প্রকৃতি ধ্বংসৰ সাক্ষী বিজ্ঞানীসকলক কান্দিবলৈ অনুমতি দিয়া উচিত

বৰ্ণালী ফুকন 

গৱেষকসকলে কয়, প্রকৃতি ধ্বংসৰ সাক্ষী বিজ্ঞানী সকলক অবশ্যই সমৰ্থন কৰা উচিত আৰু ‘কান্দিবলৈ অনুমতি দিয়া উচিত’। বিশ্বৰ প্ৰায় দুই বিলিয়ন হেক্টৰ অংশ মানুহে জ্ঞাতে বা অজ্ঞাতে ধ্বংসৰ মুখলৈ ঠেলি দিছে৷বিশ্বৰ বিভিন্ন দেশে লগহৈ ইয়াৰ পুনৰ স্থাপনৰ সংকল্প গ্ৰহণ কৰিছে৷এই দশকতে জৰুৰীকালীন ভাবে এই কাৰ্য্য সফল কৰিবলৈ এক প্ৰকল্প হাতত লোৱাৰ প্ৰয়োজন৷ ২০১৮ চনত কৰা এক সমীক্ষাত কোৱা হৈছে আমি অতি সোনকালে আমাৰ জীৱন কালত ২০৪০ৰ ভিতৰত এক অকল্পনীয় বিপৰ্যয়ৰ সন্মুখীন হম৷পৰিৱেশতন্ত্ৰ (Ecosystem division)ৰ পৰিচালক চুচান গাৰ্ডনাৰে কয় -মানুহে প্ৰায়ে ভাবে পুনঃস্থাপন মানে বৃক্ষ ৰোপণ৷প্ৰকৃততে আগৰ অৱস্থা উভতাই পাবলৈ আমাৰ চাৰিওপিনৰ পৰিৱেশৰ লগতে জীৱনশৈলীৰ পৰিৱৰ্তন কৰিব লাগিব৷ইয়াৰ বাবে নানা ধৰণৰ প্ৰকল্পৰ কাম হাতত লোৱা হৈছে৷প্ৰকল্প সমূহৰ কাম সঠিক ধৰণে হ’লেহে আগৰ পৃথিৱীখন উভতাই নাপালেও ধ্বংসৰ মুখৰ পৰা পৃথিৱীক কিছুপৰিমাণে হ’লেও উদ্ধাৰ কৰিব পৰা যাব৷
চাইন্স জাৰ্ণেলত প্রকাশিত এখন চিঠিত , তিনজন নেতৃস্থানীয় গবেষকে কয়  যে বিজ্ঞানী সকল উদাসীন বা নিৰপেক্ষ পৰ্যবেক্ষক বুলি অনুমান কৰা “বিপজ্জনকভাবে বিপথগামী” তেওঁলোকে ক’ব বিচাৰে  যে অনেক বিজ্ঞানী বর্তমান পৃথিৱীয়ে যি পৰিবেশগত সংকটত ভুগিছে তাক দেখি  “তীব্ৰ শোক ” অনুভব কৰিছে আৰু  এই মানসিক আঘাতক উপেক্ষা কৰা সংকতজনক। টিম গর্ডন, চিঠিৰ প্রধান লেখক আৰু এক্সেটাৰ বিশ্ববিদ্যালয়ৰ এজন সামুদ্রিক জীববিজ্ঞানীয়ে কৈছে , “আমি বিশ্বৰ সকলোতকৈ  সুন্দৰ আৰু মূল্যবান বাস্তুতন্ত্রৰ ধ্বংসৰ নথিভুক্ত কৰিছোঁ আৰু সেইয়ে আবেগগক বিচ্ছিন্ন কৰি ৰখা বা উদাসীন হৈ থকা অসম্ভব। “যেতিয়া আপুনি আপোনাৰ জীৱনটো গ্রেট বেৰিয়াৰ ৰিফ বা আৰ্কটিক বৰফৰ টুপিবোৰৰ দৰে ঠাইবোৰৰ অধ্যয়ন কৰাৰ বাবে  ব্যয় কৰে আৰু তাৰ ধ্বংসস্তূপৰ ক্ষেত্রবোৰত ব্লিচ কৰিব লগা হয় আৰু সমুদ্রত গলি যোৱা দেখে, তেতিয়া ইয়ে আপোনাক সচাই খুব মনোকষ্ট দিয়ে।” ব্রিস্টল বিশ্ববিদ্যালয়েৰ সহ-লেখক অধ্যাপক অ্যান্ডি ৰাডফোৰ্ডে যোগ দিছে: “এই ধৰণৰ গবেষণাৰ মানসিক বোজাক অবমূল্যায়ন কৰা উচিত নহয়। “দুখ, যেতিয়া মিমাংসিত নোহোৱাকৈ ৰৈ যায়, তেতিয়া বিচাৰক মেঘলৈ পৰিণত কৰিব পাৰে, সৃজনশীলতাক বাধাগ্রস্ত কৰিব পাৰে আৰু এনে এক অনুভূতি জগাই তুলিব পাৰে যে সন্মুখৰজনৰ কোন