বাউল‌ আৰু দোহৰ‌ : খাঁচাৰ ভিতৰ অচিন পাখি কেমন আসে যায়

ড০ দীপশিখা ভাগৱতী

“মনতুই ৰইলি খাঁচাৰ আশে, খাঁচা যে তোৰ কাঁচা বাঁশে
কোন দিন খাঁচা পড়বে আসে ফকিৰ লালন কেঁদে কয়”

শৰীৰতত্ত্ব আৰুআত্মাতত্বৰ আন্তঃসংযুক্ত দৰ্শন প্ৰাচ্য লোকসংস্কৃতিৰ একপুৰাতনসাৰ। “শৰীৰআত্মাৰ মন্দিৰ” শীৰ্ষক দেহবিচাৰযুক্ত লোক বিশ্বাসৰ ভিত্তিত সৃষ্টি হৈছিল বহু গীত মাত নাটকাব্যৰ। গৰ্ভ উপনিষদৰ মতে মানৱ শৰীৰ পাঁচটা উপাদানেৰে গঠিত। দেহৰ কঠিন সকলো বস্তু মাটিৰ, সকলো তৰল পদাৰ্থ পানীৰ, উষ্ণতাপ্ৰৱণ সকলোখিনি অগ্নিৰ, শৰীৰত চলাচল কৰা সকলো উপাদান বায়ুৰ, আৰু শূন্য সকলোখিনি অন্তৰীক্ষৰ দ্বাৰা গঠিত। বাইবেল আৰু কোৰানৰ মতেও মানৱ শৰীৰ ঈশ্বৰৰ আশীৰ্বাদ, আত্মাৰ অস্থায়ী ঘৰ। এই অথিৰ শৰীৰৰ সুস্থিৰ পবিত্ৰ সন্মোহনক আধাৰ কৰি পোন্ধৰশতিকাত মূলতঃ বাঙালী মৌখিক সাহিত্যৰ অভিন্ন অংগৰ ৰূপত ৰচিত “বাউল গীত” হৈছে বাউল ধৰ্মীয় সমাজৰ ৰহস্যময় গীত। শৰীৰৰ সত্তাৰ ভিত্তিত (দেহ সকলো সত্যৰভিত্তি সংক্ৰান্তীয় মতবাদ) আৰু ঈশ্বৰজ্ঞান সম্বন্ধীয় এক প্ৰকাৰৰ লৌকিক ধৰ্মীয় নীতিক তেওঁলোকে পোষণকৰে। বাউল ধৰ্মীয় নীতি বুলি জনাজাতএইশৈলীক নথিবদ্ধ কৰা কোনো লিখিত সাহিত্য বা শাস্ত্ৰ নাই। বাউলসকলে নিজৰ ধৰ্মীয় মতবাদ, দৰ্শন, জীৱনৰ প্ৰতি দৃষ্টিভংগী আৰু তেওঁলোকৰ বিশ্বাস সাহিত্যৰ জৰিয়তে, সংগীতৰ ভাষাত প্ৰকাশ কৰে। এই মৌখিক সংগীতেই বাউল গীত।নিজৰ সন্ন্যাসজীৱনক প্ৰতিফলিত কৰি তেওঁলোকে নিজৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সকলো ধৰ্মীয় অনুষ্ঠানবাসমাবেশগীত গাই উদযাপন কৰে। পৃথিৱীৰ প্ৰতি প্ৰান্তৰৰ, প্ৰত্যেক উৎসৱে নিজ নিজ ভূমিৰ লোকসংগীত আৰু লোককলাক অতীজৰে পৰাই প্ৰতিনিধিত্ব কৰি আহিছে। ধৰ্মীয় উৎসৱসমূহো ইয়াৰ ব্যতিক্ৰম নহয়।হয়তো কালৰ পৰিবৰ্তিত সোঁতত এই লোকসংগীতৰ ব্যৱহাৰিক প্ৰয়োগৰ চৰিত্ৰ সলনি হৈছে, কিন্তু মৌলিক চৰিত্ৰ এক ধ্ৰুবকশক্তি।

দেহতত্ত্বৰ মতবাদ পালন কৰি ঈশ্বৰক বিচাৰিবলৈ চেষ্টাকৰাবাউলসকলে ঈশ্বৰক প্ৰতীকী শব্দৰে সম্বোধন কৰে, যেনে: মানুহ, প্ৰেমিক বা প্ৰিয়জন,চৰাই, ইত্যাদি।তেওঁলোকৰ বিশ্বাস যে ঈশ্বৰ মানৱ শৰীৰত বাস কৰে, গতিকে শৰীৰ উদযাপনৰ মূল উদ্দেশ্য হৈছে মানুহৰ আত্মাৰসৈতে ঈশ্বৰৰ সাক্ষাতকাৰৰ সূচলবাটৰ সন্ধান কৰা।শৰীৰভুক্ত আত্মাৰ প্ৰতি মৰম আৰুভক্তিৰে এই সাক্ষাৎ সম্ভৱ। বাউলসকলৰ শৰীৰকেন্দ্ৰিক ধৰ্মপ্ৰথা এগৰাকী গুৰুৰ ওপৰত নিৰ্ভৰশীল। আধ্যাত্মিক প্ৰাপ্তি বা মোক্ষ লাভ কৰিবলৈ তেওঁলোকে গুৰুৰ দ্বাৰা দীক্ষিতহৈ বহুতো ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰ পালন কৰে। বাউল সংগীত বহুলাংশে দেহ, আত্মা, ঈশ্বৰ, গুৰু, প্ৰেম আৰু ভক্তি, সৃষ্টিৰ ৰহস্য আৰু অনুৰূপ অন্যান্য বিষয়ৰ সৈতে জড়িত। এইদৰেই বাউল সংগীতৰ মুখ্য মতবাদসমূহ হৈছে: আত্মা, শৰীৰ, গুৰু, প্ৰেম, মানৱ প্ৰেম, সৃষ্টি আৰু জীৱনৰ অস্তিত্বৰ ৰহস্যতথাঈশ্বৰৰ সৈতে সাক্ষাতৰ পথসন্ধান কৰা।

বাউল গীতৰসৃষ্টিকৰ্তাৰ নাম লালনশ্বাহ (১৭৭৪-১৮৯০)। বাংলাদেশৰ কুষ্টিয়ানামে ঠাইৰ ‘ভাৰা’গাঁৱত, আৰু আনএকাংশৰ মতে বৰ্তমানৰ বাংলাদেশৰ যশোৰ জিলাৰ হৰিষপুৰ গাঁৱত তেওঁৰ জন্ম হৈছিল। কুষ্টিয়াৰ ছেউৰীয়া গাঁৱত তেওঁৰ আশ্ৰম আছিল আৰু তাতেই, সংসাৰমোহৰ পৰা আত্মবিচ্ছিন্ন হৈ দীৰ্ঘদিন তপস্যা কৰিতেওঁ মৃত্যুবৰণ কৰিছিল। তেওঁ বহুতো শিষ্যক দীক্ষা দিছিল আৰু এইদৰে বাউল সম্প্ৰদায়ক সংগঠিত কৰিছিল। তেওঁ নিজৰ বাবে আৰু শিষ্যসকলে গাবলৈ বাউল গীত ৰচনা কৰিছিল। পাছলৈ লালনশ্বাহৰ গীতসমূহ তেওঁৰশিষ্যসকলৰ পৰা সংগ্ৰহ কৰা হৈছিল। তেওঁৰ কিছুমান বিশিষ্ট শিষ্য হ’ল দুদ্দুশ্বাহ, পাবজু শ্বাহ আৰু পাগলা কানাই। লালনৰ গীতৰ সংখ্যা প্ৰায় ২৫০০। তেওঁৰ শিষ্যসকলেও শ শ গীত ৰচনা কৰিছিল।

