চকলেট : ক্ৰাঞ্চি… টেষ্টি… য়ম্মি…

স্বপ্না দাস

“Chocolate and love, two hearts entwine
A sweetness that is truly divine
The rich aroma of cocoa swirls
Filling our senses, our hearts unfurls…”
— M. Nunez

চকলেট বুলিলে কাৰনো জিভাৰ পানী নপৰে ! শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে অলেখৰ প্ৰিয় ই। লঘু খাদ্যসামগ্ৰীবিধ সম্পৰ্কত এটা অধ্যয়নত প্ৰকাশিত তথ্য মতে বিশ্বৰ ৭০ শতাংশতকৈও অধিক লোকৰ প্ৰিয় চকলেট। নাৰী আৰু শিশুৰ ক্ষেত্ৰত ইয়াৰ জনপ্ৰিয়তা আৰু বেছি। শতকৰা হিচাপত কমেও ৮৫গৰাকী নাৰী আৰু ৯৯ শতাংশ শিশুৰেই প্ৰিয় চকলেট। বিশ্বব্যাপী আকাশলংঘী জনপ্ৰিয়তা থকা চকলেটক ধৰা হয় সংবেদনশীল খাদ্য সামগ্ৰী হিচাপে, যিয়ে ৰং, স্নেপ, মাউথফিল, সোৱাদ আৰু সুগন্ধিৰ সংমিশ্ৰণেৰে আমাৰ পঞ্চ ইন্দ্ৰিয়ক আকৰ্ষিত কৰে বুলি বিভিন্ন অধ্যয়নত প্ৰতীয়মান হৈছে। প্ৰায় সকলোৱেই কম-বেছি পৰিমাণে চকলেটৰ প্ৰতি আকৰ্ষিত, নাৰীৰ সংখ্যা এইক্ষেত্ৰত বেছি; কিন্তু চকলেট কাৰ মাজত অধিক জনপ্ৰিয় বুলিলে প্ৰথমতে উচ্চাৰণ হয় শিশুৰ কথা । দেখিলেই প্ৰতিটো শিশুৰ ওঁঠত যেন হাঁহি বিৰিঙি উঠে। জুতি লোৱাৰ হেঁপাহনো কোনটো শিশুৰ নাজাগে! কেৱল শিশুৰহে নে চকলেট এটা খোৱাৰ ইচ্ছা প্ৰায় অধিক সংখ্যকৰে থাকে যদিও শিশুৰ চকলেট প্ৰীতি তুলনামূলকভাৱে যথেষ্ট বেছি। সেয়েহেই চাগৈ সৰু ল’ৰা-ছোৱালী থকা কাৰোবাৰ ঘৰলৈ গ’লে চকলেট এটা নিয়াৰ কথাটোকে পোনতে আমাৰ মনলৈ আহে। নিয়াও হয় সাধাৰণতে। ভাৰতৰ লাখ লাখ মানুহে কেৱল ইয়াৰ সুস্বাদু সোৱাদৰ যিকোনো সময়ত ব্যৱহাৰ কৰাৰ বাহিৰেও কোনো শুভদিন বা উৎসৱ আদিতো চকলেট উপহাৰ দি শুভকামনা বা শুভাশিস জনাবলৈও চকলেটকেই সাধাৰণতে পচন্দ কৰে!

চকলেটৰ ব্যুৎপত্তিবিজ্ঞান আৰু… :-
কেক’ৰ (ঠায়ে ঠায়ে কেক’ক ক’ক’, শ বুলিও কয়) বীজ পুৰি আৰু পিহি গুৰি কৰি প্ৰস্তুত কৰা যি খাদ্যবিশেষ– সেয়াই চকলেট। চকলেট স্বকীয়ভাৱেৰ বাদেও কেক, আইচক্ৰীম আদিকে ধৰি আন বিভিন্ন খাদ্য সামগ্ৰীত সোৱাদযুক্ত উপাদানযুক্ত তৰল, কঠিন বা পেষ্ট হিচাপেও উপলব্ধ। চকলেট হিচাপে ব্যৱহাৰৰ বহু পূৰ্বৰে পৰা‌ কেক’ৰ বীজ সেৱন কৰা হৈছিল বুলি ইতিহাসে কয়। ইকুৱেডৰৰ প্ৰাচীন সংস্কৃতি মেয়’-চিনচিপেৰ পৰা আৰম্ভ কৰি কমেও ৫,৩০০ বছৰপৰ্যন্ত বিভিন্ন ৰূপত মানুহে তাহানিতেই কেক’ সেৱন কৰিছিল। পিছৰ মেছ’-আমেৰিকান সভ্যতাসমূহেও ১৬ শতিকাত ইউৰোপত চকলেট উপলব্ধৰ আগতে কেক’ৰ বীজেৰে বিশেসধৰণে প্ৰস্তুত কৰা চকলেট পানীয় সেৱন কৰিছিল হেনো।চকলেটৰ ব্যুৎপত্তিবিজ্ঞানে কয় যে অ’লমেকসকলে ‘কাকাৱা’ বুলি উচ্চাৰণ কৰা চকলেটৰ প্ৰচলন খ্ৰীষ্টপূৰ্ব ১০০০ বা তাৰ আগৰ পৰাই।

