পংকজ কুমাৰ নেওগ
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰা ১০৭২ মাইল দৈৰ্ঘ্যৰ লিডু ৰোডে এসময়ত উত্তৰ-পূব ভাৰত, উত্তৰ ব্ৰহ্মদেশ আৰু দক্ষিণ-পশ্চিম চীনক সংযোগ কৰিছিল। ঐতিসাহিকস্বৰূপ আৰু অতি দক্ষতাৰে নিৰ্মাণ কৰা এই পথটো অনেক বৰ্ষাৰণ্য আৰু মাইলৰ পিছত মাইল অটব্য জংঘল আৰু ৰুক্ষ পাহাৰৰ মাজেৰে পাৰ হৈ গৈছিল। অনেক ঠাইত ই ম’হ-ডাঁহ আৰু জোকেৰে পৰিপূৰ্ণ জলাশয়াদিও অতিক্ৰম কৰিছিল। পথটো নিৰ্মাণৰ বাবে হাজাৰ হাজাৰ মানুহে শ্ৰমদান কৰিছিল আৰু এইসকল আছিল আদিবাসী চাহ বাগিচাৰ শ্ৰমিক, চীনা শ্ৰমিক, ব্ৰিটিছ-ভাৰতীয় আৰু আমেৰিকান সেনাৰ সৈন্য, আমেৰিকান অভিযন্তা আৰু শ্ৰমিকৰ সংমিশ্ৰণ। আমেৰিকান শ্ৰমিকসকলৰ অধিকাংশই আছিল আফ্ৰিকান-আমেৰিকান। ১৯৪১ চনৰ শেষৰ পৰা ১৯৪২ চনৰ আৰম্ভণিৰ ভিতৰত দক্ষিণ-পূব এছিয়াৰ মাজেৰে দ্ৰুতগতিত অগ্ৰসৰ হোৱা জাপানীসকলৰ বিৰুদ্ধে চীন-বাৰ্মা-ভাৰত যুদ্ধত মিত্ৰশক্তিৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ উদ্দেশ্যে লিডু ৰোড নিৰ্মাণ কৰা হৈছিল। পিছলৈ এই পথক আমেৰিকান জেনেৰেল জোচেফ ষ্টিলৱেলৰ নামেৰে ‘ষ্টিলৱেল ৰোড’ৰূপে নামকৰণ কৰা হয়।
এই বিশাল প্ৰচেষ্টাত সহায় কৰিবলৈ পঠোৱা আফ্ৰিকান-আমেৰিকানসকলৰ ভিতৰত হাৰ্মান পেৰী নামৰ এজন যুৱক আছিল। মাত্ৰ ২২ বছৰীয়া উঠি অহা এই যুৱকজনক “A young man who liked silk suits and white shirts, soul food and dancing at night” বুলি বৰ্ণনা কৰা হৈছে। ১৯৪৪ চনত এই যুৱক হাৰ্মান পেৰীয়ে আমেৰিকান সেনাবাহিনী এৰি সেই সময়ত ‘মূৰ চিকাৰী’ৰূপে জনাজাত হেইমি নগা জনগোষ্ঠীৰ মাজত বাস কৰিছিল। তেওঁ নিজৰ ব্যক্তিগত সামগ্ৰী সমূহৰ বিনিময়ত নগাসকলৰ পৰা আশ্ৰয় আৰু খাদ্য লাভ কৰাৰ উপৰি শেষত এগৰাকী পত্নীও লাভ কৰিছিল বুলি জনা যায়। ২০০৮ চনত যেতিয়া আমেৰিকান সাংবাদিক ব্ৰেণ্ডন কোৱাৰ্নাৰৰ ‘Now the Hell Will Start: One Man’s Flight from the Greatest Manhunt of World War II’ কিতাপখন প্ৰকাশ পায় পেৰীৰ কাহিনীটো প্ৰথমবাৰৰ বাবে পোহৰলৈ আহে। পেৰীৰ বিৰুদ্ধে আমেৰিকাৰ সেনাই আদালতত চলোৱা গোচৰৰ পৰা পেৰীৰ কাহিনীটো কোৱাৰ্নাৰে বিচাৰি উলিয়াইছিল। এই গোচৰটোৰ পিছতেই আমেৰিকান সৈনিকজনক ফাঁচী দি মৃত্যুদণ্ড দিয়া হৈছিল।
