ড° শান্তনা বৰদলৈ
সৌন্দৰ্যপিপাসী তথা সুন্দৰতা প্ৰিয় মানুহৰ মনবোৰ নানা সৃষ্টিকৰ্মৰে আন্দোলিত হৈ থাকে। ফুলনি অথবা বাগিছা আৰু লগতে নিজৰ আপোন ঘৰখন সজোৱাৰ পটভুমিতে এসময়ত স্বৃষ্টি হৈছিল গছৰোৱাৰ এক অভিনৱ বিজ্ঞানসন্মত কলা “বনছাই”। প্ৰায় তিনিহাজাৰ বছৰৰ পূৰ্ৱেই মানুহে নিজস্ব কলাসুলভ উদ্ভাৱনী শক্তিৰে বিজ্ঞান আৰু কলাৰ অপূৰ্ৱ সংমিশ্ৰনত স্বৃষ্টি কৰা “বনছাই” বৰ্তমান সমগ্ৰ বিশ্বতে জনপ্ৰিয়। এই পদ্ধতিৰে এজোপা বৃহৎ বৃৃক্ষৰ পুলি অগভীৰ টাব অথবা কাহীত বিশেষ কৃষি প্ৰনালী যেনে প্ৰুনিং অৰ্থাৎ ডাল কটা , শিপা অথবা মুলৰ হ্ৰাসকৰণ, ৰোপন , পত্ৰ বিন্যাসৰ সাজসজ্জাকৰণ, সংযোগকৰণ বা গ্ৰাফটিং ৰ দ্বাৰা হুবহু একে সৰু আকৃতিৰ পূৰ্ণবৃদ্ধিৰ পুৰঠ গছলৈ পৰিবৰ্তিত কৰা হয় যাক ” বনছাই ” নামেৰে জনা যায়। জাপানী কৃষি কলা ৰূপে স্বীকৃত বনছাইক জাপানৰ জাতীয় সম্পদ ৰূপে গণ্য কৰা হয়। এই বনছাইৰ আলমতে বিশ্বত বহু চিত্ৰ তথা সাহিত্য ৰ্কমৰো সৃষ্টি হৈছে।
বনছাইক যদিও জাপানস্বৃষ্ট হিচাবে অভিহিত কৰা হৈছে কিন্তু কিছু তথ্যৰ পৰা জানিব পৰা গৈছে যে এই কলাৰ ধাৰণা প্ৰকৃততে আৰম্ভ হৈছিল চীনতহে। প্ৰায় ৩৫০০ বছৰৰ পূৰ্ৱেই চীনৰ ইয়েন আৰু বাও সভ্যতাৰ মানুহে প্ৰাকৃতিক শোভা বৰ্ধনৰ কাৰণে নিজৰ বাগিছাত এক বিশেষ কৌশলেৰে “পেনজিং” (Penging) পদ্ধতিৰে বিশেষ শোভাবৰ্দ্ধক উদ্ভিদ ৰুইছিল আৰু ই আছিল জাপানী বনছাইৰ দৰেই। চীনৰ পৰা বৌদ্ধধৰ্ম যেতিয়া চুবুৰীয়া দেশসমুহলৈ বিস্তাৰিত হৈছিল তেতিয়া এই কলাৰো সম্প্ৰসাৰণ হয় আৰু ই বিস্তৃতি লাভ কৰে। “বনছাই- ইটছ আৰ্ট, ছায়েন্স, হিষ্টৰী এণ্ড ফিলোছফী শীৰ্ষক গ্ৰন্থত দেবৰহে ক’ৰ’ছফটে এইদৰে উল্লেখ কৰিছে যে বৌদ্ধ দৰ্শনৰ ভেঁটিত সৃষ্ট “বনছাই”ক বৌদ্ধসকলে পৱিত্ৰতা আৰু মৰ্যদাৰ প্ৰতীক ৰূপে বিবেচনা কৰে। অনুমানিক ১৬০০ শতিকাৰ পৰাই জাপানীসকলে “বনছাই” কৰাৰ নিচা আৰম্ভ কৰিছিল আৰু লাহে লাহে ই প্ৰিয় অৱসৰ বিনোদনৰ ক্ষেত্ৰ হৈ পৰিল। কুৰি শতিকাৰ আৰম্ভনীৰ পৰা এই কলা সমগ্ৰ বিশ্বতে বিস্তাৰিত হৈ অধিক জনপ্ৰিয়তা লাভ কৰে।
