চন্দ্ৰাৱলীহীন নিশাৰ পোহৰৰ চাকিগছি…

12

স্বপ্না দাস

“ঔম অসতো মা সদ্গময়
তমসো মা জ্যোতির্গময়…।”

পোহৰ সকলোৰে প্ৰিয়। পোহৰৰ সন্ধানত আমি ব্যস্ত থাকো। জনা-বুজা হোৱাৰ পৰা জীৱনৰ অন্তিম সময়লৈকে আমি বিভিন্নধৰণে পোহৰৰ সন্ধানত ৰত থাকো। আমি পোহৰ বিচাৰোঁ। নিজৰ জীৱনৰ লগতে চৌপাশ পোহৰত জিলমিল হৈ থকাটো আমাৰ কাম্য। সেয়েহে আমি পোহৰমুখী হওঁ। সেয়েহে আমি পোহৰৰ স্বপ্ন দেখো। এন্ধাৰ আঁতৰাবলৈ আমি যৎপৰোনাস্তি কৰোঁ। তমসা আঁতৰাই চৌপাশ পোহৰময় কৰাৰ হেঁপাহৰেই যেন এক উৎসৱ— এন্ধাৰ ৰাতি পদূলিয়ে পদূলিয়ে বন্তি জ্বলাই চৌপাশ আলোকময় কৰা দেৱালী।

দীপান্বিতা, দীপাৱলী আদি নামেৰেও পৰিচিত, যুগ যুগ ধৰি পালন কৰি অহা পোহৰৰ উৎসৱ দেৱালী অন্ধকাৰক বিশাশি চৌপাশ পোহৰাই তোলা, অজ্ঞানতাৰ বিপৰীতে জ্ঞানৰ আধিপত্যৰ প্ৰতীক হিচাপে উদ্‌যাপন কৰি অহা হৈছে। আধুনিক যুগত দীপাৱলী উদ্‌যাপনৰ কাৰণ আৰু পৰম্পৰাগত ৰীতিৰ ক্ষেত্ৰত লোকবিশ্বাস আৰু অঞ্চলভেদে তাৰতম্য দেখা যায়। সেই অনুসৰি এই উৎসৱ উদ্‌যাপনৰ আঁৰৰ লোকগাঁথাৰ ব্যাখ্যাও ভিন্ন। আঁৰৰ কাহিনীৰ বৈচিত্ৰতা থাকিলেও কিন্তু পোহৰৰ উৎসৱ উদ্‌যাপনৰ অন্তৰ্নিহিত তাৎপৰ্য একেটাই— যিকোনো অপকৰ্ম, কু-চিন্তা, অপশক্তি আদিৰ দৰে অশুভক নাশ কৰি জগতৰ লগতে মানুহৰ মন-বুদ্ধি-বিবেক জ্ঞানৰ জ্যোতিৰে উজলি উঠি অন্তৰাত্মা জ্যোতিদীপ্ত হৈ জগত পোহৰাই তোলাৰ বাবে উদ্‌যাপন উৎসৱেই দীপাৱলী। ‘দীপাৱলী’ শব্দটোৰ অৰ্থতেই নিহিত হৈ আছে শব্দটোৰ লগতে এই শব্দটো জড়িত উৎসৱটোৰো মহত্ত্ব। ‘দীপাৱলী’ মূলতঃ এটা সংস্কৃত শব্দ। ‘দীপ’ মানে পোহৰ বা বা বন্তি আৰু ‘অৱলী’ৰ অৰ্থ হৈছে শাৰী বা শৃংখলা। ‘দীপ’ আৰু ‘আৱলী’ৰ যুক্ত ৰূপ ‘দীপাৱলী’য়ে ‘পোহৰৰ শাৰী’ক বুজায়।