ইউনিট ৮৪৯ নং অভিযন্তা বেটেলিয়নৰ সৈতে নিউয়ৰ্কৰ পৰা কে’প টাউন হৈ বোম্বেলৈ কৰা সুদীৰ্ঘ তিনিমহীয়া যাত্ৰাৰ সময়ত হাৰ্মান পেৰীৰ বয়স আছিল ২২ বছৰ। ১৯৪২ চনৰ অক্টোবৰত নিৰ্মাণ আৰম্ভ হোৱা লিডু ৰোডটোৱে ১৯৪৩ চনৰ মাজভাগত পূৱ অসমৰ এখন চাহ বাগিচা চহৰ লিডুৰ পৰা পূৱ দিশত থকা ৰেল ডিপো লেখাপানীলৈ আৰু তাৰ পিছত অসম-অৰুণাচল সীমান্তলৈ (তেতিয়াৰ উত্তৰ-পূব সীমান্ত সংস্থা বা নেফা) অগ্ৰগতি লাভ কৰিছিল।
পেৰী অতি দুখীয়া পৰিয়াল এটাত ডাঙৰ-দীঘল হৈছিল; তেওঁৰ পূৰ্বপুৰুষসকল আছিল এসময়ত উত্তৰ কেৰ’লিনাৰ এখন কপাহ বাগিচাৰ দাস শ্ৰমিক। তেওঁৰ ভায়েক কেইজনে বক্সিং ভাল পাইছিল আৰু তাৰ দুজনে ‘ৱেল্টৰৱেইট’ শাখাত যুঁজাৰু হিচাপে নাম উজলাবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি স্বামীৰ দ্বাৰা পৰিত্যক্তা হৈ থকা পেৰীৰ মাতৃ অৱশেষত ৱাশ্বিংটন ডিচিলৈ গুচি আহে। গিৰিয়েকৰ সৈতে সম্পৰ্ক ছেদ হোৱাৰ পাছত বৃদ্ধি পোৱা দৰিদ্ৰতাই পেৰীৰ সুযোগত বাধাৰ সৃষ্টি কৰিছিল – তেওঁ কেতিয়াও কলেজলৈ যাবলৈ সক্ষম নহ’ল আৰু অৱশেষত যুদ্ধৰ সময়ত স্থানীয় কচাই হিচাপে কাম এটা লাভ কৰে। যুদ্ধৰ পৰিস্থিতিয়ে আমেৰিকাত বৰ্ণ-বিভেদ জটিলতালৈ কিছু সকাহ আনে। ১৯৪০ চনত নিজৰ দেশৰ বাবে যুঁজ দিয়াটো প্ৰতিজন সক্ষম পুৰুষ নাগৰিকৰ কৰ্তব্য বুলি গণ্য কৰা হৈছিল। তৎসত্বেও সামৰিক বাহিনীয়ে কৃষ্ণাংগ লোকসকলক হীন বুলি গণ্য কৰি সেনা বাহিনীত তেওঁলোকৰ নাম ভৰ্তিত বাধা দিয়াৰ সকলো প্ৰচেষ্টা চলাইছিল। পেৰীয়ে সেনাবাহিনীত ভৰ্তি হ’বলৈ অস্বীকাৰ কৰাত তেওঁক প্ৰথমে গ্ৰেপ্তাৰ কৰা হৈছিল; পৰৱৰ্তী সময়ত অভিযন্তাসকলৰ বেটেলিয়নত পেৰীক নিযুক্তি দিয়া হয়। নামত অভিযন্তা সকলৰ বেটেলিয়ন আছিল যদিও তেওঁক মূলতঃ অতি তলখাপৰ কামবোৰত খটুওৱা হৈছিল। ব’গা ছালৰ বিষয়াসকলৰ দ্বাৰা পেৰী সকলো সময়তে নিৰ্যাতিত হৈছিল।
