বনৰাজ ভাটিয়া : আচ্ছন্ন সঞ্চাৰ

ড০ দীপশিখা ভাগৱতী

Vanraj Bhatia is preeminent among the handful of Indian musicians who have studied Western classical music in depth and have then successfully mixed that knowledge with an understanding of Hindustani classical music. His studies and the resulting scholarships and awards gave him a more substantial and sustained exposure to Western musical thought than perhaps any other Indian composer.
– গ্ৰেগ বুথ, দ্য বনৰাজ ভাটিয়া ইণ্টাৰভিউ, ২০১৭

মন্থন- সুপ্ৰসিদ্ধ চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালৰ কালাতিক্ৰম্য চলচ্চিত্ৰ মন্থন এইবাৰ ফিল্ম হেৰিটেজ ফাউন্ডেশ্যনৰ দ্বাৰা, ফ’ৰকে প্ৰযুক্তিৰে পুনৰোদ্ধাৰিত হৈ প্ৰদৰ্শিত হৈছে সন্মানীয় কাঁ চলচ্চিত্ৰ মহোৎসৱ, ২০২৪ ৰক্লাছিক শাখাত। এই চলচ্চিত্ৰৰ, প্ৰীতি সাগৰৰ কণ্ঠৰ”মেৰো গাম কাথা পাৰে”গীতটি এসময়ত চিত্ৰপ্ৰেমীৰ মুখে মুখে আছিল, গীতটি ব্যৱহৃত হৈছিল বিখ্যাত আমূল কোম্পানীৰ বহুকেইটি বিজ্ঞাপনত, আৰু ধীৰে ধীৰে ই মানুহৰ সামূহিক স্মৃতিৰ এক অংগ হৈ পৰিছিল তথা আজিও ইয়াৰ অনুৰণনৰ মধুৰ গ্ৰাম্য নিনাদ অক্ষত হৈয়েই আছে। এই “মেৰো গাম কাথা পাৰে”ৰ আঁৰৰ বিশাল প্ৰতিভাধৰ মানুহগৰাকী কিন্তু আশ্বৰ্যকৰভাৱে তুলনামূকভাৱে অল্পচৰ্চিত হৈয়েই ৰৈ গ’ল।ভাৰতীয় মাৰ্গীয় সংগীত আৰু পাশ্চাত্য শাস্ত্ৰীয় সংগীতৰ উচ্চ শিক্ষাৰে দীক্ষিত শিক্ষিত এই সংগীত পৰিচালকগৰাকী আছিল বনৰাজ ভাটিয়া। শ্যাম বেনেগালৰ অধিকাংশ চলচ্ছিত্ৰৰেই সংগীত পৰিচালক আছিল তেখেত।

বম্বেত ডাঙৰ দীঘল হোৱা ভাটিয়াই প্ৰায় দুবছৰ দেওধৰ স্কুল অৱ মিউজিকত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ বাহিৰে তেওঁ ভাৰতীয় সংগীতৰ প্ৰকৃত আনুষ্ঠানিক প্ৰশিক্ষণ পোৱা নাছিল। প্ৰায় ১৩/ ১৪ বছৰ বয়সত তেওঁ পশ্চিমীয়া সংগীতৰ সংস্পৰ্শলৈ আহে, আৰু প্ৰথমবাৰৰ বাবে জ’হান ষ্ট্ৰাউছৰ ‘দ্য ব্লু ডানুব’ শুনিমুগ্ধ হৈপৰে। তাৰ পিছতএদিন তেওঁ চাইকোভস্কি পিয়ানো কনচাৰ্ট শুনিলে আৰু তাৰদ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈপৰিল। ড° মানেক ভগতৰ অধীনত তেওঁ পাশ্চাত্য শাস্ত্ৰীয় সংগীতৰ অধ্যয়ন আৰম্ভ কৰে। ভাটিয়াই এবাৰ এক সাক্ষাৎকাৰত কৈছিল, যে ড০ ভগতে জানিছিল যে তেওঁ হয়তো এক দক্ষ পিয়ানোবাদক হোৱাৰ সম্ভাৱনা ক্ষীণ, কিন্তু তথাপিও তেওঁ এগৰাকী প্ৰকৃত গুৰুৰ লেখিয়াকৈ তেওঁৰ সংগীতৰ নিচা আৰু ক্ষমতাক সন্মান কৰিছিল। এই আস্থাৰ দ্বাৰা উদ্বুদ্ধ হৈ তেওঁ দুই তিনিসপ্তাহৰ পিছতে বিথোভেন তথা মোজাৰ্টৰ যন্ত্ৰসংগীতৰ এক অনুষ্ঠান পৰিবেশন কৰিছিল। এনেকৈয়ে চাৰি বছৰৰ ভিতৰতে ভাটিয়া বিথোভেনৰ পৰা আৰম্ভ কৰি পলিশ্ব সংগীত ব্যৱস্থাপক ফ্ৰেডেৰিক ছ’পিনতথা হাংগেৰীৰ সংগীত পৰিচালক ফ্ৰাঞ্জ লিষ্টলৈকে সকলো মহান পিয়ানো শিল্পীৰ সংগীতত পাৰংগত হৈ উঠিল।

