ডিজিটেল ভাস্কৰ্য আৰু জাপানী ভাস্কৰ্যশিল্পী নাৱা কুহি

ভৱেন বৰুৱা

সূর্য উঠাৰ দেশ জাপান৷ দ্বিতীয় মহাসমৰত হিৰোচিমা আৰু নাগাচাকিত মিত্রবাহিনীয়ে পাৰমাণৱিক বোমাৰ আক্রমণৰে একপ্রকাৰ ধবংসস্তূপত পৰিণত কৰা জাপানে ফিনিক্স পখীৰ দৰেই সেই ধবংসস্তূপৰ মাজৰ পৰা পুনৰুত্থান ঘটাই নিজকে বিশ্বৰ আগশাৰীৰ দেশত পৰিণত কৰিবলৈ সক্ষম হৈছে৷ যুদ্ধোত্তৰ জাপানৰ এই চমকপ্রদ পুনৰুত্থানক আষ্চর্যকৰ বুলি নকৈ নোৱাৰি৷ অৱশ্যে এই লেখাৰ বিষয় জাপানৰ চমকপ্রদ বিকাশৰ প্রসংগ নহয়৷ এই লেখাটোত বর্তমানৰ ডিজিটেল যুগৰ এগৰাকী ব্যতিক্রমী ভাস্কৰ্যশিল্পী নাৱা কুহি Nawa Kohei আৰু তেওঁৰ অপূর্ব সৃষ্টিৰাজিৰ বিষয়ে চমুকৈ আলোকপাত কৰিব বিচাৰিছোঁ৷

নাৱা কুহি এগৰাকী জাপানী ভাস্কৰ্য শিল্পী৷ কিন্তু তেওঁৰ চিনাকি ইমানেই নহয়৷ তেওঁ জাপানৰ বিশ্ববিখ্যাত উচ্চ শিক্ষানুষ্ঠানKyoto University of Artsত অধ্যাপক হিচাপেও কর্মৰত৷ এই বিশ্ববিদ্যালয়খনৰ পৰাই তেওঁFine Art Sculpture স্নাতক আৰু সন্মানীয় পি এইচ ডি ডিগ্রী লাভ কৰিছিল৷ ইয়াৰ পিছত তেওঁ লণ্ডনৰ বিখ্যাতRoyal College of Artতো ভাস্কৰ্য শাখাত শিক্ষাগ্রহণ কৰিছিল৷ তেওঁ ডিজিটেল ভাস্কৰ্য আৰু আধ্যাত্মিক দর্শনৰ সংমিশ্রণেৰে কাঁচ, প্লাষ্টাৰ, প্রিছম্, আঠা আদিৰ সহায়ত কৰাPixCell শীর্ষক ছিৰিজৰ এক ব্যতিক্রমী সৃষ্টি কর্মৰ বাবে বিশ্বজুৰি কলাৰসিকসকলৰ মাজত জনপ্রিয় হৈ পৰিছে৷ অহৰহ নতুনত্বৰ সন্ধানত থকা নাৱা কুহিয়ে নিজৰ সৃষ্টি কর্মত নতুন প্রযুক্তি আৰু সামগ্রীৰ ব্যৱহাৰেৰে কলা আৰু শিল্পক এক নতুন আৰু অনন্য মাত্রা দিবলৈ সক্ষম হৈছে৷ বাস্তৱ আৰু কল্পনাৰ বহুমাত্রিক উপস্থিতিয়ে তেওঁৰ প্রতিটো সৃষ্টি কর্মই প্রতিগৰাকী দর্শকক বিস্ময়াভিভূত কৰি তোলে৷ তেওঁPixCell ছিৰিজত তেওঁ কোষ Cellৰ জৈৱিক ধাৰণাটোক ডিজিটেল জগতৰPixelৰ সৈতে সংপৃক্ত কৰি ভাস্কৰ্য শিল্পৰ জগতখনত এক সম্পূর্ণ নতুন ধাৰাৰ সৃষ্টি কৰিছে৷

PixCell ছিৰিজৰ সৃষ্টি কর্মসমূহত তেওঁ কাঁচৰ বিভিন্ন আকাৰৰ সৰু বৰ টুকুৰা চেলুলাৰ গাঁথনি Cellular structureৰ ওপৰত ব্যৱহাৰ কৰি অসংখ্য অপ্ঢিকেল প্রিছম্ৰ সৃষ্টি কৰে আৰু এই অপ্ঢিকেল প্রিছমে ভাস্ক্র্যটোক চাওঁতাজনক প্রকৃতিৰ নিয়মৰ Law of Nature বিষয়ে পুনৰ ভাবিবলৈ বাধ্য কৰায়৷ তেওঁৰDirection and Ether শীর্ষক শিল্পকর্মৰ আনটো ছিৰিজত মধ্যাকর্ষণ শক্তিৰ বিভিন্ন ৰূপত থকা শাৰীৰিক অভিব্যক্তিৰ ওপৰত গুৰুত্ব দি ভাস্ক্র্যসমূহ নির্মাণ কৰিছে৷