চকলেট শব্দটো সম্পৰ্কতো জিজ্ঞাসুৰ বাবে আছে যথেষ্ট তথ্য। প্ৰায় ১৬০০ খ্ৰীষ্টাব্দত স্পেনিছ ভাষাৰ পৰা ‘চকলেট’ শব্দটোৱে ইংৰাজী ভাষাত প্ৰৱেশ কৰাৰ পৰাই কেক’ৰ বীজৰ পৰা প্ৰস্তুত কৰা খাদ্য সামগ্ৰীবিধ বিশ্বজুৰি আজিৰ নামেৰে জনাজাত হয়।এজটেকসকলে ব্যৱহাৰ কৰা ‘Nahuatl’ ভাষা ‘chocolātl’ শব্দৰ পৰাই এই শব্দটো স্পেনিছ ভাষাত অন্তৰ্ভুক্ত হৈছিল। অৱশ্যে ‘Nahuatl’ ভাষাত সংশ্লিষ্ট শব্দটোৰ উৎপত্তি সম্পৰ্কে বিশেষ একো তথ্য ক’তোৱেই উপলব্ধ নহয়। কিয়নো Nahuatl ভাষাৰ প্ৰাৰম্ভিক পৰ্যায়ত ‘chocolātl’ শব্দৰ ব্যৱহাৰ অপৰিলক্ষিত; বিপৰীতে চকলেট পানীয়ৰ বাবে শব্দটো হৈছে ‘cacahuatl’ শব্দটোহে ব্যৱহৃত হৈছিল। বিভিন্ন পণ্ডিতে অনুমান কৰা অনুসৰি স্পেনিছসকলে Yucatec Mayan মূলৰ ‘chocol’ৰ সৈতে Nahuatl শব্দ ‘ātl’ সংযুক্ত কৰি জন্ম দিছিল ‘chocolātl’ শব্দটো। ইয়াৰ অৰ্থ গৰম পানীয়। অৱশ্যে ইয়াক লৈ পণ্ডিতভেদে দ্বিমত আছে। একাংশৰ মতে ‘xocolatl’ শব্দৰ পৰা আহিছে chocolate শব্দটো— যিয়ে তিতা পানীয়ক বুজায়। চকলেটৰ ব্যুৎপত্তিবিজ্ঞানৰ আন এক তথ্য মতে ইয়াক ‘chicolatl’ শব্দৰ পৰা chocolate শব্দৰ উদ্ভৱ হৈছে । ‘Chicolatl’ৰ অৰ্থ পিটোৱা পানীয়। আন একাংশ পণ্ডিতৰ মতে chocolate শব্দটো ‘chocolatier’ৰ অপভ্ৰংশ বুলি ১৮৮৮ চনতেই কৈছিল ।