এই মহান শিল্পীগৰাকী আছিল প্ৰথাগত সংগীতৰ উৰ্দ্ধত এগৰাকী নব্যবাদী চিন্তক। নিজৰ সম্পৰীক্ষাত্মক সংগীতক লৈ তেওঁৰ সহ শিল্পী তথা পৰিচালক সকলৰ সৈতে প্ৰায়ে মতবিৰোধ হৈছিল। ভূমিকা ছবিৰ (১৯৭৭) সেই বিখ্যাত”তুমহাৰে বিনা জী না লাগে”গীতটিবাণীবদ্ধ হোৱাৰ আগতে, গীতটি অতি বেছি পুৰণি ধৰণৰ বুলি প্ৰথমে তেওঁক ষ্টুডিঅৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। কিন্তু অন্তত এই মিঠাগীতটি বাণীবদ্ধ হ’ল, আৰু শ্ৰোতাৰ মাজত প্ৰভূত জনপ্ৰিয়তাও অৰ্জন কৰিলে। শ্যাম বেনেগালে কৈছিল, “We always fought, but that’s how you get the best out of him. Like all talented people he can be very temperamental. But that’s okay because he eventually gets things done extremely well and always to one’s satisfaction. So there’s no question about it that the man is probably one of our most talented composers.”

যেতিয়া তেওঁ বিদেশত পশ্চিমীয়া শাস্ত্ৰীয় সংগীত অধ্যয়ন কৰিব বিচাৰিছিল, তেতিয়া দেউতাকৰ বাহিৰে আন কাৰো বিশেষ সমৰ্থন লাভ কৰা নাছিল।সৰ্বমুঠ চাৰিটাকৈ বৃত্তিলাভ কৰি তেখেতে লণ্ডনৰ ৰয়েল একাডেমী অৱ মিউজিক আৰু তাৰ পিছত কুৰি শতিকাৰ এগৰাকী অতি প্ৰভাৱশালী সংগীত ৰচয়িতা নাদিয়া ব’লেংগাৰৰ পেৰিছ কনজাৰ্ভেটৰীত কঠোৰ প্ৰশিক্ষণৰ মাজত সঙ্গীতৰ শিক্ষা আহৰণ কৰিবলৈ সমৰ্থ হৈছিল। ভাটিয়াৰ মতে পেৰিছ আটাইতকৈ ভাল ঠাই আছিল। ব’লেংগাৰ আছিল কঠোৰ অনুশাসনবাদী, গতিকেকোনো ছাত্ৰই অনুশাসন কেতিয়াও ভংগ কৰিব পৰা নাছিল। পেৰিছৰ পিছত ভাটিয়া ভাৰতলৈ ঘূৰি আহিল আৰু সেই তেওঁৰ অনুশাসিত প্ৰশিক্ষণৰ কৃতী ফল লাভ কৰিছিল ভাৰতৰ সংগীত জগতে।

