উজ্জ্বল জ্যোতি দাস
কিহে মোক বচাই ৰাখিছে জনগণেই মোক বচাই ৰাখিছে৷ তেওঁলোকৰ আশীর্বাদতে মোৰ যাযাবৰী জীৱনটো দ্রুতগতিৰে ধাৱমান হৈছে।
বিশ্ববিশ্রুত সংগীতজ্ঞ, সুধাকণ্ঠ ডঙ্ম ভূপেন হাজৰিকাৰ আত্মজীৱনী ইতিমধ্যে দুখনকৈ প্রকাশ পাইছে৷ আৰু লক্ষণীয়ভাৱে দুয়োখনেই অনুলিখিত ৰূপত৷ ১৯৯১ চনৰ ৩০ জানুৱাৰীত কলকাতা গ্রন্থমেলাত প্রকাশ পাইছিল তেখেতৰ প্রথমখন অনুলিখিত আত্মজীৱনী আমি এক যাবাবর৷ দ্বিতীয়খন আত্মজীৱনী প্রকাশ পাইছিল ১৯৯৩ চনত প্রায় একে নামৰে মই এটি যাবাবৰ বুলি৷ গ্রন্থখন প্রকাশ কৰিছিল সূর্য হাজৰিকা শৈক্ষিক ন্যাসে৷ দুয়োখন আত্মজীৱনীৰেই আছে কিন্তু সুকীয়া আবেদন আৰু আছে পঢুৱৈক সন্মোহিত কৰিব পৰা গুণ৷ আমাৰ এই লেখাত প্রথমখন আত্মজীৱনীৰ বিষয়েহে কিছু কথা পপুৱৈক জনোৱাৰ প্রয়াস কৰিম৷ কাৰণ সেই মূল্যৱান গ্রন্থখন পপাৰ পৰা বহু লোক এতিয়াও বঞ্চিত আছে যদিও ঢাকাৰ অভিজাত প্রকাশন গোষ্ঠী এটিয়ে নতুনকৈ গ্রন্থখনপ্রকাশ কৰি উলিয়াইছে৷ এই লেখাত বাংলা ভাষাত লিখা গ্রন্থখনৰ পৰা কিছু গুৰুত্বপূর্ণ কথা আমি নিজেই ভাবানুবাদ কৰি দিছেছা৷ আড্ডাত কোৱাৰ দৰে কথাবোৰ শিল্পীগৰাকীয়ে কৈছিল বাবে ক্রম সঠিকভাৱে তেখেতেও ৰাখিব পৰা নাই৷
যা হওক এই অনুপম গ্রন্থ আত্মজীৱনীখনত শিল্পীগৰাকীয়ে কোৱা কিছু কথা উল্লেখ কৰা যাওক৷ জ্যোতিপ্রসাদ আৰু বিষ্ণুপ্রসাদ ৰাভালৈ সন্মান জনাই গ্রন্থখনৰ প্রায় আৰম্ভণিতেশিল্পীগৰাক্ লিখিছে কলিকতালৈ অহাৰ সুবাদতে মনৰ দিগন্তক প্রসাৰিত কৰাৰ সুযোগটি পাইছিলোঁ৷ শদিয়াত জন্মগ্রহণ কৰি গুৱাহাটীৰ পৰা বিএ, বি এল পাছ কৰি তেজপুৰত ওকালতিৰে যদি জীৱন নির্বাহ কৰিলোঁহেঁতেন আজিৰ ভূপেন হাজৰিকা নিষ্চয় হব নোৱাৰিলোঁহেঁতেন৷ কলিকতালৈ আনি গীত গোৱাৰ সুযোগ জ্যোতিপ্রসাদ আৰু বিষ্ণুপ্রসাদে যদি মোক নিদিলেহেঁতেন, জীৱনৰ সতে সংগীতক এইদৰে একাকাৰ কৰিব নোৱাৰিলোঁহেঁতেন৷ পৃষ্ঠাঃ ১৭
