পৰীক্ষাৰ ফলাফল আৰু জীৱনৰ জখলা : প্ৰসংগক্ৰমে কিছু অন্য চিন্তা

2

স্বপ্না দাস

শিক্ষা, পৰীক্ষা, ফলাফল— এই ব্যৱস্থাবোৰ গুৰুকুলৰ পৰাই চলি আহিছে। সময় আৰু সভ্যতাৰ অগ্ৰগতিৰ ফলস্বৰূপে গুৰুকুলৰ শিক্ষা হৈ পৰিল বিদ্যালয়কেন্দ্ৰিক আনুষ্ঠানিক শিক্ষা ব্যৱস্থা । এই শিক্ষানুষ্ঠানকেন্দ্ৰিক আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত শিক্ষাদান আৰু গ্ৰহণ, পৰীক্ষা, ফলাফলৰ উপৰি আন এটা ব্যৱস্থা অন্তৰ্ভুক্ত হ’ল; সেইটো হ’ল– পৰিমাপক— মাৰ্কশ্বিট বুলিলে যিটোক আমি সাধাৰণতে সকলোৱে একেষাৰে বুজি পাওঁ। সন্তান এগৰাকীৰ আনুষ্ঠানিক শিক্ষাগ্ৰহণ কৰাৰ প্ৰথম বৰ্ষৰ পৰাই পৰীক্ষাৰ ফলাফলৰ সমানে গুৰুত্ব দিয়া হয় প্ৰতিটো বিষয়ত পোৱা পৰিমাপকৰ নিৰ্দিষ্ট সংখ্যাটোৰ ওপৰত। অভিভাৱক তথা শিক্ষানুষ্ঠানৰ ফালৰ পৰা এই ধাৰা অব্যাহত থকা দেখা যায় বিদ্যালয়ৰ প্ৰথমটো পৰীক্ষাৰ পৰা আনুষ্ঠানিক শিক্ষাৰ অন্তিমটো পৰ্যায়লৈ।