কবিগুৰু ৰবীন্দ্ৰনাথঠাকুৰে লালন আৰু গগন হৰকাৰৰ গীত সংগ্ৰহ কৰি প্ৰকাশ কৰিছিল। পাগলা কানাইৰ এশৰো অধিক গীত এতিয়ালৈকে সংগ্ৰহ, সম্পাদনা আৰু প্ৰকাশ কৰা হৈছে। উপেন্দ্ৰনাথ ভট্টাচাৰ্যই তেওঁৰ বাবগলাৰ বাউল ও বাউল গণ(The Bauls of Bengal and Their Songs, 1364) শীৰ্ষক গ্ৰন্থখনত ৯০ জন খ্যাতঅখ্যাত বাউল কবিৰ দ্বাৰা ৰচিত ৬৭৯ টা বাউল গীত অন্তৰ্ভূক্তকৰিছিল।

যিহেতু পৰম সত্তা মানুহৰ শৰীৰত বাস কৰে, গতিকে বাউলসকলে বিশ্বাস কৰে যে যদি মানুহে নিজকে চিনি পায় তেন্তে তেওঁলোকে ঈশ্বৰকোচিনি পাব। লালনৰ ভাষাত, “আপুনি যদি নিজকে চিনি পায়, তেন্তে আপুনি অজ্ঞাতক চিনি পাব। লালনৰ মতে মানুহৰ শৰীৰ আৰু মানুহৰ জীৱন বিশ্ব সংসাৰৰ সকলোবস্তুৰউৰ্দ্ধত। তেওঁ জাতি-প্ৰভেদ আৰু জাতি-ব্যৱস্থাৰ তীব্ৰ বিৰোধী আছিল।ৰবীন্দ্ৰনাথ ঠাকুৰ বাউলসকলৰ জীৱন দৰ্শনৰ পৰম অনুৰাগী আছিল, যিআছিলজাতিভেদ প্ৰথাৰ উৰ্দ্ধত একবৈষম্যহীন জীৱন দৰ্শনৰ ওপৰতআধাৰিত।

বাউল গীতৰ মূল বাদ্যযন্ত্ৰ হৈছে একতাৰা (এডাল তাঁৰযুক্ত একবাদ্যযন্ত্ৰ)। কিছুসংখ্যক বাউলে বানিয়া নামৰ একসৰুঅৰ্ধবৃত্তাকাৰ বাদ্যযন্ত্ৰকঁকালত বান্ধি ৰাখে। তেওঁলোকে দলত নাইবা অকলেও গীত গায়, নাচে আৰু সোঁহাতেৰে তবলা আৰু বাওঁহাতেৰে বানিয়া বজায়। বাউল গীতে তিনিটা বস্তুৰ সংমিশ্ৰণৰ জৰিয়তে এক অনন্য আৱেগ আৰু সৌন্দৰ্য্যৰ সৃষ্টি কৰে: সংগীত, নৃত্য আৰু বাদ্যযন্ত্ৰ। সংগীত তেওঁলোকৰ ধৰ্মীয় আচাৰ-ব্যৱহাৰৰ অংশ। বাউল গীতবোৰ ভাটিয়ালি গীতৰ দৰে (নাৱৰীয়া সকলে গোৱা সংগীতৰ একশৈলী) আৰু ইয়াৰ একদীৰ্ঘস্বৰীয় সুৰ আছে। এই গীতসমূহক কীৰ্ত্তন আৰু আৰু লঘু সংগীতৰ সংমিশ্ৰণেৰেও ৰচনা কৰা হয়। এই বৈশিষ্ট্যসমূহে বাউল গীতৰ এক স্বতন্ত্ৰ পৰম্পৰাৰ সৃষ্টি কৰিছে। বাউল গীতসমূহৰ কৰুণ ৰহস্যময়তাৰে ভৰা সুৰে মানুহৰ হৃদয় একঅনাবিল প্ৰশান্তি আৰু সৌম্যতাৰে ভৰাই তোলে।