প্রসংগতে তেখেতে কৈছে তেৰ বছৰ বয়সত ১৯৩৯ চনত ইন্দ্রমালতী নামৰ চলচিচত্রখনত গীত গোৱাবলৈ কলিকতাৰ অৰোৰা ষ্টুডিলৈ জ্যোতিপ্রসাদে মোক লৈ গৈছিল৷ অৰোৰা ষ্টুডিত প্রথমে সোমাই মই কিন্তু অবাক হৈছিলোঁ৷ জ্যোতিপ্রসাদক সাবটি ধৰিছে অৰোৰা ফিল্ম কর্পৰেচনৰ সেই সময়ৰ মুখিয়াল অনাদিপ্রসাদ বসুৱে৷ অজিত বসুৰ দেউতাক তেওঁ৷ ওচৰত থকা পুখুৰীটোলৈ চাই ময়তো হতভম্ব৷ এটা ঘঁৰিয়াল তাত পৰি আছে৷ কি কা! টার্জান কী বেটীৰ ছবিৰ শ্বুটিঙৰ বাবেই এই ঘঁৰিয়ালটো হেনো অনা হৈছে৷ ভিতৰলৈ সোমায়েই যাওঁতে দেখিলো জাহাজৰ এটা অংশও তাত ৰখা হৈছে৷ সেইটো এখন তেলুগু ছবিৰ বাবে হেনো তৈয়াৰ কৰা হৈছে৷ সেই সময়ত প্লেবেক ছিষ্টেম ভাৰতত আৰম্ভ হলেও অৰোৰা ষ্টুডিত তেতিয়ালৈকে আৰম্ভ কৰা হোৱা নাই৷ মই জ্যোতিপ্রসাদে লিখা বিশ্ববিজয়ী নজোৱান গীতটো গালোঁ৷ গাই থকাৰ মাজতে লান্স ব্রেক হোৱাত খাবলৈ গৈ দেখিলো এটা সুন্দৰ পিয়ানো৷ বোধহয় আজিও সেই পিয়ানোটো আছে৷ খোৱাৰ সময়ত এজন লোকে আহি মোক কলে গান এটা গোৱাচোন৷ জ্যোতিপ্রসাদে কলে, তেওঁ খুব ভাল গান গায়৷ আপোনাৰ গান নিষ্চয় গাব পাৰিব৷ মোৰ গান মানে সেই ভদ্রলোকজনে অবাক হৈ সুধিলে৷ আপুনিতো ভাগ্যচক্র নামৰ ছবিখনত গান গাইছে৷ জানিব পাৰিলো সেই ভদ্রলোজনৰ নাম আছিল পাহাৰী সান্যাল৷ জীৱন তৃষ্ণা ছবিত যেতিয়া সংগীত পৰিচালনাৰ বাবে গৈছেছা, তেতিয়া তেখেতে কৈছিল, ইমান ডাঙৰ হৈ গল! কিমান সৰুতে তোমাক দেখিছিলে! পৃষ্ঠাঃ ১৬
জ্যোতিপ্রসাদ সম্পর্কে তেখেতে আকৌ কৈছে জ্যোতিপ্রসাদে সেই সময়ত বিলাতৰ পৰা ইন্দ্রমালতী কৰাৰ সময়ত ঘূৰি আহিছেহে মাত্র৷ তেখেত ট্ৰিনিটি কলেজত সংগীত ছেক্রেটেৰী আছিল৷ প্রমথেশ বৰুৱাৰ দৰে সুন্দৰ দেখিবলৈ৷ সেই সয়মত বেংগলত প্রমথেশ বৰুৱাৰ খ্যাতি আকাশচুম্বী৷ আৰু অসমত জ্যোতিপ্রসাদৰ জনপ্রিয়তাৰ অশ্বমেধ ঘোঁৰাটি দুর্বাৰ গতিৰে আগবািিছে৷ গান আৰু কবিতাক লৈ সর্বত্র এটা আলোডনৰ সৃষ্টি কৰিছে তেখেতে৷ স্বেচ্ছাসেৱক বাহিনীও তেখেতে গঠন কৰি তুলিছে৷ পৃষ্ঠাঃ ১৫
