দৃষ্টিত সৃষ্টি… ফটোগ্ৰাফী

মনমৰমী মহন্ত

পৰিপাটীকৈ সজাই ৰখা চ’ৰা ঘৰটোত এপদ এপদ সামগ্ৰী চালে চকু ৰৈ যোৱাকৈ সজাই ৰখা হৈছে। সোঁ কাষৰ টেবুলখনত কেইবাখনো কিতাপৰ লগতে যতনাই ৰাখিছে এলবাম কেইটা। জ্ঞানৰ সমাহাৰেৰে সমৃদ্ধিশালী কিতাপকেইখনৰ দৰেই বহু স্মৃতিৰ সফুৰাৰে সমৃদ্ধিশালী সেই এলবাম কেইটা। য’ত প্ৰতিখিলা পাততে সাচি ৰখা হয়, জীৱনৰ আপুৰুগীয়া স্মৃতি। এয়া কেই দশমমান আগৰ এখন চিনাকী ছবি। প্ৰায়সকলৰ ঘৰতেই থকা এলবাম বিলাকত প্ৰথমতে বৰ্গ আকৃতিৰ ক’লা বগা ছবিহে বেছিকৈ দেখা পোৱা গৈছিল। পৰিয়ালৰ কোনোবা এজন সদস্যৰ হাতত কেমেৰা এটা দেখিলেই সকলোৱে সাজি কাছি ওলায় ফটো এখন তোলিবলৈ। সেইয়াও যেন হাহি স্ফূৰ্তিৰ এক মহা আয়োজন। কব নোৱোৰাকৈয়েই সেই ফটো কেইখনে পৰৱৰ্তীসময়ত একোখন ঐতিহাসিক সম্বল ৰূপত ধৰা দিয়ে।পাৰিবাৰিক জীৱনৰ উপৰি সামাজিক জীৱনতো একো একোখন ফটোৱে বিশ্বৰ ইতিহাসত বহু সমল যোগান ধৰি আহিছে।