১৯৪৩ চনৰ মাজভাগত যেতিয়া পেৰী আৰু তেওঁৰ সঙ্গীবৃন্দক নিউয়ৰ্কৰ পৰা যাত্ৰা কৰিবলৈ কোৱা হয়, গন্তব্যস্থানৰ বিষয়ে তেওঁলোকৰ কোনো ধাৰণা নাছিল। সামৰিক বাহিনীৰ বাহকৰূপে কাম কৰিবলৈ ব্যৱহৃত হোৱা এখন বিলাসী জাহাজত উঠি তেওঁলোকে নিউয়ৰ্কৰ পৰা যাত্ৰা আৰম্ভ কৰে। জাহাজত বৰ্ণবাদৰ ভয়ংকৰ স্বৰূপ পৰিলক্ষিত হয় – কৃষ্ণাংগ আমেৰিকানসকলক জাহাজৰ আটাইতকৈ তলৰ মহলাত আৱদ্ধ কৰি ৰখা হৈছিল আৰু কেতিয়াও ডেকত উঠিবলৈ তেওঁলোকৰ অনুমতি নাছিল। তেওঁলোকক সদায় শেষত আহাৰ পৰিৱেশন কৰাৰ লগতে থিয় হৈ খাবলৈ নিৰ্দেশ দিয়া হৈছিল। কে’প টাউনৰ পৰা তেওঁলোকে বোম্বেলৈ আৰু তাৰ পিছত মহাৰাষ্ট্ৰৰ দেওলালিলৈ যাত্ৰা কৰে। পেৰী আৰু তেওঁৰ সঙ্গীবৃন্দ লাহে লাহে ভাৰতৰ জলবায়ুত অভ্যস্ত হ’বলৈ ধৰে। তেওঁলোকৰ পৰৱৰ্তী ষ্টপ আছিল কলিকতা আৰু সৰ্বশেষত অসমৰ লিডু। এক অমানৱীয় আৰু দুৰ্বিসহ পৰিস্থিতিত ভ্ৰমণ কৰিবলৈ বাধ্য হোৱা পেৰীয়ে যাত্ৰাত ডিচেণ্ট্ৰিত আক্ৰান্ত হৈছিল। নিজৰ ইউনিটত পুনৰ যোগদান কৰাৰ আগতে কেইদিনমান তেওঁ লিডু হাস্পতালত কটাব ল’গা হয়। অসম আহি পোৱাৰ পিছত অৱশেষত ইউনিটটোৱে জানিবলৈ পায় যে সুদূৰ নিউয়ৰ্কৰ পৰা তেওঁলোকক লিডু পথ নিৰ্মাণ কৰিবলৈহে অনা হৈছে।
হাৰ্মান পেৰীৰ দলটো আহি পোৱালৈকে লিডু পথটোৱে পাটকাই পাহাৰৰ মাজেৰে যোৱা বিপদসঙ্কুল পাংছাউ পাছ পাৰ হৈ উত্তৰ ব্ৰহ্মদেশত প্ৰৱেশ কৰিছিল। ইয়াৰ দক্ষিণে আছিল ‘লে’ক অৱ ন’ ৰিটাৰ্ণ’। প্ৰৱল বৃষ্টিপাতত চাপৰ পাহাৰবোৰৰ কাষেৰে ঊৰি যাওঁতে ইতিমধ্যে কেইবাখনো মিত্ৰশক্তিৰ বিমান ‘লে’ক অৱ ন’ ৰিটাৰ্ণ’ত অন্তৰ্ধান হৈ পৰিছিল। পাংছাউ গিৰিখাত পাৰ হোৱা আছিল এটা দুৰূহ কাৰ্য। এই অঞ্চলৰ মাজেৰেই প্ৰাচীন কালত আহোমসকলে পূব ভাৰতত প্ৰৱেশ কৰিছিল। প্ৰায় একে পৰিৱেশতে শ্ৰমিক আৰু সৈন্যসকলে অসীম সাহসেৰে ডাঠ অৰণ্যৰ মাজেৰে খোজ কাঢ়ি গৈ আৰু শিলৰ পাহাৰ বিস্ফোৰণ কৰি দোপাল পিটা