ৰূপান্তৰৰ আলিয়েদি চকলেট
চকলেটৰ প্ৰচলনৰ ইতিহাস বৰ পুৰণি। পোনতে ই ক’ক’ বীন হিচাপে ব্যৱহাৰ হৈছিল। ক’ক’ বীন আজিৰ পৰা প্ৰায় ৫,৩০০ বছৰ পূৰ্বে তেতিয়াৰ দক্ষিণ আমেৰিকা আৰু সম্প্ৰতি দক্ষিণ-পূব ইকুৱেডৰ (জামোৰা-চিনচিপে প্ৰদেশ)ৰ অন্তৰ্গত চান্টা-আনা-লা ফ্ল’ৰিডাত বাস মেয়’-চিনচিপে সংস্কৃতিত ব্যৱহাৰ হৈছিল । তাৰ পিছতেই মেছ’আমেৰিকাত ই জনপ্ৰিয় হয় বুলি জনা যায়। আনহাতে, ইতিহাসে কয় যে অতীজত চকলেট কেৱল পানীয় হিচাপে প্ৰস্তুত আৰু ব্যৱহাৰ কৰা হৈছিল। মেক্সিকোৰ ভেৰাক্ৰুজৰ উপসাগৰীয় উপকূলৰ অ’লমেক নামৰ প্ৰত্নতাত্ত্বিক স্থানখিনিত পিছলৈ উদ্ধাৰ হোৱা এটা পাত্ৰত প্ৰাক-অ’লমেক জনগোষ্ঠীয়ে চকলেট প্ৰস্তুত কৰাৰ তাৰিখ উল্লেখ থকা বুলি জনা যায়। সেইমতে থাৱৰ কৰা হয় যে প্ৰাক-অ’লমেক জনগোষ্ঠীয়ে খ্ৰীষ্টপূৰ্ব ১৭৫০ চনৰ পৰাই চকলেট পানীয়ৰ ব্যৱহাৰ কৰিছিল। মেক্সিকোৰ চিয়াপাছৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত মকায়াৰ এটা প্ৰত্নতাত্ত্বিক স্থানতো ক’ক’ পানীয় খ্ৰীষ্টপূৰ্ব ১৯০০ চনৰ আগতেই ব্যৱহাৰৰ সম্ভেদ পোৱা গৈছিল। কেৱল এয়াই নহয়, ৰিঅ’ আজুলত ৪৬০–৪৮০ খ্ৰীষ্টাব্দতে ব্যৱহৃত পাত্ৰ মায়া জনগোষ্ঠীয় লোকৰ সমাধিস্থলত উদ্ধাৰ হৈছিল। ইয়াৰ পিছত বিভিন্ন ইতিহাসবিদে থাৱৰ কৰিছিল মায়াসকলে ৪০০ খ্ৰীষ্টাব্দৰ আশে-পাশে চকলেট পানীয় হিচাপে সেৱন কৰিছিল। আনকি মায়া হাইৰ’গ্লিফৰ বিভিন্ন নথিত উল্লেখ কৰা আছে যে দৈনন্দিন জীৱনৰ উপৰি তেতিয়া চকলেট আনুষ্ঠানিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল। যাৰ বাবে মায়াসকলে নিজৰ পিছফালে কেক’ গছৰ খেতি কৰিছিল। ইপিনে, ১৫ শতিকাৰ ভিতৰত এজটেক জনগোষ্ঠীয় লোকসকলে মেছ’আমেৰিকাৰ এটা বৃহৎ অংশৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল আৰু ক’ক’ক নিজৰ সংস্কৃতিত গ্ৰহণ কৰিছিল। তেওঁলোকে চকলেটক ‘Quetzalcoatl’ৰ সৈতে সংযুক্ত কৰিছিল । তেওঁলোকৰ বিশ্বাস— ভাগ্যৱান লোকক নেদেখাজনে দিয়া উপহাৰ চকলেট পানীয়। মায়াসকলে চকলেটক গৰম পানীয় ব্যৱহাৰৰ বিপৰীতে এজটেকসকলে শীতল পানীয় হিচাপে সেৱন কৰিছিল। অৱশ্যে চকলেটৰ শীতল পানীয়ৰ সৈতে মিশ্ৰিত কৰা হৈছিল চিম্বোপেটালাম পেণ্ডুলিফ্ল’ৰাম গছৰ পাহি, চিলি পেপাৰ, অলস্পাইচ, ভেনিলা, মৌ আদি।

