ বা স্ৱীকাৰ কৰিব পাৰো আৰু ইয়ো এক প্ৰকাৰৰ আমাৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰাৰ উৎসও হ’ব পাৰে। যদিও এই ঘটনাবোৰৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰা আৰু প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ বুলি সাধাৰণতেই অনুধাৱন কৰা নহয়, তথাপিতো আমি আমাৰ কৃতজ্ঞতা অনুশীলনৰ ক্ষেত্ৰত আৰু গভীৰলৈ যাব লাগিব আৰু তেতিয়াহে ইয়াৰ মূল্য় বুজিবলৈ সক্ষম হ’ম ।
আমাৰ বৰ্তমানৰ ব্যস্ততাপূৰ্ণ আৰু দ্ৰুত গতিৰ জীৱনত, কৃতজ্ঞতাৰ গুৰুত্ব প্ৰায়ে অৱমূল্যায়ন কৰা হয়। কিন্তু কৃতজ্ঞতা মনস্কতাটো গঢ়ি তোলাটোৱে আমাৰ সাধাৰণ আনন্দ আৰু সুস্থতাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। কৃতজ্ঞতাই আমাক বৰ্তমানৰ মুহূৰ্তটো উপভোগ কৰিবলৈ আৰু আমাৰ যি অভাৱ আছে তাৰ পৰা আমাৰ মনোযোগ সলনি কৰিবলৈ সক্ষম কৰে। জীৱনৰ আশীৰ্বাদৰ প্ৰতি কৃতজ্ঞ হোৱা আৰু প্ৰশংসা কৰাটো কৃতজ্ঞতাৰ ভাৱনাৰ এক উপাদান। ইয়াত জীৱনৰ ভাল বস্তুবোৰৰ বাবে গ্ৰহণযোগ্যতা আৰু প্ৰশংসাৰ অনুভূতি অন্তৰ্ভুক্ত থাকে ফলত আমাৰ মনত ফুৰ্তি ভাৱৰ খেলা হয় আৰু আমাক যিকোনো কামৰ প্ৰতি অনুপ্ৰেৰণা যোগায় ।
কৃতজ্ঞতা হৈছে এক শক্তিশালী আৱেগ যাৰ দ্ৱৰা আমাৰ দৃষ্টিভংগী সলনি হোৱাৰ স্থল আছে আৰু দেখা গৈছে ই আমাৰ বাবে যথেষ্ট লাভজনক। আনকি কঠিন পৰিস্থিতিতো, ই আমাক বৰ্তমান-মুহূৰ্তৰ সজাগতা বজাই ৰখাত আৰু জীৱনৰ সৰু সৰু আনন্দৰ প্ৰশংসা কৰাত সহায় কৰিব পাৰে। আমি ইজনে সিজনৰ সৈতে থকা আমাৰ বান্ধোন শক্তিশালী কৰিব পাৰোঁ, অধিক স্থিতিস্থাপক আৰু গতিশীল হ’ব পাৰোঁ, আৰু আনকি জীৱনৰ ইতিবাচক দিশবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি আৰু আনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি আমাৰ শাৰীৰিক আৰু মানসিক সুস্থতা লাভ কৰিব পাৰোঁ। গতিকে আহঁকচোন সকলো সময়তে আনৰ পৰা পোৱা যিকোনো সুযোগ বা সহায়ৰ প্ৰতিদান হিচাবে আমি অন্য় একো কৰিব নোৱাৰিলেও কৃতজ্ঞতাকে সৰোগত কৰি জীৱনৰ কঠিন মূহুৰ্ত সমূহ পাৰ কৰি জীৱন উপভোগ কৰিবলৈ চেষ্টা কৰো আৰু আনন্দ লওঁ।
ফোনঃ ৯৮৬৪০১৮৬৬৫
Comments are closed, but trackbacks and pingbacks are open.