উপায় নাই।” চিঠিত শিক্ষা প্রতিষ্ঠানবোৰক পৰিবেশ বিজ্ঞানীসকলক সমর্থন কৰাৰ আহ্বান জনোৱা হৈছে, যাতে তেওঁলোকে তেওঁলোকৰ পৰিবেশগত দুখক পেশাগতভাবে মোকাবিলা কৰিব পাৰে আৰু প্রাকৃতিক বিশ্ব সম্পর্কে নতুন অন্তর্দৃষ্টি আবিষ্কাৰ কৰিবলৈ আঘাতমূলক অভিজ্ঞতাৰ পৰা  শক্তিশালী হৈ উঠিব পাৰে। লেখক সকলে ভয় কৰে যে পৰিবেশ বিজ্ঞানী সকলে কামৰ সময়ত বেদনাদায়ক আবেগক উপেক্ষা কৰে, দমন কৰে বা অস্বীকাৰ কৰে ৷প্রাকৃতিক জগতৰ অবক্ষয়ৰ প্রতিক্রিয়া নেদেখুৱাই। কিন্তু তেওঁলোকে প্রস্তাব কৰে যে এনে পেশাৰ পৰা  অনেক কিছু শিকিব পৰা যায় ৷য’ত স্বাস্থ্যসেবা, জৰুৰী পৰিসেৱা আৰু সেনাবাহিনীৰ বাবে দুৰ্দশাজনক ঘটনাবোৰ তেনেই সাধাৰণ। এই ক্ষেত্রবোৰত, কর্মী সকলৰ বাবে তেওঁলোকৰ  মানসিক যন্ত্রণাৰ পূর্বাভাস আৰু পৰিচালনা কৰাৰ বাবে  সু-সংজ্ঞায়িত কৌশল বিদ্যমান, যাৰ মাজত থাকে প্রশিক্ষণ, ডিব্রীফিং, সহায়তা আৰু অশান্তিকৰ ঘটনাৰ পাছৰ কাউন্সিলিং।
এক্সেটাৰ বিশ্ববিদ্যালয়ৰ ডক্টৰ ষ্টিভ চিম্পছনো চিঠিখনৰ এজন সহযোগী লেখক৷তেওঁ কয় “ বিষাদ বা খেদ খিনিক দমন কৰাতকৈ,পৰিৱেশ বিজ্ঞানী সকলে স্বীকাৰ কৰা ,গ্ৰহণ কৰা আৰু তাক লৈ কাম কৰা উচিত৷ এনে কৰিলে আমি দুখ খিনিক ব্যৱহাৰ কৰি সংকল্পক শক্তিশালী কৰি তুলিব পাৰিম আৰু বাস্তুতন্ত্ৰক (ecosystem) বুজিব পাৰিম আৰু বাস্তুতন্ত্ৰক( ecosystem) ৰক্ষা কৰিব পাৰিম৷তেতিয়াহে সঘনাই পৰিৱৰ্তন হ’ব ধৰা পৃথিৱীখনত জীয়াই থকাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হব৷ এইয়া হৈছে বিজ্ঞানী সকলৰ মনৰ বতৰা৷পৃথিৱীৰ বৰ্তমানৰ প্ৰকৃত ছবিখন তেওঁলোকে দেখিছে৷আমি মাত্ৰ কিয়দাংশ ওপৰে ওপৰে জানিছো৷আমাৰ মাজৰে  সৰ্বাধিক জনতাই এই পৃথিৱীখন আমি কৰা ভুলৰ বাবে কোনফালে ধাৱমান হ’বলৈ লৈছে সেই সম্পৰ্কে অজ্ঞাত৷আৰু এচাম শিক্ষিত  আত্মকেন্দ্ৰিক লোকে আজিৰ দিনটোত নিজে কি কি সুবিধা পাইছে তাকলৈ ব্যস্তহৈ ভৱিষ্যত প্ৰজন্মৰ কি হ’ব তাক জানিবলৈ মূৰ নঘমায়৷আজিও আমাৰ মাজৰ বহু শিক্ষিত লোকে আৱৰ্জনা সমূহ জ্বলালে যে তাৰ পৰা ওলোৱা ধোঁৱাই  পৰিৱেশ প্ৰদূষণ কৰাৰ কথা নাজানে৷তাতোকৈ যে মাৰাত্মক প্লাষ্টিক,পলিথিনৰ সামগ্ৰী জ্বলোৱা সেই বিষয়ে অজ্ঞাত৷এনেধৰণৰ এচাম অদূৰদৰ্শী মানুহৰ কৰ্মকাণ্ডই পৃথিৱীখনক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে৷ কিন্তু জীৱ শ্ৰেষ্ঠ বুলি দাবি কৰা আমি প্ৰতিজন জনসাধাৰণ দায়বদ্ধ পৃথিৱীখন ধ্বংস নোহোৱাকৈ ৰাখিবলৈ৷
বতৰৰ পৰিৱৰ্তন কি?