ছবিৰ লগত থকা শিল্পীগৰাকীৰ অংগাংগী সম্পর্কৰ কথা আমি জানো৷ চর্চা ৰাখিব পৰাহেঁতেন আজি দেশৰে এজন আগশাৰীৰ চিত্রশিল্পী হব পাৰিলেহেঁতেন৷ এই সম্পর্কে তেখেতে কিন্তু লিখিছে সৰুকালৰে পৰাই আঁক–বাক কৰিবলৈ মই ভাল পাইছিলোঁ৷ সৰুতে মই ঁকা সৰস্বতী মাৰ এখন ছবি ইমানেই ভাল হৈছিল যে সেইখন কাটি এটা গলিত পূজা কৰিছিল তাৰ স্থানীয় মানুহখিনিয়ে৷ ৰাধা–কৃষ্ণৰ ছবিও আঁকিছিলোঁ৷ জীৱন অপৰাহ্ণত আহি উপনীত হোৱাত ভাব হয়, ছবি ঁকাৰ দিশটিত বোধকৰো খুব এটা বেয়া নাছিলোঁ৷ পৃষ্ঠাঃ ২৩
গীতৰ ক্ষেত্রখনৰ লগত জডিত হোৱাৰ আঁৰৰ কথা জনাই তেখেতে লিখিছে গানবোৰ কিন্তু লিখিছো নিজৰ চকুৰে দেখি, বিভিন্ন দেশৰ মাটিৰ স্পর্শৰ উষ্ণতাত সিক্ত হৈ৷ ভাবাৱেগৰ বশৱর্তী হৈ নিজকে কেতিয়াও মই পৰিচালিত কৰা নাই৷ দেখি, অনুভৱ কৰি সুৰৰ মূর্ছনাৰে তাক গণদেৱতাৰ ৰাজদৰবাৰত উপস্থাপন কৰোঁ৷ প্রশ্ণ উঠিব পাৰে, এই অভিজ্ঞতাক স্মৰণীয় কৰি তোলাৰ বাবে গানকেই কিয় মই মাধ্যম হিচাপে বাছি লৈছেছা৷ মোৰ দৃবিশ্বাস, কোনো সভ্য সংসৃক্তিপ্রেমী মানুহে কেতিয়াও গানক বাদ দি জীয়াই থাকিব নোৱাৰে৷ পৃষ্ঠাঃ ৬১
জ্যোতিপ্রসাদ আগৰৱালা আৰু বিষ্ণুপ্রসাদ ৰাভাৰ পিছতে শিল্পীগৰাকীয়ে সান্নিধ্যলৈ আহিছিল হেমাংগ বিশ্বাসৰ৷ দুয়োৱে পিছলৈ গীতৰ ক্ষেত্রখনত একেলগে কামো কৰিলে৷ আত্মজীৱনীখনত তেখেতে কৈছে জ্যোতিপ্রসাদ আগৰৱালাই মই নিউয়র্কত থাকোঁতেই মৃত্যুক সাবটি লৈছে৷ বিষ্ণুপ্রসাদ ৰাভা তেতিয়াও কিন্তু জীৱিত আছিল৷ আৰু এজন মানুহৰ কথা জীৱনত মই কেতিয়াও পাহৰিব নোৱাৰিম, সেইজন হল হেমাংগ বিশ্বাস৷ হেমাংগদাই মোৰ মনৰ যন্ত্রণাবোৰ বুজিছিল৷ তেওঁ জানিছিল, আমি শিল্পীসকল অকণমান খামখেয়ালি স্বভাৱৰ৷ মৃত্যুৰ আগতে কলিকতাৰ এখন প্রথম শ্রেণীৰ পত্রিকাত দিয়া সাক্ষাৎকাৰত কৈছিল ভূপেনেই হল একমাত্র শিল্পী যিকোনো সময়তে মানুহৰ মনত ঝংকাৰ তুলিব পাৰে৷ পৃষ্ঠাঃ ৬৫
নিজৰ যাযাবৰী জীৱনটিৰ বিষয়ে উল্লেখ কৰিছে এইদৰে পৃথিৱীৰ বিভিন্ন ঠাইলৈ যোৱাৰ সুবাদত অতি প্রাচুর্যৰ পাপ যেনেদৰে দেখিছোঁ, নোপোৱাৰ বেদনাত জর্জৰিত জিনিয়াছকো দেখিছোঁ৷ তথাপি কিন্তু এই কথাটিত বিশ্বাস নকৰো, জিনিয়াছ হবলৈ দৰিদ্র হব লাগিব৷ চুলিত তেল নাসানি, ফটা কাপোৰ পিন্ধি, দেশী মদ খাই ইণ্টেলেকচ্যুৱেল হোৱাৰ সপোন মই কোনোদিনে দেখা নাই৷ কিম্বা খঙৰ ভমকত নিজৰ মাকক বুর্জোৱা মাক বুলি গণ্য কৰি মাৰি পেলোৱাৰ তত্ত্বৰ সৈতেও কোনোদিনে একমত হোৱা নাই৷ মই সেই বিখ্যাত লোক ৰজনী পাম দত্তৰ কথা সকলো সময়ত মনত ৰাখোঁ বিন্দু বিন্দু কর্মই এদিন মহাসিন্ধুত পৰিণত হব৷ সেয়ে আজি সুদীর্ঘ পথ অতিক্রমি অহাৰ পিছতো নমৰি বাচি আছোঁ৷ কিহে মোক বচাই ৰাখিছে জনগণেই মোক বচাই ৰাখিছে৷ তেওঁলোকৰ আশীর্বাদতে মোৰ যাযাবৰী জীৱনটো দ্রুতগতিৰে ধাৱমান হৈছে, বোৱঁতী সোঁতৰ দৰে৷ পৃষ্ঠাঃ ৭৯
অতিকে স্পষ্টবাদী স্বভাৱৰ শিল্পীগৰাকীয়ে নিজৰ সংগ্রাম আৰু আদর্শৰ কথা জনাই লিখিছে মই এক যাযাবৰ গানৰ এল পি ৰেকর্ডখন ওলোৱাৰ আগত গ্রামোফোন কোম্পানীৰ কোনো কোনো কৈছিল কভাৰৰ দামটো উঠিবতো তাৰ পিছত যেতিয়া চল্লিশ টকা দামত এক লাখ ৰেকর্ড বিক্রী হল, তেতিয়া তেওঁলোকে সোণৰ থাল যাচি মোক সন্মানিত কৰিছে৷ এনেকুৱাও দেখিছেছা, মোৰ অসমীয়া গান প্রতিধবনি শুনো মই, ৰেল চলে গীত দুটিৰ ভাষান্তৰ কৰাৰ অপৰাধত গ্রামোফোন কোম্পানীৰ ক্ষীতিশ বসুৰ চাকৰি গৈছে৷ বহুতৰ মতে সেই গীত দুটিৰ মাজত দেশদ্রোহিতাৰ সুৰ সোমাই আছে৷ কিন্তু সমালোচকসকলে এই কথাটি নাজানে যে মই লেলিনতকৈ টলষ্টয়ক বেছি সন্মান কৰোঁ৷ অন্তৰৰ পৰা বিশ্বাস কৰোঁ কোনো ৰাজনৈতিক দলৰ দাসত্বৰে সার্বজনীনতা সৃষ্টি কৰা নাযায়৷ পৃষ্ঠাঃ ৮৩
যিয়ে অনাগত দিনৰ সাংসৃক্তিক ইতিহাস লিখিব আমি তেওঁলোকৰ উপাদান নহব পাৰোঁ, কিন্তু একেবাৰেই উল্লেখনীয় নহম এইটোও বোধহয় সঠিক নহব৷ কলকাতাত প্রৱহমান নদীৰ দৰে মই কাম কৰিছোঁ৷ আগতে নহৈছিল যদিও এতিয়া মাজে–সময়ে জীৱনৰ এই অপৰাহ্ণত আঘাত পাবলগীয়া হৈছে৷ এই কথা কোৱাৰ উদ্দেশ্য হল অনাগত দিনৰ বাবে যিসকলে মানুহৰ বাবে কাম কৰিব আহিব, তেওঁলোকে এই ধৰণৰ আঘাত সহিবৰ বাবে সদাপ্রস্তুত থাকিব লাগিব৷ আজি মই কবলৈ বাধ্য হৈছেছা, জীৱন পথত অগ্রসৰ হওঁতে জনসাধাৰণৰ বাদে কোনেও মোক সহায় কৰা নাই৷ জনসাধাৰণৰ বাদে পৃথিৱীৰ কোনো শক্তিকে বিন্দুমাত্র পৰোৱাই কৰাৰ প্রয়োজনীয়তা আছে বুলি মই ভবা নাই, কোনোদিনেই ভবা নাই৷ জনগণেই মোক পৰিচিত কৰাই দিছে, আৰু দিছে স্বীকৃতিও৷ নিজকে মই কেতিয়াও বিক্রী কৰা নাই৷ এমএলএ কিম্ববা এম পি হোৱা মোৰ উদ্দেশ্য নহয়৷ মোৰ কর্তব্য গান গোৱা৷ পৃষ্ঠাঃ ৯২