আনহাতে ভাৰতবৰ্ষ ৰ ক্ষেত্ৰত “বনছাই” ৰ অন্তৰ্ভুক্তি মহাকাব্যৰ যুগৰে পৰাই আছে বুলি অনুমান কৰা হৈছে।ভাৰতত ইয়াক “বামন বৃক্ষ কলা ৰূপে মান্যতা দিয়া হয়। ভগৱান বিষ্ণুৰ পঞ্চম অৱতাৰ “বামন” ৰ পৰাই “বামন বৃক্ষ”ৰ স্বৃষ্টি আৰু ইয়াক ১২ শতিকাৰ পৰাই কৰি আহিছে বুলি বুৰঞ্জীমুলক তথ্যৰ পৰা জানিব পৰা গৈছে। পুৰণি ভাৰতবৰ্ষত আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত গছ গজাবলৈ এই “বামন বৃক্ষ কলাপদ্ধতি” ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায়। “বনছাই” এই জাপানী শব্দটো বন ( Bon- অৰ্থাৎ পাত্ৰ ) আৰু ছাই ( Sai- অৰ্থাৎ- গছ)ৰ পৰাই আহিছে।
বনছাই ৰূপে বৃহৎ গছ একোজোপাক প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সতৰ্কতাৰে ইয়াৰ পৰিচালনা কৰিবলগীয়া হয়। প্ৰধানত বৃক্ষৰ পুলি নিৰ্বাচন কৰাৰ পৰা সময়ে সময়ে কৰি থকা কৃষি পৰিচালনাই একোজোপা সুন্দৰ বনছাইৰ স্বৃষ্টি কৰে। সাধাৰণতে বৰগছ, আহঁত, শিমলু, বকুল, গমাৰি, ডিমৰু, হিমালয়ান মেপল, থুজা আদি গছৰ সুন্দৰ বনছাই স্বৃষ্টি কৰিব পাৰি। ফলমুলৰ ক্ষেত্ৰত প্ৰধানকৈ ডালিম, নেমু টেঙা জাতীয় ফল, জলফাই আদি আৰু ফুলৰ ক্ষেত্ৰত মুখ্যত বাগানভিলিয়া, এজেলিয়া , য়ুষ্টেৰিয়া ইত্যাদিৰ মনোমোহা বনছাই কৰিব পাৰি।
ভাৰতবৰ্ষতো বনছাইৰ জনপ্ৰিয়তা ক্ৰমানয়ে বৃদ্ধি পাইছে। ভাৰতৰ প্ৰযুক্তা কালে নামৰ প্ৰকৃতিবিদ গৰাকীয়ে যোৱা ৩৫ বছৰৰ পৰা বনছাই কৰি আহিছে। ২০১৮ চনত মহাৰাষ্ট্ৰৰ পুনেত “বনছাই নমস্তে” নামৰ তেওঁৰ সংস্থাৰ দ্বাৰা আয়োজন কৰা আন্তৰ্জাতিক বনছাই সন্মিলনত তেখেতে নিজে কৰা ৩৫০০ বনছাই প্ৰদৰ্শন কৰে যি আছিল বিশ্বৰ বৃহত্তম বনছাই প্ৰদৰ্শন। তেওঁৰ এই কলা সংগ্ৰহে গ্ৰিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত সন্মান লাভ কৰিছে। ভাৰতবৰ্ষৰ অন্যএগৰাকী অভিজ্ঞতা পুষ্ট বনছাই শিল্পী হৈছে মনোজ কুমাৰ।এইসকল বনছাই শিল্পীয়েই ভাৰতত বনছাই বিপ্লৱৰ সুচনা কৰিলে। বিশ্বৰ বিখ্যাত বনছাই শিল্পী হিচাবে মিছাহিকু কিমুৰা , চবুৰ’কাটু, জনী নাকা , হেৰী হিৰাঅ, কুনিম ক’বায়ুচী ইত্যাদিৰ কথা ক’ব পাৰি।
