শুৱালকুছিৰ বস্ত্ৰশিল্পৰ এক অৱলোকনঃ জ্যেষ্ঠৰ পৰা নতুন প্ৰজন্মলৈ

28

দিলীপ মেধি

 “এক গাওঁ এক শিল্প“ ৰ অনন্য উদাহৰণ শুৱালকুছি ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে অৱস্হিত কামৰূপ জিলাৰ এখন ঘন জনবসতিপূৰ্ণ গাওঁ শুৱালকুছি ৷ ভাৰতৰ বহু কেইটা বৈচিত্ৰময় থলুৱা উদ্যোগৰ অন্যতম হল শুৱালকুছিৰ বস্ৰশিল্প ৷ বিশুদ্ধ পাট-মুগাৰে অসমৰ সংস্কৃতিৰ লগত হাড়ে-হিমজুৱে জড়িত বিভিন্ন বস্ৰ উদ্যোগত অনাদি কালৰ পৰা বয়ন হৈ আছে ৷

শুৱালকুছিৰ ৰেছম শিল্পৰ স্হানীয়কৰণৰ এক নিজস্ব  ইতিহাস আছে৷ তুলনামূলকভাৱে কৃষিভিত্তিক গ্ৰাম্য সমাজৰে প্ৰাধান্য থকা কামৰূপত শুৱালকুছিৰ কৰ্মসংস্কৃতি কৃষিকেন্দ্ৰিক নহৈ বয়নভিত্তিত হোৱাৰ বুৰঞ্জী সকলোৰে বাবে আচাৰ্যৰ কাৰক৷ বয়নশিল্পৰ প্ৰতি অঞ্চলটোৰ ৰাইজৰ মনোযোগৰ ইতিহাস দীঘলীয়া৷ খ্ৰীষ্টপূৰ্ব তিনিশ শতাব্দীৰ বিশিষ্ট চিন্তাবিদ কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লিখিত অসমৰ ৰেচম শিল্পই অঞ্চলটোত থলুৱা উদ্যোগটোৰ পদচিহ্ন অতি পুৰণি বুলি প্ৰকাশ কৰিছে ৷ আহোম ৰজাৰ পৃষ্ঠপোষকতাত ঠন ধৰি উঠা ৰেচমৰ তাঁতশিল্পৰ বহু উদাহৰণ ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ আছে ৷ প্ৰথম অৱস্হাত ৰাজপৰিয়ালৰ উদ্দেশ্য ব্যৱহাৰ হোৱা মুগা বস্ৰই সাধাৰণ লোকৰ বাবেও ব্যৱহাৰযোগ্য ৰূপ পাবলৈ কিছু সময়ৰ প্ৰয়োজন হৈছিল ৷ আহোম ৰজা প্ৰতাপ সিংহৰ দিনত মোমাই তামুলী বৰুৱাৰ নেতৃত্বত গাওঁৰ অৰ্থ-ব্যৱস্হাক নতুনকৈ উজ্জীৱিত কৰাৰ এক প্ৰয়াস লোৱা হয়। এই প্ৰয়াসৰ অংগ ৰূপে শুৱালকুছিক এখন আদৰ্শ গাওঁ হিচাৱে প্ৰতিস্হা কৰাৰ লক্ষ্য লোৱা হয় ৷ গাওঁখনৰ পশ্চিম দিশে অৱস্হিত তাঁতীপাৰাত তাঁতীসকলে পাট-মুগা বস্ৰ উৎপাদনত  মনোনিবেশ কৰোতে আহোম ৰজাৰ সহায় সহযোগ পোৱাৰ তথ্য মজুত থকা দেখা যায় ৷