এখন আলোকচিত্ৰ অথবা এখন ফটোগ্ৰাফ। অতি তাৎপৰ্যপূৰ্ণ এটি বিষয়। আন্ধাৰ কোঠালিৰ এচমকা পোহৰৰ দৰেই, আমাৰ বিশেষ মুহূৰ্তবোৰ পাহৰি নোযোৱাকৈ ধৰি ৰখাৰ শ্ৰেষ্ঠতম প্ৰয়াস।বিজ্ঞজনৰ মতে, “ফটোগ্ৰাফী হৈছে পোহৰ ৰেকৰ্ড কৰি দীৰ্ঘম্যাদী ছবি সৃষ্টি কৰাৰ কলা, প্ৰয়োগ আৰু অনুশীলন”। ফটোগ্ৰাফী হৈছে বিজ্ঞান আৰু কলাৰ এক সংমিশ্ৰণ। বহু সমীক্ষাৰ অন্তত ফটোগ্ৰাফীৰ জন্ম হ’ল। দ্ৰুত গতিত আগবাঢ়িল সমীকৰণ। ইতিহাসে কয়, ১৮২২ চনত ফৰাছী বিজ্ঞানী Nice Phore Niepce য়ে ফটোগ্ৰাফীৰ উদ্ভাৱন কৰোতা। জটিলতাৰ মাজেৰে আগবঢ়া এই প্ৰক্ৰিয়াটোক হেলিঅ’গ্ৰাফী ( heliograhy) নামাকৰণ কৰা হৈছিল। এটা অন্ধকাৰ বন্ধ কোঠালিত খিৰিকীৰ ফুটাৰে সৰকি অহা পোহৰৰ ৰশ্মিৰে আৰম্ভ হৈছিল ফটোগ্ৰাফীৰ সম্যক ধাৰণা। গ্ৰীক শব্দ “Photos” ৰ অৰ্থ (light) পোহৰ graphien ৰ অৰ্থ (to drawn) ছবি অঁকা। এই শব্দটো ব্যৱহাৰ হৈছিল, ১৮৩০ চনত। যিকোনো এটা বিষয় অভিজ্ঞতা আৰু বহুলাংশে ব্যৱহাৰৰ দ্বাৰাই ক্ৰমান্নয়ে সমাজত প্ৰসিদ্ধি লাভ কৰাৰ দৰে, বন্ধ কোঠালিত এটি মাত্ৰ ছিদ্ৰৰ পোহৰৰ কণাৰে চলোৱা সম্প্ৰৰীক্ষা যে ভৱিষ্যতৰ ফটোগ্ৰাফীৰ বাট মুকলি হ’ব, সেই বিষয়টোৱেই এতিয়া ভাবিলে অবিশ্বাস্য যেন লাগে। ছা পোহৰৰ খেলাৰে, কাৰিকৰী বিদ্যাৰ সহায়েৰে আৰম্ভ হ’ল ফটোগ্ৰাফীৰ ইতিহাস। ফটোগ্ৰাফীৰ আৰম্ভণিৰ সময়খিনিত কেমেৰাই অধিক সময় পোহৰ উপযুক্ত প্ৰক্ৰিয়াৰে ধৰি ৰাখিব পৰা নাছিল। ফলশ্ৰুতিত এখন আলোকচিত্ৰ সম্পূৰ্ণ হবলৈ বহু সময়ৰ প্ৰয়োজন হৈছিল। ক্ৰমে ক্ৰমে সম্প্ৰৰীক্ষাৰ যোগেদি ফটোগ্ৰাফীয়ে পৃথিবীখনত এক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। এখন ফটোগ্ৰাফ বা আলোকচিত্ৰ বুলি কলেই আমি অনুভৱ কৰো, সেইয়া যেন কিছু অভিব্যক্তিৰ সমষ্টি। এখন আলোকচিত্ৰই আমাৰ আৱেগ অনুভূতি সকলোখিনিয়েই ধৰি ৰাখে। লগতে, ধৰি ৰাখে আমাৰ সমাজ জীৱন। যিসময়ৰ পৰাই সমাজ জীৱনলৈ ফটোগ্ৰাফী আহিলে, তেতিয়াৰে পৰাই পৰৱৰ্তী সময়ৰ প্ৰতিনিধিসকলে ঐতিহাসিক ঘটনাসমূহৰ উমান পাবলৈ সক্ষম হ’ল। ইতিহাসৰ পাত লুটিয়ালে দেখা যায়, দ্বিতীয় বিশ্বযুদ্ধৰ ইহুদি গণহত্যাৰ আমি উমান পাইছিলো স্থিৰ চিত্ৰ আৰু দৃশ্য শ্ৰব্যৰ যোগেদি। ঠিক সেইদৰেই ১৯৪৫ চনৰ ৬ আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীয়ে জাপানৰ হিৰোচিমাত লিটল বয় নামৰ নিউক্লীয় বোমা বৰ্ষণ কৰে আৰু তাৰ তিনিদিনৰ পাছত নাগাচাকিত ফ্যাট মান নামেৰে আনটো নিউক্লীয় বোমা বষৰ্ণ কৰাৰ পাছত লক্ষাধিক জাপানী ব্যক্তিৰ মৃত্যুৰ বাতৰি আৰু পৰৱৰ্তীসময়ত বোমাৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ ফলত প্ৰজন্মৰ পাছত প্ৰজন্মৰ ঘূণীয়াৰূপটোৰ বিষয়ে বিশ্বৰ আগত ডাঙি ধৰিলে স্থিৰ চিত্ৰ কেইখনেহে। মৃত্যুৰ শেতেলীত ককবকাই থকা কণমানিজনৰ পৰা বৃদ্ধ জনৰ সেই যন্ত্ৰণাকাতৰ মুখকেইখনে পৃথিৱীবাসীৰ হৃদয় কপাই তুলিছিল। দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলনত অংশ লোৱা বিদ্ৰোহী জনতাৰ ওপৰত চলা অত্যাচাৰৰ আলোকচিত্ৰ সমূহ,বিপ্লবী নেতা তথা প্ৰথম গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন ৰাষ্ট্ৰপতি নেলশ্বন মেণ্ডেলাৰ বিভিন্ন সময়ৰ আলোকচিত্ৰ সমূহে সৰ্বসাধাৰণক তেওঁৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তুলিছিল। এনেদৰে বিশ্বৰ উল্লেখযোগ্য ৰাজনৈতিক আৰু সামাজিক বিৱৰ্তন সমূহৰ চাক্ষুস সাক্ষী নহলেও স্থিৰ চিত্ৰ অথবা দৃশ্য শ্ৰব্যৰ দ্বাৰাই সৰ্বসাধাৰণ অৱগত হৈ আহিছে।

