জোনাকী দেৱী কাশ্যপ
যদি আপুনি সুখী হৈ থাকিব বিচাৰে তেন্তে সুখী হোৱাটো বহুত সস্তা, কিন্তু যদি আপুনি সুখী সেয়া দেখাব খোজে তেন্তে সেয়া বহুত ব্যয়বহুল৷ গৌৰ গোপাল দাস৷
সুখ এক মানসিক অনূভূতি৷ সুখ মনৰ এক অৱস্থা যি ভালপোৱা, তৃপ্তি অথবা আনন্দৰ দ্বাৰা পৰিচালিত হয়৷ যদি আপুনি সুখী হব খোজে কম দামী কাপোৰ এযোৰ পিন্ধিও সুখী হব পাৰে৷ আনহাতে আপুনি যদি সমাজৰ চকুত সুখী হব খোজে, তেন্তে ব্রেণ্ডেড কাপোৰ পিন্ধিব লাগিব৷ বর্তমান যুগ প্রদর্শনৰ যুগ৷ কোন কিমান সুখী সেয়া সামাজিক মাধ্যমৰ জৰিয়তে তথা জীৱনশৈলীৰ ওপৰত ভিত্তি কৰি অনুমান কৰোঁ নহয় জানে! বিশেষকৈ এতিয়া ফেচবুক, ইনষ্টাগ্রাম আদিত দেখি আমি সুখৰ সংজ্ঞা নির্ধাৰণ কৰোঁ৷ নিজকে অভিজাত সজাবলৈ গৈ বহু লোকে প্রকৃত সুখ কি অনুভৱ কৰিব নোৱাৰে৷ বর্তমান যুগৰ অৱদান ভোগ, বিলাসৰ উপকৰণবোৰৰ প্রতি আগ্রহী হোৱাটো স্বাভাৱিক৷ কিন্তু সকলোৰে পক্ষে এইসমূহ কম সময়ত আহৰণ কৰাটো সহজ নহয়৷ ফলত কিছুসংখ্যকে বেয়া পথ, চমু পথ অৱলম্বন কৰে৷ পুৰুষ–মহিলা উভয়ে সমাজৰ আগত সুখী হৈ থাকিব খোজে যদিও মহিলাসকলৰ মাজত ইয়াৰ সংখ্যা অধিক৷ কিছুসংখ্যক মহিলা আছে যিয়ে নিত্য নতুন কাপোৰ–গহনা ক্রয় কৰিবলৈ বিচাৰে আৰু দহজনৰ আগত নিজৰখিনি জহাই ফুৰে৷ স্বামীৰ মৰম তথা সামাজিক স্থিতিও(social status) তাত অন্তর্ভুক্ত হৈ থাকে৷ নিজৰ ধন–সম্পত্তি, শিক্ষা–দীক্ষা, পদবী আদি বিভিন্ন ক্ষেত্রত সমাজৰ দৃষ্টিত এচাম লোক সুখী হৈ থাকিব বিচাৰে৷ এচামৰ এনে মানসিকতাই সমাজৰ আন এচাম মানুহক মানসিক অশান্তি দিয়ে, তেওঁলোক হীনমন্যতাত ভোগে৷ এনে মানসিকতা নিজৰ তথা দহৰ মংগলৰ বাবে বর্জন কৰাটো উচিত৷
আমি আনৰ দৃষ্টিত সুখী হোৱাৰ চেষ্টা কৰাৰ কোনো দৰকাৰ নাই, নিজৰ দৃষ্টিত নিজকে সুখী কৰি ৰখাটোহে আচল কথা নহয় জানে!
সুখী হবলৈ বহুত কিবাকিবিৰ প্রয়োজন নাই৷ নিশ্চয়কৈ সুন্দৰ জীৱন এটা পাবৰ বাবে ধন–সম্পত্তি, টকা–পইচাৰ প্রয়োজন আছে, কিন্তু অকল সেহবোৰেই মানুহক সুখী কৰিব নোৱাৰে৷ সুখী হবলৈ প্রয়োজন জীৱিকা নির্বাহৰ এটা ভাল পথ, প্রিয়জনৰ মৰম–ভালপোৱা আৰু মানৱীয় গুণৰ৷ ভাল জীৱিকাৰ পথে মানুহক মানসিক প্রশান্তি দিয়ে, যিটো সুখী হবলৈ অত্যন্ত জৰুৰী৷ মানুহ জীয়াহ থাকিবলৈ যেনেকৈ খাদ্যৰ দৰকাৰ, ঠিক তেনেকৈ সুখী হবলৈ মৰম–ভালপোৱাৰ দৰকাৰ৷ মানৱীয় গুণসমূহ আয়ত্ত কৰিলে মানুহে সুখী হৈ জীৱন কটাবলৈ সহজ হয়৷ হয়াৰ উপৰি সুখী হবলৈ গভীৰ আত্মবিশ্বাস থকাটো জৰুৰী গভীৰ আত্মবিশ্বাসে জীৱনৰ দুখবোৰ নেওচি সুখ অহাৰ বাট সুগম কৰে৷ সুখী মানুহ হবলৈ হলে কেতিয়াও নিজকে আনৰ লগত তুলনা কৰা অনুচিত৷ নিজৰ থকাখিনিক সাদৰেৰে গ্রহণ কৰি সৎ পথেৰে আগুৱাই যাবৰ যত্ন কৰাটো উচিত৷ সমাজক দেখুৱাবলৈ নহয়, বৰং নিজে নিজকে সুখী কৰি ৰখাৰ উপায়
👉 আনক দেখি কিবা এটা কৰাৰ আগতে নিজৰ সামর্থ্য আৰু প্রয়োজনীয়তা বিচাৰ কৰি চোৱা উচিত৷
👉 পৰিয়াল আৰু বন্বুূবর্গৰ লগত সু–সম্পর্ক ৰাখিব লাগে৷
👉 আত্মমূল্যায়ন কৰিব লাগে৷
👉 প্রদর্শনকামী মনোভাৱ ত্যাগ কৰিব লাগে৷
👉 বস্তুবাদী মানসিকতাহ নিজক গ্রাস কৰিব দিব নালাগে৷
👉 আজৰি সময়ত নিজৰ ভাল লগা কামবোৰ কৰিব লাগে৷
👉 ব্যক্তিত্বৰ সৰলতা কেতিয়াও ম্লান পৰিব দিব নালাগে৷
👉 প্রশংসা কৰিলেও আনন্দত আত্মহাৰা হব নালাগে আৰু নিন্দা কৰিলেও দুখত ভাগি পৰিব নালাগে৷
👉 সুস্থ আৱেগিক নিয়ন্ত্রণ থাকিব লাগে৷
👉 কেতিয়াও হীনমন্যতাবোধ মনলৈ আহিব দিব নালাগে৷
সমাজৰ দৃষ্টিত সুখী হোৱাৰ ব্যয়বহুল প্রতিযোগিতাৰ পৰা নিজকে আঁতৰাই ৰাখক, সকলো সুখী হৈ থাকক৷ সকলোৰে জীৱন সুখ–সমৃদ্ধিৰে ভৰি পৰক৷
ফোনঃ ৮৭২৪০-৮৬৬৩০
Comments are closed, but trackbacks and pingbacks are open.