বৰষুণত ৰাস্তাটো নিৰ্মাণ কৰিবল’গীয়া হৈছিল। বিপদসঙ্কুল থিয় গৰাৰ সৈতে বহুতো একা-বেঁকা ভাজেৰে এই পথ সজা হৈছিল। উত্তৰ ব্ৰহ্মদেশৰ পুৰণি বাৰ্মা ৰোডক সংযোগ কৰিবলৈ লিডু ৰোড বক্ৰ গতিৰে তললৈ নামিছিল। পুৰণি বাৰ্মা পথৰ দক্ষিণ দিশৰ সম্প্ৰসাৰণ আৰু গুৰুত্বপূৰ্ণ চহৰ মাইটকিনা ইতিমধ্যে জাপানৰ হাতলৈ যায়। মিত্ৰশক্তিৰ সৈন্যই পথটোৰ উত্তৰ দিশৰ চহৰবোৰলৈ যোৱাৰ সুবিধা নিশ্চিত কৰিব বিচাৰিছিল। পৰিকল্পনা এনেভাৱ কৰা হৈছিল যাতে লিডু ৰোডে পুৰণি বাৰ্মা ৰোডক সংযোগ কৰি ব্ৰহ্মদেশ-চীন সীমান্তৰ ৱাণ্টিংলৈ যাব পাৰে। ৱাণ্টিঙৰ পৰা ইউনানৰ কুনমিংলৈ (চীনৰ নেতা চিয়াং কাই-শ্বেকৰ মুখ্য কাৰ্যালয়) বিমান যাত্ৰাৰ সুবিধা আছিল। ইতিমধ্যে গ্ৰেণ্ড লিডু ৰোডক লৈ বহুতৰে মনত অশান্তিৰ বা বলিবলৈ আৰম্ভ কৰে। মনত এনেবোৰ সন্দেহে বাহ ল’লে যেন মাত্র দুই-এজন লোকক সন্তুষ্ট কৰিবলৈ পথটো নিৰ্মাণ কৰা হৈছে। পথটো নিৰ্মাণৰ বাবে মন-প্ৰাণ সপি দিয়া জেনেৰেল ষ্টিলৱেল আৰু বায়ুসেনাৰ আমেৰিকান মুৰব্বী ক্লেয়াৰ লি চেন’ল্টৰ মাজত এক বিতৰ্কৰ সৃষ্টি হ’ল। চেন’ল্ট আৰু চীনা জাতীয়তাবাদী দল দুয়ো পক্ষই পথৰ সলনি লঘু যুদ্ধ বিমান ব্যৱহাৰ কৰি আকাশীপথেৰে যুদ্ধ চলোৱাৰ পক্ষপাতী আছিল।
উত্তৰ ব্ৰহ্মদেশলৈ পথৰ কাম অগ্ৰসৰ হোৱালৈকে পেৰীৰ উৎসাহ ইতিমধ্যে স্তিমিত হৈ পৰিছিল। শোচনীয় থকাৰ ব্যৱস্থা, মহ-ডাঁহ আৰু জোকৰ অত্যাচাৰৰ উপৰিও সুদীৰ্ঘ সময়ৰ বাবে শ্ৰমিকসকলক কামত খটুওৱা হৈছিল। লিডু ৰোডৰ কামৰ অগ্ৰগতি নিৰ্ধাৰিত সময়তকৈ পিছ পৰি আছিল। তেওঁলোকৰ উৰ্ধতন বিষয়াসকলে কৰা দুৰ্ব্যৱহাৰ অব্যাহত থাকিল – সৰু-সুৰা ভুল কিছুমানৰ বাবে সকলোৱে কঠোৰতকৈ কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। অবাধ্য হোৱাৰ অপৰাধত পেৰীক লিডুলৈ নি ৯০ দিনৰ বাবে অকলে কাৰাগাৰত বন্দী কৰি ৰখা হ’ল। এটা সৰু কোঠাত বিচ্ছিন্ন হৈ থকা পেৰীক তেওঁৰ শাস্তি শেষ হোৱাৰ পিছতো ওপৰুৱাকৈ আৰু দুসপ্তাহ আবদ্ধ কৰি ৰখা হৈছিল। অকলশৰীয়া বন্দীত্ব কটাই