“People are fond of drinking human blood, to make this beverage seem like blood, they add a little achiote, so that it then turns red. … and part of that foam is left on the lips and around the mouth, and when it is red for having achiote, it seems a horrific thing, because it seems like blood itself.” স্পেইনৰ বুৰঞ্জীবিদ গ’ন’জালো ফাৰ্নাণ্ডেজ ডি অভিয়েডো ৱাই ভালডেছে ১৫২৮ চনত নিকাৰাগুয়াত দেখা আচিঅ’টে মিশ্ৰিত চকলেট পানীয়ৰ বিষয়ে এনেদৰে বৰ্ণনা কৰিছিল। আনহাতে, প্ৰায় ষোড়শ শতিকাপৰ্যন্ত হেনো ইউৰোপীয় এই জনপ্ৰিয় পানীয়ৰ কথা শুনা নাছিল। তেন্তে? ১৫০২ চনৰ ১৫ আগষ্টত কলম্বাছৰ চতুৰ্থ আমেৰিকা অভিযানৰ কালত ক্রিষ্ট’ফাৰ কলম্বাছ আৰু তেওঁৰ পুত্ৰ ফাৰ্ডিনাণ্ডে ক’ক’ বীন প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰিছিল হেনো । ক’ক’ বীন দেখি আৰু সেৱন কৰি কলম্বাছ ইমানেই আপ্লুত হৈছিল যে তেওঁ ক’ক’ বীন লগত লৈ স্পেইনলৈ উভতি গৈছিল আৰু দৰবাৰত ইয়াৰ ব্যৱহাৰ আৰম্ভ কৰিছিল।

ক’ক’ বীন অধিক জনপ্ৰিয় কেতিয়াৰ পৰা হয়? ট্ৰেটাডো ব্ৰে’ভ ডি মেডিচিনাত নিউ স্পেইনৰ আদালতৰ এগৰাকী প্ৰাক্তন চিকিৎসকৰ সৈতে যুটীয়াভাৱে ফ্ৰাইয়াৰ অগষ্টিন ফাৰ্ফানে ক’ক’ বীনৰ ঔষধি গুণাগুণ সম্পৰ্কীয় অধ্যয়নৰ অন্তত ই স্বাস্থ্যোপযোগী বুলি পোনতে মুকলিকৈ কৈছিল। পৰৱৰ্তী সময়ত ১৭ আৰু ১৮ শতিকাত বহু চিকিৎসক আৰু চিকিৎসাবিজ্ঞানীয়ে ইয়াৰ উপকাৰিতাৰ বিষয়ে সদৰী কৰাত চকলেট পানীয়ৰ জনপ্ৰিয়তা বৃদ্ধি পায়।

এইবাৰ আহিছোঁ চকলেটৰ ৰূপান্তৰ প্ৰসংগলৈ। ইতিহাসে কয় যে ১৭২৯ চনত ইংলেণ্ডৰ ব্রিষ্টলত চাৰ্লছ চাৰ্চমেন আৰু তেওঁৰ পুত্ৰ ৱালটাৰে ক’ক’ বীন পিহিবলৈ প্ৰথম পানীচালিত এটা যন্ত্ৰ নিৰ্মাণ কৰিছিল। তাৰ পিছত ১৭৬১ চনত জোচেফ ফ্ৰাই আৰু তেওঁৰ সংগী জন ভ’গানে চাৰ্চমেনৰ চৌহদ ক্ৰয় কৰি ফ্ৰাইৰ চৌহদ প্ৰতিষ্ঠা কৰে।একেটা বছৰতে ফ্ৰাই আৰু ভ’গানে কেক’ৰ বীজ পিহি মিহিকৈ গুড়ি কৰিব পৰা পানীচালিত মেচিনৰ বাবেও নিজাকৈ পেটেণ্ট লাভ কৰাত উচ্চ মানবিশিষ্ট চকলেট পানীয়ৰ উৎপাদন আৰম্ভ হয়। পৰৱৰ্তী সময়ত ১৭৯৫ চনত জোচেফ ষ্টৰ্ছ ফ্ৰাইৰ নেতৃত্বত কেক’ৰ বীজ গুড়ি কৰিবলৈবলৈ ৱাট-ভাপ ইঞ্জিন ব্যৱহাৰ কৰে। আনহাতে, ব্যেকাৰ চকলেট কোম্পানীৰ নেতৃত্বত চকলেটে প্ৰায় ১৭৬৫ চনত বৰ্তমানৰ আকৃতি লাভ কৰে বুলি জনা যায়। বষ্টনস্থিত সেই কোম্পানীৰ স্বত্বাধিকাৰ আছিল ড° জেমছ বেকাৰ আৰু জন হেনন। ১৮১৫ চনত চ’লিড চকলেটৰ যাত্ৰা আৰম্ভ হোৱাৰ পিছত ১৮২৮ চনত ইয়াৰ পৰা ক’ক’ বাটাৰৰ পৰিমান পৰিমিত কৰিবলৈ নিৰ্মাতাসকল সক্ষম হৈছিল। ১৮৪৭ চনত ডাট্ছ ক’ক’, ১৮৭৫ চনত মিল্ক চকলেটৰ যাত্ৰাৰম্ভ হোৱাৰ পিছত ১৮৭৯ চনত ৰুড’ল্ফ লিণ্ড্যটে সংশ্লিষ্ট ক্ষেত্ৰৰ ক’ঞ্চিং মেচিন আৱিষ্কাৰ কৰাত চকলেটৰ উৎপাদন আৰু জনপ্ৰিয়তাৰ যাত্ৰা অধিক অগ্ৰসৰ হয়। এনেদৰে সময়ে সময়ে নানা ৰূপান্তৰেৰে চকলেটৰ যাত্ৰা অব্যাহত আছে।