জলবায়ুৰ পৰিৱৰ্তন হৈছে উষ্ণতা আৰু বতৰৰ প্ৰকৃতিৰ দীৰ্ঘম্যাদী স্থানান্তৰ৷এনে পৰিৱৰ্তন বা স্থানান্তৰ স্বাভাৱিক যদিহে ই সূৰ্য্যৰ বিভিন্ন কাৰণৰ বাবে বা বৃহৎ আগ্নেয়গিৰিৰ বিস্ফোৰণৰ বাবে হয়৷. কিন্তু এই পৰিৱৰ্তনৰ কাৰণ হৈছে ১৮০০ চনৰ পৰা মানৱ জাতিয়ে কৰা বিভিন্ন কৰ্মকাণ্ড৷বিশেষকৈ জীৱাশ্মজাত ইন্ধন যেনে-কয়লা,তেল ,গেছ৷এই জীৱাশ্মজাত ইন্ধন জ্বলোৱাৰ ফলত গ্ৰীণহাউচ গেছ নিৰ্গতহৈ গোটেই পৃথিৱীক ব্লেংকেটৰ দৰে আৱৰি থাকে৷আৰু সূৰ্য্যৰ উত্তাপখিনিক ধৰি ৰাখি পৃথিৱীৰ উষ্ণতা বঢ়ায়৷ প্ৰধান গ্ৰীণ হাউচ গেছ বা সেউজ গৃহ গেছ, যিয়ে বতৰৰ পৰিৱৰ্তনৰ কাৰণ  হয় সেই গেছ হৈছে মিথেন আৰু কাৰ্বনডাইঅক্সাইড৷ এই গেছ সমূহ গাড়ী চলাওঁতে বা ঠাণ্ডা নিবাৰণৰ বাবে জ্বলোৱা কয়লাৰ পৰাও নিৰ্গত হয়৷গছ-গছনী কাটি মুকলি ঠাই উলিয়াবলৈ যোৱাৰ ফলতো কাৰ্বনডাইঅক্সাইডৰ পৰিমাণ পৃথিৱীত বৃদ্ধি পাইছে৷খেতি-বাতি,তেল,আৰু গেছ আদিৰ ক্ৰিয়াৰ ফলত মিথেন গেছ নিৰ্গত হয় ৷ কলকাৰখানাৰ পৰা নিৰ্গত গেছে পৃথিৱীখনক আৱৰণেৰে আৱৰি পেলাই৷
মানুহেই গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী
বতৰ বিজ্ঞানী সকলে কৰা জৰীপ অনুসৰি শেষতীয়াকৈ ২০০বছৰৰ পৰা মানুহে কৰা ভুলৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ লৈছে৷সেউজ গৃহ গেছৰ বাবে ক্ষিপ্ৰ গতিৰে পৃথিৱীখন উত্তপ্ত হবলৈ আৰম্ভ কৰিছে৷১৮০০ বৰ্ষৰ শেষৰ ফালতকৈ  (শিল্প বিপ্লৱৰ আগেয়ে) বৰ্তমান পৃথিৱীৰ বাহিৰ অংশৰ উষ্ণতা ১২ ডিগ্ৰী চেণ্টিগ্ৰেড বৃদ্ধি পাইছে৷শেষতীয়াকৈ ২০১১-২০২০লৈ উত্তাপে ৰেকৰ্ড সৃষ্টি কৰিছে৷বহুলোকৰ ধাৰণা বতৰ পৰিৱৰ্তনৰ প্ৰধান কাৰণ উষ্ণতা বৃদ্ধি৷ কিন্তু উষ্ণতা বৃদ্ধি মাত্ৰ গল্পটোৰ আৰম্ভনীহে ৷পৃথিৱীখন এটা শৃংখলাত আৱদ্ধ আৰু বাকী সকলোবোৰ এই শৃংখলাৰ সৈতে সংযুক্ত হৈ আছে৷কোনো এটা অংশই শৃংখলা ভংগ কৰিলে তাৰ প্ৰভাৱ আন সকলোতে পৰে৷ বতৰ পৰিৱৰ্তনৰ ফলত অত্যন্ত খৰাং,পানীৰ আকাল,বনজুইৰ দৰে মাৰাত্মক জুই,সাগৰ পৃষ্ঠৰ ক্ৰমবৰ্ধমান উচ্চতা বৃদ্ধি,বানপানী,মেৰু প্ৰদেশৰ বৰফৰ গলন,ভয়াবহ ধুমুহা,জৈৱবৈচিত্ৰৰ ক্ষতিসাধন হৈছে৷