অহাৰ পিছত ১৯৪৪ চনৰ মাৰ্চ মাহৰ এদিন ৰাতিপুৱা হাৰ্মান পেৰীক উপস্থিতি নিৰীক্ষণ কৰা সময়ত বিচাৰি পোৱা নগ’ল। ইয়াৰ কেইঘণ্টামানৰ পিছত তেওঁক ৰাইফলটো লৈ কোনোবা এফালে ওলাই যোৱা দেখা গ’ল। কমাণ্ডিং অফিচাৰ হেৰ’ল্ড কেডী আৰু অইন কিছু কনিষ্ঠ বিষয়াই তেওঁক ৰখাবলৈ চেষ্টা কৰে। কোৱাৰ্নাৰে লিখা মতে অনুশাসনহীনতাৰ বাবে তেওঁৰ বাবে অপেক্ষা কৰি থকা শাস্তিৰ কথা ভাৱি পেৰী নাৰ্ভাছ হৈ পৰে আৰু কেডীক তেওঁৰ ফালে আগবাঢ়ি নাহিবলৈ সকীয়াই দিয়ে। কেডীয়ে পেৰীৰ সতৰ্কবাণী আওকাণ কৰাত পেৰীয়ে বিষয়াজনৰ ওপৰত দুবাৰকৈ গুলী চালনা কৰে।
এই ঘটনাৰ পিছত পেৰী পৰৱৰ্তী পাঁচ মাহৰ বাবে নিৰুদ্দেশ হয়। কোৱেৰ্নাৰে তেওঁৰ কিতাপখনত এই কাহিনীৰ কিছু অংশত লিখা মতে ৰাইফলেৰে সজ্জিত হৈ পেৰী গভীৰ অৰণ্যত অন্তৰ্ধান হৈ পৰে। বন্দুকৰ গুলীৰ আঘাতত কেডীৰ মৃত্যু হোৱাৰ লগে লগে পেৰীক বিচাৰি সৈন্যবাহিনীৰ অভিযান আৰম্ভ হয়। পেৰীয়ে ভালকৈ বুজি পাইছিল যে তেওঁ এজন জ্যেষ্ঠ, ব’গা ছালৰ বিষয়াক হত্যা কৰি নিজৰ বাবে এক ভয়াবহ বিপদ মাতি আনিছে। সৈন্যৰ চোৰাংচোৱা সকলে কলিকতাৰ কিছুমান বেশ্যালয়ত পোনতে অভিযান চলাইছিল। তেওঁলোক নিশ্চিত আছিল যে তেনেধৰণৰ স্থানতেই এজন সৈনিকক বিচাৰি পোৱাৰ সম্ভাৱনা বেছি। পেৰীয়ে কিন্তু জংঘলৰ মাজে মাজে বহুত ভিতৰলৈ সোমাই গৈ মৰংঘৰ বা গাহৰিৰ গোহালিৰ ওপৰত নিৰ্মিত এখন বাঁহৰ চাঙৰ ওপৰত আশ্ৰয় লয়। এই মৰংঘৰ দৰাচলতে নগা জনগোষ্ঠীৰ অবিবাহিত ডেকা সকলৰ উমৈহতীয়া চাংঘৰ। কোৱেৰ্নাৰে লিখা মতে সেই অঞ্চল মূৰ-চিকাৰ কৰা হেইমি নগা জনগোষ্ঠীৰ বাসস্থান আছিল। পেৰীয়ে তেওঁলোকৰ বিশেষকৈ মুখীয়ালজনৰ মন কেনেকৈ জয় কৰিবলৈ সক্ষম হ’ল সেই কথা জনা নাযায় কিন্তু নিঃসন্দেহে তেওঁলোকৰ ভাষাৰ সৈতে পেৰী পৰিচিত আছিল আৰু ভাৱ আদান-প্ৰদান কৰিবলৈ সক্ষম হৈছিল। নিজৰ ৰাইফলটো প্ৰদৰ্শন কৰি আৰু সামৰিক দোকানৰ পৰা নিয়া নানা ধৰণৰ খাদ্য সামগ্ৰী যেনে টিনত থকা খেজুৰ, চূপ ইত্যাদি জনজাতীয় লোকসকলৰ মাজত বিলাই তেওঁ বন্ধুত্ব