ইটিং আউট- আধুনিক জীৱনশৈলীৰ এক অংশ! 

18

বৰ্ণালী এছ. ডেকা

মুখৰ আগত যদি কোনোবাই খোৱা বস্তু যতনাই দিয়ে তাতকৈ সুখৰ কথা কি হব পাৰে বাৰু! বিশেষকৈ অনবৰতে পাকঘৰত সোমাই থকা গৃহিণীসকলক আপুনি যদি বাহিৰত দুপৰীয়া বা ৰাতিৰ সাঁজ খোৱাৰ বাবে প্ৰস্তাৱ দিয়ে, তেন্তে তেওঁলোকৰ বাবে তাৰ আনন্দই সুকীয়া।

আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত  স্বামী-স্ত্ৰী দুয়োজনেই চাকৰিয়াল। হাতত সময় কম, ঘৰ চম্ভালা, সন্তানৰ দায়িত্ব…।  জীৱন আৰু জীৱিকাৰ এই যুঁজত শেহতীয়াকৈ এটা ট্ৰেণ্ড আহিছে, সেয়া হ’ল- Eating out। ঘৰৰ পৰা আঁতৰত বিশেষকৈ ৰেষ্টুৰেণ্টত খাবলৈ যোৱাৰ এক হেঁপাহ- ইটিং আউট বা ডাইনিং আউট।

ৰেষ্টুৰেণ্টৰ খাদ্যৰ সোৱাদৰ বিশেষ কিবা এটা আছে নেকি যিটো ঘৰৰ খাদ্যত পোৱা নাযায়? ঘৰতে বনোৱা খাদ্যবোৰো ঠিক তেনেকুৱাই সুস্বাদু হ’ব পাৰে যদিও  বাহিৰত খাদ্যগ্ৰহণৰ মাদকতাৰ লগতে সোৱাদৰ কিবা পাৰ্থক্য আছে নেকি?  এইক্ষেত্ৰত আমি ঘৰুৱা ৰন্ধা-বঢ়া আৰু ৰেষ্টুৰেণ্টত ৰন্ধা-বঢ়াৰ মাজৰ কাৰিকৰী পাৰ্থক্যসমূহ অন্বেষণৰ চেষ্টা চলাম, যিয়ে ৰেষ্টুৰেণ্টত আমি অনুভৱ কৰা অনন্য সোৱাদত অৰিহণা যোগায়।

 উপাদানৰ পাৰ্থক্য 

ঘৰতে ৰন্ধা খাদ্য আৰু ৰেষ্টুৰেণ্টৰ খাদ্যৰ সোৱাদ পৃথক হোৱাৰ এটা প্ৰধান কাৰণ হ’ল উপাদানৰ মান। ৰেষ্টুৰেণ্টসমূহে প্ৰায়ে উপাদানসমূহ বিশেষ যোগানকাৰীৰ পৰা আহৰণ কৰে, যিটো সাধাৰণভাৱে  উপলব্ধ সামগ্ৰীতকৈ উচ্চ মানৰ  হয়। অৰ্থাৎ ৰেষ্টুৰেণ্টত সতেজ উৎপাদিত সামগ্ৰী, ভালকৈ কাটি লোৱা মাংস আৰু উচ্চমানৰ মছলা আৰু জুতি লোৱাৰ সুবিধা আছে।

উপাদানৰ মানৰ উপৰি ৰেষ্টুৰেণ্টৰ পাকৈত ৰান্ধনীৰো গুৰুত্বপূৰ্ণ থাকে। ৰেষ্টুৰেণ্টৰ ৰান্ধনসকল পেছাদাৰী, ৰন্ধনকলাৰ শিক্ষাৰে অভিজ্ঞ। সেয়ে আপুনি-মই ঘৰতে ৰন্ধা খাদ্যত দিয়া বিভিন্ন উপকৰণ, সিজোৱাৰ তাপমান আদিৰ দিশত এক বিজ্ঞানসন্মত দৃষ্টিকোণ থাকে।

