ডিজিটেল বাৰ্তা : ই-গ্ৰীটিংছ কাৰ্ড 

39

ড° শান্তনা বৰদলৈ

আজিৰ সময় ডিজিটেল সময়। হাতত লৈ থকা মোবাইলটোৰ জৰিয়তে আমি প্ৰতিটো মুহুত্বতে সংযুক্ত হৈ থাকো ডিজিটেল পৃথিৱীখনৰ সৈতে।  বজাৰ সমাৰৰ পৰা আৰম্ভ কৰি বেংক, চিকিৎসা , শিক্ষা, গৱেষণা, আদি সকলোতে ডিজিটেল বিনিময়ৰ পয়োভৰ। তথ্য – বিজ্ঞান  প্ৰযুক্তিৰ অগ্ৰগতিৰ সময়ত মানুহৰ আৱেগ – অনুভৱবোৰো যেন ডিজিটেলি প্ৰকাশ কৰিব পৰা সময় আহিল । আজিৰ পৰা প্ৰায় তিনি দশকৰ আগলৈকে অনুভৱৰ ৰং সনা চিঠি – পত্ৰ , শুভেচ্ছা পত্ৰ সমুহৰো উত্তৰণ ঘটিল ডিজিটেল বাৰ্তালৈ। কম্পিউটাৰৰ আৱিষ্কাৰৰ পিছত ইণ্টাৰনেটৰ উদ্ভাৱনৰ লগে লগে সমগ্ৰ বিশ্বৰ যোগাযোগ মাধ্যমলৈ এক সুদুৰপ্ৰসাৰী  পৰিবৰ্তন আহিল আৰু সময়ৰ সৈতে হোৱা এই পৰিবৰ্তনৰ সৈতে সকলো সাঙোৰ খাই পৰিল। লগে লগে আমাৰ দৈনন্দিন ব্যৱহৃত হোৱা বিভিন্ন সা- সামগ্ৰীৰ পৰা কৰ্মক্ষেত্ৰলৈকে ডিজিটেল বাৰ্তাৰ প্ৰয়োজনীয়তা বাঢ়ি আহিল।  ডিজিটেল বাৰ্তা এক বিশাল অৰ্থত ব্যৱহৃত হয়। বিভিন্ন ধৰণৰ ছাট এপ্লিকেছনছ (Chat Applicatins ) , সামাজিক মাধ্যম ( Social media) যেনে ফেচ বুক (Face book) , ৱাটছ এপ (Whats app) , ইনষ্টাগ্ৰাম (Instagram ) ইত্যাদি ; বাৰ্তাবাহক এপ (Messasing apps) , ই- মেইল (E mail) আদিৰ জৰিয়তে তৎক্ষনাতে ডিজিটেলি প্ৰেৰণ কৰা খবৰ – বাতৰি তথা শুভেচ্ছা পত্ৰ বা গ্ৰীটিংছ কাৰ্ডেই ডিজিটেল বাৰ্তা ৰূপে অভিহিত । ইণ্টাৰনেটৰ অগ্ৰগতিৰ সময়ত এই দ্ৰুততম যোগাযোগ মাধ্যমৰ সহায়ত  ক্ষন্তেকতে  উপলদ্ধ হয় সমগ্ৰ বিশ্বৰ খবৰ – বাতৰি। বৰ্তমান সময়ত ডিজিটেল পৃথিৱীত তথ্য-প্ৰযুক্তিৰ সংস্থাসমুহে নিতে নতুন ডিজিটেল এপ অৰ্থাৎ ব্যৱহাৰিক সজুলিৰ উদ্ভাৱনৰ ফলত নিজৰ ৰুচি তথা পচন্দ অনুসৰি ঘৰতে বহি বহি মোবাইলৰ বুটাম টিপি মনৰ বাৰ্তা এজনে আনজনলৈ প্ৰেৰণ কৰিব পৰা ব্যৱস্থা হ’ল। এই ডিজিটেল বাৰ্তাৰে মানৱ জীৱন সম্পৃক্ত হোৱাৰ লগে লগে পৰিলক্ষিত হৈছে যে মানুহৰ মাজত মানৱীয় আন্তৰিকতা যেন লাহে লাহে হ্ৰাস পাই আহিছে , আপোন সম্পৰ্কবোৰো যেন শিথিল হৈ আহিছে। প্ৰতিটো মুহুত্বৰ খবৰ ডিজিটেল বাৰ্তাৰ দ্বাৰা পাই থকা সময়ত মানুহৰ মাজত অৱনমিত হৈ পৰিছে দয়া-ক্ষমা, মৰম-প্ৰীতি, আবেগ-অনুৰাগ আদি মানবীয় গুণসমুহ। মানুহৰ চিন্তা – চেতনাৰো পৰিবৰ্তন হোৱা যেন অনুভৱ হয় এই ডিজিটেল যুগত। ডিজিটেল বাৰ্তাৰ ইতিবাচক তথা নেতিবাচক দুয়োটা দিশতে গুৰুত্ব দিব লাগিব। এটা সময় আছিল যেতিয়া ছপা গ্ৰীটিংছ কাৰ্ডেৰে খ্ৰীষ্টমাছ তথা নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ মানুহৰ মাজত খদমদম লাগিছিল। কেবাদিনৰ আগৰে পৰাই মানুহ ব্যস্ত হৈ পৰিছিল জেষ্ঠ জনলৈ, মৰমৰ বন্ধু- বান্ধৱী ও প্ৰিয়জনলৈ গ্ৰীটিংছ কাৰ্ড আদান-প্ৰদানত। এইসমুহ ছপা গ্ৰীটিংছ কাৰ্ডত নিজ হাতেৰে হৃদয়ৰ উমেৰে লিখা শুভেচ্ছাবানীয়ে মনত অবুজ আনন্দ বিনিময়ৰ লগতে  সোৱঁৰণিৰ আপুৰুগীয়া সম্বল হৈ ৰৈ গৈছিল কাৰ্ডবোৰ।