১৯৭৫ চনত জাপানৰOsaka চহৰত জন্মলাভ কৰা নাৱা কুহি Nawa Koheiয়ে কলা সম্পর্কীয় বিখ্যাত অনলাইন আলোচনীCLOT Magazineৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্রকাশ কৰিছিল যে শিশুসকলৰ বাবে পুতলা তৈয়াৰ কৰা কাৰখানা চলোৱা তেওঁৰ পিতৃৰ পৰাই তেওঁ এনে ভাস্কৰ্য সৃষ্টি কৰাৰ প্রেৰণা লাভ কৰিছিল৷ নিজৰ এনে ব্যতিক্রমী সৃষ্টিকর্মৰ বাবে প্রথমে যথেষ্টConcept আৰুtechnical প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে সম্পূর্ণ কৰাৰ ক্ষেত্রত যথেষ্ট সময় লৈছিল আৰু এই প্রত্যাহ্বানক অতিক্রম কৰিবলৈ তেওঁ যথেষ্ট সময় দিবলগীয়া হৈছিল বুলি সাক্ষাৎকাৰটোত প্রকাশ কৰিছিল৷

ডিজিটেল টেক্নলজী আৰু কম্পিউটাৰৰ ব্যৱহাৰ নিশ্চিতভাৱেই প্রকৃতি, মানৱ চেতনা আৰু অন্তৰীক্ষৰ নিয়মৰ সৈতে সামঞ্জস্য ৰাখিহে বিকাশ লাভ কৰিব লাগিব বুলি ভাস্কৰ্যশিল্পীগৰাকীয়ে বিশ্বাস কৰে৷ তেওঁৰ ভাষাত, As digital technologies become more sophisticated, these relationships become closer. I feel that digital technology, machinery and computers are not far from nature but are the beginning of our understanding of the laws of nature. Based on the Cell concept, it can also be said for my artwork.

জাপানৰ আটাইতকৈ প্রভাৱশালী আলোচনী PENৰ সৈতে হোৱা এক দীঘলীয়া সাক্ষাৎকাৰত তেওঁ নিজৰ এইPixCell ছিৰিজ সন্দর্ভত কৈছিল, In the PixCell series of sculptures, transparent spheres (cells) are used to cover the surface of an object, transforming it into a PixCell (pixels + cells). The object is acquired through the Internet, and then given a skin of a large, indeterminate number of cells, resembling an image on a computer monitor. When the object is completely covered with spheres (cells) of various sizes, dividing its skin into individual cells, it is ready to be ‘viewed’ through lenses that enlarge and distort it. নিজৰ সৃষ্টি সন্দর্ভত একেটা সাক্ষাৎকাৰতে তেওঁ কৈছিল, Humans use sight and touch to sense the external skins of things, and that is the large part of how they are aware of the world surrounding them. In a society where technology has progressed to the extent that things can be converted into data in an advanced form, I create works that go beyond surface-layer perception to directly interrogate or address people’s perceptions or sensibilities……The PixCell, Biomatrix, and Prism series are questioning the future of humanity, civilisation, and nature in space.

বিশ্বৰ বিভিন্ন প্রান্তত তেওঁ নিজৰ শিল্পকর্মবোৰ প্রদর্শিত কৰি ভূয়সী প্রশংসা বুটলিবলৈ সক্ষম হোৱা নাৱা কুহিয়ে নিজৰ সৃষ্টিকর্মৰ জৰিয়তে প্রকৃতি, প্রযুক্তি আৰু ডিজিটেল জগতখনৰ মাজত সম্পর্ক গিি তোলাত গুৰুত্ব আৰোপ কৰি আহিছে৷ কম্পিউটাৰ, স্মার্টফোন আৰু ইণ্ঢাৰনেটৰ অবিহনে জীয়াই থকা অসম্ভৱ বুলি অকপটে মত প্রকাশ কৰা শিল্পীগৰাকীয়ে ভাস্ক্র্যশিল্পৰ জগতখনত এক সম্পূর্ণ নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.