পচতীয়া গছ

163

মীনাক্ষি বেজবৰুৱা

আজি পাঠকসকলৰ আগত এজোপা অতি সাধাৰণ অথচ মহামূল্যৱান গছৰ বিষয়ে জনাব খুজিছোঁ৷ চকুৰ আগতে দেখি থকা সাধাৰণ গছ এজোপাৰো যে কিমান ঔষধি গুণ থাকিব পাৰে, সেই কথা সাধাৰণ মানুহে জনাটো মই আৱশ্যক বুলি ভাবোঁ৷ কিয়নো কেৱল এলুউৰোথিক দৰবৰ ওপৰতে নির্ভৰ কৰি যদি শৰীৰৰ অকণো হানি–বিঘিনি নঘটাকৈ মানুহ এজনে নিজৰ শক্তিৰে বিশ্বাস ৰাখি এই মহামূল্যৱান ঔষধি গছসমূহৰ নিজৰ প্রয়োজন মতে ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহলে প্রতিজন ব্যক্তিয়েই সুস্থ–সবলভাৱে দীর্ঘায়ু জীৱন যাপন কৰিব পাৰে৷ প্রকৃতিৰ অংগ হিচাপে মানুহেই এই চৰাচৰ প্রকৃতিৰ ওপৰত শ্রেষ্ঠতা লাভ কৰি আহিছে সেইবাবে প্রাচীন কালত ঋষি–মুনিসকলে নিজৰ কঠোৰ সাধনা আৰু তপস্যাৰ দ্বাৰা এই আয়ুর্বেদ শাস্ত্র আৱিষ্কাৰ কৰি থৈ গৈছে৷

এতিয়া আমি আলোচ্য বিষয়লৈ আহোঁ৷ সাধাৰণভাৱে আগৰ দিনত গাঁওবোৰ বাৰীৰ ঢাপত এই গছবোৰ ঘন ঘনকৈ ৰুই, যেতিয়া দীঘল হয়, তেতিয়া দীঘল বাঁহৰ কামীৰে বান্ধি জেওৰাৰ দৰে কৰি লোৱা দেখা যায়৷ এইবিধ গছক পচতীয়া নামেৰে জনা যায়৷ বংগদেশত এই গছক নিসিন্দা গছ বোলে৷ ফুলৰ ৰং অনুযায়ী পচতীয়া গছ দুই বিধৰ৷ এবিধ বগা আৰু আনবিধ নীলা ৰঙৰ৷ বগা ফুলৰ গছক শ্বেত পচতীয়া আৰু নীলা ফুলৰ গছক নীলা পচতীয়া বোলে৷ সাধাৰণতে পচতীয়া গছ বুলিলে দুয়োবিধ গছকে একে নামেৰেই জনা যায়৷

সংসৃক্ত ভাষাত শ্বেত পচতীয়াৰ নাম হৈছে সিন্ধুকৰ৷ শ্বেত পুষ্প, সিন্বুূক, সিন্বুূবাৰক৷ সংসৃক্ত ভাষাত নীলা পচতীয়াৰ নাম নীল পুষ্পী, নির্গুণ্ডী, শেফালী, সুৱহা নামে পৰিচিত৷

শ্বেত পচতীয়া বগাৰ গুণ
স্মৃতিশক্তিবর্ধক, ৰসত তিতা কেঁহা আৰু লাৰসযুক্ত, লঘু পাক, চুলিৰ কাৰণে উপকাৰক আৰু চকুৰ বাবে হিতকাৰক৷ ইয়াৰ ব্যৱহাৰত শূলৰোগ বুকুৱে পিঠিয়ে খোঁচ মাৰি ধৰি, শৰীৰ ফুলা, আমবাত ৰোগ, কৃমিৰ বিকাৰ, কোষ্ঠ, অৰুচি, কফ আৰু কফৰ ৰ আৰোগ্য হয়৷

নীলা পচতীয়া
শ্বেত পচতীয়াৰ সকলো গুণেই এই পচতীয়াতো আছে৷ ইয়াৰ পাতৰ ৰস লঘু পাক বেগেতে হজম হোৱা, কৃমিৰ বিকাৰ, বায়ু আৰু কফৰ দোষনাশক৷ সেইবাবে দুয়োবিধ পচতীয়া গছকে আৱশ্যক অনুযায়ী ৰোগত ব্যৱহাৰ কৰিব পাৰি৷

সাধাৰণতে পচতীয়া গছৰ ব্যৱহাৰ
বাত শ্লৈস্মিক বিকাৰত এই গছৰ পাতৰ ৰস তিনি–চাৰি চামুচ কেঁচাই বা পাতত দি এচামুচ মৌৰ লগত খাব লাগে দিনে দুইবাৰ৷ গাৰ বিষত পচতীয়া পাতৰ ৰস তিনি–চাৰি চামুচৰ লগত এক চামুচ মৌ দি খাব দিনে দুবাৰকৈ৷

আমবাত
এই ৰোগত হাত–ভৰি, আঁঠু আদিৰ যোৰাবোৰত অসহ্য বিষ হয়, গাত ৰ থাকে আৰু গাঁঠিবোৰ ফুলি উঠে৷ খাবৰ মন নোযোৱা হয় আৰু দুর্বল অনুভৱ কৰে৷ এই ৰোগতো পচতীয়া পাতৰ ৰস দুই–তিনি চামুচ মৌজোলৰ লগত দিনে দুই–তিনিবাৰকৈ ব্যৱহাৰ কৰিব৷ আমবাত ৰোগত যোৰাবোৰ ফুলি বিষ হলে পচতীয়া পাতৰ সেক বহুত উপকাৰী৷