চকলেট বনাম স্বাস্থ্য
চকলেট স্বাস্থ্যৰ বাবেও উপকাৰী। এই কথা প্ৰমাণিত হৈছে চিকিৎসা বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাত । চকলেটে আমাৰ‌ কি কি উপকাৰ সাধে‌? চিকিৎসা বিজ্ঞানৰ তথ্য মতে ডাৰ্ক চকলেটত থকা এন্টিঅক্সিডেন্টসমূহে ৰক্তচাপ কমোৱাৰ‌ লগতে হৃদযন্ত্ৰলৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰাৰ ফলত ষ্ট্ৰ’ক, হৃদৰোগ আদিৰ সম্ভাৱনা কম হয় ৰোগ প্ৰতিৰোধ ক্ষমতাক ভাৰসাম্য ৰক্ষা কৰে চকলেট সেৱনে । এপিকেটেচিনে কোষক সুৰক্ষা দিয়ে, শক্তিশালী কৰে আৰু শৰীৰক ইনচুলিন ভালদৰে ব্যৱহাৰ কৰাত সহায় কৰা প্ৰক্ৰিয়াসমূহক সমৰ্থন কৰাৰ ফলত চকলেটে ডায়েবেটিছ প্ৰতিৰোধ বা প্ৰতিহত কৰিব পাৰে। তদুপৰি চকলেটত– বিশেষকৈ ডাৰ্ক চকলেটত থকা ফ্লেভ’নলে মগজুৰ শক্তি প্ৰখৰ কৰাৰ ফলত স্মৃতিশক্তি বৃদ্ধত অৰিহণা যোগায়। চকলেটত থকা এপিকেটেচিনে তেজত নাইট্ৰিক অক্সাইডৰ উৎপাদন বৃদ্ধি কৰে, যিয়ে ৰক্ত সঞ্চালন স্বাভাৱিক কৰি দেহ সবল আৰু সুস্থ কৰি ৰখাত সহযোগিতা আগবঢ়ায়। মানসিক চাপ হ্ৰাসৰ ক্ষেত্ৰতো উপকাৰী চকলেট– বিশেষকৈ ডাৰ্ক চকলেট। চকলেট খোৱাৰ পিছত মানসিক চাপৰ হৰম’ন কৰ্টিছলৰ মাত্ৰা হ্ৰাস পোৱাৰ বাবে মনৰ অৱসাদ আঁতৰে । গৰ্ভৱতী স্ত্ৰীৰ বাবেও স্বাস্থ্যোপযোগী চকলেটে কলেষ্টৰেলৰ মাত্ৰাও হ্ৰাস কৰে। চকলেট স্বাস্থ্যৰ বাবে উপকাৰী যদিও ইয়াৰ দুই-এটা অপকাৰী দিশো আছে। শৰীৰৰ ওজন বৃদ্ধি কৰাৰ উপৰি বেছিভাগ চকলেটতে চেনিৰ পৰিমাণ বেছি হোৱাৰ বাবে পৰিমিত হিচাপত সেৱন নকৰিলে ই দাঁত ক্ষয়ৰ কাৰণ বিবেচিত হ’ব পাৰে। মাইগ্ৰেইনৰ বাবে অপকাৰী চকলেটে হাড়ৰ গঠন দুৰ্বল কৰাৰোপৰি অষ্টিঅ’পৰ’ছিছ হ’ব পাৰে। এই কথা উল্লেখ কৰাৰ লগতে ‘দ্য আমেৰিকান জাৰ্নেল অফ ক্লিনিকেল নিউট্ৰিশ্বন’ত প্ৰকাশিত এটা অধ্যয়নৰ তথ্যত প্ৰকাশ যে প্ৰতিদিনে চকলেট খোৱা বয়সস্থ মহিলাসকলৰ বহুসংখ্যকৰে হাড়ৰ ঘনত্ব আৰু শক্তি তুলনামূলকভাৱে কম হয় ।

