জোনাকী দেৱী কাশ্যপ
“Experience is a hard teacher because she gives the test first, the lesson afterward.” ―Vernon Sanders Law
অভিজ্ঞতা হ’ল প্ৰত্যক্ষ পৰ্য্যবেক্ষণ বা অংশগ্ৰহণৰ মাধ্যমেৰে জ্ঞান লাভ কৰা অথবা প্ৰভাৱিত হোৱাৰ অৱস্থা।
মানৱ জীৱনৰ আৰম্ভনি অভিজ্ঞতাৰ পৰাই হয় । যেতিয়া কেঁচুৱা এটি কান্দি থাকে,মাতৃ গৰাকীয়ে কোলাত লোৱাৰ লগে লগেই শান্ত হয় নহয় জানো!কাৰণ শিশুটিয়ে মাকৰ স্পৰ্শ অনুভৱ কৰে, অভিজ্ঞতা আছে শিশুটিৰ মাকৰ মমতাময়ী স্পৰ্শৰ যাৰ দ্বাৰা মাকক চকু নেমেলাকৈয়ে চিনি পায়। মানুহে জীৱনত বহুতো অভিজ্ঞতা সঞ্চয় কৰে। অভিজ্ঞতাৰ পৰা পোৱা শিক্ষাই জীৱন যাত্ৰাত আগুৱাই যোৱাত সহায় কৰে। জীৱনত অভিজ্ঞতাৰ মূল্য অপৰিসীম।আহকচোন এটি কাহিনী শুনো-
এখন চহৰত দুজন বন্ধু আছিল।কনক আৰু বীৰেন।দুয়ো শৈশৱৰ পৰা একেলগে পঢ়ি,খেলি ডাঙৰ হ’ল। যেতিয়া দুয়োৰে পঢ়া-শুনা শেষ হ’ল দুয়ো চাকৰি বিচাৰিবলৈ ধৰিলে। কিন্ত চাকৰি নাপাই দুয়ো নিজা ব্যৱসায় কৰিবলৈ মন মেলিলে। ব্যৱসায় আৰম্ভ কৰিবলৈ দুয়ো দেউতাকৰ পৰা টকা বিচাৰিবলৈ থিৰাং কৰিলে।কনকে দেউতাকৰ ওচৰলৈ গৈ ব্যৱসায় আৰম্ভ কৰিবলৈ টকা বিচাৰিলে। দেউতাকে ক’লে,ঠিক আছে তুমি কিহৰ ব্যৱসায় কৰিবা! কনকে ক’লে, মই ঠিক কৰা দেউতা! তেতিয়া তেন্তে ঠিক কৰা আৰু সেই বিষয়ে কিছু কথা অৱগত হৈ অহা। কনকে বজাৰলৈ গ’ল।সি বহুত ভাবি-চিন্তি ফলৰ ব্যৱসায় কৰিব বুলি ঠিক কৰিলে আৰু সেই বিষয়ে বেপাৰীসকলৰ পৰা কিছু কথা জানি ল’লে।কনকে ঘৰলৈ আহি দেউতাকক নিজৰ সিদ্ধান্তৰ কথা ক’লে। তেতিয়া দেউতাকে ক’লে,ঠিক আছে ব্যৱসায় আৰম্ভ কৰাৰ আগতে তুমি চাৰিমাহ এখন ফলৰ দোকানত অভিজ্ঞতা সংগ্ৰহ কৰি অহা। কথামতেই কাম।