১৯৮০ চনৰ পৰা ১৯৯০লৈ, এই দহ বছৰৰ ভিতৰত একান্ত অনিচ্ছাসত্ত্বেও মই জীৱিকা নির্বাহৰ বাবে খুব বেছি পৰিমাণে মই গান বিক্রী কৰিব লগা হৈছে৷ অর্থাৎ গাই পইচা উপার্জন কৰিব লগা হৈছে৷ পৃষ্ঠাঃ ১৩৩
জনতা চৰকাৰৰ দিনত পদ্মশ্রী সন্মান প্রদান কৰিবলৈ শিল্পীগৰাকীৰ পৰা যেতিয়া তদানীন্তন চীফ ছেক্রেটাৰী গণেশ ফুকনে শিল্পীগৰাকীৰ পৰা বায়ডাটা বিচাৰিছিল, পৰিষ্কাৰভাৱে শিল্পীগৰাকীয়ে তেওঁক জনাই দিছিল মোৰ বাবে এই পুৰষ্কাৰ গ্রহণ কৰাটো সম্ভৱ নহয়৷ কাৰণ পদ্মশ্রী সন্মান পোৱাৰ বাবে নিজৰ জীৱনক মই উৎসর্গিত কৰা নাই৷ এই বিষয়ত তেওঁ কৈছিল এটা সময়ত আমাৰ দেশৰ ৰাজনীতিৰ গতি–প্রকৃতি দেখি ৰাষ্ট্রীয় পুৰস্কাৰবিলাক নিৰপেক্ষ হয়নে বা ৰাজনীতিমুক্ত হয়নে এই বিষয়ত সন্দেহ উপজিছিল৷ ইয়াৰ উপৰি মোতকৈ অনেক গুণী মানুহকো পদ্মশ্রী দিয়া হোৱা নাছিল৷ পদ্মশ্রী নোপোৱাকৈয়ে এটা সময়ত পৃথিৱীৰ পৰাই তেওঁলোক মেলানি মাগিছে৷ ইয়াৰ মাজতে নানান কায়দাৰে গুণ নথকা মানুহকো পদ্মশ্রীৰ দৰে উচ্চ সন্মান দিয়া আমি প্রত্যেক্ষ কৰিছোঁ৷ কিন্তু এই প্রসংগত কব লাগিব, এইবোৰ অনিয়মৰ বাবে পদ্মশ্রী পুৰস্কাৰৰ সন্মান কমা নাই৷ যিসকলে এই ধৰণৰ অন্যায়বোৰ কৰিছে সেইসকল মানুহৰ ওচৰত সৰু হৈ গৈছে৷ হাঁহিয়াতৰ পাত্র হৈছে৷ পৃষ্ঠাঃ ১২০
আমি জানো শিল্পীগৰাকীয়ে অসমীয়াকে ধৰি অন্য ভাষাৰ কেইবাখনো চলচিচত্রতো ভুমুকি মাৰিছে অভিনেতা হিচাপে৷ বেউলা লক্ষীন্দৰ নামৰ বাংলা চলচিচত্রখনত সংগীত পৰিচালনা কৰাৰ উপৰি গুৰুত্বপূর্র্ণ চৰিত্র এটিতো তেওঁ অৱতীর্ণ হৈছে লক্ষণীয়ভাৱে৷ তেখেতৰ ভাষাৰে বেউলা লক্ষীন্দৰ বাংলা আৰু অসমীয়া দুয়োটা ভাষাতে হব৷ মোক যুগ্ম সংগীত পৰিচালকৰ দায়িত্ব দিয়া হল৷ পৰিচালনাৰ দায়িত্ব আছিল সাংবাদিক সুনীল গাংগুলীৰ৷ গুজৰাটী ভদ্রলোক এজনে ছবিখনৰ বাবে অর্থৰ যোগান ধৰিলে৷ তিনি নম্বৰ ম্যাডান ষ্ট্রীটত তেওঁ থাকে৷ এদিন মোক কলে, আপুনি দেখিবলৈ সুদর্শন৷ অসমৰ লক্ষীন্দৰজন আহি পোৱা নাই, আপুনি তেওঁৰ চৰিত্রটিত যদি অভিনয় কৰি আমাক সহায় কৰে খুব ভাল হয়৷ তেওঁৰ কথা শুনি মোৰ প্রচণ্ড খং উঠিছিল৷ এইখন ছবিৰ বাবে যুটীয়া সংগীত পৰিচালনাৰ দায়িত্ব লোৱাৰ এটাই উদ্দেশ্য আছিল অসমৰ মনসা গীতবোৰ এই ছবিখনত নানাভাৱে পৰীক্ষা–নিৰীক্ষা কৰাৰ সুযোগ পাম৷ কিন্তু লক্ষীন্দৰ মোৰ দ্বাৰা হলে নুশুৱাব৷ ভদ্রলোকজনে অনেক অনুনয়–বিনয় কৰি কলে, আপোনাক মাত্র তিনিটা শ্বটত লোৱা হব৷ বেউলাৰ লগত এটা বিয়াৰ দৃশ্য আছে৷ বেউলা দুখনতে অসমীয়া আৰু বাংলা সংস্ক্ৰণ একেগৰাকীয়ে থাকিব৷ দ্বিতীয় শ্বটটোত মেৰঘৰত, তাত আপুনি শুব আৰু তাতে আপোনাৰ সাপে খঁুটিব৷ বেউলাই লক্ষীন্দৰক লৈ ভেলত যেতিয়া লৈ যাব তেতিয়াতো আপোনাক আৰু প্রয়োজন নহব৷ ডামি নকল ব্যৱহাৰ কৰা হয়৷ ভদ্রলোকগৰাকীয়ে বাৰে বাৰে অৱশেষত ৰাজী হলো৷ বয়স মোৰ তেতিয়া কম আছিল৷ পৃষ্ঠাঃ ১৪৬
নিজৰ ভালপোৱা প্রসংগত খোলাখুলিকৈ লিখিছে মই এজনী ছোৱালীক ভাল পাইছিলোঁ৷ দিল্লীৰ পৰা ঘূৰি আহি শুনিলো মোৰ প্রেয়সীগৰাকীৰ বিয়া ঠিক হৈছে৷ লৰাজনৰ পেৰিছৰ লগতে হাওডাতো ঘৰ আছে৷ এখন খুব ডাঙৰ ঘৰত তাইৰ বিয়া ঠিক হৈছে৷ তাই খুব ভাল গান গাইছিল৷ শ্বিলং ৰেডিৰ পৰাই তাই এটা দুখৰ গান গাইছিল৷ গুৱাহাটী ৰেডি ষ্টেচনৰ পৰা প্রগ্রাম কৰি সেই গানৰ উত্তৰ মই দিওঁ৷ মই মাক সকলো কথাই ভাঙি–পাতি কলো৷ তেৱোঁ শুনি খুব দুখ পালে৷ এদিন বিদেশলৈ যাবলৈ পাছপর্টখন মোৰ হাতলৈ আহিল৷ কিন্তু তেওঁৰ সৈতে হোৱা মোৰ বিচ্ছেদৰ খবৰটিয়ে ভীষণ কষ্ট দিলে৷ কতোতে মন নবহা হল৷ কিন্তু এইটোও ঠিক যে দেবদাস মই হোৱাগৈ নাই৷
মোৰ সমাজ সচেতনতা, সংগ্রাম আৰু নন্দনতত্ত্বৰ পথপ্রদর্শক জ্যোতিপ্রসাদ আৰু বিষ্ণু ৰাভালৈ বুলি উৎসর্গা কৰা আমি এক যাবাবর নামৰ অনুলিখিত আত্মজীৱনীখনত ভূপেন হাজৰিকাই নিজৰ পাতনিত লক্ষণীয়ভাৱে কিন্তু লিখিছে জীৱনত খোজ দিওঁতে মই মালী হব খুজিছোঁ৷ মোৰ বিলাই দিয়াৰ মনটি নানাভাৱে জর্জৰিত আৰু