দক্ষিণ পশ্চিম বাংলাদেশৰ কুষ্টিয়া বাউল গীতৰ কেন্দ্ৰবিন্দু। কালক্ৰমত ই ক্ৰমান্বয়ে কুষ্টিয়াৰ পৰা চুবুৰীয়া জিলাযশোৰ, ফৰিদপুৰ, মৈমনসিং আৰু চিলেটলৈ বিয়পি পৰে। একেদৰে পশ্চিম বংগৰ নাদিয়া, বৰ্ধমান আৰু বীৰভূম জিলাতো বাউল গীতৰ ব্যাপক প্ৰসাৰ হয়।বাউল গীতক এই দেশৰ সাংস্কৃতিক পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে গণ্য কৰা হয়। বৰ্তমান ইয়াৰ অনুশীলন কেৱল পাৰম্পৰিক বাউল গায়কসকলৰ মাজতে সীমাবদ্ধ নাথাকি দেশৰ প্ৰশিক্ষিত গায়কসকলৰমাজতো বিয়পি পৰিছেআৰু দেশ-বিদেশত প্ৰশংসিত হৈছে। বাউল গীতৰ মানৱতাবাদী দৃষ্টিভংগী আৰু কৰুণ,শ্ৰুতিমধুৰ সৌন্দৰ্যই পৃথিৱীৰ অগণন শ্ৰোতাক মুগ্ধ কৰি তুলিছে। ২০০৫ চনতইউনেস্ক’ই বাউল গীতক মানৱতাৰ এক অমূল্য ঐতিহ্যবাহী  পৰম্পৰাৰ স্মৃতি হিচাপে সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে।

উল্লেখযোগ্য যে ২০২৪ বৰ্ষত বাংলা অভিনেতা-পৰিচালক সৌম্যজিৎ মজুমদাৰে নিজৰ ছবি ‘জয়গুৰু’ক কাঁ চলচ্চিত্ৰ মহোৎসৱৰ‌ ফিল্ম মাৰ্কেটলৈ লৈ গৈছিল। ছবিখনত সুপ্ৰসিদ্ধ বাউল গায়িকা পাৰ্বতী বাউলৰ জীৱনক চিত্ৰিত কৰা হৈছে। তেখেতে ৪০ খনতকৈও অধিক দেশত বাউল গীত পৰিৱেশনকৰিছে। ভাৰত-আমেৰিকা-ইউ কে-ফ্ৰান্সৰ সহযোগী প্ৰযোজনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাত এই ছবিখন নিৰ্মাণ হৈছে। ছবিখনৰ বিষয়ে পৰিচালক সৌম্যজিৎ মজুমদাৰে কয়; “এইখন মাথোঁএখন নহয়, এয়া মোৰ প্ৰাৰ্থনা। এই ছবিখনৰ বাবে মই প্ৰায় দুবছৰ ধৰি গৱেষণা কৰি আহিছো। বাউল এটা বিশ্বব্যাপী পৰিঘটনা, অৱশ্যে ভাৰতত বাউলক ভুলকৈ উপস্থাপন কৰা হয় আৰু প্ৰায়ে কেৱল লোকসংগীত বুলিয়েই শ্ৰেণীভূক্তকৰা হয়। পাৰ্বতী মহাশয়াৰ জীৱনটো এই কথাৰ সাক্ষ্য যে বাউলৰ আধ্যাত্মিক শক্তিয়ে জীৱন সলনি কৰিব পাৰে।ছবিখন তেখেতৰ জীৱন যাত্ৰাৰ ওপৰত আধাৰিত, কিন্তু ই বায়’পিক নহ’ব।”