কনকে সম্পূৰ্ণ চাৰিমাহ এখন ফলৰ দোকানত কৰ্মচাৰী হিছাপে কাৰ্যনিৰ্বাহ কৰিলে। চাৰিমাহ পিছত কনকে ঘৰলৈ ঘূৰি আহি দেউতাকক ক’লে,দেউতা মই এই ব্যৱসায়ৰ বিষয়ে ভালেখিনি অভিজ্ঞতা অৰ্জন কৰিলোঁ এতিয়া নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ। দেউতাকে পুত্ৰৰ কাৰ্য্যত সন্তুষ্ট হৈ টকা পাচ হেজাৰ তাৰ হাতত গুজি দিলে। কনকে সেই টকাৰে বাছি বাছি বেলেগ বেলেগ প্ৰকাৰৰ ভাল ফল ক্ৰয় কৰি আনি নিজৰ দোকানত বিক্ৰী কৰিলে। উপাৰ্জন ভালে হ’ল। খুউব কম দিনৰ ভিতৰতে কনক এজন ডাঙৰ ফলৰ ব্যৱসায়ী হৈ পৰিল। আনহাতে বীৰেনে যেতিয়া দেউতাকক ব্যৱসায়ৰ বাবে টকা খুজিলে দেউতাকে লগে লগে টকা দহ হেজাৰ তাৰ হাতত দিলে।বীৰেন সেই টকাৰে এসোপামান একে ফল আনি দোকান দিলে।আধা বিক্ৰী গ’ল আধা পচি-সৰি বেয়া হৈ গ’ল। ব্যৱসায়ত গভীৰ লোকচানৰ মুখামুখি হৈ সি ব্যৱসায় বাদেই দিলে।এইয়াই অভিজ্ঞতাৰ মূল্য…
অভিজ্ঞতা কেনেকৈ জীৱন পথৰ সহায়ক হয়, আহকচোন আলোচনা কৰোঁ –
*জীৱনত অতীতত পোৱা বেয়া অভিজ্ঞতাৰ পৰা শিক্ষা পোৱা যায় যাৰদ্বাৰা ভৱিষ্যতে সাৱধান হ’ব পাৰি।
*অভিজ্ঞতাই আমাৰ কৰ্ম দক্ষতা বৃদ্ধি কৰে।
*অভিজ্ঞতাই আবেগক নিয়ন্ত্ৰিত কৰি বাস্তৱমুখী হোৱাৰ শিক্ষা দিয়ে।
*অভিজ্ঞতাই জীৱনৰ কঠিন সময়ত সাহসেৰে আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে।
*অভিজ্ঞতাই মানুহক বুজি পাবলৈ শিকায়,ভাল-বেয়াৰ উপলব্ধি কৰায়।
*অভিজ্ঞতাই যিকোনো সম্পৰ্ক এটাত ইজনে-সিজনৰ সামৰ্থতাখিনি(capability) বুজাত সহায় কৰে।
*অভিজ্ঞতাই মনত ভাবি থকা কথাবোৰ মুকলিকৈ প্ৰকাশ কৰাৰ সৎসআহস প্ৰদান কৰে।
*অভিজ্ঞতাই ধৈৰ্য্য, দায়িত্বশীলতা,সহানুভূতিশীলতা আদি গুণেৰে সমৃদ্ধ কৰে।
*আশাভংগ হ’লেও ভাগি নপৰা আৰু আশা পূৰ্ণ হ’লেও আনন্দত আত্মহাৰা নোহোৱাকৈ থাকিব পৰা মানসিক শক্তি অভিজ্ঞতাই প্ৰদান কৰে।
* কোনোবাই আপোনাৰ দুৰ্বল দিশটোৰ কথা বেছিকৈ উনুকিয়াই থাকিলে নম্ৰভাৱে প্ৰত্যুত্তৰ দিবলৈ অভিজ্ঞতাই শিকায়।।
জীৱনৰ অভিজ্ঞতাই মানুহক বহুত কথাই শিকায়। সুখদায়ক আৰু দুখদায়ক দুয়োবিধ অভিজ্ঞতাই আমি জীৱনত আহৰণ কৰোঁ।আহক, অভিজ্ঞতাবোৰ বুকুত সামৰি জীৱনটো উদযাপন কৰোঁ। সকলো কুশলে থাকক..
ফোন-৮৭২৪০-৮৬৬
Comments are closed, but trackbacks and pingbacks are open.