নিমি বৰগোহাঁই
বুলিং হৈছে ইচ্ছাকৃতভাৱে কৰা আক্রমণাত্মক আচৰণ৷ ইয়াৰ লগত ব্যক্তিগত ক্ষমতা বা শক্তি জডিত হৈ থাকে৷ স্কুলীয়া বয়সৰ শিশুৰ মাজত সচৰাচৰ দেখিবলৈ পোৱা যায়৷ বুলিঙক একপ্রকাৰ আচৰণৰ দোষ বুলিব পাৰি৷ বুলিঙত আক্রান্ত হোৱা এজন শিশু পৰৱর্তী সময়ছোৱাত মানসিক ৰোগ বা মানসিক দুর্বলতাত ভুগিব পাৰে৷
বুলিং কৰা বা বুলিঙৰ ভুক্তভোগী দুয়োটা লৰা–ছোৱালীৰ গুৰুতৰ বা স্থায়ী সমস্যা হব পাৰে৷ ই এক বাৰে বাৰে হোৱা আচৰণ আৰু ই শাৰীৰিক বা মৌখিকো হব পাৰে৷ লৰাই অধিক শাৰীৰিক উপায় ব্যৱহাৰ কৰি আনক বুলিং কৰিব পাৰে আৰু যদি ছোৱালীয়ে প্রায়ে সামাজিক বর্জনৰ দ্বাৰা আনক বুলিং কৰে৷ বুলিঙৰ ভুক্তভোগী এটা শিশুৰ ব্যক্তিত্ব গঠনত বহুতো সমস্যা আহি পৰে৷
হয়তো শিশুটি লাজুকীয়া, বেলেগৰ লগত কথা–বতৰা পতা বা মিলা–মিছা কৰাত অসুবিধা ইত্যাদিত ভোগে৷ বছৰ বছৰ ধৰি বুলিং স্কুলৰ অংশ হৈ আহিছে, আনকি কর্মক্ষেত্রতো৷ শেহতীয়াকৈ প্রযুক্তি আৰু ছচিয়েল মিডিয়াই বুলিঙৰ এক নতুন স্থানৰ সৃষ্টি কৰিছে আৰু যিয়ে ইয়াৰ প্রসাৰতা বৃদ্ধি কৰিছে৷ চাইবাৰ বুলিং হৈছে অনলাইন৷ আৰু মবাইল ফোনযোগে হোৱা বুলিং৷ ইউটিউব, ইনষ্টাগ্রাম আৰু স্নেপচ্যাটৰ দৰে ৱেবছাইটসমূহে লৰা–ছোৱালীক চৌবিবশ ঘণ্টাই আনক আঘাতজনক বার্তা প্রেৰণ কৰিবলৈ অনুমতি দিয়ে, যাৰ ফলত বহুতো লৰা–ছোৱালী মানসিক সংঘাতত ভোগে৷ তলত বুলিং সম্পর্কে আলোচনা কৰা হল-
মৌখিকভাৱে কৰাঃ যত নিকৃষ্ট কথা কোৱা, জোকাই থকা, ঠাট্টা–মস্ক্ৰা, অনুপযুক্ত মন্তব্য দিয়া আদি৷ মানসিকভাৱে কৰা বুলিং, যত এজনে আনজনক ইচ্ছাকৃতভাৱে লগ এৰা বা উৰাবাতৰি বিয়পাই দিয়া৷ ৰাজহুৱা স্থানত কাৰোবাক লাজ দিয়া, এজন ব্যক্তিৰ দুর্বলতাক ইতিকিং বা ঠাট্টা কৰে ইত্যাদি৷
শাৰীৰিক বুলিংঃ থু পেলোৱা, ঠেলি দিয়া, কাৰোবাৰ বস্তু ভাঙি পেলোৱা, আঘাত কৰা, চিকুটি দিয়া ইত্যাদি৷
এই সকলো স্কুলৰ লৰা–ছোৱালীৰ মাজত দেখিবলৈ পোৱা যায়৷ যিসকল বুলিং হয়, সেইসকল লৰা–ছোৱালী স্কুল আহিবলৈ মন নকৰে, নানা অজুহাত দেখুৱায়৷ যেনে পেট বিষ, মূৰৰ বিষ, শাৰীৰিক দুর্বলতা, মন ভাল নলগা ইত্যাদি৷
যদি এনেধৰণৰ অসুবিধা অভিভাৱকে পৰিলক্ষিত কৰে, তেওঁলোকে এজন মানসিক পৰামর্শদাতাৰ সহায় লোৱাটো উচিত৷ অকল স্কুলৰ সময়ছোৱাতেই যে বুলিং হব পাৰে, তেনে কোনো কথা নহয়৷ যথেষ্ট শতাংশ খেলপথাৰ বা বাছৰ দৰে ঠাইতো ঘটে৷
বুলিঙৰ ফলত শিশুৰ ক্ষতিকাৰক দীর্ঘস্থায়ী হব পাৰে৷ শাৰীৰিক প্রভাৱৰ উপৰি হতাশা, উদ্বেগকে ধৰি আৱেগিক আৰু মানসিক স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হব পাৰে, ফলত দ্রব্যৰ অপব্যৱহাৰ আৰু স্কুলত প্রদর্শন হ্রাস পাব পাৰে৷
অভিভাৱকসকল সচেতন হোৱাটো দৰকাৰ৷ তেওঁলোকে শিশুটোৰ আচৰণত যদি কিবা পৰিৱর্তন দেখে, তেন্তে শিশু বা লৰা–ছোৱালীৰ লগত মুকলিমূৰীয়াকৈ কথা পতাটো দৰকাৰ৷ যাৰ দ্বাৰা তেখেতসকলে স্কুলত প্রকৃততে কি চলি আছে, সেই বিষয়ে জানিব পাৰে, যাতে পৰিস্থিতিটো শুধৰণিৰ বাবে উপযুক্ত পদক্ষেপ লব পাৰে৷ অভিভাৱকে লৰা–ছোৱালী বা শিশুটিক বুলিং কেনেকৈ চম্ভালিব লাগে শিকোৱাটো প্রয়োজনীয়৷
যিহেতু আজিৰ যুগত প্রযুক্তি এক নম্বৰ স্থানত আহি পৰিছে অভিভাৱকসকলে সন্তানক চাইবাৰ বুলিঙৰ বিষয়ে জ্ঞান দিয়াটো আৱশ্যক৷ আৰু লগতে প্রযুক্তিৰ সৈতে সীমা নির্ধাৰণ কৰক৷ অভিভাৱসকলে বুলিঙৰ বিষয়ে স্কুলত জনাই দিব লাগে আৰু বিদ্যালয় কর্তৃপক্ষৰ লগতে পৰামর্শদাতাৰ সহায় লোৱাটো অতি আৱশ্যক৷ কাৰণ বুলিঙৰ পৰা পোৱা মানসিক বা শাৰীকি কষ্টই লৰা–ছোৱালীক আত্মহত্যাৰ পথো দেখুওৱাৰ সম্ভাৱনা খুব বেছি দেখিবলৈ পোৱা যায়৷
Comments are closed, but trackbacks and pingbacks are open.