দীপাৱলী ভাৰতত উদ্‌যাপিত হৈ অহা এটা প্ৰাচীন উৎসৱ, যিটো উছৱ আমাৰ দেশৰ বিভিন্ন প্ৰান্তত অতি উৎসাহ আৰু উলহ-মালহেৰে অতীজৰে পৰা উদ্‌যাপন কৰি অহা হৈছে । ভাৰতবৰ্ষ ভিন্ন ধৰ্মীয় লোকৰ মিলনভূমি; গতিকে ইয়াত উদ্‌যাপিত উৎসৱসমূহৰ সৈতে জড়িত ধৰ্মীয় তাৎপৰ্যৰ মাজতো আছে ভিন্নতা। আলোকোৎসৱ দীপাৱলী উদ্‌যাপনৰ আঁৰৰ কাৰণ আৰু প্ৰচলিত পৰম্পৰাগত ৰীতিৰ ক্ষেত্ৰতো ঠাইভেদে কিছু ভিন্নতা পৰিলক্ষিত হয় যদিও ভাৰতৰ প্ৰায়বোৰ ঠাইতে দীপাৱলী পাঁচ দিন পালন কৰা হয়। কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিৰ পৰা আৰম্ভ হোৱা দীপাৱলী উৎসৱৰ প্ৰথম দিনা ধাতুৰ বস্তু ক্ৰয় কৰি ‘ধনতেৰাছ’ উদ্‌যাপন কৰা হয়। সেইদিনাই ঠায়ে ঠায়ে যমদেৱৰ পূজাও কৰা হয়। দ্বিতীয় দিনা ‘সৰু দীপাৱলী’, ‘ৰূপ চতুৰ্দশী’ আৰু ‘নৰক চতুৰ্দশী’ পালন কৰে ঠাইভেদে। তৃতীয় দিনা প্ৰধান দীপাৱলী। এই দিনটোত লক্ষ্মী আৰু গণেশ পূজাও কৰা হয়। আনহাতে, গোবৰ্ধন পূজাৰে চতুৰ্থ দিনটো উদ্‌যাপন কৰা হয়। দীপাৱলীৰ লগত সংগতি ৰাখি ‘ভাই দুজ’ (ঠায়ে ঠায়ে ই ‘ভাই দৌজ’, ভাই টিকা’ আদি বুলিও জনাজাত।) উৎসৱ পঞ্চম দিনটোত পালন কৰা হয়। ভাই-ভনীৰ বাবে উৎসৰ্গিত এই দিনটোত ভগ্নীসকলে নিজৰ ভাতৃৰ কপালত তিলক লগাই সহোদৰৰ দীৰ্ঘায়ু কামনাৰে নেদেখাজনক প্ৰাৰ্থনা কৰে। এনেদৰে আৰু আন বিভিন্ন ব্যতিক্ৰমী পৰম্পৰাৰে নানা ধৰ্ম তথা জাতি-জনজাতিৰ মিলনভূমি ভাৰতৰ বিভিন্ন ঠাইত ভিন্ন ধর্মীয় পৰম্পৰা, লোকবিশ্বাস, জনশ্ৰুতি আদিৰ মাজেৰেই উদ্‌যাপন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী ।

দেশৰ প্ৰান্তে প্ৰান্তে পোহৰৰ উৎসৱ ভিন্ন লোকাচাৰ আৰু ভিন ভিন পৰম্পৰাৰে উদ্‌যাপন কৰা হৈ আহিছে। ঠাইভেদে বা জাতি, ধৰ্ম, বৰ্ণ অনুসৰি এই উৎসৱৰ সৈতে জড়িত লোকগাঁথা, উদ্‌যাপনৰ পৰম্পৰাগত ৰীতি আদিত পাৰ্থক্য পৰিলক্ষিত হ’লেও দীপাৱলী পিছে সকলোৱেই মহানন্দে উদ্‌যাপন কৰি আহিছে যুগ যুগ ধৰি। এই ছেগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ দীপাৱলী উৎসৱ সম্পৰ্কে চমুকৈ উল্লেখ কৰা হ’ল।