প্ৰিয় চকলেট… জনপ্ৰিয় চকলেট…
ৰূপান্তৰৰ‌ যাত্ৰাপথেৰে নিতৌ ন ন সম্পৰীক্ষা আৰু সৃষ্টিৰে গতি কৰি থকা চকলেট বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় খাদ্য সামগ্ৰীসমূহৰ মাজৰ অন্যতম এবিধ। গতিকেই স্বাভাৱিকতে ইয়াৰ জনপ্ৰিয়তাও আকাশলংঘী। অৱশ্যে বিশ্বৰ সকলো প্ৰান্ততে একেকেইবিধ চকলেট জনপ্ৰিয়তাৰ শীৰ্ষত নাই। প্ৰান্তে প্ৰান্তে এয়া পৃথক।

সমগ্ৰ বিশ্বৰ ভিতৰতে আমেৰিকাত সৰ্বাধিক চকলেট উৎপাদিত হয়। কেৱল নিউয়ৰ্ক চহৰতে হাজাৰ হাজাৰ চকলেটৰ দোকান আছে। আমেৰিকাত উৎপাদন হোৱা ‘হাৰ্শ্বি’, ‘স্নিকাৰ্ছ’, ‘টুইক্স’, ‘মিল্কি ৱে’ৰ দৰে চকলেট সমগ্ৰ বিশ্বতে জনপ্ৰিয়। ‘নিৰ্বাণ’, ‘গোডিৱ’, ‘নেঅ’হ্যাছ’, ‘ফ্ল’ৰেন’ আদি বেলজিয়ামৰ আটাইতকৈ জনপ্ৰিয় চকলেট ব্ৰেণ্ডৰ উপৰি অনেক চকলেট উৎপাদনেৰে বেলজিয়াম আছে বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত। চুইজাৰলেণ্ড এইক্ষেত্ৰত তৃতীয় স্থানত আছে। চুইছ চকলেটৰ ভিতৰত আক’ ‘টবলেৰন’, ‘চুইছ আৰ্মি’, ‘কেলাৰ এণ্ড এনবিএছপি’ আৰু ‘নেচলে’ হৈছে চুইজাৰলেণ্ডৰ আটাইতকৈ জনপ্ৰিয় চকলেট ব্ৰেণ্ডকেইটা। চকলেটৰ জনপ্ৰিয়তাৰ তালিকাত মেক্সিকো চতুৰ্থ স্থানত আছে। দেশখনত উপলব্ধ ‘ইবাৰা’, ‘ৰিকুইনো’, ‘কাৰ্লোছ বি’ চকলেট দেশখনৰ উপৰি বিশ্বৰ প্ৰান্তে প্ৰান্তে জনপ্ৰিয়। চকলেট খাবলৈ আৰম্ভ কৰা ইউৰোপৰ প্ৰথমখন দেশ স্পেইনে সংশ্লিষ্ট জনপ্ৰিয়তাৰ ক্ষেত্ৰত পঞ্চম স্থানত থকাৰ বিপৰীতে সমাদৃত স্পেনিছ চকলেট ব্ৰেণ্ডসমূহ হ’ল ক্ৰমে ‘ভেলৰ’, ‘ট্ৰিমা’, ‘টৰেছ’ আদি।বিশ্বৰ ষষ্ঠ বৃহত্তম চকলেট উৎপাদনকাৰী দেশ জাৰ্মানী। ‘ৰিটাৰ স্প’ৰ্ট’, ‘মিলকা’, ‘ছাৰ’টি’, ‘আলপিয়া’ আৰু ‘কিণ্ডাৰ’ হৈছে আটাইতকৈ জনপ্ৰিয় জাৰ্মান চকলেট ব্ৰেণ্ড । ইয়াৰ পিছতেই ফ্ৰান্স, ব্ৰিটেইন, ইটালী, ডেনমাৰ্কৰ নাম আছে বিশ্বৰ সৰ্বাধিক চকলেট উৎপাদনকাৰী দেশ হিচাপে।আনহাতে আমাৰ দেশত উৎপাদিত চকলেটৰ শ্ৰেষ্ঠ চকলেট ব্ৰেণ্ড বাচনি কৰাটো এক প্ৰত্যাহ্বানজনক কথা। তাৰ মাজতে ভাৰতৰ অন্যতম জনপ্ৰিয় চকলেট ব্ৰেণ্ড ‘কেডবেৰী’ৰ চকলেট লাখ লাখ ভাৰতীয়ৰ প্ৰথম প্ৰিয় চকলেট ব্ৰেণ্ড। ‘কেডবেৰী ছিল্ক’, ‘পাৰ্ক’, ‘বৰ্ণভিল’, ‘ফাইভ ষ্টাৰ’, ‘ডেইৰী মিল্ক’ আৰু ৰং-বিৰঙী ‘জেম্ছ’ৰ দৰে অন্যান্যৰ উপৰি ভাৰতত এই শীৰ্ষ চকলেট ব্ৰেণ্ডৰ চেলিব্ৰেচনছ সংস্কৰণো নিঃসন্দেহে দেশৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা অন্যতম চকলেট। ভাৰতত অতি জনপ্ৰিয় আন এবিধ চকলেট ব্ৰেণ্ড হৈছে ‘নেচলে’ । আমুল চকলেট অবিহনেও আমাৰ দেশৰ চকলেটৰ তালিকাখন অসম্পূৰ্ণ। ৰিচ্ছ ডাৰ্ক চকলেটৰ পৰা আৰম্ভ কৰি ক্ৰীমযুক্ত মিল্ক চকলেটলৈকে— আমুলৰ সোৱাদ, গুণগত মান আৰু উদ্ভাৱনৰ প্ৰতি নিষ্ঠাৰ বাবে সুপৰিচিত হোৱাৰ লগতে বিখ্যাত এইবিধ চকলেট।