ভাৰতবৰ্ষৰ প্ৰেক্ষাপটলৈ যদি চোৱা যায়, বৃটিছসকলে ১৯ শতিকাৰ আৰম্ভনিতে ভাৰতবৰ্ষক ফটোগ্ৰাফী অথবা আলোকচিত্ৰৰ সৈতে পৰিচয় কৰি দিছিলে। অনুসন্ধিৎসু মনৰ অধিকাৰী বৃটিছসকলে ভাৰতবৰ্ষত পদাৰ্পণ কৰাৰ পাছতেই ঐশ্বৰ্য্যশালী ভাৰতবৰ্ষৰ সম্পদৰাজিৰ বিষয়ে অনুমান কৰিব পাৰিছিল। আৰু দূৰদৰ্শী বৃটিছে ভাৰতবাসীৰ আগত চমৎকাৰিতাৰ নিৰ্দশন ৰূপে লগতে সকলো বিষয় ধৰি ৰখাৰ প্ৰয়াসেৰে daguerreo type technology আৰ্বিভাৱৰ পাছতেই, ১৮৩৯ চনত প্ৰথম ভাৰতবৰ্ষত ফটোগ্ৰাফীৰ ধাৰণাতো বিস্তাৰ সাধন কৰিছিল। ভাৰতবৰ্ষত ১৯৪০চনত প্ৰথমবাৰৰ বাবে lithography technology ৰ সহায়ত কলিকতাৰ Sans Souci Theater ত ফটোগ্ৰাফীৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰা হৈছিল। আৰু সেইবছৰৰ শেষৰ ফাললৈ কলিকতাতে Commercial Photographic Studio আৰম্ভ কৰা হয়। এই প্ৰক্ৰিয়াৰে আত ধৰি ১৮৫০ চনত বম্বেত, ১৮৫৮ চনত কলিকতাত আৰু ১৮৫৬ চনত মাদ্ৰাজত ফটোগ্ৰাফীক চচাইটিৰ স্থাপন হয়।

সেইসময়ৰ বৃটিছ আলোকচিত্ৰ শিল্পীদ্বয় Felica Beato আৰু Samuel Bourne ভাৰতবৰ্ষত কেইবাবছৰ অতিবাহিত কৰি, ভাৰতীয় জীৱন শৈলীৰ লগতে ভাৰতবৰ্ষৰ স্থাপত্য শিল্পৰ ফটো গ্ৰহণ কৰে। ১৮৫৭ চনত আৰম্ভ হোৱা চিপাহী বিদ্ৰোহৰ সময়ত Felica Beato য়ে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰি আলোকচিত্ৰ সমূহ সংগ্ৰহ কৰি “War Photography” (যুদ্ধৰ ফটো) ৰ এগৰাকী হোতাৰূপে বুৰঞ্জীৰ পৃষ্ঠাত নাম খোদিত কৰি গ’ল। Samuel Bourne য়ে ১৮৬৩ চনত “Bourne & Shepherd” প্ৰতিষ্ঠা কৰি, ঐতিহাসিক ভাৰতবৰ্ষক সহস্ৰাধিক ফটোগ্ৰাফৰ জড়িয়তে ধৰি ৰাখিবলৈ যত্ন কৰিলে। ভৱিষ্যত দ্ৰষ্টা বৃটিছসকলে ফটো সংগ্ৰহৰ দিশটোত বিশেষ গুৰুত্ব প্ৰদান কৰিছিলে। যাৰ ফলশ্ৰুতিত প্ৰকাশ পাইছিল, “The people of India” ১৮৬৮ চনৰ পৰা ১৮৭৫ চনৰ মাজৰ সময়খিনিক ধৰি ৰাখিবলৈ আঠটা খণ্ডত গ্ৰন্থখন প্ৰস্তুত কৰা হৈছিল। য’ত ভাৰতবৰ্ষৰ নৃগোষ্ঠীয় সমাজখন, জীৱনশৈলী সকলোখিনিয়েই ডাঙি ধৰিবলৈ প্ৰয়াস কৰিছিল। ১৯ শতিকাৰ এজন বিখ্যাত ভাৰতীয় আলোকচিত্ৰ শিল্পী লালা দীন দয়াল।১৮৮০ চনত হায়দৰাবাদস্থিত নিজামৰ আলোকচিত্ৰ শিল্পীৰূপে কাম কৰিছিল। আন দুজন বিখ্যাত ভাৰতীয় আলোকচিত্ৰ শিল্পী ক্ৰমে কুলৱন্ত ৰয় আৰু কানু গান্ধী, দুয়ো ভাৰতীয় স্বাধীনতা আন্দোলনৰ আলোকচিত্ৰ সমূহ গ্ৰহণ কৰিছিল।

