সন্তানৰ কেৰিয়াৰ বাছনি আৰু অভিভাৱকৰ কৰ্তব্য

10

অনু বৰুৱা

প্ৰত্যেকজন পিতৃ-মাতৃ বা অভিভাৱকৰ এটা সপোন বা আশা পুহি ৰাখে যাতে তেওলোকৰ সন্তানে  সমাজত তেওলোকৰ নাম উজলায় ৷ নিজে নোৱাৰা বা অসমৰ্থ হোৱা বিষয়বোৰত সন্তানে সফলতা  আনক বা তেওতকৈও বিখ্যাত হওক সেই ধৰণৰ চিন্তা কৰা অভিভাৱক এতিয়া বহুত ৷তদুপৰি আনৰ লগত জিকাৰ মানসিকতাৰে সন্তানবোৰক অঘোষিত প্ৰতিযোগিতাৰ দৌৰত অৱতীৰ্ণ কৰাইছে আজিৰ বেছিভাগ অভিভাৱকে ৷ নিজৰ সন্তানৰ জ্ঞান,বুদ্ধিৰ কথাবোৰ বিবেচনা নকৰি এনেধৰণৰ প্ৰতিযোগিতা মুলক মানসিকতাই বহুতো ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ অমানিশা মাতি আনিছে ৷

সন্তানৰ কেৰিয়াৰ গঢ়াত পিতৃ-মাতৃ বা অভিভাৱকৰ ভুমিকা অতি গুৰুত্বপূৰ্ণ ৷অপৈণত জ্ঞান বুদ্ধিসম্পন্ন ল’ৰা-ছোৱালীক ভৱিষ্যত জীৱনৰ আৰ্থিক নিৰাপত্তাৰ বাবে সঠিক কেৰিয়াৰ নিৰ্বাচন কৰাত অভিভাৱক সকলে নিজে বা অভিজ্ঞ ব্যক্তিৰ সহায়ত সঠিক সময়ত সঠিকসিদ্ধান্ত লবৰ বাবে যাৱতীয় তথ্য-পাতি সন্তানক যোগান ধৰা উচিত ৷সৰুৰে পৰা নিজৰ সন্তানক অমুক বনাম বুলি নিজৰ মতত অচল থাকি সন্তানক আশা ,আকাঙ্খাক ভাঙি চুৰমাৰ কৰি লোৱা সিদ্ধান্ত অতি গৰ্হিত কাম ৷সন্তানৰ ইচ্ছা,আশা-আকাঙ্খা , মনোবল আৰু দৃঢ়তাক প্ৰশ্ৰয় নিদিয়া বহুতো অভিভাৱকৰ ভুল সিদ্ধান্তৰ বলি হৈ হীনমন্যতাত ভোগা ছাত্ৰ- ছাত্ৰী সাম্প্ৰতিক সময়ত বাঢ়ি যোৱাতো সমাজৰ বাবে শুভ লক্ষণ নহয় ৷সন্তানৰ কেৰিয়াৰ বাছনি কৰাত অভিভাৱক সকলে যাৱতীয় তথ্য আৰু খবৰ সংগ্ৰহ কৰি দিয়া উচিত ৷ পাৰিলে সেই বিষয়ৰ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাতো উচিত ৷জ্ঞানআহৰণৰ ক্ষেত্ৰত সন্তানৰ শক্তি,সামৰ্থ্য,দুৰ্বলতাবোৰ সঠিক ভাৱে পিতৃ-মাতৃ বা অভিভাৱকসকলে জনাতোসম্ভৱ যিটো আনে নাজানে বা জনাতো সম্ভৱ নহয় ৷ গতিকে সন্তানৰ জ্ঞান ,বুদ্ধি ,শক্তি,সামৰ্থ্য আৰু ইচ্ছা শক্তিক মুল ভেটি হিচাবে লৈসঠিক কেৰিয়াৰ বাছনি কৰাত সন্তানক সহায়  কৰাতো বুদ্ধিমানৰ কাম ৷তথ্য প্ৰযুক্তি স্বাস্থ্য ,আন্ত:গাঠনি উন্নয়ন ইত্যাদি বিভিন্ন ক্ষেত্ৰবোৰৰ নিয়োগ আৰু কেৰিয়াৰ গঢ়াৰ প্ৰচুৰ সম্ভাৱনা থকা বিষয়বস্তুৰ লগত জৰিতশিক্ষানুষ্ঠানত পঢ়িলে ভৱিষ্যতে সংস্থাপনৰ ক্ষেত্ৰত অনিশ্চয়তাৰ আশা ক্ষীণ ৷ সঠিক সময়ত সঠিক সিদ্ধান্তৰে কেৰিয়াৰ বাছনি কৰিলে নিজৰ আশা-আকাঙ্খা আৰু ভৱিষ্যত জীৱন সুৰক্ষিত কৰাই নহয় সমাজ আৰু দেশৰ বোজা নহৈ বৰঙ উপযুক্ত ব্যক্তিগত বৰঙণিৰে দেশৰ বিকাশত অংশগ্ৰহন কৰিব পাৰিব যিটো প্ৰত্যেকজন অভিভাৱকৰ মনৰ কামনা ৷ বয়স আৰু জীৱনৰ অভিজ্ঞতাৰে পুষ্ট অভিভাৱক সকলে সন্তানক কৰা মাগদৰ্শনে তেওলোকক উৎসাহিত কৰিব নিজে নিজৰ জীৱনৰ সিদ্ধান্ত সঠিক সময়ত সঠিক ভাৱে লবৰ বাবে সঠিক কেৰিয়াৰ বাছনিৰ যোগে ৷সুন্দৰ শৈক্ষিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা সন্তানে আকাঙ্খিত ক্ষেত্ৰখনত নিজকে লিপ্ত হৈ নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ আৰু সুবিধাই তেওলোকক আত্মবিশ্বাসী কৰি গঢ়ি তোলাত সহায় কৰে আৰু পৰবৰ্তী সময়ত তেওলোকে ঈস্পিত লক্ষ্যত উপনীত হৈ জীৱনত সফল হব পাৰে ৷