বাউল গীতসমূহক দেহবিচাৰৰ গীত বুলিও বহুলাংশে অভিহিত কৰিব পাৰি।ভাৰতীয় দৰ্শনে ‘ধৰ্ম’ আৰু সংগীতৰ মাজৰ সম্পৰ্কক ‘শব্দ’ৰ ‘আত্মা’ হিচাপে অভিহিত কৰি আহিছে। দুয়োটাই মানুহৰ অস্তিত্বৰ লৌকিক দুৱাৰ অতিক্ৰম কৰাৰ এক উপায় প্ৰদান কৰে। বহুত্ববাদ (polytheism), সমকালীন ধৰ্ম আৰু সৰ্বপ্ৰানবাদত, সংগীতৰ স্ৰোতত আত্মা উপস্থিত আৰু মূৰ্ত হয়, আৰু অদৃশ্যৰ সৈতে এক আত্মিক, প্ৰানবন্ত বান্ধোন সৃষ্টি কৰে। ড০ ভূপেন হাজৰিকা দেৱে গোৱাৰ দৰে – “নক্ষত্ৰৰে গিজ গিজ হাতিপটী” ৰ পৰা আৰম্ভ কৰি কালিকা প্ৰসাদ ভট্টাচাৰ্যৰ দৰে মহা শিল্পীৰ সংগীত সংঘ ‘দোহৰ’ ৰ “হৰ গৌৰী প্ৰাণ নাথ দাতা ৰূপে জগন্নাথ” লৈকে ধৰ্ম আৰু লোক সংগীতৰ পৰাণ বিস্তৃতি। কালিকা প্ৰসাদৰ গীতেও বাউলৰ আত্মাক একবিশাল পৰিসৰত প্ৰতিনিধিত্ব কৰে।

“গাঞ্জাৰ চিৰল চিৰল পাত”- শিৱৰাত্ৰি বুলি ক’লেই মনলৈ ভাঁহি অহা এটা অপূৰ্ব লোকসংগীত৷ চ’ত মাহৰ শেষৰ দিনটোত, মাজনিশা, দক্ষিণ বাংলাদেশ আৰু পশ্চিম বংগত উদযাপন কৰা চড়ক নামৰ ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এক লোক উৎসৱত এই গীত পৰিবশিত হয়৷ মুলত: পূব বাংলাৰ চিলেট অঞ্চলৰ অঘৰী সাধু বাবা সকলৰ কোনোএজনে শিৱ সাজি, এজনে গৌৰী সাজি, সংগীসকলৰ সৈতে বাটে বাটে এই গীতটি পৰিবেশন কৰে৷ ই মূলতঃ ‘পথৰ ঈশ্বৰ’, যত কোনো পুৰোহিত বা আন মন্ত্ৰ ইত্যাদিৰ প্ৰয়োজন নাই। অসমৰ শিলচৰ জিলাত জন্মগ্ৰহণ কৰা, লোকসংগীতৰ গৱেষক, দৰদী শিল্পী কালিকা প্ৰসাদ ভট্টাচাৰ্য‌ই ১৯৯৯ চনত তেখেতৰ খুৰাক, লোক সংগীতৰ শিল্পী অনন্ত ভট্টাচাৰ্যৰ সৈতে যৌথভাৱে ‘দোহৰ’ নামেৰে এক লোক সংগীতজ্ঞৰ গোট (বেন্ড) ৰ জন্ম দিছিল, যাৰ উদ্দেশ্য আছিল অজ্ঞাত লোকগীতবোৰক অনাদিকালৰ বাবে প্ৰবাহিত কৰা। তেখেতৰ সৃষ্টিশীল নিৰ্দেশনাত “দোহৰ” ৰ শৰীৰে অসংখ্য লোকক নিজৰ সুৰীয়া স্পৰ্শেৰে সমৃদ্ধ কৰিছিল। দোহৰৰ উপস্থাপনা অতুলনীয়ভাৱে মৌলিক। তেওঁলোকৰ প্ৰদৰ্শনে নগৰীয়া অনুভূতিবোৰক শিপাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ সৈতে আশ্চৰ্যজনকভাৱে একত্ৰিত কৰে; গৱেষণা, মনোৰঞ্জন আৰু অবিচ্ছেদ্যভাৱে অন্তৰ্ভুক্ত হৈ থকা তেওঁসবৰ সাধনাৰ দ্বাৰা। দোহৰে ইতিমধ্যে কংকৰ্ড ৰেকৰ্ড, চ’নি মিউজিক আৰু চা ৰে গা মা (এইচএমভি)ৰ পৰা কালিকা প্ৰসাদ ৰ দ্বাৰা পৰিচালিত লোকগীতৰ নটা এলবাম মুকলি কৰিছে। দোহৰৰ বৰ্ণিল, অতি সুসমন্বিত, সুৰীয়া যাত্ৰাক লৈ, ২০১১ চনত নিৰ্মান হৈছিল “মাটিৰ কেল্লা” নামৰ এখনি তথ্যচিত্ৰ, য’ত “গাঞ্জাৰ চিৰল চিৰল পাত” গীতটি সম্পুৰ্ণ থলুৱা বাদ্যযন্ত্ৰৰ সহযোগত, সম্পুৰ্ণ স্বকীয়তা অটুট ৰাখি পৰিবেশন কৰা হৈছে৷ শিৱৰাত্ৰিৰ সময়ত আধুনিক ধৰণেৰে, মূল সুৰটোক শোষণ কৰি পৰিবেশন কৰা এই গীতটিৰ বহু কেইটা সংস্কৰণ উপলব্ধ, কিন্তু মূল গীতটিৰ আত্মাক অক্ষুণ্ণ ৰাখি কালিকা প্ৰসাদ চট্টোপাধ্যায় আৰু তেখেতৰ সঙ্গী শিল্পী সকলৰ যি অৰ্গেনিক পৰিবেশন আছিল, সি কালজয়ী, মৃত্যুহীন।