অসমৰ পটভূমিলৈ যদি চোৱা যায়, ১৯৪০চনত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ আমোলাপট্টীত “পাৰ্ল আৰ্ট হাউচ” নামকৰণেৰে এটি ষ্টুডিঅ আৰম্ভ কৰিছিলে, মুক্তিলাভ বৰদলৈয়ে। তেৱেই প্ৰথমজন অসমীয়া আলোকচিত্ৰ শিল্পী। পৰৱৰ্তীসময়ত আমাৰ সমাজ জীৱনত ঘটি যোৱা বিভিন্ন ঘটনাৰাজিক সঠিক ৰূপত ফটোগ্ৰাফীয়ে ৰাইজৰ আগত ডাঙি ধৰিছে। ইতিহাস খুচৰিলে দেখা যায়, মধ্যযুগীয় অসমত যিমান খিনি ঐতিহাসিক ঘটনা ঘটি গ’ল, তাৰ শক্তিশালী সমল হিচাপে এখনো আলোকচিত্ৰ আমি বিচাৰি পাবলৈ সক্ষম নহও।আমি যদি মন কৰো, ইয়াণ্ডাবু সন্ধি হোৱাৰ দুবছৰ পাছত ১৮২৮চনত বিদ্ৰোহ ঘোষণা কৰা গোমধৰ কোঁৱৰ, ১৮৩০চনত বিদ্ৰোহী ৰূপে আত্মপ্ৰকাশ ঘটা ধনঞ্জয় গোহাঁই পিয়লি ফুকন আৰু জীউৰাম মেধিৰ আলোকচিত্ৰ আমাৰ হাতত নাই। ঐতিহাসিক ইয়াণ্ডাবু সন্ধি, চিপাহী বিদ্ৰোহ, ১৮৮৯ চনত ডিগবৈত তেল আৱিষ্কাৰ হোৱাৰ সময়কে আদি কৰি ঐতিহাসিক ঘটনাসমূহৰ আৰু অসমী আইৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা সুযোগ্য সন্তানসকলৰ আলোকচিত্ৰ আমি বিচাৰি নাপাও।অৱশ্যে পৰৱৰ্তীকালত বৃটিছৰ বিৰুদ্ধে যুঁজা আন্দোলনৰ সময়ৰ বহু ঐতিহাসিক সমল আলোকচিত্ৰ কেইখনৰ মাজতে পোৱা যায়। তাৰ পাছৰ পৰ্যায়ত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হোৱা ছয় বছৰীয়া অসম আন্দোলনৰ বিষয়ে অধিক জানিবলৈ আলোকচিত্ৰই এটি বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। সেই সময়লৈকে ফটোগ্ৰাফীত বহু নতুনত্ব আহিছিল। সময় আগবাঢ়িল, BLACK AND WHITE (ক’লা বগা) আলোকচিত্ৰৰ পৰা COLOUR (কালৰ) লৈকে ৰূপান্তৰ ঘটিল। সেইসময়লৈকে ৰল অথবা ফিল্ম ব্যৱহাৰ কৰা হৈছিল। আৰু নিগেটিভৰ পৰা ফটোলৈ ৰূপান্তৰ ঘটাওতে বহু সময়ৰ প্ৰয়োজন হৈছিল। আশীৰ দশকৰ শেষ ভাগ আৰু নবৈৰ দশকৰ আৰম্ভণিৰ পৰাই ফটোগ্ৰাফীৰ ক্ষেত্ৰখনত যথেষ্ট পৰিবৰ্তন আহিল। ফটোগ্ৰাফীৰ বিষয়ে জানিবলৈ নতুন প্ৰজন্ম আগবাঢ়ি আহিল। ফটোগ্ৰাফীৰ পদ্ধতিগত শিক্ষা আৰম্ভ হবলৈ ধৰিলে। বিগত কেইবাদশকৰ পৰাই সংবাদ মাধ্যমত ফটোগ্ৰাফীৰ গুৰুত্ব বাঢ়িল। বিশেষত অসম আন্দোলনৰ সময়ত একোখন আলোকচিত্ৰই বাতৰি কাকতত বিশেষ স্থান লাভ কৰিছিল। সেইসময়ত দূৰণিৰ আলোকচিত্ৰ শিল্পীসকলে, ফটো লোৱাৰ পাছত Roll (ৰল) টো ডেভেলপ আৰু প্ৰিণ্টৰ কামখিনি কৰি গাড়ী মটৰত কোনো ব্যক্তিৰ হাতত বাতৰি কাকতলৈ পঠিয়াই দিছিল আৰু পৰৱৰ্তীদিনটোত ফটোখন প্ৰকাশ পাইছিল। ডিজিটেল মাধ্যমৰ সংযোগ, ফটোগ্ৰাফীৰ ক্ষেত্ৰখনত এটি যুগান্তৰ কাৰী পৰিবৰ্তন ঘটিল। আধুনিক কেমেৰা এটাৰ আকাশলংঘী দাম যদিও সকলো সা সুবিধা সন্নিৱিষ্ট হৈ থাকে কেমেৰাটোত। ফটো এখন লোৱাৰ তৎমুহূৰ্ততে আলোকচিত্ৰ শিল্পীগৰাকীয়ে ফটোখন চাই, ফটোখনৰ বিসংগতিসমূহ আতৰ কৰিব পাৰে।অত্যাধুনিক সা সুবিধাৰ ডিজিটেল কেমেৰা এটা লৈ সকলো আলোকচিত্ৰ শিল্পী হবলৈ হাবিয়াস কৰিলেও পদ্ধতিগত শিক্ষাৰ নিতান্তই প্ৰয়োজন।

এটি সমীক্ষাত বিশ্লেষকসকলে প্ৰকাশ কৰিছে, ২০২২ চনৰ পৰা ২০৩২ চনৰ ভিতৰত অন্যান্য বৃত্তি সমূহতকৈ ফটোগ্ৰাফীৰ ক্ষেত্ৰখনত চাৰি শতাংশতকৈও অধিক ব্যক্তি নিয়োজিত হব।লগতে উল্লেখ কৰিছে, প্ৰতিবছৰে চৈধ্য হাজাৰৰ সমসাময়িক ব্যক্তি এই বৃত্তিটোত জড়িত হৈছে। কাৰিকৰী ভাৱে শ্ৰীবৃদ্ধি ঘটাৰ লগে লগে ফটোগ্ৰাফীৰ ক্ষেত্ৰখনৰ নতুন নতুন দিশসমূহ উন্মোচিত হবলৈ ধৰিলে। যিকোনো এজন ব্যক্তিয়ে হাতত কেমেৰা টো লৈ তেওঁৰ ভাল লগা বিষয়বস্তুক লৈ কৰ্মক্ষেত্ৰ নিৰ্বাচন কৰিব পাৰে। এজন ব্যক্তিয়ে মুক্ত আলোকচিত্ৰ শিল্পীৰূপে কামকৰাৰ উপৰিও ৱেডিং ফটোগ্ৰাফাৰ, ফেশ্বন ফটোগ্ৰাফাৰ, প্ৰডাক্ট ফটোগ্ৰাফাৰ, লেণ্ড স্কেপ ফটোগ্ৰাফাৰ, ফাইন আৰ্ট ফটোগ্ৰাফাৰ, ফিল্ম ফটোগ্ৰাফাৰ, মেডিকেল ফটোগ্ৰাফাৰ, প্ৰডাক্ট ফটোগ্ৰাফাৰ, আদি কৰি বিভিন্ন বিষয়ত নিজকে নিয়োজিত কৰিব পাৰে।প্ৰথম কথা, যিকোনো বিষয় এটা নিৰ্বাচন কৰোতে, প্ৰথমতে বিষয়টো নিজৰ আয়ত্ব লৈ আনি লব লাগে। বিশ্ববিখ্যাত আলোকচিত্ৰ শিল্পী “Joseph Mascell”য়ে তেওঁৰ লেখনিত উল্লেখ কৰিছে যে, পাঁচোটা “C” আখৰ এজন আলোকচিত্ৰ শিল্পীৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। ইংৰাজী বৰ্ণমালাৰ “C” আখৰটোৰ পৰাই সৃষ্টি হৈছে, “CAMERA” আৰু বৰেণ্য ব্যক্তিজনে উল্লেখ কৰা 5 Cs গুৰুত্ব হৈছে, Camera angle, Continuity, Cutting, Close up, আৰু Composition . কান্ধত কেমেৰাটো লৈ কাৰিকৰী ভাৱে এগৰাকী ব্যক্তি পাৰ্গত হলেও, তেওঁৰ বাবে আনটো গুৰুত্বপুৰ্ণ সমল হ’ল, তেওঁৰ সৃষ্টিশীল মনটো। সেইবাবেই এগৰাকী আলোকচিত্ৰ শিল্পীৰ ক্ষেত্ৰত কোৱা হয়, “দৃষ্টিত সৃষ্টি”।

ফোনঃ ৮৬৩৮৩-৯৭৬০২

You might also like

Comments are closed, but trackbacks and pingbacks are open.