সেক দিয়াৰ নিয়ম
কাপোৰ এখনত পচতীয়া পাত ডাঠকৈ মেলি দিব৷ তাৰ ওপৰত কেৰাহীত ভজা বালি গৰম বালি টোপোলা কৰি কাপোৰত পচতীয়া পাতৰ ওপৰত দি টোপোলাটোৰে বিষ হোৱা ঠাইত সেক দিব৷ এই সেক দিয়াৰ আগতে বিষোৱা ঠাইত সৈন্ধ্যবাগী তেল মালিচ কৰিলে লগে লগে বহুত উপকাৰ পাব৷ দিনে দুবাৰমানকৈ সেক দিব লাগিব৷

সন্তান জন্ম হোৱাৰ পিছত, প্রসূতিৰ হজম শক্তি কম হলে এমুঠি পচতীয়া পাত বটি তাৰ লগত গৰৈ, কাৱৈ, মাগুৰ আদি মাছ দি আঞ্জা কৰি খালে হজম শক্তি বােে৷ পচতীয়া পাতৰ ক্কাথ চাহৰ দৰে খাব লাগে৷ শুকান পচতীয়া পাতৰ ৰস ক্কাথ কৰি খালে নাডীৰ বিষ ভাল হয় আৰু নাডী সোনকালে শুকাব৷ ওপৰত উল্লেখ কৰাৰ দৰে পচতীয়া পাতৰ সেকে প্রসূতিৰ তল পেটৰ বিষ আৰু নাডীৰ বিষ নাইকিয়া কৰে৷

বন্ধ্যাৰোগনাশক আৰু পুত্রপ্রদত্ত
গোক্ষুৰকস্য বীজন্তু পিৱেন্নিগুণ্ডিকাৰসৈঃ
ত্রিৰাত্রং সপ্তৰাত্রং বা বন্ধ্যা ভৱতি পুত্রিনী৷
অর্থাৎ গোক্ষুৰ বীজ এবিধ গছ দহ–বাৰটা বাটি পচতীয়া পাতৰ ৰলৰ লগত ঋতুমতী স্ত্রীয়ে ঋতুকালত তিনিৰ পৰা সাত দিনলৈ খালে পুত্রৱতী হয়৷ শাস্ত্রত কোৱা মতে এই ঔষধ বন্ধ্যা নাৰীয়ে নিয়মমতে সেৱন কৰিলে সেই নাৰী গর্ভৱতী হয়৷

সর্পভয় নিবাৰক আৰু বিঘ্ননাশক
নির্গুণ্ডী মূলমূর্দ্ধত্য গৃহে চ ধাৰয়েদ্বুধঃ
নশ্যন্তি সর্ববিঘ্ণানি গৃহে নাগাষ্চ সর্বশঃ৷৷
অর্থাৎ পচতীয়া গছৰ মূল আনি ঘৰত ৰাখিলে সেই গৃহস্থৰ সর্ববিঘ্ণ বিনাশ হয় আৰু সেই ঘৰত সর্পভয় নাথাকে৷

কুষ্ঠৰোগনাশক
পচতীয়া পাতৰ চূর্ণ পাঁচ গ্রামকৈ গৰু ঘিউৰ লগত দীর্ঘদিন ধৰি ব্যৱহাৰ কৰিলে কুশ বাসীন মানুহ শকত আৰু দুর্বল মানুহ সবল হয়৷

কণ্ঠশোধক হিচাপে
পচতীয়া পাতৰ চূর্ণ পাঁচ গ্রামকৈ গৰম পানীৰ লগত কিছুদিন ব্যৱহাৰ কৰিলে কণ্ঠৰোগ ভাল হৈ সুমধুৰ স্বৰ বিশিষ্ট হয়৷

বায়ু ৰোগত
পচতীয়া পাতৰ ৰসৰ লগত গৰুৰ ঘিউ মিহলাই খাব৷
আয়ুর্বেদ শাস্ত্রত পচতীয়া গছক পাঁচবিধ অমৰ গছৰ ভিতৰত এবিধ বুলি উল্লেখ কৰিছে৷ কিয়নো পচতীয়া পাত যদি ভালদৰে ৰদত শুকুৱাই থৈ দিয়া হয়, এবছৰৰ পিছতো ইয়াৰ গুণ ক্ষয় নহয়৷ এই পাঁচবিধ অমৰ গছ হৈছে পচতীয়া, দুর্বাৰ গ্রন্থি দূবৰি, সিদ্ধি, কলাতুলসী আৰু বেলপাত৷ এই পাঁচবিধক পঞ্চামৰা বুলিছে৷ এই বস্তুবোৰ সাধনা আৰু একাগ্রতাৰ কাৰণ৷ যিবোৰে সাধাৰণ গছ–বনৰ মাজতে মানুহৰ বহুমূত্র, গ্রহণী আদিৰ দৰে ৰোগসমূহো নিৰাময় কৰি মানুহক নিৰোগী আৰু দীর্ঘ জীৱন দান কৰিব পাৰে৷

ফোনঃ ৯৯৫৪৬-৫১৭৪৯

You might also like

Comments are closed, but trackbacks and pingbacks are open.