জীৱনটো সংঘাতময় আৰু জয়-পৰাজয়, উথ্থান-পতন হৈছে জীৱনৰ অংগ ৷সাময়িক কৃতকাৰ্য্যতা বা অসফলতা উন্নতিৰ হেঙাৰ বুলি ভৱাতো অনুচিত ৷আজিৰ প্ৰতিযোগিতা মুলক বিশ্বায়নিক জগতত  নিজকে প্ৰতিষ্ঠা কৰাৰ খাতিৰত দক্ষ সৈণিক হিচাবে গঢ়দিয়াৰ ক্ষেত্ৰত সন্তানৰ লগতে পিতৃ-মাতৃ বা অভিভাৱকৰ অসীম দায়িত্ব ৷যিকোনো কঠিন পৰিস্থিতিৰ মুখা-মুখি হবৰ বাবে মনোবল বা মানসিক দৃহতা একান্তই প্ৰয়োজন আৰু অভিভাৱক সকলে সেই ক্ষেত্ৰত নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা উচিত ৷ভাল দিনত সন্তানক উৎসাহিত কৰাৰ দৰে বেয়া দিনটো তেওলোকক তিৰস্কাৰ নকৰি কাষত থাকি সাহস যোগোৱাতো অভিভাৱকৰ পৰম দায়িত্ব ৷ সাময়িক বিফলতাৰ পৰা অৰ্জন কৰা জ্ঞানে বহু ক্ষেত্ৰত জুয়ে পোৰা সোণৰ দৰে হোৱাৰ উদাহৰণ বহুত আছে ৷

বেছিভাগ অভিভাৱকে নিজে সফল হোৱা ক্ষেত্ৰখনত সন্তানক পঢ়াব বিচাৰে বা সফল হব নোৱাৰা বিষয় বা ক্ষেত্ৰ খনত সন্তানৰ যোগেৰে সফলতা আনিব বিচাৰে ৷ মানুহৰ হাৰি যাব নোখোজা স্বভাৱজাত প্ৰবৃত্তিৰ বাবে সন্তানক জোৰ-জবৰ দস্তি ,মনে নিবিচৰা কেৰিয়াৰ লবলৈ বাধ্য কৰাতো একেবাৰে সমীচিন নহয় ৷সন্তানৰ ইচ্ছা অনুভুতিক সন্মান জনাই ,সঠিক কেৰিয়াৰ বাছনি কৰাত পথ প্ৰদৰ্শকৰ ভুমিকা লোৱাতো সচেতন অভিভাৱকৰ পৰিচয় ৷

প্ৰত্যেকজন শিশুৰ একো একোটা নিজা বৈশিষ্ট বা বিশেষত্ব থাকে ৷ জন্মগত ভাৱে অৰ্জন কৰা সেই বিশেষ গুণবোৰক অভিভাৱক সকলে বাস্তৱত সন্তানক উপযুক্ত সা-সুবিধা প্ৰদান কৰিলে সেই ক্ষেত্ৰখনত পাৰদৰ্শিতা দেখুৱাতো নিশ্চিত ৷ বহু অভিভাৱকে এই কথাতো গুৰুত্বসহকাৰে নোলোৱাৰ বাবে বহু প্ৰতিভাৰ অকাল মৃত্যু ঘটে যিটো বৰ পৰিতাপৰ কথা ৷ আনৰ সন্তানক নকল কৰি প্ৰতিযোগিতাৰ মানসিকতাৰে অনিচ্ছাস্বত্বেও নিজৰ সন্তানক কেৰিয়াৰ বাছনি কৰিবলৈ বাধ্য কৰাতো অতি গৰ্হিত কাম ৷ সন্তানক নিজেই নিজৰ সামৰ্থ্যখিনি বুজি সেইমতে সিদ্ধান্ত লবলৈ দিলে তাত সফলতাৰ আশা বেছি ৷হাইস্কুলীয়া পৰ্য্যায়তেই আমি যদি সন্তানক  অসমী আইৰ বায়ু ,পানী , মাটিৰ ,ৰদ,বতাহ ,বৰষুণ ইত্যাদি পৰিৱেশ ,পৰিস্থিতিৰ মাজত কঠিন বাস্তৱৰ মুখা-মুখি হৈ উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব পাৰো তেন্তে সি হ’ব উন্নতিৰ শিখৰৰ প্ৰথম খোঁজ যিয়ে তেওলোকক গুণী,জ্ঞানী,বিদ্বান আৰু দেশপ্ৰেমিক ব্যক্তিৰূপে সমাজত প্ৰতিষ্ঠিত কৰাত সহায় কৰিব লগতে পিতৃ-মাতৃ তথা অভিভাৱকৰ নাম উজলাব ৷

শেষত মই এটা কথাই কম যে পিতৃ-মাতৃ বা অভিভাৱক সকলে কেৰিয়াৰ বাছনি কৰাৰ ক্ষেত্ৰত সন্তানক হেঁচা প্ৰয়োগ নকৰি উপযুক্ত তথ্য-পাতি ,অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ইত্যাদিৰ আধাৰত  লগতে ভৱিষ্যতে  উজ্বল সংস্থাপনৰ সম্ভাৱনা থকা সন্তানৰ মনোগ্ৰাহী ক্ষেত্ৰৰ কেৰিয়াৰ বাছনি কৰিবলৈ অধিকাৰ দিয়া উচিত৷ যি কাৰণতেই নহওক সন্তানক নিজৰ ভৱিষ্যত গঢ়াৰ দিশত পিতৃ-মাতৃ তথা অভিভাৱক সকলে কেৱল পথ প্ৰদৰ্শকৰ ভুমিকা লোৱা উচিত সন্তানৰ আশা-আকাঙ্খা আৰু নিজা সুন্দৰ জীৱন গঢ়াত অভিভাৱকসকল হেঙাৰ স্বৰূপ নহওক তাৰেই স্বাৰ্থত ৷

ফোন : ৯৮৬৪২৭০১৮৪

You might also like

Comments are closed, but trackbacks and pingbacks are open.