# উত্তৰ ভাৰত
উত্তৰ ভাৰতত এই উৎসৱ যথেষ্ট ঠাইত পৰম্পৰাগতভাৱে লংকাধিপতি ৰাৱণক বধ কৰি ভগৱান ৰাম, তেওঁৰ পত্নী সীতা, ভাতৃ লক্ষ্মণ আৰু হনুমানে অযোধ্যালৈ উভতি অহাৰ আনন্দত পালন কৰা হয়। যিহেতু তেওঁলোক উভতি অহা ৰাতিটো আছিল অমাৱস্যাৰ, সেয়েহে চন্দ্ৰাৱলীহীন নিশা উত্তৰ ভাৰতৰ ভিন্ন প্ৰান্তৰ জনগণে মাটিৰ চাকি জ্বলাই আলি-পদূলি পোহৰাই তুলি ভগৱান শ্ৰীৰামক নিজ ৰাজ্যলৈ আদৰণি জনাইছিল বুলি লোকবিশ্বাস প্ৰচলিত। এনেদৰে ত্ৰেতা যুগতেই আৰম্ভ হৈছিল দীপাৱলী উৎসৱৰ, যি আজিও প্ৰচলিত।

পঞ্জাৱত হিন্দু উৎসৱ দীপাৱলীৰ লগত সংগতি ৰাখি শিখসকলে উদ্‌যাপন কৰে ‘বন্দী চোৰ’ উৎসৱ। শিখসকলৰ স্বাধীনতাৰ লগত পোহৰৰ উৎসৱৰ এক অন্যতম আখ্যান জড়িত হৈ আছে। আখ্যান মতে শিখসকলৰ ধৰ্মীয় গুৰু নানকৰ জনপ্ৰিয়তা আৰু প্ৰভাৱ বৃদ্ধি হোৱাৰ ভয়ত মগোল সম্ৰাট জাহাংগীৰে বন্দী কৰি ৰখা গুৰুজনাক গোৱালিয়ৰ দুৰ্গৰ পৰা মুক্তি লাভ কৰাৰ স্মৃতিত শিখসকলে উদ্‌যাপন কৰে বন্দী চোৰ উৎসৱৰ। গুৰুজনাৰ মুক্তিৰ লগতে লাভ কৰা স্বধীনতাৰ আনন্দত মাটিৰ চাকি জ্বলাই আলোকময় কৰি তোলে গুৰুদ্বাৰৰ লগতে প্ৰত্যেকৰে পদূলি। আতচবাজীৰেও আনন্দত মচগুল হৈ শিখসকলে উপহাৰ আদান-প্ৰদানৰ উপৰি সমূহীয়া ভোজ-ভাতত একত্ৰিত হৈ বন্দী চোৰ উৎসৱ উদ্‌যাপন কৰে। এনেদৰে পোহৰৰ উৎসৱ উদ্‌যাপনেৰে পৰাধীনতাৰ অন্ধকাৰ আঁতৰি স্বাধীনতাৰ আলোকেৰে আলোকিত হৈ পৰে সমগ্ৰ পঞ্জাৱ ।

দীপাৱলী উপলক্ষে হিমাচল প্ৰদেশৰ ধামিত ‘পথাৰ কা মেলা’ নামৰ দুটা ফৈদৰ মাজত ভক্তিভাৱেৰে শিলগুটি নিক্ষেপ কৰা এটি অনুষ্ঠান অনুষ্ঠিত হয়। এনেদৰে উৎসৱৰ সময়ত শিলৰ দ্বাৰা আঘাত পোৱাটো সৌভাগ্য বুলি গণ্য কৰা হয়। প্ৰতি বছৰে দীপাৱলীৰ পিছত স্থানীয় লোকৰ দুটা দল লগ হৈ ইজনে সিজনলৈ শিলগুটি নিক্ষেপ কৰে আৰু আহতসকলৰ পৰা ওলোৱা তেজেৰে ওচৰৰ মন্দিৰত দেৱী কালীৰ মূৰ্তিত তিলক দিয়া হয়। ধামীত কালি দেৱীক নৰবলিৰে পূজা অৰ্চনা কৰিলে দেৱীৰ আশীষ লাভ হয় বুলি জনবিশ্বাস প্ৰচলিত আছিল। কিন্তু স্থানীয় ৰাজকুমাৰ আৰু এগৰাকী ৰাণীয়ে এই অনুষ্ঠানত ক্ষোভিত হয় আৰু সেই প্ৰথা বহুবছৰ পূৰ্বেই বিলুপ্ত হয় বুলি জনা যায়। সেই সময়ত নৰবলিৰ বিকল্প হিচাপে শিলগুটি নিক্ষেপ প্ৰতিষ্ঠা কৰা হৈছিল আৰু তেতিয়াৰ পৰাই ইয়াৰ প্ৰচলন চলি আহিছে।

