মৰমৰ দেউতা

17

জোনাকী দেৱী কাশ্যপ

“One father is more than a hundred schoolmasters.” —George Herbert

দেউতা, পৃথিৱীৰ এক মধুৰতম শব্দ।দেউতা বুলিলে এক বিশাল সত্ত্বা,যাক শব্দৰে প্ৰকাশ কৰাটো কঠিন। দেউতা,যাৰ দিনৰ দিনটো শেষ হয় নিজৰ সন্তানক ভাল মানুহ কৰি গঢ়িবলৈ কৰা প্ৰচেষ্টাত।

এজন ভাল মানুহ গঢ়িবলৈ দেউতাকৰ অৱদান অপৰিসীম।ভাল মানুহৰ কোনো নিৰ্দিষ্ট সংজ্ঞা দিয়াটো কঠিন।।সাধাৰণতে এজন ব্যক্তিক আমি ভাল বুলি আখ্যা দিও যেতিয়া তেওঁৰ গাত কিছুমান ভাল গুণ যেনে-সাধুতা, সত্যবাদিতা, উদাৰতা, স্বাৰ্থহীনতা, সহযোগিতা, আত্মসংযম, দয়া, কৃতজ্ঞতা আদিবোৰ দেখিবলৈ পাওঁ।ইয়াৰ বিপৰীত গুণ অৰ্থাৎ দোষ থকা ব্যক্তিক বেয়া আখ্যা দিয়া হয়।ব্যক্তিৰ উন্নতিৰ প্ৰধান ভেটি হৈছে ভাল গুণসমূহ।এদিনতে কোনো ব্যক্তিৰ ভাল গুণ গঢ় লৈ নুঠে।

আমি সাধাৰণতে সন্তানৰ ভাল-বেয়াৰ ক্ষেত্ৰত মাতৃৰ প্ৰভাৱৰ কথাহে ক’ও।শিশুৰ ভাল -বেয়াৰ ক্ষেত্ৰত পিতৃ মাতৃ দুয়োৰে প্ৰভাৱ বিৰাাাজমান।পৰিৱেশ বুলিলে ঘৰুৱা আৰু সামাজিক দুয়োবিধ পৰিৱেশকে বুজোৱা হয় যদিও শিশুৰ মনত ঘৰুৱা পৰিৱেশৰ প্ৰভাৱ অধিক।ঘৰুৱা পৰিৱেশত পিতৃয়ে দিয়া ভাল সংস্কাৰে ভৱিষ্যতে এজন ভাল ব্যক্তি গঢ়ি তোলে।শিশু এটিক সু-চৰিত্ৰৱান ব্যক্তি কৰি তুলিবলৈ পিতৃয়ে অশেষ যত্ন কৰিব লগা হয়।সাধাৰণতে শিশুৱে মাকক ভয় কমকৈ কৰে,সেয়ে কিছুক্ষেত্ৰত মাকৰ হাক-বচন শুনিবলৈ অমান্তি হয়।এনে পৰিস্থিতিত পিতৃৰ শাসনে কাম দিয়ে,পিতৃয়ে সন্তানক কৰা শাসনে ভৱিষ্যতে সু-ব্যক্তি কৰি গঢ়ি তোলে।পিতৃৰ যথোপযুক্ত মৰম আৰু শাসনে শিশুক মানসিকভাৱে সুস্থ-সবল কৰি ৰাখে।সুস্থ মানসিক স্বাস্থ্যই চৰিত্ৰ গঠনত বিশেষ প্ৰভাৱ পেলায়।এই ক্ষেত্ৰত দাৰ্শনিক ৰুছো ৰ এশাৰী কথা মনলৈ আহিছে।তেওঁ কৈছিল,’মাতৃ হ’ল শিশুৰ প্ৰকৃত সেৱিকা আৰু পিতৃ হ’ল প্ৰকৃত শিক্ষক’।

পিতৃ কু-চৰিত্ৰৰ বাবে সন্তানে দুৰ্ভোগ ভুগিবলগীয়া হয় আৰু সন্তানৰো চৰিত্র বেয়া হোৱাৰ সম্ভাৱনা থাকে।এনে কিছু সংখ্যক পিতৃ সমাজত নথকা নহয়।মাদক দ্ৰব্য সেৱন কৰি পৰিয়ালত হাই-কাজিয়াৰ সৃষ্টি কৰিলে সন্তানৰ মনত কু-প্ৰভাৱ পৰে ইয়াৰ ফলত সিহঁতৰ চৰিত্ৰ গঠনত ব্যাঘাত জন্মে।নিজৰ পত্নী-সন্তানৰ মৰমক আওকাণ কৰি অন্য নাৰীৰ সংগ সুখ বিচৰা পিতৃৰ সন্তানৰো চাৰিত্ৰিক স্খলন হোৱাৰ সম্ভাৱনা থাকে।