ভাৰতৰ শীৰ্ষ চকলেট ব্ৰেণ্ডৰ ভিতৰত ‘ফেৰেৰো ৰ’চাৰ’ হৈছে চকলেট বিলাসিতাৰ এক অন্যতম উদাহৰণ। অতুলনীয় সোৱাদ আৰু অসাধাৰণ মানদণ্ডৰ বাবে ই বিশেষ স্বীকৃতি লাভ কৰিছে। দেশখনৰ শিশুৰ মাজত অন্যতম জনপ্ৰিয় চকলেট ‘কিণ্ডাৰজয়’, যিটো ‘ফেৰেৰো’ৱেও প্ৰস্তুত কৰে। যি কি নহওক, আকৰ্ষণীয় ৰূপ, পেকেজিং আৰু অতুলনীয় সোৱাদেই ফেৰেৰো ৰ’চাৰক বিখ্যাত কৰি তুলিছে। ‘হাৰ্শ্বি’ৰ চকলেটৰ কথা আহিলে প্ৰতিটো দিনেই অনন্য হৈ পৰে! ‘হাৰ্শ্বি’য়ে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ চকলেট ব্ৰেণ্ড হিচাপে এক স্থান খোদিত কৰিছে। এইবোৰৰ উপৰি ‘ল’টে’, ‘মাৰ্স’, ‘লিণ্ডট’, ‘স্নিকাৰ্ছ’ ‘ফেবলে’ আদি আমাৰ দেশৰ কেইবিধমান অন্যতম জনপ্ৰিয় চকলেট।

কত যে কথা…
চকলেট সমৃদ্ধ অনেক জনা-অজানা আৰু আমোদজনক গাথাৰে । চকলেট সম্পৰ্কীয় সেই কথাবোৰো চকলেটৰ নিচিনাই আকৰ্ষণীয় আৰু জিজ্ঞাসু মনৰ অধিকাৰীৰ বাবে ‘সোৱাদযুক্ত’ । প্ৰসংগক্ৰমে তেনে অনেক প্ৰসংগৰ কেইটামান উল্লেখ কৰা হ’ল।

👉মায়া আৰু এজটেকসকলে ক’ক’ বীন টকা হিচাপে ব্যৱহাৰ কৰিছিল। তাহানিতে ক’ক’ বীনৰ বিনিময়ত তেওঁলোকে খাদ্য, কৰ আৰু কাপোৰৰ ধন দিছিল; আনকি কৰ পৰিশোধো কৰিছিল।

👉আধুনিক ৰূপৰ প্ৰথমটো গোটা চকলেট উৎপাদন কৰা হৈছিল ১৮৪৭ চনত। ইয়াৰ আঁৰত আছিল জোচেফ ফ্ৰাই নামৰ লোকগৰাকী। আনহাতে, মুকলিৰ পৰা এতিয়ালৈকে আকাশলংঘী জনপ্ৰিয়তা অব্যাহত থকা মিল্ক চকলেট প্ৰথম বজাৰলৈ আহিছিল ১৮৭৫ চনত।