‘দোহৰ’ ক ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদে (আইচিচিআৰ) নিজৰ পেনেলত অন্তৰ্ভূক্ত কৰিছিল। ভট্টাচাৰ্যই হিন্দী আৰু বাংলা চলচ্চিত্ৰত বহুকেইটা প্লেবেক গীত গাইছিল। হিন্দী চলচ্চিত্ৰত তেওঁৰ গানবোৰৰ ভিতৰত আছে অশোক বিশ্বনাথনৰ দ্বাৰা পৰিচালিত ‘গুমচুদা’ (২০১০)। ২০০৭ চনত তেওঁ সুমন মুখোপাধ্যায়ৰ দ্বাৰা পৰিচালিত বঙালী চলচ্চিত্ৰ ‘চতুৰঙ্গ’ ৰ বাবে গীত গাইছিল। ২০০৮ চনত তেওঁ বঙালী চলচ্চিত্ৰ ‘মনেৰ মানুষ’ ৰ (গোল্ডেন পিকক বঁটা বিজয়ী) বাবে গীত গাইছিল। যশস্বী পৰিচালক গৌতম ঘোষৰ দ্বাৰা পৰিচালিত এই ফিল্মখন ভাৰত-বাংলাদেশৰ এক যুটীয়া প্ৰকল্প আছিল। ‘দোহৰে’ দেশৰ ভিন্ন প্ৰান্তৰৰ, বিশেষকৈ ভাৰতৰ উত্তৰ-পূব অংশ, পশ্চিম বংগ আৰু বাংলাদেশৰ মুঠ ৩০ ৰ পৰা ৩৫ টা লোক প্ৰকাশভঙ্গি (folk form) প্ৰদৰ্শন, প্ৰতিনিধিত্ব আৰু উৎপন্ন কৰে আৰু ভাৰতৰ ২৫ টাতকৈ অধিক বিভিন্ন প্ৰকাৰৰ নৃগোষ্ঠীয় লোক সঁজুলি নিজৰ সাঙ্গীতিক প্ৰদৰ্শনত ব্যৱহাৰ কৰে । তেওঁলোকৰ উপস্থাপনত, ‘দোহৰে’ কিছু স্কেচ্ছৰ জৰিয়তে ইয়াৰ বেকদ্ৰপৰ গ্ৰামীণ পৰিৱেশটোক অঙ্কিত কৰাৰ চেষ্টা কৰে, যিবোৰ একেবাৰে প্ৰকৃতিবাদী নহয়, কিন্তু দৰ্শকৰ কল্পনাক দৃঢ় কৰাত সহায় কৰে।