প্ৰস্তুতিৰ কৌশল 

পেছাদাৰী চেফসকলে ব্যৱহাৰ কৰা প্ৰস্তুতিৰ কৌশলসমূহেই হৈছে ৰেষ্টুৰেণ্টৰ খাদ্যৰ সোৱাদ বেলেগ হোৱাৰ আন এটা কাৰণ। ৰেষ্টুৰেণ্টসমূহত বিশেষ সঁজুলিৰ সুবিধা থাকে, যিয়ে খাদ্য ৰান্ধিবলৈ বিশেষ সুবিধা দিয়ে। ৰন্ধন প্ৰক্ৰিয়াৰ প্ৰতিটো দিশত সবিশেষ গুৰুত্ব আৰোপ কৰা হয়  ৰেষ্টুৰেণ্টত। ইয়াৰ বিপৰীতে ঘৰুৱা ৰান্ধনীসকলে প্ৰায়ে পাকঘৰৰ মৌলিক সঁজুলিৰে ৰান্ধিব লাগে আৰু প্ৰতিটো খাদ্যৰ প্ৰতি ইমান সময় আৰু মনোযোগ দিয়াৰ তাড়না সদায়ে একে নাথাকে।

পৰিৱেশজনিত কাৰক 

আমি যি পৰিৱেশত খাওঁ, সেই পৰিৱেশেও খাদ্যৰ সোৱাদত উল্লেখযোগ্য ভূমিকা ল’ব পাৰে। ৰেষ্টুৰেণ্টসমূহৰ এক অনন্য পৰিৱেশ থাকে, যিয়ে স্বাদযুক্ত খাদ্য গ্ৰহণৰ সময়ত অন্য এক মাদকতাৰে পুলকিত কৰে। লাইটিং, ডেকোৰ আৰু সংগীত সকলোৱে ৰেষ্টুৰেণ্টখনৰ সামগ্ৰিক ভাইবত অৰিহণা যোগায়, অধিক উপভোগ্য কৰি তোলে। ইয়ে আমি খাদ্যৰ সোৱাদকো মনস্তাত্তিকভাৱে প্ৰভাৱিত কৰিব পাৰে।

পৰিৱেশন শৈলী 

পৰিৱেশৰ উপৰি আতিথ্য সেৱা আৰু উপস্থাপনেও আমাৰ ৰুচিবোধৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।  যেতিয়া খাদ্য নান্দনিকভাৱে পৰিৱেশন কৰে, তেতিয়া ই খাদ্যৰ সৌন্দৰ্য  উন্নীত কৰিব পাৰে আৰু খাদ্যৰ সোৱাদ বৃদ্ধিত অৰিহণা যোগায়।

বিশেষ সঁজুলিৰ ভূমিকা 

ঘৰুৱা পাকঘৰৰ পৰা ৰেষ্টুৰেণ্টৰ পাকঘৰৰ খাদ্যৰ স্বাদ পৃথক কৰা আন এটা কাৰক হ’ল বিশেষ সঁজুলিৰ উপলব্ধতা।  বাণিজ্যিক অভেন, ষ্ট’ভ, ডীপ ফ্ৰায়াৰ আৰু  ষ্টীমাৰৰ লগতে ছ’ছ ভিড মেচিনে নিখুঁত উষ্ণতা নিয়ন্ত্ৰণ, সামঞ্জস্যপূৰ্ণ আৰু সুস্বাদু ব্যঞ্জন ৰন্ধাত অন্য এক মাত্ৰ আনি দিয়ে।

ডাইনিং আউটৰ মনঃস্তাত্ত্বিক দিশ 

ৰেষ্টুৰেণ্টলৈ মানুহ কিয় যায়? এই প্ৰশ্নৰ এটাই উত্তৰ নাই।  আমি বিভিন্ন কাৰণত বিভিন্ন সময়ত ৰেষ্টুৰেণ্টলৈ যাওঁ।  কেতিয়াবা আমি শুনিছোঁ যে খাদ্য বহুত ভাল, কেতিয়াবা ৰেষ্টৰেণ্টখনৰ সুন্দৰ পৰিৱেশ আৰু কেতিয়াবা বিশেষ দিন উদযাপন আদি ভিন্ন কাৰণত আমি ডাইনিং আউটৰ বাবে ওলাওঁ। বাহিৰত খাদ্য খোৱাৰ ক্ষেত্ৰত মানসিক দিশটো অতি গুৰুত্বপূৰ্ণ।

বৈচিত্ৰ্যময় খাদ্য- ৰেষ্টুৰেণ্টসমূহত বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰা হয়, যিবোৰ ঘৰত সহজে প্ৰস্তুত কৰিব নোৱাৰি। এই বৈচিত্ৰ্যই মানুহক আকৰ্ষিত কৰে।

সামাজিক সম্পৰ্ক: বন্ধু-বান্ধৱী বা পৰিয়ালৰ সৈতে বাহিৰত খোৱাটো এক সামাজিক কাৰ্যৰ ভিতৰুৱা অংশ। ব্যস্ততাময় জীৱনৰ এটা দিন একেলগে এসাঁজ খোৱাৰ এটি সামাজিক মনেও ডাইনিং আউটৰ প্ৰতি আকৰ্ষিত কৰে। এই কাৰ্যই সম্পৰ্কও দৃঢ় কৰাত সহায় কৰে।

পৰ্যটন: পৰ্যটকসকলে নতুন ঠাইত স্থানীয় খাদ্যৰ স্বাদ ল’বলৈ ভাল পায়। ইয়াৰ বাবে বাহিৰত খোৱাটো এক অভিজ্ঞতা হৈ পৰে।

সকলোখিনি মিলি বাহিৰত খোৱা সময়খিনি সদায়ে বিশেষ ৰূপে বিবেচিত হয়। কোনো পৰিকল্পনা নোহোৱাকৈ খাবলৈ যোৱাই হওক বা অপৰিকল্পিতভাৱেই হওক- বাহিৰত খোৱা বুলি ক’লেই ফুৰ্তি বা আনন্দৰ মুহূৰ্ত।

আমি  সাধাৰণ মানুহখিনিৰ দৰে চেলিব্ৰেটিসকলোৱে ৰেষ্টুৰেণ্টত খাদ্যৰ জুতি ল’বলৈ আগ্ৰহ প্ৰকাশ কৰে। বলীউডৰ বহু তাৰকাই নামী-দামী হোটেল-ৰেস্তোৰাঁত খাদ্য গ্ৰহণ কৰিবলৈ যোৱা দৃশ্যই সামাজিক মাধ্যমতো বিশেষ জনপ্ৰিয়তা পায়। সাধাৰণজনৰ পৰা চেলিব্ৰেটিলৈ, শিশুৰ পৰা বৃদ্ধলৈ, নিম্ন মধ্যবিত্তৰ পৰা মধ্যবিত্তলৈ সকলোৱে ডাইনিং আউটৰ আমেজ লয়।

গতিকে ইটিং আউট সম্প্ৰতি আমাৰ জীৱনশৈলীৰ ভিতৰুৱা হৈ পৰিছে। ইটিং আউট যেন একঘেয়ামী জীৱনৰ পৰা মুক্তিৰ ক্ষণিক আনন্দ, জীৱনটোক নতুনত্বৰে পূৰ্ণ কৰি তোলাৰ হাবিয়াস। ইয়াত অৰ্থব্যয়ৰ কথাটোও জড়িত আছে যদিও ইটিং আউট একপ্ৰকাৰৰ মানসিক শান্তি। অৱশ্যে এটা কথা ঠিক যে অত্যধিক ইটিং আউট প্ৰৱণতাই আমাৰ স্বাস্থ্যতো প্ৰভাৱ পেলাব পাৰে। সেয়েহে, সন্তুলিত আৰু স্বাস্থ্যকৰ খাদ্যাভ্যাস গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.