👉আপুনি জানেনে সেই কথা— দ্বিতীয় বিশ্বযুদ্ধৰ সৈনিকৰ ৰেচনত যে চকলেট বাৰ আছিল ! এয়া একপ্ৰকাৰৰ অবিশ্বাস্য সত্য! দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সেনাৰ ৰেচনত চকলেটৰ এটা অংশ আছিল হেনো । তদুপৰি এই প্ৰয়োজনীয়তাৰ তাগিদাত নিৰ্মাতাই চকলেট বাৰবোৰ প্ৰতিজন সৈনিকৰ বাবে চাৰি আউন্সকে বনাব লাগিছিল।

👉বিশ্বৰ আটাইতকৈ ডাঙৰ চকলেট বাৰটোৰ ওজন কিমান ? বিশ্বাস কৰক বা নকৰক, উত্তৰটো হ’ল ৫,৭৯২.৫ কিলোগ্ৰাম (১২,৭৭০ পাউণ্ড)। ইমান ওজনৰ চকলেট বাৰ এটা কল্পনা কৰিব পাৰিনে? নিঃসন্দেহে ইয়াৰ আকাৰৈ আছিল। এই চকলেটটো বনোৱা হৈছিল ২০১০ চনত— আৰ্মেনিয়াত ।

👉বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আইচক্ৰীম ফ্লেভাৰ হৈছে চকলেট ফ্লেভাৰ। বিভিন্ন ফ্লেভাৰৰ আইচক্ৰীম উপলব্ধ যদিও সৰ্বাধিক জনপ্ৰিয় আইচক্ৰীম ফ্লেভাৰ হ’ল চকলেট ফ্লেভাৰ।

👉এতিয়াও চলি থকা বিশ্বৰ আটাইতকৈ পুৰণি চকলেট কোম্পানীটো হৈছে কেলাৰ। ১৮১৮১৯ চনত এই কোম্পানীটো প্ৰতিষ্ঠা হৈছিল।

👉চকলেট আৰু প্ৰেমৰো আছে নেকি সম্পৰ্ক? আছে চাগৈ,সেয়েই কিজানি ভেলেণ্টাইন ডে’ত চকলেট একধৰণৰ জনপ্ৰিয় উপহাৰ। কেৱল আমেৰিকাত ভেলেণ্টাইন ডে’ৰ আগৰ সপ্তাহটোত প্ৰায় ৫.৮ কোটি পাউণ্ড চকলেট বিক্ৰী হয়। বিশ্ব প্ৰেক্ষাপটত হিচাপটো কল্পনা কৰকচোন ।

চকলেটক লৈ আছে কেইবাটাও দিৱস। সেইবোৰ ক্ৰমে চকলেট দিৱস (৭ জুলাই), আমেৰিকাত উদযাপিত দুটাকৈ ৰাষ্ট্ৰীয় চকলেট দিৱস ক্ৰমে ২৮ অক্টোবৰ আৰু ২৮ ডিচেম্বৰত আৰু আন্তঃৰাষ্ট্ৰীয় চকলেট দিৱস (১৩ ছেপ্টেম্বৰ)। ইয়াৰোপৰি মিল্ক চকলেট দিৱস, বগা চকলেট দিৱসআৰু ক’ক’ দিৱসো উদযাপিত হয় ঠায়ে ঠায়ে। কেৱল সেয়াইনে, ভেলেণ্টাইন ডে’ৰ আধুনিক সংস্কৰণ ভেলেণ্টাইন উইকতোচোন থাকে চকলেট ডে’ ।

ক’ব পাৰি যে বিভিন্ন ৰূপেৰে চকলেট যুগ যুগ ধৰি একধৰণৰ বিলাসিতাৰ আৰু সুস্বাদু লঘু খাদ্যবস্তু হিচাপে বিবেচিত হৈ আহিছে। চকলেট নাটি, ক্ৰাঞ্চি, টেষ্টি আৰু য়ম্মি বাবেই হয়তো এই আৱেদন । চকলেটক লৈ হয়তো সেয়েই কবি জন এফ ম্যাককুলাই লিখিছিল—

“On my fingers, on my tongue
Your taste a sweet and pleasing one.
I unwrap you greedily
And nibble on you speedily…”

ফোন : ৭০০২০২৫০৪৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.