ভাৰ্গৱ কুমাৰ বৰুৱা
আজিৰ পৰা প্ৰায় আঢ়ৈশ বছৰ আগতে ১৮৭৬ চনত প্ৰখ্যাত ফৰাছী দাৰ্শনিক এমিলি বইৰাকে “দেজা-ভু” এই বিশেষ শব্দটো মানুহৰ মন-মগজুৰ এক বিশেষ চেতনা বা অনুভতিক নামাকৰণ কৰাৰ বাবে ব্যৱহাৰ কৰিছিল। যিটো শব্দৰ ইংৰাজী ভাবানুবাদ হ’ল “already seen” । যিটো শব্দৰ ওপৰত আৰু যিটো বিশেষ অনুভূতিৰ ওপৰত পৰৱৰ্তী সময়ত বিস্তাৰিত বিশ্লেষণ হয় আৰু একেজন দাৰ্শনিকে প্ৰায় কুৰি বছৰ পিছত অৰ্থাৎ ১৮৯৬ চনত পেৰিছত অনুষ্ঠিত এক মনোবৈজ্ঞানিক সন্মিলনত এই শব্দটো সেই বিশেষ অনুভূতিটোৰ বাবে আনুষ্ঠানিক ভাবে ব্যৱহাৰ কৰাত পুনৰ মতপোষণ কৰে। তেতিয়াৰে পৰা শব্দটো মানুহৰ মন আৰু মগজুক আশ্চর্যচকিত কৰা তথা আমাৰ আলোচনাৰ মূল বিষয়-বস্তু বিশেষ অনুভূতিটোক বুজাবলৈ ব্যৱহাৰ কৰা হৈ আহিছে।
বহুতেই হয়তো শব্দটো আগতেই শুনিছে আৰু কম-বেছি পৰিমাণে বিষয়টোৰ বিষয়ে জানেও আৰু বহুতেই হয়তো এই শব্দটো শুনাই নাই সেয়াও স্বাভাৱিক। কিন্তু এটা কথা সঠিক যে জাতি,বৰ্ণ ধৰ্ম,লিংগ আৰু ভাষা নিৰ্বিশেষে প্ৰায় সকলো ঠাইৰ সকলো বয়সৰ মানুহেই এই অনুভূতিটো এবাৰকৈ হ’লেও অনুভৱ কৰিছে, কিছুমানে হয়তো একাধিক বাৰো।আপোনাৰো হয়তো নে লাগে কেতিয়াবা যে “এই সময়,এই পৰিৱেশ,এই ঘটনা মই আগতে দেখিছোঁ,বা এই অনুভৱ মোৰ আগতেও হৈছে কিন্তু কেতিয়া, ক’ত আৰু কিয় সেয়া মনত নপৰে।” এয়াই হ’ল “দেজা-ভু”। এতিয়া আহোঁ “দেজা-ভু” কি? তাৰ বিষয়ে অলপ থূলমূল আলোচনালৈ,আমি ওপৰত উল্লেখ কৰা চন দুটা কেৱল এই অনুভূতিক নামাকৰণ কৰাহে চন এই অনুভূতি আমি অন্যজীৱৰ পৰা ক্ৰমবিৱৰ্তনৰ ফলত মানুহহোৱাৰ পৰাই চলি অহা অনূভুতি বা আমাৰ মন-মগজূৰ এক বিক্ষিপ্ত চেতনা বুলিও কব পাৰি। বহুতেই ইয়াৰ সংগতি বা প্ৰাসংগিকতা পূর্বজন্ম, জাতিস্মৰ ইত্যাদি ধাৰণাৰ লগত থকা বুলি দাবী কৰে কিন্তু আধুনিক বিজ্ঞানে এই বিশেষ অনুভূতিৰ ওপৰত পদ্ধতিগত বহু পৰীক্ষা চলাই সেই দাবী একেবাৰেই নসাৎ কৰিছে আৰু অতি আচৰিত ভাবে ইয়াৰ সংযোগ ভৱিষ্যদৰ্শনৰ লগতহে সাঙুৰিছে। সেয়া অৱশ্যেই উচ্চস্তৰীয় মনোবৈজ্ঞানিক দৰ্শন আৰু ৰৈ যোৱা বহু অৱকাশ।আমাৰ আলোচনাত এই ধাৰণাৰ লগত জড়িত সাধাৰণ কিছুমান কথা বা “fact” ৰ ওপৰতহে আলোকপাত কৰিম। “দেজা-ভু” ৰ কাৰণ বিশেষজ্ঞ সকলে তলত দিয়া ধৰণে ব্যাখ্যা কৰিব চেষ্টা কৰিছে –
(১) মস্তিষ্ক বা মগজুৰ এক ত্ৰুটিপূৰ্ণ সংযোগ
এই বিষয়ৰ গৱেষণা কৰা কিছু সংখ্যক বিজ্ঞানীৰ মতে “দেজা-ভু” হৈছে মানৱ মগজু বা মস্তিষ্কৰ এক ক্ৰটিপূৰ্ণ সংযোগ। তেওঁলোকৰ মতে যেতিয়া নতুন দৃশ্য বা অভিজ্ঞতাৰ লগত মগজুৰ চিনাকি হয় সেই সময়তে স্মৃতি বা পুৰণি অভিজ্ঞতাৰ এক সৰু বিস্ফোৰিত ৰূপে “দেজা-ভু” সংঘটিত কৰে।