# দক্ষিণ ভাৰত
দক্ষিণ ভাৰতীয়সকলে পোহৰৰ উৎসৱক ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰা দিন হিচাপে স্মৰণ কৰে।এই দিনটোতে ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰ বিবাহ হৈছিল বুলিও আন এক জনবিশ্বাস প্ৰচলিত । কৰ্ণাটকত ‘নৰক চতুৰ্দশী’ৰ দিনা দীপাৱলী উৎসৱ পালন কৰে। সেই দিনাটোত মানুহে শৰীৰত নাৰিকল তেল লগায় স্নান কৰাৰ এক পৰম্পৰা প্ৰচলিত আছে। প্ৰবাদ অনুসৰি নৰকাসুৰক বধ কৰাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই নিজৰ শৰীৰৰ পৰা তেজৰ দাগ ধুবলৈ তৈল-স্নান কৰিছিল বুলি বিশ্বাস কৰা হয়। সেই লোকবিশ্বাস আধাৰিত পৰম্পৰা ৰক্ষাৰে বৰ্তমান পাপৰ পৰা মুক্তি পাবলৈ মানুহে তেলেৰে স্নান কৰে। কৰ্ণাটকৰে উপকূলীয় অঞ্চলত আকৌ ‘বালিপাদ্যামী’ নামেৰে ভক্তিমূলক অনুষ্ঠান উদ্‌যাপনৰ জড়িয়তে পোহৰৰ উৎসৱ পালন কৰে। বিশ্বাস আছে যে উক্ত দিনটোত ভগবান বিষ্ণুই বলি ৰজাৰ অহংকাৰ চূৰ্ণ কৰি তেওঁক পাতালত স্থান দিছিল। উপকূলৰ কৃষকসকলে নিজৰ ধাননি পথাৰৰ আশে-পাশে খাদ্য আগবঢ়ায় আনন্দ মনেৰে ‘বালিপাদ্যামী’ পালন কৰে। শিৱ আৰু পাৰ্বতীয়ে এই দিনটোত পাশা খেল খেলিছিল বুলিও স্থানীয়ভাৱে লোকবিশ্বাস প্ৰচলিত।

# পূব ভাৰত
ভাৰতবৰ্ষৰ বেছিভাগ ঠাইতে দীপাৱলীৰ অমাৱস্যাত লক্ষ্মী দেৱীক পূজা কৰা হয় যদিও পূব ভাৰতত—বিশেষকৈ অসম আৰু পশ্চিম বংগত কাতি মাহৰ অমাৱস্যাত দেৱী কালীক পূজা কৰা হয়। ‘শ্যামা পূজা’ নামেৰেও পৰিচিত কালী পূজা পূৰ্ব ভাৰতৰ দুৰ্গা পূজাৰ পিছতে দ্বিতীয় জনপ্ৰিয় উৎসৱ বুলিব পাৰি। কালী পূজাত অশুভতাক জয় কৰাৰ পথ প্ৰদৰ্শন বিচাৰি আৰু সুখ-শান্তি, সুস্বাস্থ্য, ধন- সম্পদৰ বাবে দেৱীৰ আশীৰ্বাদ লাভ কৰিবলৈ লোকবিশ্বাস অনুসৰি কৰা হয়। নিশাৰ ভাগত এই অনুষ্ঠান সম্পন্ন হয় আৰু ভক্তসকলে দেৱীৰ প্রিয় বুলি বিশ্বাস কৰা ৰঙা জবা ফুল দেৱীৰ চৰণত অৰ্পণ কৰি আশীৰ্বাদ বিচাৰে। অসমত আকৌ দীপাৱলীৰ সময়ত প্ৰচলিত আন এক প্ৰবাদ আছে। প্ৰবাদ মতে দ্বাপৰ যুগত শ্ৰীকৃষ্ণই কাতি মাহৰ কৃষ্ণ পক্ষৰ চতুর্দশী তিথিত নৰকাসুৰক বধ কৰি পৃথিৱীত শান্তি-শৃংখলা স্থাপন কৰিছিল। সেইবাবেই অসমীয়া লোকে ঘৰৰ ভিতৰে-বাহিৰে এন্ধাৰ নাশ কৰিবলৈ নৰক চতুৰ্দশীতো মাটিৰ চাকি জ্বলায় আৰু কালীপূজাৰ দিনাও চাকি জ্বলায় চৌপাশ আলোকিত কৰি ৰাখে । বংগত আকৌ দীপাৱলীৰ লগত কালী পূজাৰ সামঞ্জস্য পৰিলক্ষিত হয় । প্ৰধানকৈ ৰাতি উদ্‌যাপন কৰা এই উৎসৱত ঘৰ-দুৱাৰ আৰু উপাস্য স্থান বন্তি প্ৰজ্বলনেৰে আলোকিত কৰি তোলা হয় আৰু যথাৰীতিৰ দেৱী কালীক পূজা কৰে। এই উৎসৱৰ সময়ত কলকাতাৰ সৰ্বপৰিচিত দক্ষিণেশ্বৰ মন্দিৰ আৰু কালিঘাট ভক্তৰ উলহ-মালহেৰে মুখৰ হৈ পৰা পৰিলক্ষিত হয়। ‘ভূত চতুৰ্দশী’ হিচাপে পৰিচিত দীপাৱলীৰ পূৰ্বৰটো নিশাত দুষ্টাত্মাক নাশ কৰাৰ লোকবিশ্বাসেৰে চৈধ্যগছি বন্তি জ্বলাই পোহৰাই তোলা হয় ঘৰৰ চৌপাশ।