মাতৃ গৰ্ভত সন্তান থিতাপি লোৱাৰ পৰাই এগৰাকী পিতৃয়ে সন্তানৰ মোহ-মায়াত সোমাই পৰে ।সন্তানৰ নামত নিজৰ সকলো ত্যাগ কৰে।প্ৰত্যেক পিতৃয়ে নিজৰ সন্তানৰ সকলো প্ৰয়োজন পূৰণ কৰিব বিচাৰে।সন্তানক হাতত ধৰি এখোজ-দুখোজ দিবলৈ শিকায় জীৱনৰ বাটত।

এগৰাকী পিতৃয়ে মাথোঁ সন্তানৰ সুখ বিচাৰে।বেছি সংখ্যক পিতৃয়ে সন্তানৰ প্ৰতি থকা মৰম মুখ খুলি ক’ব নোৱাৰে কিন্তু অন্তৰত থাকে সীমাহীন মৰম।দিনটো কৰ্মব্যৱস্থাৰ অন্তত ঘৰলৈ আহি সন্তানৰ হাঁহিভৰা মুখনি দেখিলে পিতৃৰ সকলো দুখ-ভাগৰ নাইকিয়া হয়।’পিতৃ সুখী হয় ,সন্তান ডাঙৰ মানুহ নহ’লেও ভাল মানুহ হ’লে।পিতৃয়ে মানসিক শান্তি লাভ কৰে দহজনে সন্তানক সু-চৰিত্ৰৰ অধিকাৰী বুলি শলাগিলে’।

পিতৃৰ মৰমৰ ছত্ৰছায়াতে সন্তানে আৰ্থিক আৰু সামাজিক নিৰাপত্তা অনুভৱ কৰে।সন্তানৰ চৰিত্র গঠনত পিতৃৰ অৱদান অমূল্য।পিতৃয়ে উচিত শিক্ষাৰে এজন দায়িত্বশীল তথা চৰিত্ৰৱান নাগৰিক গঢ়ি তোলে।পিতৃক সন্মান আৰু জনাবৰ বাবে জুন মাহৰ তৃতীয় দেওবাৰটো পিতৃ দিৱস হিচাপে পালন কৰা হয়।আমেৰিকা যুক্তৰাষ্ট্ৰৰ সোনোৰা লুই স্মাৰ্ট ডডৰ মনলৈ প্ৰথমবাৰৰ বাবে “পিতৃ দিৱস” উদযাপনৰ চিন্তা আহিছিল।

পিতৃ উইলিয়াম জেকছন স্মাৰ্টক বিশেষভাৱে সন্মান জনাবলৈকেই সোনোৰা লুই স্মাৰ্ট ডডে পৰিকল্পনা কৰিছিল এই পিতৃ দিৱস উদযাপনৰ। দেউতাকক সন্মান জনাবলৈ উদযাপন কৰা বাবে দিনটোৱে সেই সময়ত বৰ জনপ্ৰিয়তা লভিছিল আৰু আনেও উদযাপন কৰিবলৈ আৰম্ভ কৰিছিল। ১৯১০ চনত প্ৰথমবাৰৰ বাবে দেউতাক উইলিয়াম জেকছন স্মাৰ্টৰ জন্মদিন উপলক্ষত সোনোৰা লুই স্মাৰ্ট ডডে পিতৃ দিৱস উদযাপন কৰিছিল যদিও ৰাষ্ট্ৰপতি লিণ্ডণ জনছনে জুনৰ তৃতীয়টো দেওবাৰে “পিতৃ দিৱস” উদযাপন আৰম্ভ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হোৱা এই দিৱস উদযাপনৰ পৰম্পৰা ক্ৰমশঃ পৃথিৱীৰ অন্য দেশলৈ গতি কৰে।পিতৃ দিৱসৰ এই পৱিত্ৰক্ষণত মোৰ তথা আপোনাৰ সকলো পিতৃলৈ শ্ৰদ্ধা,ভক্তি জনালোঁ।সকলো পিতৃ সুস্থ আৰু দীৰ্ঘজীৱী হৈ সন্তানক মৰমৰ ছা দি থাকক।মৰমৰ দেউতা, সদায় কুশলে থাকা..

ফোন : ৮৭২৪০৮৬৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.