জাপানৰ এই জনপ্ৰিয় কলাবিধ বৰ্তমান টাইৱান, চীন, ইণ্ডোনেচিয়া তথা ইউৰোপ, আমেৰিকাতো সমানে জনপ্ৰিয় হৈ পৰিছে। জাপানৰ প্ৰতিখন চহৰতেই বনছাই বাগিছাই শোভাবৰ্দ্ধন কৰিছে। চীনে ইউৰোপীয় দেশ জাৰ্মানী, ফ্ৰান্স, স্পেইন আদিলৈ বনছাই ৰপ্তানি কৰে।
এই বনছাইক আধ্যাত্মিকতাৰ প্ৰতীক ৰূপেও বিশ্বাস কৰা হয়। ইয়াক সুন্দৰতা , শক্তি , ঐক্য, স্থিৰতা , ধৈৰ্য , শান্তি, সৌভাগ্য , কৃতকাৰ্য আৰু সৌন্দৰ্যৰ প্ৰতীক ৰূপে বিবেচনা কৰা হয়। চীন তথা বিশ্বৰ অন্যান্য দেশত বহু হাজাৰ বছৰৰ আগৰেপৰাই ইয়াক উন্নতিৰ প্ৰতীক ৰূপে বিশ্বাস কৰি আহিছে। বনছাইৰ ভাস্কৰ্যই মানুহক জীৱনৰ পাঠ পঢ়ুৱায়- জ্ঞান , কৰ্ম , ধৈৰ্য , একাগ্ৰতা , ইতিবাচক চিন্তাশক্তি , ঐক্য আৰু মনোযোগৰ- কিয়নো এই সমুহৰ আলমতে চলি থাকে মানুহৰ সফল জীৱন যাত্ৰা।
বিশ্বৰ আটাইতকৈ পুৰণি প্ৰায় ১০০০ বছৰীয়া ডিমৰু( ফিকাছ ৰেটুছা) বনছাইজোপা ইটালীৰ ক্ৰেছপী বনছাই সংগ্ৰহালয়ত আজিও সংৰক্ষিত হৈ আছে। জাপানৰ ওমিয়াত অৱস্থিত মনছেই এন বনছাই নাৰ্ছাৰীত এজোপা ১০০০ বছৰীয়া পুৰণি বনছাই আছে। আটাইতকৈ সৰু বনছাই জোপা আমাৰ হাতৰ তলুৱাতে ৰাখিব পাৰি। আটাইতকৈ মূল্যৱান বনছাই জোপাৰ বিশ্বৰ বজাৰত মূল্য প্ৰায় ১.৩ মিলিয়ন ডলাৰ। ১৯৭০ চনত আমেৰিকাৰ ২০০ বছৰীয়া জয়ন্তীত জাপানে উপহাৰ দিয়া ৩০০ বছৰীয়া “য়ামিকা পেৰী বনছাই” জোপা বৰ্তমান ৱাশ্বিংটন ডিচিৰ জাতীয় সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।
প্ৰকৃতি আৰু কলাৰ অনুপম সংমিশ্ৰণত মানুহৰ মনত শান্তি আৰু প্ৰাপ্তিৰ এক অনন্য সোপান স্বৃষ্টি কৰা “বনছাই”ৰ মানুহৰ মাজত জাগৃত হোৱা ৰুচীবোধৰ প্ৰসাৰতাই অনাগত দিনতো ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব। সেয়েহে বাগিছা সজ্জাত উদ্ভিদৰ এক জীৱন্ত ভাস্কৰ্য ৰূপে জিলিকি থকা “বনছাই” সুন্দৰতা তথা সৌন্দৰ্যবোধৰ চানেকী হৈ যুগ-যুগান্তৰলৈকে থাকিব।
Comments are closed, but trackbacks and pingbacks are open.