পোহৰৰ উৎসৱৰ দিনা ওড়িশাৰ জনগণে আকৌ ‘কৌৰিয়া কাঠী’ নামৰ উৎসৱ উদ্‌যাপন কৰে, যিটো অনুষ্ঠানত নিজৰ পূৰ্বপুৰুষক স্মৰণেৰে সন্মান জনোৱা হয়। এই অনুষ্ঠানত ওড়িশাবাসীয়ে পূৰ্বপুৰুষক আহ্বান জনোৱাৰ প্ৰয়াসৰ সংকেট হিচাপে পাট গছৰ ডালত অগ্নিসংযোগ কৰি পোহৰাই তোলে চৌপাশ। পৰলোকৰ পিছত স্বৰ্গত বাস কৰা বুলি বিশ্বাস কৰা পূৰ্বপুৰুষক আমন্ত্ৰণ জনাই তেওঁলোকৰ পৰা আশীৰ্বাদ প্ৰাপ্তিৰ প্ৰয়াসেৰে এই উৎসৱ ওড়িশাত উদ্‌যাপন কৰা হয়।

# পশ্চিম ভাৰত 
পশ্চিম ভাৰতৰ গুজৰাটৰ পঞ্চমহলত দেৱালীত পোহৰ আৰু আতচবাজীৰ যুগলবন্দীত বিতোপন পৰিৱেশৰ সৃষ্টি হয়। পঞ্চমহল অঞ্চলৰ বেজলপুৰ গাঁৱত যুগ যুগ ধৰি অনন্য ৰীতিৰে চলি অহা দীপাৱলীৰ অন্যতম অনুষ্ঠান হিচাপে গণ্য কৰা হয় পোহৰৰ মায়াজালৰ সৈতে আতচবাজীৰ শব্দ আৰু পোহৰৰ সমাহাৰক। তদুপৰি গুজৰাটৰ একাংশ লোকৰ ঘৰত দীপাৱলীত ঘিউৰে প্ৰজ্বলিত একোগছি চাকি সমগ্ৰ ৰাতি জ্বলায় ৰাখে। পিছদিনা ঘিউ, শলিতাৰ অৱশিষ্ট সংগ্ৰহ কৰি কাজল প্ৰস্তুত কৰা হয়। এয়া সমৃদ্ধি কঢ়িয়াই আনিব পৰা অতি শুভ প্ৰথা বুলি লোকবিশ্বাস প্ৰচলিত। আনহাতে, গুজৰাটৰ নৰ্মদা আৰু বাৰুচ জিলাৰ জনজাতীয় বাসিন্দাসকলে সুস্বাস্থ্যৰ চিহ্ন হিচাপে এপষেক ধৰি পোহৰৰ উৎসৱ পালন কৰে। এই উৎসৱত তেওঁলোকে বনৌষধিৰ কাঠ জ্বলাই ধোঁৱাময় পৰিৱেশৰ সুচনা কৰে। লোকবিশ্বাস প্ৰচলিত যে এনে ধোঁৱাই ৰোগ নিৰ্মূল কৰে। “কঠোৰ পৰিশ্ৰমে সমৃদ্ধিৰ সৃষ্টি কৰে, আৰু কঠোৰ পৰিশ্ৰমৰ বাবে সুস্বাস্থ্যৰ প্ৰয়োজন” জাতীয় ধাৰণাকো ই প্ৰতিনিধিত্ব কৰে বুলিও কোৱা হয়।