সময়ৰ চাকনৈয়াত অসমৰ ভৌগোলিক, ৰাজনৈতিক, আৰ্থিক আদি নানান বিষয়ৰ বহু পৰিৱৰ্তন হ’ল ৷কালক্ৰমত এসময়ৰ আহোম ৰজাৰ ছত্ৰছায়াত ঠন ধৰা শুৱালকুছিৰ পাট-মুগা শিল্পয়ো অভিভাৱকত্ব  হেৰুৱাই নতুন ৰূপ পালে ৷ প্ৰথমাৱস্থাত শিল্পটোৰ পদচিহ্ন কেৱল তাঁতীসকলৰ মাজতে আৱদ্ধ থাকিলেও লাহে লাহে ই গাওঁখনৰ অন্যান্য বৃত্তিধাৰী লোকলৈও সম্ৰসাৰিত হব ধৰিলে ৷ শুৱালকুছিত প্ৰথম অৱস্হাত পাট–মুগা কাপোৰৰ স্তৰ উন্নত পৰ্যায়ৰ নাছিল ৷ ইয়াত প্ৰথম অৱস্হাত স্পান চিল্ক , কেন্টন চিল্কৰ কাপোৰ উৎপাদন কাৰ্য চলিছিল ৷ দৈনিক ব্যৱহাৰৰ বাবে কপাহী কাপোৰ প্ৰস্তত কৰি লৈছিল আৰু বিবাহ সবাহ, উৎসৱ পাৰ্বন আদাত পিন্ধিবলৈ স্পান চিল্কৰ বস্ৰ উৎপাদন কৰিছিল ৷ আদিতে ব্যৱসায় ভিত্তিত ইয়াত বস্ৰ কৰা হোৱা নাছিল ৷ প্ৰথম ব্যৱসায় ভিত্তিত কাপোৰ উৎপাদন হৈছিল ’গাৰো ভূনীৰে’ ৷ এই কাপোৰ গাৰো সম্প্ৰদায়ৰ বিয়াত ব্যৱহাৰ কৰা প্ৰধান বস্ৰ আছিল ৷ ব্যৱসায় ভিত্তিত গঢ়ি উঠা দ্বিতীয় উৎপাদিত বস্ৰ হ’ল খাচীয়া সকলৰ জাতীয় পোচাক ’ধাৰা’, ’জেংচেম’, উজ্বল সিংখান, কাৰ্চিপ, চিচুপাত আদি মুগাৰ বস্ৰ ৷ শুৱালকুছিৰ তাতী সকলে বহু বছৰ ধৰি এনে কাপোৰ উৎপাদন কৰি জীৱন নিৰ্বাহ কৰি আছিল ৷ বৰ্তমালৈকে শুৱালকুছিত খাছীয়া সকলৰ জাতীয় সাজপাৰ উৎপাদন হৈ আছে ৷ খাছীয়া সকলে ইয়াৰ পৰা ব্যৱসায় ভিত্তিক কাপোৰ ক্ৰয় কৰি মেঘালয়ত বিক্ৰী কৰে ৷ বৃটিছ আমোলত শুৱালকুছিৰ পৰা ঢাকা, কলিকতা আদিলৈ মুগা সুতা ৰপ্তানি কৰা হৈছিল ৷ প্ৰায় ওঠৰ শতিকাতে মুগাৰ কাপোৰ উৎপাদন কাৰ্য চলিছিল ৷ প্ৰথম অৱস্হান ফুল- বুতা আদি নোহোৱা উকা প্লেন কাপোৰহে উৎপাদন হৈছিল ৷ ১৯১৪ চনত প্ৰথমে ইয়াৰ তাতী সকলে বহুত যত্ন কৰি কাপোৰত ফুলৰ চানেকী আৰু বুতাৰ চানেকী তোলাৰ কাম কৰিছিল ৷ ইয়াৰ পিছতে শুৱালকুছিৰ শিপিনী সকলে পাটসুতা ৰংকৰি ৰঙীণ কাপোৰ উৎপাদন কাৰ্যত জড়িত হৈ পৰে ৷ প্ৰথম অৱস্হাত স্হানীয় ভাৱে নেচাৰেল ৰং উৎপন্ন কৰি কাপোৰ উৎপাদন কাৰ্য সম্পন্ন কৰা হৈছিল৷ আহোম ৰাজত্ব কালৰ শুৱালকুছিৰ তাতঁশিল্পৰ যথেস্ট অগ্ৰগতি হৈছিল যদিও বৃটিছৰ শাসনত ই কিছু পৰিমানে স্হৱিৰ হৈ পৰিছিল ৷ তথাপি শুবালকুছিৰ লোক সকলে শিল্পটোৰ লগত ঘনিষ্ঠভাৱে লাগি আছিল৷ ১৯৩৯ চনত শুৱালকুছিৰ তাঁতশিল্পলৈ এক বৈপ্লৱিক পৰিবৰ্তন আহে ৷ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এক অভিনৱ পদ্ধতিৰে কাপোৰ উৎপাদনত গুৰুত্ব আৰোপ কৰা হয় ৷ হাত শালৰ ঠাইত উৰণীয়া মাকোৰ তাতশাল