চাওঁতে চাওঁতে আৰু এটা বছৰে সময়ৰ বুকুত লীন যোৱাৰ সময় সমাগত ।  সময়ৰ হাতত ধৰি আগুৱাই যোৱাটোৱেই জীৱন। সময়ৰ অগ্ৰগতিত পৰিবৰ্তনৰ ধামধুমীয়াত আজি কেবাবছৰৰ পৰা অধিক জনপ্ৰিয় হৈ পৰা ই-গ্ৰীটিংছ কাৰ্ড  (Electronic greetings cards ) সমুহেই অহৰহ প্ৰেৰণ কৰি আছে শুভেচ্ছা বাৰ্তা। সেয়েহে  ডিজিটেল কাৰ্ডৰ আৰম্ভণীৰ লগে লগে ক্ৰমান্বয়ে ছপা কাৰ্ডৰ চাহিদা কমি আহিল। যিহেতু ডিজিটেল শুভেচ্ছা পত্ৰ  বা গ্ৰীটিংছ কাৰ্ড সমুহ সৰল,  পৰিৱেশ অনুকুল,  সময়সাপেক্ষ হোৱা বাবে ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিলে।

প্ৰথম খন ডিজিটেল গ্ৰীটিংছ কাৰ্ড বা শুভেচ্ছাপত্ৰ প্ৰস্তুত কৰিছিল সামাজিক মাধ্যম গ্ৰুপৰ জন্মদাতা  জুডিথ ড’নাথ নামৰ ব্যক্তিজনে ১৯৯৪ চনত । এইটো এটা প’ষ্ট কাৰ্ড ছাইট (Post card site) আছিল আৰু প্ৰথমে ইয়াৰ পৰা দৈনিক ১০ ৰ পৰা ২০ খন কাৰ্ড প্ৰেৰণ কৰা হৈছিল ।লাহে লাহে ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ ফলত ই ১০০০ ৰ পৰা ২০০০ কাৰ্ড প্ৰেৰণ কৰিব  পৰা হ’ল। পৰৱৰ্তী সময়ত তথ্য প্ৰযুক্তিৰ তথা ইণ্টাৰনেট ব্যৱস্থাৰ দ্ৰুত সম্প্ৰসাৰণৰ  ফলশ্ৰুতিত এই ই- কাৰ্ডবোৰেই এনিমেটেড, গ্ৰাফিকছৰ অন্তৰ্ভুক্তিৰে লগতে সংগীত তথা বাৰ্তা সংযোজনাৰে আকৰ্ষণীয় ৰূপত সজ্জিত কৰিব পৰা হয়। আমেৰিকান গ্ৰীটিংছ ( American greetings) আৰু ব্লু মাউণ্টেইন (Blue mountain ) কোম্পানী এই কাৰ্ডৰ বাবে জনপ্ৰিয় হৈ পৰিল। এইবোৰৰ ৱেব ছাইটত বিভিন্ন উপলক্ষ্য যেনে নতুন বছৰ, জন্মদিন, বিবাহ বাৰ্ষিকী, ভেলেণ্টাইন ডে, খ্ৰীষ্টমাছ, ফাদাৰছ ডে , মাদাৰছ ডে, চিলড্ৰেনছ ডে , ডক্তৰছ ডে, এইদছ ডে , ইত্যাদি অনেক দিৱসত সুসজ্জ্বিত আকৰ্ষণীয় ই – শুভেচ্ছা পত্ৰ বা ইলেকট্ৰনিক গ্ৰীটিংছ কাৰ্ড ডিজিটেল মাধ্যমত উপলদ্ধ হ’ল আৰু ইয়াৰ ফলত ডিজিটেল কাৰ্ডৰ ব্যৱহাৰ তথা জনপ্ৰিয়তাৰ ধামধুমীয়াত পৰম্পৰাগত ছপা গ্ৰীটিংছ কাৰ্ড সময়ৰ কোলাত শুই পৰিল। এটা সমীক্ষাত প্ৰকাশ কৰিছে যে ই – গ্ৰীটিংছ কাৰ্ড আৰম্ভ হোৱাৰ পিছত ১৯৯৫-৯৬ বৰ্ষত খ্ৰীষ্টমাছ উপলক্ষ্যত ১৯০০০ কাৰ্ড প্ৰেৰণৰ তথ্য পোৱা হৈছে আৰু এই সংখ্যা ক্ৰমান্বয়ে বছৰৰ শেষলৈ ১•৭ মিলিয়নলৈ বৃদ্ধি পালে।