মহাৰাষ্ট্ৰত চাৰিদিন ধৰি দীপাৱলী পালন কৰা হয়। ‘বসুবাৰছ’ নামেৰে প্ৰথম দিনটোত গৰু পোৱালিৰ আৰতিৰে উদ্‌যাপন কৰা হয়। ইয়াৰ দ্বাৰা এগৰাকী মাতৃ আৰু কেঁচুৱাৰ মাজৰ স্নেহ প্ৰতিফলিত হয় বুলি গণ্য কৰা হয়। দ্বিতীয় দিনা ‘ধনত্ৰয়োদশী’ নামেৰে প্ৰসিদ্ধ, কিন্তু ব্যতিক্ৰম ৰূপত দীপান্বিতা উৎসৱ উদ্‌যাপন কৰা হয়। মাৰাঠী মহিলাসকলে এই দিনটোত ঘৰৰ দুৱাৰমুখত বিশেষভাৱে তৈয়াৰ কৰা আটাৰ গুৰিৰে এগছি চাকি জ্বলাই পৰিয়ালৰ পুৰুষসকলৰ দীৰ্ঘায়ু আৰু সমৃদ্ধিশালী জীৱনৰ কামনাৰে মৃত্যুৰ দেৱতা যমৰাজক ভক্তিপূৰ্ণ মনোভাৱেৰে প্ৰাৰ্থনা কৰে। এই দিনটোক সেয়েহে ‘যমদীপদান’ বুলিও জনা যায়। সিদিনা পৰিয়ালৰ আটাইৰে সুস্থ আৰু দীৰ্ঘায়ু জীৱনৰ প্ৰাৰ্থনাৰে যমৰ সন্মানত গোটেই ৰাতি প্ৰদীপ জ্বলাই ৰখা হয়। দেৱালী উৎসৱ উদ্‌যাপনৰ তৃতীয় দিনটোক স্থানীয়ভাৱে ‘নৰক চতুৰ্দশী’ বোলা হয়। সেইদিনা মানুহে পুৱাই সুগন্ধি তেলেৰে গা ধুই মন্দিৰ দৰ্শন কৰে। তাৰ পিছত মহাৰাষ্ট্ৰীয় লোকসকলে বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা ‘কৰঞ্জী’ লাডুৰ দৰে সুস্বাদু এবিধ মিঠাই, ‘চাকলি’ আৰু ‘সেৱ’ৰ নিচিনা টেঙা খাদ্যৰে পোহৰৰ উৎসৱৰ প্ৰীতি ভোজ খোৱাৰ পৰম্পৰা আছে । এই ভোজক ‘ফৰাল’ নামেৰে জনা যায়। চতুৰ্থ দিনা অৰ্থাৎ কাতি মাহৰ অমাৱস্যা তিথি দেৱালীৰ প্ৰধান দিন। এই দিনটোত লক্ষ্মী পূজা কৰা হয়। প্ৰতিঘৰ লোকূই লক্ষ্মী দেৱী আৰু ধন, গহনা আদিৰ পূজা কৰে । এন্ধাৰ ঠাইত হেনো দেৱী লক্ষ্মীয়ে প্ৰৱেশ নকৰে। সেই বিশ্বাস মানিয়েই ঘৰৰ ভিতৰ-বাহিৰ মাটিৰ চাকি জ্বলাই অমাৱস্যাৰ ঘোৰ অন্ধকাৰ আঁতৰাই চাৰিওপিনে পোহৰময় কৰি তোলা হয়। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ বনাঞ্চলত বাস কৰা ‘ঠাকাৰ’ জনজাতীয় লোকসকলে ‘চিব্ৰা’ নামৰ ফলৰ শুকান টুকুৰাৰ পৰা তৈয়াৰ কৰা বন্তি প্ৰজ্জ্বলন কৰে আৰু বন্তি প্ৰজ্বলনৰ স্থান গৰুৰ গোবৰেৰে মচি সূচী কৰি লয়। দেৱালীত বেতৰ টোপোলাত ৰখা শস্যক দেৱী লক্ষ্মীৰ প্ৰতীক হিচাপে পূজা কৰে। এই উপলক্ষে তেওঁলোকে ঢোলৰ দেৱতা তাল মিলাই এক বিশেষ লোকনৃত্যও পৰিবেশন কৰে।