স্থাপন কৰিছিল। সতীৰ্থ আফ্ৰিকান-আমেৰিকানসকলৰ পৰাও পেৰীয়ে সহানুভূতি লাভ কৰিছিল; কোৱাৰ্নাৰে লিখা মতে তেওঁক ধৰা পৰাৰ পৰা হাত সাৰিবলৈ এই সতীৰ্থসকলে নিশ্চিতভাৱে সহায় কৰিছিল আৰু তেওঁক নানা ধৰণৰ আৱশ্যকীয় সামগ্ৰী যোগান ধৰিছিল। চাৰি মাহ সময় নগাসকলৰ মাজত বাস কৰাৰ সময়ত পেৰীয়ে মুখীয়ালজনৰ ১৪ বছৰীয়া জীয়ৰীক বিয়া কৰায়। তেওঁৰ সৰুকৈ এডৰা ধানৰ খেতি আছিল। সময়ে সময়ে তেওঁ চিকাৰ কৰিছিল আৰু গোটটোৰ আন পুৰুষ সকলৰৰ সৈতে আফিং/ভাং ধূমপান কৰিছিল। দুৰ্ভাগ্যবশতঃ এইদৰে থলুৱা হৈ পৰা এজন কৃষ্ণাংগ লোকৰ উৰাবাতৰি লাহে লাহে বহু দূৰলৈকে বিয়পি পৰিল আৰু অৱশেষত এই কাহিনী আমেৰিকান সেনাৰ কাণত গৈ পৰে।
আমেৰিকান সেনাৰ বিষয়াসকলে প্ৰথমবাৰ বিচাৰি অহাৰ সময়ত পেৰী পলাই সাৰিবলৈ সক্ষম হয়। তেওঁ যথেষ্ট বুধিয়ক আছিল আৰু তেওঁক ধৰিবলৈ অহা ৰেইডিং পাৰ্টিৰ টৰ্চলাইটবোৰৰ পোহৰ হাবিৰ মাজত চিনিব পাৰি নিজৰ জুপুৰিলৈ ঘূৰি নগৈ পলাই সাৰে। মাত্ৰ কিছু সামান্য আঘাত লভি তেওঁ গুলী আৰু স্নিফাৰ কুকুৰৰ পৰা হাত সাৰিবলৈ সক্ষম হয় যদিও অৱশেষত এদিন তেওঁক বিচাৰি পোৱা গ’ল। ১৯৪৪ চনৰ ছেপ্টেম্বৰ মাহত পেৰীক পুনৰ এবাৰ লিডু কাৰাগাৰত বন্দী কৰি অতি সোনকালেই তেওঁৰ বিৰুদ্ধে ক’ৰ্ট মাৰ্শ্বেলৰ কাৰ্য্যবিধি আৰম্ভ কৰা হয়। সেনা বিষয়া কেডীৰ বিৰুদ্ধে তেওঁৰ বেয়া ব্যৱহাৰ,অহংকাৰ আৰু শ্ৰমিক সকলৰ মাজত থকা অজনপ্ৰিয়তা ইত্যাদি কাৰণ দৰ্শাই পেৰীয়ে তেওঁক প্ৰায় আত্মৰক্ষাৰ বাবে হত্যা কৰা বুলি যুক্তি আগবঢ়ায় যদিও মৃত্যুদণ্ডৰ পৰা পেৰীয়ে নিস্তাৰ নাপালে। পেৰীয়ে আপীলৰ বাবে অপেক্ষা কৰা নাছিল কাৰণ তেওঁ জানিছিল যে ই অসাৰ প্ৰমাণিত হ’ব। চোৰাংভাৱে যোগান ধৰা তাঁৰ-কটা প্লায়াৰ এযোৰ ব্যৱহাৰ কৰি কাৰাগাৰৰ পৰা পেৰীয়ে পলায়ন কৰে। খালী খাৱৈ এটাৰ মাজেৰে চুচৰি ওলাই আহি তেওঁ প্ৰহৰী টাৱাৰৰ প্ৰহৰীৰ পৰা হাত সাৰিবলৈ সক্ষম হয়।