মানুহে বিভিন্ন ধৰণে বতৰৰ পৰিৱৰ্তন অনুভৱ কৰিবলৈ লৈছে
বতৰৰ পৰিৱৰ্তনে আমাৰ শৰীৰৰ ওপৰত প্ৰভাৱ পেলাই৷ফলত কামত বাধাৰ সৃষ্টি হয়৷বতৰৰ পৰিৱৰ্তনে আমাৰ বহুতকে দুৰ্বল কৰি তুলিছে৷সাগৰৰ পৃষ্ঠ ক্ৰমাত ওপৰলৈ উঠি অহাত অথবা ধুমুহাৰ তাণ্ডবে জীৱ জগতলৈ মৃত্যু আশংকা নমাই আনিছে৷সৰুসৰু  দ্বীপবোৰে আৰু উন্নয়নশীল দেশবোৰে ইয়াৰ কুপ্ৰভাৱৰ কবলত পৰিছে৷ভৱিষ্যতে এনেবোৰ কাৰণত একোখন ঠাইৰ মানুহৰ বসতি নোহোৱা হ’ব৷
প্ৰতি গোলকীয় উষ্ণতা বৃদ্ধিয়ে তাৰ প্ৰভাৱ পেলাব
একেলেথাৰিয়ে প্ৰচাৰ কৰা ইউনাইটেড নেচনৰ ৰিপৰ্টত হাজৰ হাজাৰ বিজ্ঞানীয়ে আৰু চৰকাৰী পৰ্যালোচক সকলে মানি লৈছে যে গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ বেছি বাঢ়িবলৈ  নিদিলেহে জলবায়ুৰ কুপ্ৰভাৱৰ পৰা জীৱজগত ৰক্ষা পৰিব আৰু জীৱনধাৰণৰ বাবে উপযুক্ত জলবায়ু পাবলৈ সম্ভৱ হ’ব৷এই শতিকাৰ শেষৰ ফালে ৩ডিগ্ৰী চেণ্টিগ্ৰেডলৈ উষ্ণতা বৃদ্ধিহোৱা বুলি জৰীপত ওলাইছে৷বিভিন্ন নিৰ্গমন যিবোৰে জলবায়ুক কু প্ৰভাৱ পেলাই সেইবোৰ পৃথিৱীৰ বিভিন্ন কোণৰ পৰা আহে আৰু ই সকলোৰে ওপৰত কুপ্ৰভাৱ পেলাই৷দেখা যায় কিছুমান দেশে আন দেশতকৈ অধিক পৰিমাণে গ্ৰীণ হাউচ গেছ নিৰ্গত কৰে৷আটাইতকৈ বেছি তেনে গেছ নিৰ্গত কৰা দেশ সমূহৰ ভিতৰত আছে চীন, আমেৰিকা,ভাৰত,ইউৰোপীয় সংঘ,ইণ্ডোনেছিয়া,ৰুছিয়া,ব্ৰাজিলে ২০২০বৰ্ষত প্ৰায় পৃথিৱীৰ আধা সংখ্যক তেনে গেছ নিৰ্গত কৰিছে৷যিবিলাক প্ৰদেশে এনেধৰণৰ জলবায়ুৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে তেওঁলোকৰ দায়িত্ব সৰ্বাধিক৷তেওঁলোকে প্ৰদূষণ কমোৱাৰ ওপৰত প্ৰথমে কাম আৰম্ভ কৰা উচিত৷