# মধ্য ভাৰত
মধ্য ভাৰতৰ ছত্তীশগড়ত বাষ্টাৰ অঞ্চলৰ জনগোষ্ঠীয় লোকসমূহে অনন্য ৰীতি-নীতিৰে “দিয়াৰী” নামেৰে দীপাৱলী উদ্‌যাপন কৰে। তিনিদিনীয়াকৈ পালন কৰা ‘দিয়াৰী’ উৎসৱত গৰু-ম’হক ফুলেৰে সজাই ঢোল বজাই, পথাৰৰ শস্যক লক্ষ্মী দেৱীৰ প্ৰতীক হিচাপে বিশ্বাস কৰি ভগৱান বিষ্ণুৰ প্ৰতিমূৰ্তিৰ সৈতে পৰম্পৰাগত ৰীতিৰে আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন কৰায়। উৎসৱৰ প্ৰথম দিনটোত জনজাতীয় গাঁও বাষ্টাৰৰ পশুপালন কৰা লোকসকলক সুৰাৰে সম্বৰ্ধনা জনোৱা হয়। সিন্ধী জনগোষ্ঠীয় লোকসকলে উদ্‌যাপন কৰা ‘দিয়াৰী’ উৎসৱ পালনৰ ৰীতি-নীতি আকৌ ছত্তীশগড়ৰ বাষ্টাৰ অঞ্চলতকৈ কিছু পৃথক। তেওঁলোকে লক্ষ্মী দেৱীক পূজা কৰাৰ উপৰি দীপাৱলীৰ দিনা ৰূপ আৰু সোণৰ মুদ্ৰাবোৰ কেঁচা গাখীৰেৰে ধুই পূজাৰ অন্তত “লক্ষ্মী আয়ী, দনাত ভাই” (লক্ষ্মী আহিলে দৰিদ্ৰতা আঁতৰি যায়) বুলি গাই গাই মুদ্ৰাবোৰ দাঁতেৰে লাহূকৈ কামুৰি দিয়ে।

মধ্য প্ৰদেশত দীপাৱলীৰ ঠিক পিছৰ দিনা অৰ্থাৎ কাতি মাহৰ শুক্লা প্রতিপদ তিথিত গোবৰ্ধন পূজা কৰা হয়। ‘অন্নকূট’ নামেৰেও জনাজাত এই উৎসৱত উজ্জ্বয়ন জিলাৰ বিবাৱদ গাঁৱৰ লোকসকলে ঘৰৰ চোতালত গৰুৰ গোবৰেৰে গোবৰ্ধন পৰ্বতৰ আকৃতি তৈয়াৰ কৰি পূজা কৰে। এই দিনটোত নতুন শস্য আৰু শাক-পাচলিকে ধৰি ৫৬বিধ অন্নকূট ভোগ প্ৰস্তুত কৰি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত আগবঢ়োৱা হয়। প্ৰচলিত ধৰ্মীয় লোকগাঁথা অনুসৰি ভগৱান শ্ৰীকৃষ্ণই গোবৰ্ধন পাহাৰখন কেঞা আঙুলিৰে সাত দিনলৈ দাঙি ধৰি মথুৰাবাসীক নিৰপদ আশ্ৰয় প্ৰদানেৰে ইন্দ্ৰ দেৱৰ অহংকাৰ খৰ্ব কৰিছিল। লোকবিশ্বাস অনুসৰি দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণই এনেদৰে আমাৰ সকলোৰে কৰ্মৰ প্ৰতি থকা দায়িত্ব আৰু অহংকাৰৰ পাৰ্থক্য বুজাই দিয়ে আৰু সেই লোকবিশ্বাসক প্ৰাধান্য দিয়েই মধ্য প্ৰদেশৰ জনসাধাৰণে গোবৰ্ধন পাহাৰৰ পূজা কৰে। তেতিয়াৰে পৰা এই প্ৰথা আজিও প্ৰচলিত হৈ আছে।