পৰীক্ষিত হৈছে অজস্রবাৰ৷ যাযাবৰী চেতনাত শিল্পৰ ভুৱনটিক স্বতন্ত্রভাৱে মই নির্মাণ কৰিব খুজিছোঁ৷ জীৱনী লিখাৰ অৱকাশ মোৰ হোৱা নাই৷ ভাতৃসম হিমাংশু চট্টোপাধ্যায়ে যেতিয়া আত্মজীৱনী লিখাৰ প্রস্তাৱ লৈ আহে, তেতিয়া ভাব হৈছিল জীৱনটো তেতিয়াহলে মোৰ শেষেই হল নেকি আত্মজীৱনী নহয়৷ অতীতৰ ভালখিনিক লৈ বর্তমানক কিছু বিশ্লেষণ কৰি অনাগত দিনৰ নৱপ্রভাতৰ কথাই কবলৈ হয়তো বিচাৰিছোঁ৷ আড্ডাৰ ৰসত, মজলিছৰ ঢঙত৷
অনুলেখক হিমাংশু চট্টোপাধ্যায়ে নিজৰ একাষাৰত কেন এই বই লিখিছে সত্তৰৰ দশকৰ প্রথম ভাগত কলা মন্দিৰৰ এটা অনুষ্ঠানত দেখাৰ মুহূর্ততে মই ভূপেন হাজৰিকাৰ প্রেমত পৰোঁ৷ প্রত্যেক্ষভাৱে পৰিচিত হোৱাৰ পিছত বুজিব পাৰিছিলোঁ একোজন প্রকৃত শিল্পীৰ বিৰুদ্ধে সকলো সময়তে সবজান্তা মানুহবোৰে অকাৰণতে নিন্দাত লিপ্ত হয়৷ ইয়াত শিল্পীৰ একো নাহে বা নাযায়ো, ক্ষতিগ্রস্ত হয় সমাজ, ক্ষতিগ্রস্ত হয় সমকালীন সাংসৃক্তিক পৰিমণ্ডল৷ সেয়ে কেইবাদশকৰ আগৰ অগোচৰে থকা কথাখিনিত স্থায়ীভাৱে লিপিবদ্ধ কৰিবলৈ আৰু বিনাকাৰণতে যিসকল তেওঁৰ বিৰুদ্ধে নিন্দা কার্যত লিপ্ত হৈছিল, সেই কার্যক প্রতিবাদ কৰাৰ বাবেই এই গ্রন্থখন অনুলিখন কৰাৰ মানসিক তাগিদা মই অনুভৱ কৰিছেছা৷ চৈধ্যটা খণ্ডত লিখা এই আত্মজীৱনীখনৰ আৰম্ভণিতে তেওঁ জন্মস্থান শদিয়াৰ কথা লিখিছে৷ ১৯৭২ চনত যিখন ঠাই অৰুণাচল নামে পৰিচিত হয়৷ আৰু লিখিছে নিজৰ মাক–দেউতাকৰ কথা৷
গ্রন্থখনৰ আত্মজীৱনী সামৰণি মাৰিছে এইদৰে মই কিন্তু কেতিয়াও নিৰাশাবাদী নহয়৷ মই সকলো সময়তে বিশ্বাস কৰোঁ সেই অন্ধকাৰ চিৰস্থায়ী হব নোৱাৰে৷ সেয়ে মই কান্তিহীনভাৱে একবিংশ শতাব্দীৰ দিশে ধাৱমান হৈছোঁ৷ নতুন প্রজন্মৰ যিসকলে সংগ্রাম কৰিছে সেইসকলক উদ্দেশ্যি কব বিচাৰোঁ, অতীতৰ ভালখিনিক লৈ বর্তমানৰ বাস্তৱতাক সম্বল কৰি অনাগত ভৱিষ্যতৰ সুদৰ ছবিখন যিয়ে আঁকি যোৱাৰ কথা ভাবে, মানুহে একমাত্র তেওঁকেহে স্বীকৃতি দিব আৰু আন্তৰিকতাৰ মৰণ নাই৷
ফোনঃ ৯৮৬৪৪-৩৪২৭৪
Comments are closed, but trackbacks and pingbacks are open.