সকলোৱে ধাৰণা কৰা গুৰুত্বপূৰ্ণ মাৰ্কশ্বিটকেইখনৰ এখন হ’ল হাইস্কুল শিক্ষান্ত বা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মাৰ্কশ্বিটখন। মাৰ্কশ্বিটক আমি ইমানেই গুৰুত্বাৰোপ কৰো যে বৰ্তমান সময়ত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ্থীক তেওঁলোকৰ পৰীক্ষাৰ ফলাফল জানিব বিচাৰি ‘তুমি এইবাৰ মেট্ৰিক/হায়াৰ চেকেণ্ডেৰী দিছিলা নহয়’ বুলি কৈ সৰহসংখ্যকে ‘ৰিজাল্ট কেনে হ’ল’, ‘পাৰ্চেণ্টজ’কিমান পালা’ জাতীয় প্ৰশ্ন সোধাত অধিক গুৰুত্ব দিয়া দেখা যায় । সঁচাকৈয়ে, সময় যেন ভাবিব নোৱাৰাধৰণে সলনি হ’ল। আমি সকলো যে কেতিয়া প্ৰতিযোগিতা নামৰ দূৰন্ত ঘোঁৰা দৌৰৰ প্ৰতিযোগী হৈ পৰিলোঁ তলকিবই নোৱাৰিলোঁ। প্ৰথম বিভাগ বা লেটাৰ নম্বৰসহিতে প্ৰথম বিভাগ, ষ্টাৰ নম্বৰ, ডিষ্টিংচন নম্বৰ পাই উত্তীৰ্ণ হোৱা এইবোৰৰ যেন এতিয়া বৰ বিশেষ গুৰুত্ব নোহোৱা হ’বলৈ ধৰিছে। এতিয়া কেৱল এখন গধূৰ মাৰ্কশ্বিটৰ আশা পৰীক্ষাৰ্থীৰ । অভিভাৱকৰো । সকলোৰে এনে অনুভৱ— মাৰ্কশ্বিটৰখনেই যেন নিৰ্ধাৰণ কৰে পৰীক্ষাৰ্থীয়ে সফলতা-বিফলতা, সুখ-দুখ আদি জীৱনৰ সমস্ত। হয়, ভাল মাৰ্কশ্বিট এখনৰ প্ৰয়োজনীয়তাক আমি কাহানিও কাষৰীয়া কৰি পেলাব নোৱাৰো। এখন আগশাৰীৰ শিক্ষানুষ্ঠানত নামভৰ্ত্তি কৰিবলৈ আৰু অন্য বিভিন্ন কাৰণত অতিকৈ প্ৰয়োজনীয় হৈ পৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাৰ্কশ্বিটখন। একেদৰে, এখন আগশাৰীৰ মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ বা পছন্দৰ বিষয়ত পঢ়িবলৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বিট প্ৰয়োজনীয়। ই পৰৱৰ্তী সময়ত কৰ্মসংস্থাপনত সহযোগিতা আগবঢ়ায় বুলিবও পাৰি। কিন্তু গধূৰ মাৰ্কশ্বিটৰ পিছত দৌৰোতে আৰু দৌৰাওতে অনেকে পাহৰে আৰু অনেকক পাহৰোৱা হয় মানুহ হোৱাৰ পাঠ। পৰীক্ষা, ফলাফল, নম্বৰ আদিৰ সমানেই আমি আমাৰ সন্তানক জীৱনৰ বাবে অতীব প্ৰয়োজনীয় আন দিশবোৰত শিক্ষা দিব পৰিছোঁনে? আমি তেওঁলোকক আমাৰ নিজস্ব পৰম্পৰা, লোককৃষ্টি , সমাজৰে পৰিচয় কৰাই দিছোঁনে? মানৱতাৰ শিক্ষা দিছোঁনে? পঢ়া-শুনাত সাংঘাতিক ভাল হৈ জীৱনত স্বাৱলম্বী হোৱাৰ বাহিৰেও আন আন ক্ষেত্ৰত উজলি উঠিব নোৱাৰেনে আপোনাৰ, মোৰ, আমাৰ সন্তানবোৰে? উত্তৰ নিশ্চয়কৈ ‘পাৰে’ হ’ব। কিন্তু তাৰ পিছতো আমি আমাৰ সন্তানসকলক কেৱল এখন গধূৰ মাৰ্কশ্বিট লাভৰ ক্ষেত্ৰতহে প্ৰেৰণা বা উৎসাহ দিছোঁ; দৌৰাইছোঁ আৰু নিজেও তেওঁলোকৰ পিছে পিছে দৌৰিছোঁ। খেলা-ধূলা কৰিলে শাৰীৰিক আৰু বাহিৰা কিতাপ পঢ়িলে মানসিক বিকাশ সাধন কৰাত সহায়ক হয় বুলি জনাৰ পিছতো আমি কিমানেইবা আমাৰ সন্তানসকলক মুকলিকৈ খেলিবলৈ দিছোঁ? বাহিৰা কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব পৰিছোঁনে আমাৰ সন্তানৰ? আত্মীয়, ওচৰ-চুবুৰীয়া বা সমাজিক ক্ষেত্ৰত নৈতিক কিম্বা ব্যৱহাৰিক জ্ঞানেৰে সমৃদ্ধ কৰাটোও পৰীক্ষাৰ মাৰ্কশ্বিটখনতকৈ কোনোগুণে কম গুৰুত্বপূৰ্ণ বিষয় নহয়। আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হোৱা প্ৰতিজন সন্তান ‘ভাল মানুহ’ নহ’বও পাৰে, যদিহে তেওঁ নৈতিক তথা চাৰিত্ৰিক দিশত কোনো জ্ঞান আহৰণ কৰা নাই। ‘আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়।’ ৰাজহুৱা স্থান, যান-বাহন আদিত ডাঙৰ ডাঙৰ আখৰেৰে লিখা এই বাক্যশাৰীয়ে আমাক সকলোকে বহু কথাই শিকাই থৈছে।

উপাৰ্জনমুখী কৰ্মজীৱনৰ জখলাডালত এটাৰ পিছত আনটো ঢাপ বগাবলৈ আনুষ্ঠানিক শিক্ষা লাভৰ লগতেই গুৰুত্বপূৰ্ণ ভাল ফলাফলো সমানেই গুৰুত্বপূৰ্ণ ফলাফলৰ মূল্যাকনো, যিটোক আমি কেতিয়াও আওকাণ কৰিব নোৱাৰোঁ। কিন্তু এই পৰিমাপকে এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ সমগ্ৰ জীৱন যাত্ৰাৰ পৰিমাপ নিৰ্ধাৰণ কৰিব নোৱাৰে। মাৰ্কশ্বিটখনেই হ’ব নোৱাৰে কাৰো জীৱনজোৰা সফলতা অথবা বিফলতা নিৰূপণ কৰিব পৰা প্ৰমাণ পত্ৰ। আনুষ্ঠানিক শিক্ষা লাভৰ সমান্তৰালকৈ শাৰিৰীক মানসিক সুস্থতা, সমাজৰ কৃষ্টি, সংস্কৃতি,ৰীতি নীতি, পৰম্পৰা আদিৰ ন্যূনতম জ্ঞান আৰু তাৰ প্ৰতি থকা দায়বদ্ধতা, সুব্যৱহাৰৰ আদিয়ে এজন ব্যক্তিৰ সফলতাক নিৰূপন কৰে। আমি মনত ৰখা উচিত যে এজন সফল ব্যক্তিয়েহে এখন সুস্থ সমাজ গঢ়াত সহায়ক হয়।

ফোন : ৭০০২০২৫০৪৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.