পৰৱৰ্তী দুমাহলৈকে পেৰী আকৌ পলাতক হৈ আছিল। এইবাৰ তেওঁ লিডুৰ আশে-পাশে থকা অৰণ্যত আৰু চাহ বাগিচাৰ শ্ৰমিক সকলৰৰ মাজত লুকাই থাকিল কিন্তু আগৰ বাৰৰ দৰে এঠাইতে থিতাপি লোৱাৰ পৰিৱৰ্তে ঠাই বাগৰি ফুৰিবলৈ ধৰিলে। তেওঁক ধৰা পেলাবলৈ বহুত চেষ্টা কৰা হ’ল; ফান্দত পেলাবলৈ সামগ্ৰীৰে ভৰা ল’ৰী এখন টোপ হিচাবে তেওঁৰ ওচৰলৈ পঠোৱা হৈছিল, কিন্তু সেই বুদ্ধি সফল নহ’ল। সেনাৰ সকলো কৌশল বিফল কৰি বনে বনে লুকাই ফুৰিব পৰা দক্ষতাৰ বাবে পেৰীয়ে “জাঙ্গল কিং” নামটো পাইছিল বুলি ক’ৱাৰ্নাৰে লিখিছে। ১৯৪৫ চনৰ মাৰ্চ মাহৰ আৰম্ভণিতে পেৰীৰ পলাই ফুৰা দিনবোৰৰ অৱশেষত অৱসান ঘটে। মেলেৰিয়াত আক্ৰান্ত হৈ অতি দুৰ্বল হৈ পৰা পেৰীক ৯ মাৰ্চত এজন স্থানীয় আৰক্ষী বিষয়াই আৱদ্ধ কৰিবলৈ সক্ষম হ’ল। অলপো বিলম্ব নকৰি পিছৰ সপ্তাহত পেৰীক ফাঁচী দি মৃত্যুদণ্ড দিয়া হয়। তেওঁৰ হতভম্ব আৰু বিচলিত পৰিয়ালটোৰ তেওঁৰ বিষয়ে অনুসন্ধান কৰাৰ কোনো উপায় নাছিল। প্ৰায় ৬০ বছৰৰ পাছত কোৱেৰ্নাৰৰ সহায়ত তেওঁলোকে পেৰীৰ নশ্বৰ দেহাৱশেষ লাভ কৰি হাৱাইৰ এখন কবৰস্থানত সমাধিস্থ কৰে। ১৯৪৪ চনৰ ডিচেম্বৰ মাহত লিডু ৰোড সম্পূৰ্ণ হোৱাৰ লগে লগে বিশ্বযুদ্ধৰ প্ৰায় সামৰণি পৰাত ইয়াৰ ব্যৱহাৰ নোহোৱা হৈ পৰে। ১৯৪৫ চনৰ আৰম্ভণিত প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু ইম্ফল আৰু কোহিমাৰ যুদ্ধত ইতিমধ্যে পৰাজয়ৰ সন্মুখীন হোৱা জাপানে দক্ষিণ-পূব এছিয়াৰ পৰা পশ্চাদপসৰণ আৰম্ভ কৰিছিল। পেৰীৰ ভাতৃদ্বয়ে বক্সিং ৰিঙত বেছি অগ্ৰগতি লাভ কৰিব নোৱাৰিলে যদিও তেওঁলোকে ৱাশ্বিংটন ডিচিত ড্ৰাই-ক্লিনিং ব্যৱসায় এটা স্থাপন কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰপতি হেৰী ট্ৰুমেনৰ কাৰ্যবাহী আদেশ ৯৯৮১ কাৰ্যকৰী হোৱাৰ লগে লগে ১৯৪৮ চনৰ ২৬ জুলাইত আমেৰিকাৰ সেনাবাহিনীত ভেদাভেদ আৰু পৃথকীকৰণ চিৰদিনলৈ অন্ত পৰে। ট্ৰুমেনৰ অন্যতম গুৰুত্বপূৰ্ণ সাফল্য কাৰ্যবাহী আদেশ ৯৯৮১ নাগৰিক অধিকাৰ আন্দোলনৰ এক প্ৰধান অনুঘটক হৈ পৰিল।
ফোনঃ +৯৬৮-৯৯৬৭-২৭৮১
Comments are closed, but trackbacks and pingbacks are open.