# পোহৰৰ উৎসৱৰ ধৰ্মীয় বিশ্বাস
দীপাৱলী মূলতঃ হিন্দু ধৰ্মৰ সৈতে জড়িত পৰম্পৰাগত উৎসৱ যদিও পোহৰৰ উৎসৱটো জৈন, শিখ, বৌদ্ধ আৰু ইছলাম ধৰ্মাৱলম্বী লোকেও পালন কৰে। ধৰ্মীয় বিশ্বাস ভিন্ন, উদ্‌যাপন ৰীতিতো পাৰ্থক্য পৰিলক্ষিত; তথাপিও এই উৎসৱৰ তাৎপৰ্য উমৈহতীয়া। প্ৰকৃততে জাতীয় উৎসৱ স্বৰূপ দীপাৱলী ধৰ্মীয় সীমা অতিক্ৰম কৰি সাংস্কৃতিক আৰু ধৰ্মীয় গোটৰ বৈচিত্ৰ্যপূৰ্ণ শৃংখলেৰে বিভিন্ন ধৰ্মাৱলম্বী লোকে উদ্‌যাপন কৰে। প্ৰতিটো সম্প্ৰদায়ে দীপাৱলীক নিজস্ব আৰু অনন্য আধ্যাত্মিক তাৎপৰ্য্যৰে ৰঞ্জিত কৰি আহিছে।

শিখসকলে ১৬১৯ চনত ষষ্ঠ গুৰু ‘গুৰু হৰগোবিন্দ’ক কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ স্মৃতিচাৰণত, জৈনসকলে ভগৱান মহাবীৰে নিৰ্বাণ পোৱাৰ দিন হিচাপে পোহৰৰ উৎসৱ পালন কৰে। আনহাতে, বৌদ্ধসকলে এই উৎসৱক হিন্দু সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ দিন হিচাপে চিহ্নিত কৰে। দক্ষিণ এছিয়াৰ মুছলমানসকলেও যুগ যুগ ধৰি দীপাৱলী পালন কৰি আহিছে বুলি জনা যায়। আকবৰ (১৫৫৬-১৬০৫)ৰ সময়ৰ পৰাই দীপাৱলীক তেওঁলোকে আঁকোৱালি হৈছিল আৰু ই এক বৃহৎ ৰাজহুৱা উৎসৱত পৰিণত হৈছিল। সম্প্ৰতি মুম্বাইৰ হাজী আলী দৰগাহৰ পৰা আৰম্ভ কৰি নতুন দিল্লীৰ হজৰত নিজামুদিন দৰগাহলৈকে ভাৰতৰ বহু চিনাকি মছজিদ দীপাৱলীত পোহৰাই তোলা হয়।

আলোকোজ্জ্বল জীৱন, পোহৰময় চৌপাশৰ প্ৰতীক দীপাৱলী। সেয়েই ‘নীলিমাৰ সিপাৰে আছে ৰৈ আমালে’ আৰু এক পৃথিৱী’ অথবা জীৱনৰ স্বপ্নিল প্ৰত্যাশাৰে আমি যেন চন্দ্ৰাৱলীহীন নিশাৰ বঞ্চিত পোহৰত আলোকময় কৰি পোহৰৰ উৎসৱত আওৰাওঁ— “পোহৰৰে চাকিগছি আমি জ্বলামেই এদিন জ্বলায়…।”

ফোন : ৭০০২০২৫০৪৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.