আমি ইতিমধ্যে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ কিন্তু আমি ইতিমধ্যে সমিধানৰ বিষয়ে জানো৷ জলবায়ুৰ পৰিৱৰ্তনৰ সমিধানে অৰ্থনৈতিক উন্নয়নৰ লগতে জীৱন ধাৰণৰ মান উন্নত কৰে আৰু জলবায়ু ৰক্ষা কৰে৷আমাৰ এক গোলকীয় কাঠামো আৰু অগ্ৰগতিৰ বাবে নিৰ্দ্দেশিত চুক্তি আছে যেনে বহনক্ষম উন্নয়নৰ লক্ষ্য,জাতিসংঘৰ জলবায়ুৰ পৰিৱৰ্তনৰ সন্মিলিত কাঠামো আৰু পেৰিছৰ চুক্তি৷তিনি ধৰণৰ বহল ভিত্তিক কাৰ্য্যকলাপ হ’ল-নিৰ্গমন বন্ধ কৰা,জলবায়ুৰ প্ৰভাৱ অভিযোজন কৰা আৰু আৰ্থিক প্ৰয়োজনীয় সমন্বয় সাধন. শক্তিৰ উৎস জীৱাশ্মজাত ইন্ধনৰ ঠাইত নৱীকৰণ যেনে সূৰ্য্য শক্তি বা বতাহ শক্তিৰ ব্যৱহাৰ কৰি জলবায়ুৰ ওপৰত কুপ্ৰভাৱ পেলোৱা নিৰ্গমন কমাব পাৰি৷কিন্তু আমি  এই মুহূৰ্তৰ পৰা জলবায়ুৰ কুপ্ৰভাৱ কমাবলৈ কাম কৰিব লাগিব৷ উন্নত বহু কেইখন দেশে প্ৰতিজ্ঞাবদ্ধ যে ২০৫০ৰ ভিতৰত  সেউজগৃহ গেছৰ নিৰ্গমন শূন্য কৰিব৷২০৩০ৰ ভিতৰত ইয়াৰ নিৰ্গমন আগতকৈ আধা কৰিব যাতে গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী চেণ্টিগ্ৰেডৰ তললৈ আনিব পাৰে৷ কয়লা,তেল আৰু গেছৰ ব্যৱহাৰ কমাই দি সেই জীৱাশ্মজাত ইন্ধন মাটিতে সংৰক্ষিত কৰি জলবায়ু পৰিৱৰ্তনৰ বিপৰ্যয়মূলক মাত্ৰা কমাব পাৰি৷জলবায়ুৰ পৰিৱৰ্তন কমাব পাৰিলে মানুহ,ঘৰ,ব্যৱসায়,জীৱিকা ,অবকাঠামো,বাস্তুতন্ত্ৰক সুৰক্ষা দিব৷
আমি এতিয়াই বিল পৰিশোধ কৰিব পাৰোঁ অথবা অত্যাধিক মূল্য পৰিশোধৰ বাবে সাজু থাকিব লাগিব৷ জলবায়ুৰ কাৰ্য্যৰ বাবে চৰকাৰৰ পৰা বা ব্যৱসায়ৰ পৰা উল্লেখযোগ্য আৰ্থিক সহায়ৰ প্ৰয়োজন৷জলবায়ুৰ নিষ্ক্ৰিয়তা অধিক ব্যয়বহুল৷শিল্প উদ্যোগী দেশ সমূহে বছৰি এশ বিলিয়ন  ডলাৰ উন্নয়নশীল দেশসমূহতক প্ৰদানৰ প্ৰতিশ্ৰুতি দি এক পদক্ষেপ গ্ৰহণ কৰে যাতে উন্নয়ন দেশ সমূহে সেউজীয়া অৰ্থনীতিৰ দিশলৈ ধাবমান হ’ব পাৰে৷ বৰ্তমান ভাৰত চৰকাৰে বহু নতুন নতুন পৰিকল্পনা হাতত লৈছে ৷যাৰ দ্বাৰা গোলকীয় উষ্ণতা কিছু পৰিমাণে হ্ৰাস হোৱাৰ আশা কৰিব পাৰি৷চেপ্তেম্বৰ ১৭ ২০২৩ত অসমত এক কোটি এঘাৰ লাখ সোতৰ হাজাৰ সাতশ একাশীটা বিভিন্ন মূল্যবান গছ পুলি ৰোপণ কৰি অভিলেখ স্থাপন কৰে৷অমৃত বিকাশ আন্দোলনৰ দ্বাৰা অসমে নটা বিভিন্ন শিতানত গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হয়৷এই আন্দোলন তেতিয়াহে ফলৱতী হ’ব যেতিয়া আমি গোলকীয় উষ্ণতাক লৈ প্ৰকৃত অৰ্থত সচেতন হম৷বহু ক্ষেত্ৰত দেখা যায় বহু শিক্ষিত মানুহৰ মাজত গোলকীয় উষ্ণতা বৃদ্ধিকলৈ বিশেষ সচেতন নহয়৷ইয়াৰ কাৰণ হয়তো তেওঁলোকৰ মাজত সজাগতাৰ অভাৱ৷প্লাষ্টিক বৰ্জন কৰিবলৈ নিৰ্দেশনা জাৰী কৰাৰ পাছতো বহু ব্যৱসায়ীয়ে লুকাইচুৰকৈ প্লাষ্টিকৰ বেগ সমূহ বজাৰৰ সামগ্ৰী দিবলৈ ব্যৱহাৰ কৰা দেখা যায়৷এই ক্ষেত্ৰত কেৱল ব্যৱসায়ী সকলেই দায়ী নহয়৷এই সামগ্ৰী ব্যৱহাৰ কৰা লোক সকলো সমানে দায়ী৷এই ক্ষেত্ৰত চৰকাৰে কঠোৰতকৈ কঠোৰ  নিৰ্দেশনা জাৰী কৰা উচিত৷
শেষতীয়াকৈ ছাত্ৰছাত্ৰী সকলৰ মাজত পৰিৱেশ সচেতনতা গঢ় দিবলৈ সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰা হৈছে৷এই শিবিৰ ৫ জুনৰ পৰা ১২ জুনলৈ ৰূপায়ণ কৰা হ’ব৷এই মিছনৰ উদ্দেশ্য   হৈছে স্বাস্থ্য সন্মত জীৱনশৈলী গ্ৰহণ,শক্তি আৰু পানী সংৰক্ষণ,এবাৰ ব্যৱহাৰ কৰিবলগীয়া প্লাষ্টিক বৰ্জন,বহনক্ষম খাদ্য সম্ভাৰ গ্ৰহণ,ই-আবৰ্জনা হ্ৰাস,আবৰ্জনা হ্ৰাস কৰা৷ এই পদক্ষেপ সমূহে ভৱিষ্যতৰ সময়ত জলবায়ু প্ৰদূষণৰ পৰা  কিছু পৰিমাণে সকাহ দিব বুলি আশা কৰিব পাৰি৷ ২০২৩ বৰ্ষ  যোৱা দুহেজাৰ বছৰৰ ভিতৰত আটাইতকৈ বেছি উষ্ণ গ্ৰীষ্ম আছিল৷আটাইতকৈ ঠাণ্ডা গ্ৰীষ্মৰ ভিতৰত ৪ ডিগ্ৰী চেণ্টিগ্ৰেড বেছি উষ্ণ৷ এনেকৈ উষ্ণতা বৃদ্ধি পাবলৈ ল’লে পৃথিৱীত জীৱৰ অস্তিত্ব হেৰাই যোৱাটো নিশ্চিত৷ভালকৈ মন কৰিলে দেখা যায় আমাৰ চকুৰ সন্মুখৰ পৰা ইতিমধ্যে বহু প্ৰাণী-উদ্ভিদৰ বিলুপ্তি ঘটিছে৷আৰু বাকী থকা জীৱজগতলৈ ভাবুকি আহি পৰিছে৷ জীৱশ্ৰেষ্ঠ বুলি জাহিৰ কৰা মানৱৰ হাততে পৃথিৱী ধ্বংসৰ পৰা ৰক্ষা কৰাৰ বাঘজৰীডাল৷ আহক সকলোৱে সংকল্পবদ্ধ হওঁ  প্ৰদূষণ মুক্ত পৃথিৱী গঢ়াৰ৷
ফোনঃ ৮৬৩৮২৩৬২৩৭
You might also like

Comments are closed, but trackbacks and pingbacks are open.