(২) ভূতপূর্ব অভিজ্ঞতাৰ সোঁৱৰণী
আন কিছুমান মনোবৈজ্ঞানিকৰ মতে এনে ধৰণৰ ব্যাখ্যাও সম্ভৱ যে আপুনি ইতিমধ্যেই ঠিক একেধৰণৰ অভিজ্ঞতাৰ সাক্ষী হৈছিল কিন্তু মগজুৱে তাক ধৰি ৰখা নাছিল বা ধৰি ৰাখিব পৰা নাছিল সাইলাখ অভিজ্ঞতা বা ঘটনা আপোনাৰ লগত পুনৰ ঘটাৰ বাবে তৎক্ষণাত সেই পুৰণি সোঁৱৰণী সজীৱ হৈ উঠি “দেজা-ভু” সৃষ্টি কৰে।
(৩) মস্তিষ্কৰ স্নায়ৱিক পদ্ধতিৰ সমাপতিত অংশ
একাংশ বিশেষজ্ঞৰ মতে এই বিশেষ প্ৰক্ৰিয়া সংঘটিত হয় আমাৰ মস্তিষ্কৰ স্নায়ুবোৰৰ যি পদ্ধতিগত ক্ৰিয়া-প্ৰতিক্ৰিয়া তাৰ ওপৰত যদি সমাপতিত কিছু অংশ অৰ্থাৎ ওভাৰলেপৰ ফলত। যেতিয়া সাদৃশ্যপূর্ণ ঘটনা বা অভিজ্ঞতাৰ সাক্ষী আমাৰ মগজু বাৰে বাৰে হয় তেতিয়া “দেজা-ভু” সংঘটিত হোৱাৰ সম্ভাৱনা দেখা যায়।
(৪) অৰ্ধচেতন স্মৃতি
মনোবৈজ্ঞানিক ভাষাত এক বিশেষ শব্দ “cryptomnesia”ৰ দ্বাৰা এক ধাৰণাক সংঞ্জাবদ্ধ কৰা হয়। ইয়াত আমি যিবোৰ শিক্ষা বা অভিজ্ঞতা এবাৰ পাওঁ কিন্তু পৰৱৰ্ত্তী পৰ্যায়ত বিভিন্ন কাৰণত সেইবোৰ পাহৰি যাওঁ আকৌ যদি সেই শিক্ষা বা অভিজ্ঞতাৰ পুনৰাবৃত্তি হয় তেন্তে “দেজা-ভু” সংঘটিত হোৱা প্ৰৱল সম্ভাৱনা থাকে।
ওপৰত উল্লেখ কৰা কাৰণ সমূহ মনোবৈজ্ঞানিক বা বিশেষজ্ঞসকলৰ মতে “দেজা-ভু” ৰ অন্তৰালত থকা একো একোটা অনুমেয় কাৰণ বুলিহে এচামে সজোৰে দাবী কৰে। ই মানৱ মন আৰু মগজুক আশ্চর্যজনক ভাৱে শিহৰিত কৰি অহা এক তীব্র কৌতুহল পূর্ণ অনুভূতি। “ইচা ফাউণ্ডেছন” ৰ প্ৰতিষ্ঠাতা জগদ্বীশদেৱ জনপ্রিয় ভাৱে যাক “সদগুৰু” সকলোৱে জানো বা চিনিপাওঁ তেওঁ এটি সাক্ষাৎকাৰত সুন্দৰকৈ আৰু সহজভাৱে “দেজা-ভু” ৰ বিষয়ে বিশ্লেষণ কৰি কৈছে যে “মানুহৰ মগজুত ইমান খালীঠাই বা স্পেছ আছে যে সমস্ত জীৱন তাক বহুপৰিমানে ব্যৱহাৰ কৰিও আৰু সহস্র ৰৈ যায় তাৰে কিছুমানত অৱচেতন ভাবে ৰৈ যোৱা, হৈ যোৱা আৰু বৈ যোৱা ঘটনা, পৰিঘটনা তথা অভিজ্ঞতা হঠাৎ আমি পুনৰ জাগ্রত ৰূপত অনুভৱ কৰোঁ আৰু ভাবি ৰওঁ”কিয় এনে লাগে ?এয়া যেন আগতেও হৈ গৈছে মোৰ লগত, ” এয়াই “দেজা-ভু”।
সময়ৰ গতিময়তাৰ লগে,লগে বহু নতুন আৱিষ্কাৰ আৰু চমৎকাৰে আমাক আচৰিত আৰু আশ্বস্ত কৰি তুলিছে, (ক’ৰবাত হয়তো সন্দিহান আৰু শংকিতও) তথাপি এনে বহু ৰহস্য এতিয়াও সম্পূর্ণ ৰূপে ভেদ হ’বলৈ বাকী আছে যিবোৰৰ অস্তিত্ব কিন্তু অতি প্ৰাসংগিক আমাৰ জীৱনৰ লগত।”দেজা-ভু” ৰ বিষয়ে বিজ্ঞজনে বহলাই আলোচনা কৰাৰ আশাৰে লেখাৰ মোখনি মাৰিলোঁ।
Comments are closed, but trackbacks and pingbacks are open.