সময়ৰ বিবৰ্তনত কেবা দশকৰ পূৰ্ৱে সৰ্বপ্ৰথমে পেপাইৰাছ (Papyrus) কাগজত  হাতৰ আখৰেৰে প্ৰস্তুত কৰা শুভেচ্ছা বাৰ্তা অথাৎ গ্ৰীটিংছ কাৰ্ড বৰ্তমান সময়ত ডিজিটেল শুভেচ্ছা পত্ৰ বা ই-গ্ৰীটিংছ কাৰ্ডলৈ পৰিবৰ্তিত হ’ল। এড’ব এক্সপ্ৰেছ অনলাইন কাৰ্ড মেকাৰ( Adobe express online card maker) এপৰ দ্বাৰা ভিন ভিন উপলক্ষ্যৰ লগত সংগতি ৰাখি  সুন্দৰ  অনন্য সাজ সজ্জাৰে গ্ৰীটিংছ কাৰ্ড প্ৰস্তুত কৰি প্ৰিয়জনলৈ প্ৰেৰণ কৰিব পাৰি। আকৌ “কেনভা”  এপৰ দ্বাৰাও  চিত্ৰ-বাৰ্তাৰে ই-গ্ৰীটিংছ কাৰ্ড প্ৰস্তুত কৰি আপোনজনলৈ প্ৰেৰণ কৰিব পাৰি। ১৯২৪ চনতে আৰম্ভ হোৱা আমেৰিকান গ্ৰীটিংছ কাৰ্ড কোম্পানীয়ে দশক দশক জুৰি প্ৰচলন কৰি অহা ছপা গ্ৰীটিংছ কাৰ্ডৰ বিপৰীতে ১৯৯৬ চনত আমেৰিকান গ্ৰীটিংছ ডট কম (american greetings.com) ৰ সুচনা কৰি ডিজিটেল কাৰ্ডৰ আৰম্ভনী কৰে।  ইয়াৰ লগতে ১৯৯৭ চনৰ ভিতৰত কৃতজ্ঞতাসুচক ডিজিটেল বা ই- কাৰ্ডৰ আৰম্ভনি হ’ল। ডিজিটেল বা ই কাৰ্ডৰ সুচল প্ৰেৰণ হোৱাৰ লগে লগে তথ্য প্ৰযুক্তি সংস্থা মাইক্ৰচফট কোম্পানীয়েও কাৰ্যক্ৰম বৃদ্ধি কৰি হ’ট মেইল (Hot mail ) ৰ উদ্ভাৱন কৰে। ফলস্বৰূপে ই – কাৰ্ডৰ মূখ্য ৱেবছাইট ব্লু মাউণ্টেইনে  মাইক্ৰচফটৰ লগত যুটীয়াভাৱে সমগ্ৰ বিশ্বত হ’ট মেইলৰ জৰিয়তে ই- কাৰ্ডৰ প্ৰচলন বা প্ৰেৰণ বৃদ্ধি কৰে। ১৯৭০ চনৰে পৰা ছপা গ্ৰীটিংছ কাৰ্ডৰ অগ্ৰগনী ব্যৱসায়িক কোম্পানী ” হ’লমাৰ্ক ( Hallmark)” য়েও ২০০১ চনৰ পৰা ছপা কাৰ্ডৰ সমান্তৰাল ভাৱে ডিজিটেল কাৰ্ডৰ প্ৰচলন আৰম্ভ কৰে আৰু এই কোম্পানীৰ বিখ্যাত চিত্ৰকৰ বব হল্ট ( Bob Holt ) আৰু মাইক এডেয়াৰ ( Mike Adair) য়ে ডিজিটেল গ্ৰীটিংছ কাৰ্ডত জনপ্ৰিয় চৰিত্ৰ অংকনেৰে অধিক আকৰ্ষনীয় কৰি তোলে। বৰ্তমান ডিজিটেল  এপসমুহৰ জৰিয়তে সাধাৰণ গ্ৰীটিংছ কাৰ্ডৰ সৈতে ডিজিটেল উপহাৰ কাৰ্ডৰ সংযোজনেৰে  অনন্য কাৰ্ড প্ৰস্তুতকৰণৰো সুবিধা হ’ল। ভিন ভিন উপলক্ষ্যত আকৰ্ষনীয়কৈ গ্ৰীটিংছ কাৰ্ড প্ৰেৰণ কৰিবলৈ  ডিজিটেল মাধ্যমত বিভিন্ন টেমপ্লেটছ ( Templates) উপলদ্ধ।ডিজিটেল কাৰ্ডৰ আন এটা বিশেষত্ব এয়ে যে একেখন কাৰ্ডকে একেটা সময়তে বিভিন্ন জনলৈ প্ৰেৰণ কৰিব পাৰি।

গতিশীল সময়ৰ আৱৰ্তনত সময়ে চেকেণ্ড, মিনিট , ঘণ্টা, দিন , মাহৰ পৰিশেষত একোটা নতুন বছৰৰ শুভাৰম্ভনীত বৰ্তমান ডিজিটেল পৃথিৱীত নতুন সংকল্পৰে নৱবৰ্ষক আলিংগণ  কৰিবলৈ ডিজিটেল বাৰ্তা প্ৰেৰণ কৰা হয় ক্ষন্তেকতে। ডিজিটেল বাৰ্তা তথা ই-গ্ৰীটিংছ কাৰ্ডেৰে উপচি পৰে সামাজিক মাধ্যম।

পৰিশেষত সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ২০২৫ বৰ্ষ  সকলোৰে বাবে  হওঁক সুখ, সমৃদ্ধি আৰু কৃতকাৰ্যৰ এক অনন্য বৰ্ষ। শেষত  নতুন বছৰৰ প্ৰাকক্ষনত  বিখ্যাত কবি লৰ্ড আলফ্ৰেড টেনিছনৰ  কবিতাৰ দুষাৰী পংক্তিৰে সামৰিছো।

“——Ring out the old, ring in the new,

Ring happy bells, across the snow,

The year is going , let him go,

Ring out the false, ring in the true. —– “

You might also like

Comments are closed, but trackbacks and pingbacks are open.