প্ৰৱৰ্তন কৰাত পুৰ্বৰ তুলনাত কাপোৰ উৎপাদন বৃদ্ধি পাবলৈ ধৰে ৷ তেনেদৰে জেকাৰ্ড মেচিন ব্যৱহাৰ কৰি কাপোৰত ফুল আৰু বুতা উঠোৱা কাৰ্য প্ৰৱৰ্তন কৰাত শিপিনী সকলক অধিক উৎসাহিত হৈ পৰে আৰু উৎপাদন কাৰ্য যথেস্ট বৃদ্ধি হবলৈ ধৰাত ব্যৱসায়টিৰ প্ৰতি এক আমূল পৰিবৰ্তন আহে৷ উৎপাদিত কাপোৰৰ দামো পূৰ্বৰ তুলনাত বৃদ্ধি পাবলৈ ধৰিলে ৷ এনেদৰে বিভিন্ন ঘাট প্ৰতিঘাট আৰু সংঘাটৰ মাজৰে মৰো জীয়োকৈ শুৱালকুছিৰ বস্ৰশিল্প চলি আছে ৷

শুৱালকুছিত বৰ্তমান তিনি প্ৰকাৰৰ তাতঁশাল চলি আছে ৷ ইয়াৰ প্ৰথম পৰম্পৰাগত ডবি মেচিন সংগ্লন্ন তাঁতশাল, দ্বিতীয় জেকাৰ্ড মেচিন সংগ্লন্ন তাঁতশাল আৰু তৃতীয় বেংগলী তাঁতশাল ৷ ডুবি মেচিন সংগ্লন্ন পৰম্পৰা তাতঁশালত অসমৰ জাতীয় পাট-মুগাৰ সাজপাৰ, শাৰী আদি উৎপাদন হয় ৷ জেকাৰ্ড মেচিন সংগ্লন্ন তাঁতশালত মেঘালয়ৰ জাতীয় সাজপাৰ উৎপাদন হয় ৷ আনহাতে বেংগলী তাতঁশালত পৰম্পৰাগত পাট কাপোৰৰ সাজপাৰৰ লগতে অন্যান্য কাপোৰো উৎপাদন হয় ৷

শিল্পটো সন্দৰ্ভত কেবাগৰাকী প্ৰবীণ আৰু নবীন প্ৰজন্মৰ শিপিনী ব্যৱসায়ীৰ লগত বাৰ্তালাপ কৰি তেওঁলোকৰ লগত হোৱা আলোচনাৰ কিছু দিশ এই প্ৰৱন্ধটিৰ জৰিয়তে জ্ঞাত কৰিব বিচাৰিছোঁ ৷ জেকাৰ্ড মেচিনৰ জৰিয়তে তাতঁশালত খাচীয়া জয়ন্তীয়াৰ জাতীয় সাজ প্ৰস্তুত কৰা শুৱালকুছিৰ যুৱক ডেভিদ বৈশ্য(২৮) জানিবলৈ দিয়ামতে তেওঁৰ এই কাপোৰৰ ব্যৱসায় আজোককাৰ দিনৰ পৰা চলি আহিছে ৷ পৰৱৰ্তী পৰ্যায়ত ককা আৰু দেউতাৰ পিছত আমি এই পৰম্পৰা অব্যাহত ৰাখিছো ৷ বৰ্তমান আমাৰ ৩০ খন জেকাৰ্ড মেচিনৰ তাঁতশাল আছে ৷ ইয়াৰ পৰা প্ৰতি বছৰে প্ৰায় পাচ হাজাৰ খন সাজ উৎপাদন কৰা হয় ৷ উৎপাদিত কাপোৰ সমুহ মেঘালয়ত খাছীয়া সকলৰ বিপনীৰ দ্বাৰা বিক্ৰী কৰা হয় ৷ এই উৎপাদন কাৰ্যত ৩০ গৰাকী শিপিনী, কিছু সংখ্যক যোগালী নিয়োজিত হৈ আছে ৷ কাপোৰ সমুহ পৰম্পৰা ডিজাইনৰ উপৰিও কিছু কিছু নতুন ডিজাইৰে প্ৰস্তুত কৰা হৈছে ৷ খাছীয়াৰ বিপনি সমুহে যেনে ধৰণৰ ডিজাই আৰু কালাৰ পঠিয়াই তেনেদৰে প্ৰস্তুত কৰি কাপোৰ সমুহ বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হয় ৷ পূৰ্বৰ তুলনাত শিল্পীটিৰ বহুত পৰিৱৰ্তন হৈছে ৷ বেংগলী শালত কাপোৰ উৎপাদন কৰা শুৱালকুছিৰ স্নাতক ডিগ্ৰীধাৰি উদীয়মান যুৱক বিশাল তালুকদাৰ (২৫) ৰ মতে শুৱালকুছিৰ তাঁতশিল্পৰ উদ্যোগটি যেনে ধৰণে উন্নতিৰ শিখৰলৈ যাব লাগিছিল তেনেদৰে যোৱা নাই৷ ইয়াৰ মূল কাৰণ হল উপযুক্ত বজাৰৰ অভাৱ, কেচা মালৰ লগতে প্ৰয়োজনীয় বনক সুতা, গুনাকে ধৰি আন আন সামগ্ৰী সমুহৰ মাত্ৰাধিক মূল্যবৃদ্ধি আদিয়ে শিল্পটিক হেচা মাৰি ধৰাত ক্ৰমশ বেয়াৰ দিশলৈ ধাৱমান হৈছে ৷ তাৰ মাজতো আমি আশা এৰি নিদি নেৰানেৰাকৈ বস্ৰশিল্পটিক ধৰি ৰাখিছো ৷ তেওঁৰ পিতৃৰ পৰা তাঁতশিল্পৰ কামত তেওঁ প্ৰেৰণা লাভ কৰি শিল্পটিৰ উৰ্ধমুখী চিন্তা চৰ্চাত নিমগ্ন হৈ আছে বুলি উল্লেখ কৰি পিতৃৰ দিনত ৬ খন তাতশালৰ পৰিবৰ্তে এতিয়া তেওঁ ১১ খন তাতঁশালৈকে বৃদ্ধি কৰিছে৷ পৰম্পৰা তাতশাল বিপৰীতে বেংগলী তাতশাল কিয় বাচি ললে বুলি সোধাত তেওঁ কয় যে বেংগলী তাততশালত কাপোৰৰ উৎপাদনটো বেছি হয় ৷ ইয়াৰ শিপিনী সকলে দিনটোত নিৰবিচ্ছিন্ন ভাৱে কাম কৰে আৰু প্ৰতিমাহত এগৰাকী শিপিনীয়ে  অতি কমেও ত্ৰিশ হাজাৰ টকা মজুৰি লাভ কৰে ৷ এই শালত কাপোৰ ‘ফিনিচিং’ টো ভাল হয় আৰু গ্ৰাহকে সহজে পচন্দ কৰে ৷ কিন্ত বেংগলী তাতশালত শিপিনীৰ অভাৱ আৰু তাতশালখন প্ৰস্তুত কৰোতে কেইবাটিও কৌশল অৱলম্বন কৰিব লগীয়া হয় ৷ গতিকে সকলোৱে এই শাল প্ৰস্তুত কৰাত অসুবিধা পায়৷  তেওঁৰ মতে তাতশালত প্ৰয়োজনীয় সকলো সামগ্ৰীৰে উৰ্ধমুখী দাম হোৱাত কাপোৰৰ দাম বৃদ্ধি পাইছে যাৰ ফলত পূৰ্বৰ তুলনাত বৰ্তমান কাপোৰ বিক্ৰীৰ পৰিমাণ হ্ৰাস হৈছে ৷ ইয়াৰ সুযোগ লৈছে বহি ৰাজ্যত উৎপাদিত নকল বস্ৰই৷ শুৱালকুছিৰ লেখিয়া হুবহু কাপোৰ মেচিনত অতি নিম্নমানৰ সামগ্ৰীৰে প্ৰস্তুত কৰি বজাৰত শুৱালকুছিৰ কাপোৰ বুলি বিক্ৰী কৰি গ্ৰাহকক ঠগি এচাম ব্যৱসায়ীয়ে মুনাফা লুটি আছে ৷ তেওঁ চৰকাৰক ১৯৮৫ চনৰ হেণ্ডলুম এক্টখন ৰূপায়ন কৰি নকল কাপোৰ বিক্ৰীত বাধা দিবলৈ চৰকাৰক আহ্বান জনায় ৷ শুৱালকুছি কেওট পাৰাৰ শিপিনী জিতুমণি মেধি ৷ বয়স ৩৫ বছৰ ৷ এটা সন্তানৰ সহিতে তেওঁলোক তিনিটা পৰিয়াল চলি আছে কাপোৰ উৎপাদনত পোৱা মজুৰিৰ পৰা ৷ তাতশালত তেওঁ বিশেষ পৰিৱৰ্তন দেখা নাই ৷ মাত্ৰ তাতশালৰ প্ৰয়োজনীয় সামগ্ৰীৰ অত্যাধিক দামে উদ্যোগটিত ব্যাপক ক্ষতি কৰিছে ৷ অৰ্থনৈতিক সমস্যাত পৰিয়ালটি জৰ্জৰিত ৷ তথাপিতো চলি আছে ৷ একে কথা শিপিনী অজিত দাসৰ ৷ আনহাতে এগৰাকী বয়োজ্যেষ্ঠ শিপিনী জয়চৰণ দাস ৷ বয়স ৬৫ বছৰ ৷ সৰুৰে পৰা তাতশালৰ লগত জড়িত ৷ এতিয়াও তেওঁ তাতশালৰ মুঠি এৰিব পৰা নাই ৷ পৰিয়ালৰ দ্বায়িত্বত তেওঁ কাপোৰ উৎপাদন কাৰ্যত জড়িত হৈ আছে ৷ শিপিনী সকলৰ বাবে চৰকাৰে কোনো সুবিধা প্ৰদান কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে তেওঁ ৷ কাপোৰ উৎপাদন কৰিলে মজুৰি পায় ৷ নকৰিলে নাপায় ৷ বেমাৰ আজাৰতো ৰেহাই নাই ৷ গতিকে বিভিন্ন সমস্যাত শিপিনী সকল জৰ্জৰিত ৷ ১২০ ডবি মেচিনৰে পৰম্পৰা অসমীয়া জাতীয় সাজ উৎপাদন কৰা শুৱালকুছিৰ ব্যৱসায়ী কামদেৱ কুমাৰ ৷ বয়স ৫০ ৷ ২৩ খন তাতঁশাল স্হাপন কৰি ২৩ গৰাকী শিপিনীৰ পৰিয়ালক চলাই আছে ৷ বিগত ত্ৰিশ বছৰে তেওঁ এই কাৰ্যত জড়িত৷ বিশেষ লাভালাভ হোৱা নাই যদিও শুৱালকুছিৰ ঐতিহ্যক ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে ৷ চৰকাৰে প্ৰয়োজনীয় কেচাঁ মালকে ধৰি সামগ্ৰী সমুহত ৰাজ সাহাৰ্য প্ৰদান কৰিলে শিল্পটোৱে কিছু সকাহ লাভ কৰিব ৷ উপযুক্ত বজাৰৰ অভাৱেও শিল্পটিৰ ক্ষতি সাধন কৰিছে ৷ তেওঁৰ মতে মধ্যভোগী সকলেও উৎপাদিত কাপোৰ সমুহ শিপিনী সকলৰ পৰা কম মূল্যত ক্ৰয় কৰি বজাৰত মাত্ৰাধি দৰত বিক্ৰী কৰি আছে৷ ফলত উপযুক্ত দাম নেপাই একাংশ শিপিনীৰ তাতঁশাল সমুহ বন্ধ হৈ পৰিছে ৷ দুখীয়া শিপিনী সকলৰ পৰা উপযুক্ত দাম দি চৰকাৰ পাট মুগাৰ কাপোৰ ক্ৰয় কৰাৰ ব্যৱস্থা কৰিলে ইয়াৰ শিপিনী সকল উপকৃত হলহেতেন বুলি তেওঁ মতামত ব্যক্ত কৰে ৷

এনেদৰে বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত শুৱালকুছিৰ বস্ৰশিল্প উদ্যোগ ৷ চৰকাৰে ৰক্ষা নকৰিলে শিল্পটি হেৰাই যোৱাৰ অধিক সম্ভাৱনা আছে ৷ সময় থাকোতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক শিল্পটিৰ উন্নতিৰ কল্পে ব্যৱস্হা গ্ৰহণ কৰিবলৈ ইয়াৰ শিপিনী সকলে আহবান জনাইছে ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.