১৯৫৯ চনত ভাৰতলৈ উভতি অহাৰ পিছত তেওঁ বিজ্ঞাপনৰ জিংগল সৃষ্টিৰ সমান্তৰালকৈ দিল্লী বিশ্ববিদ্যালয়ত পশ্চিমীয়া সংগীত বিজ্ঞানৰ উপ- অধ্যাপক হিচাপে কাম কৰে। ১৯৭২ চনত তেওঁৰ প্ৰথম শ্যাম বেনেগালৰ ছবি অংকুৰৰ পাৰ্শ্ব সংগীত ৰচনা কৰে। বেনেগাল আৰু ভাটিয়াৰ শক্তিশালী যুটিয়ে ভাৰতীয় চলচ্চিত্ৰৰ নিউ ৱেভ স্ৰোতত সৃষ্টি কৰিছিল বহু কালজয়ী ছবি। ইয়াৰ ভিতৰত ভূমিকা, চৰ্দাৰী বেগম, নিশান্ত, মন্থন, কন্দুৰা, জুনুন, কলয়ুগ, মান্ডি আৰু ত্ৰিকাল লেখত লবলগীয়া। তেখেতৰ সঙ্গীত সংৰচনাৰে সমৃদ্ধ নিউ ৱেভ আন্দোলনৰ আন বিশিষ্ট ছবিসমূহ হ’ল অপৰ্ণা সেনৰ “৩৬ চৌৰঙ্গী লেন” (১৯৮১), কুন্দন শ্বাহৰ “জানে ভী দো য়াৰো (১৯৮৩), প্ৰকাশ ঝাৰ “হিপ হিপ হুৰে” (১৯৮৪), ছয়ীদ মিৰ্জাৰ “মোহন যোশী হাজিৰ হো” (১৯৮৪), কুমাৰ শ্বাহানীৰ “তৰংগ” (১৯৮৪), বিধু বিনোদ চোপ্ৰাৰ “খামোশ” (১৯৮৫), বিজয়া মেহতাৰ “পেষ্টনজী” (১৯৮৮), গোবিন্দ নিহালানীৰদ্ৰোহকাল (১৯৯৪), ছয়ীদ আখ্তাৰ মিৰ্জাৰ নাচীম (১৯৯৫), বিজয় সিংহৰ জয় গংগা (১৯৮৫) আৰু এনে বহুতো। ভাটিয়াৰ পাৰ্শ্বসংগীতেৰে চহকী কেইখনমান চলচ্চিত্ৰ হৈছে অজুবা, বেটা, পৰদেছ, দামিনী, চামেলী আৰু ৰুলছ: প্যাৰ কা চুপাৰহিট ফৰ্মূলা।