‘দোহৰ’ ৰ লোকসংগীতৰ ধাৰাবোৰে বাউল (বংগৰ বাউল নামৰ এটা সম্প্ৰদায়ৰ ঈশ্বৰ উপাসনা সম্বন্ধীয় গীত), ভাটিয়ালি (বিশেষকৈ পূব বংগৰ নদীৰ সৈতে সম্পৰ্কিত সংগীত), ভাৱতীয়া (উত্তৰ বংগৰ মৌলিক সুৰ), চাটকা (ভাৱতীয়াৰ দ্ৰুত ৰূপ), ঝুমুৰ (দক্ষিণ বংগৰ কিছু অংশৰ মৌলিক সুৰ যি অসম আৰু বংগৰ চাহ বাগিচা সম্প্ৰদায়ৰ মাজটো সমান্তৰালকৈ পৰিবেশিত হয় ), চাৰিগান (নাও খেল, শস্য চপোৱা আদিৰ গীত), জাৰী গান (মুছলিম বৰ্ষপঞ্জিৰ মহৰম মাহত গোৱা কাৰৱালাৰ স্মৃতি চাৰণ গীত), গাজন/ চৰক (বাঙালী বৰ্ষৰ অন্তিম দিনত পালন কৰা শিৱৰাত্রিৰ গীত), ধামালী গীত (বিভিন্ন উৎসৱৰ সংগীত), দেশপ্ৰেমমূলক গীত, লোকগীত, বিহু কামৰূপী লোকগীত (অসমৰ পৰম্পৰাগত গীত) ইত্যাদি অতি অবিকৃত আৰু সাংগঠনিক ৰূপত পৰিবেশন কৰে। ‘দোহৰে’ ২৫ টাতকৈও অধিক লোক বাদ্যৰ সমন্বয়েৰে ৰবীন্দ্ৰ সঙ্গীতো পৰিবেশন কৰে। এই বাদ্য সমূহ হৈছে – ডুবকি, দোতাৰা, বেঞ্জো, বাঁহী, শিঙা, মন্দিৰা, কাশী, কৰতাল, হাৰমনিয়াম, চাৰিন্দা, ঢাক, মৃদংগ, ঢোলক, গাংগিৰা, মাদল, পাখোৱাজ, একতাৰা আৰু আন আন ড্ৰাম তথা পাৰ্কাচনসমূহ।

উল্লেখযোগ্য যে কালিকা প্ৰসাদ ভট্টাচাৰ্য যাদৱপুৰ বিশ্ববিদ্যালয়ৰ তুলনামুলক সাহিত্য বিভাগৰো এগৰাকী ছাত্ৰ আছিল৷ ২০১৭ চনৰ ৭ মাৰ্চ তাৰিখে, দুৰ্ঘটনাত পতিত হৈ, মাথোঁ ৪৬ বছৰ বয়সতে, এই মহান, গৱেষকৰ শিল্পী গৰাকীয়ে পৃথিৱীৰ পৰা বিদায় লৈছে৷ কিন্তু ‘গাঞ্জাৰ চিৰল চিৰল পাত’ আৰু আন আন লোকসংগীতৰ অনবদ্য, মৌলিক পৰিবেশনে চিৰকাল অমৰ কৰি ৰাখিব কালিকা প্ৰসাদ ভট্টাচাৰ্যক, লালন ফকীৰক, পাৰ্বতী বাউল সমন্বিতে এনেবহু লোকসাধকক, দেশে বিদেশে অসাধাৰণ আদৰ আৰু বহু বঁটাৰে সন্মানিত ‘দোহৰ”মাটিৰ কেল্লা’ আৰুবাউল গীতক।

You might also like

Comments are closed, but trackbacks and pingbacks are open.