সচৰাচৰ আনে নোযোৱা বাটেৰে যোৱা বনৰাজ ভাটিয়াই সংগীতৰ ক্ষেত্ৰত কোনো চৰ্বিত চৰ্বন ট্ৰেণ্ড অনুসৰণ কৰাতকৈআত্মসৃষ্ট মৌলিক সঙ্গীতত অধিক গুৰুত্ব দিছিল। আশীৰ দশকত, ১৯৮২ চনৰ এছিয়ান গেমছৰ পিছত ভাৰতৰ বহু পৰিয়ালে ক’লা বগা টেলিভিশ্যন চেটৰপৰা ৰঙীন টেলিভিশ্যনৰ পৃথিৱীলৈ গতি কৰিছিল, আৰু ঠিক সেই সময়তে বহু সংগীত স্ৰষ্টাৰদৰে ভাটিয়াৰ আকৰ্ষণৰ কেন্দ্ৰও হৈ উঠিছিল টেলিভিশ্যনৰ জনপ্ৰিয়তা।তেওঁৰ সমসাময়িক সংগীত পৰিচালক সকলৰ দৰে, চলচ্চিত্ৰ সঙ্গীতে অপাৰ সাফল্য আৰু যশস্যা আনি দিয়াৰ পিছতো তেখেতৰ মুখ্য দৃষ্টি আছিল পাৰ্শ্ব সঙ্গীতত। প্ৰায় ৬০০০ জিংগল তেখেতে সুৰাৰোপিত কৰিছিল, যাৰ ভিতৰত লিৰিল চাবোন, ডিউলাক্স পেইন্ট আৰুটাটা নিমখৰ বিজ্ঞাপন আটাইতকৈ বিখ্যাত।দূৰদৰ্শনৰ বাবে তেখেতে শ্ৰীধৰ ক্ষীৰসাগৰৰ বিখ্যাত টেলী ধাৰাবাহিক খানদান আৰু শ্যাম বেনেগালৰ যাত্ৰাতথা সুবিখ্যাত ভাৰত এক খোজত (জৱাহৰলাল নেহৰুৰ গ্ৰন্থ ডিস্কভেৰী অৱ ইণ্ডিয়া আধাৰিত) সংগীত দিছিল। তেওঁ আৰম্ভণি সংগীতেৰে সজোৱা আন কেইখনমান বিখ্যাত ধাৰাবাহিক হৈছে ৱাগলে কি দুনিয়া, নকাব, লাইফলাইন আৰু বনেগী অপনী বাত।ভাৰত এক খোজত তেওঁ ৰিগ বেদৰ এটি স্তোত্ৰৰ প্ৰয়োগ কৰিছিল আৰু ইয়াৰ অপাৰ সাফল্যই ভাটিয়াক আধ্যাত্মিক সংগীতৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। পিছলৈ তেওঁ উপনিষদ তথা ভগৱদ গীতাক কেন্দ্ৰ কৰিও এলবাম ৰচনা কৰে। ভাৰত বিভাজন আধাৰিত, গোবিন্দ নিহালানিৰচলচ্চিত্ৰ’তমস’ৰ বাবে তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা।তমসৰ থীম গীতটিত “ও ৰব্বা”বুলি মন্ত্ৰোচ্চাৰণসদৃশ জপ আছিল। প্ৰথমে জুৰীৰ সদস্যসকলে তেওঁক ৰাষ্ট্ৰীয় বঁটা দিয়াত সন্মতি দিয়া নাছিল, কিয়নো ই এক টেলিভিশ্যন সংগীত আছিল, কিন্তু জুৰী প্ৰমুখ সলিল চৌধুৰীৰ হস্তক্ষেপত তেওঁ ৰাষ্ট্ৰীয় সন্মানৰ বাবে নিৰ্বাচিত হৈছিল।তেখেতৰকেৰিয়াৰৰ শেষ সময়চোৱাৰ এক মুখ্য প্ৰকল্প আছিল গিৰীশ কাৰ্ণাডৰ নাটক অগ্নিবৰ্ষা আধাৰিত এক অপেৰাৰ সঙ্গীতৰ দায়িত্ব।ইয়াত প্ৰাণসঞ্চাৰ কৰিবলৈ তেখেতে দিনৌ তিনিঘণ্টাকৈ অপেৰাত কটাইছিল।

ভাটিয়াৰ জনপ্ৰিয়তাৰ তালিকাত হয়তো হাজাৰ বিজাৰ চলচ্চিত্ৰ গীত নাছিল, কিন্তু সংগীত সাধক হিচাপে সংগীতৰ প্ৰতি তেখেতৰ বিনিয়োগ চিৰনমস্য।তেখেতৰ ৰচনাৰ ভিতৰত বৰছে ঘন চাৰি ৰাত (তৰংগ), ম’ৰে কানহা জো আয়েআৰু ঘৰ নেহী হামৰে (চৰদাৰী বেগম), দিল জিন্দা ৰখনে কেআৰু ৱহ এক দোষ্ট জো (চুৰখিয়াঁ), এক লমহা তু বিনা (ম’হৰে), এক সুবহ এক মোড় (হিপ হিপ হুৰৰে), সাৱন কে দিন আয়ে আৰু তুমহাৰে বিন জীনা (ভূমিকা), পিয়া বাজ প্যালা (নিশান্ত),জবানে বদলতী হে’ (মাণ্ডী), য়ে শ্যামে'(সুৰজকা সাতৱা ঘোড়া), য়ে ফাছলে'(মম্মো), ইস্ক নে তোড়ী চৰ আৰু ছাৱন কী আয়ী বাহাৰ (জুনুন), হাম হোংগে কাময়াব (জানে ভী দো য়াৰো) আদি চিৰসেউজ। ভাটিয়াৰ সৃষ্টিশীলতা আৰু সংগীতৰ গভীৰ জ্ঞান সেই গীতবোৰত স্পষ্ট, যাৰ বাবে কিশোৰ কুমাৰ, লতা মংগেশকাৰ, আশা ভোঁছলে, য়েছুদাস আৰু প্ৰীতি সাগৰৰ দৰে গায়কে তেখেতৰ সৈতে কাম কৰিবলৈ সদা আগ্ৰহী আছিল। হয়তো মূলসূঁতিৰ বাণিজ্যিক ছবি নোহোৱা বাবেই ভাটিয়াৰ দ্বাৰা সৃষ্ট বহু সুন্দৰ গীত বিশেষ চৰ্চিত নোহোৱাকৈয়ে ৰৈ গ’ল। উদাহৰণস্বৰূপে-বৰছে ঘন ছাৰী ৰাত।ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ এতিয়ালৈকে আটাইতকৈ সুন্দৰ আৰু জটিলভাৱে ৰচিত গীতসমূহৰ ভিতৰতএটা অন্যতম গীত। তেওঁ ইয়াক তিনিটা ৰাগত স্থাপন কৰিছিল — ভীমপলাসী, যোগিয়া আৰু মাণ্ড — আৰু মাত্ৰ এটা তবলা, এটা সাৰংগী আৰু ৫০ ডাল তাঁৰ (ষ্ট্ৰিং) ব্যৱহাৰ কৰিছিল।মাথোঁ এবাৰতেই লতা মঙ্গেশকাৰে গীতটি নিখুঁতভাৱে গাইছিল। গীতটিক লৈ লতাজী ইমানেই আপ্লুত হৈছিল যে তেওঁ সেই ৰেকৰ্ডিংটো পোনে পোনে ষ্টুডিঅ’ত শুনিব বিচাৰিছিল, যিটো কাম তেওঁ সাধাৰণতে কেতিয়াও নকৰিছিল।

ভাটিয়াৰ সংগীতৰ মহাফেজ স্বেতান্ত কুমাৰে স্ক্রল.ইন ত ২০২০ চনত লিখিছিল, “Each score inhabits a unique soundworld appropriate to the film’s setting, and each is unified by one or more themes that are incorporated into either the titles or a song that encapsulates the film.”

শ্যাম বেনেগালৰ প্ৰায় সকলো ছবিৰ বাবে গুৰুত্বপূৰ্ণ সংগীত ৰচনাৰ বাবে বিখ্যাত বনৰাজ ভাটিয়াই চিনেমা, তথ্যচিত্ৰ আৰু বিজ্ঞাপনৰ বাবে সংগীত ৰচনা কৰিছিল আৰু কৰ্মজীৱনৰ শেষৰ কালচোৱাত ইণ্ডিয়ান মেডিটেচন মিউজিক (১৯৯৯), দ্য ভাগৱত গীতা (১৯৯৯) তথাদ্য স্পিৰিত অৱ দ্য উপনিচদছকে ধৰি (২০০৭) ধৰি কেইবাটিও আধ্যাত্মিক এলবাম মুকলি কৰিছিল।

সমবায় শক্তিৰ উৎপত্তিতত্ত্ব, জাতিবিভেদ আৰু লিংগস্তৰ তথা সমসাময়িক কৃষি অৰ্থনীতিৰ বিভাজনৰ কালজয়ী প্ৰদৰ্শনেৰে সমৃদ্ধ মন্থনৰ পুনৰুদ্ধাৰিত সংস্কৰণটি যেতিয়া কাঁ চলচ্চিত্ৰ মহোৎসৱ, ২০২৪ ত প্ৰদৰ্শিত হ’ল, তাত উপস্থিত আছিল ছবিখনৰ উজ্জ্বল দলটো। প্ৰতিজন দেশবাসীক গৰ্বিত কৰি তোলা সেই ঐতিহাসিক মূহুৰ্তত সকলোৱে স্মৰণ কৰিছিল ছবিখনৰ আঁৰৰ দুই বিশাল শক্তিক- স্মিতা পাটিল আৰু বনৰাজ ভাটিয়া। নিজৰ সমস্ত সাংগীতিক কেৰিয়াৰত ভাটিয়াই শ্ৰেণী আৰু বহুমুখীতাৰ সংজ্ঞা দি গ’ল। ফ্ৰেংক চিনাট্ৰাই জনপ্ৰিয় কৰা এটা গীতৰ উদ্ধৃতি দি ক’বলৈ গ’লে, “whatever he did, he did it his way.”সোঁতৰ বিপৰীতে সংগ্ৰামী সাঁতোৰৰ ধাৰা, অসাধাৰণ সৃষ্টিশীলতা আৰু আপোচবিহীন প্ৰতিভাৰে যিগৰাকী ব্যক্তি আছিল উচ্চশিক্ষিত,উচ্চদীক্ষিত, একক আৰু অদ্বিতীয়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.