মামণি ডেকা
শাৰদী ৰাণীৰ আগমনত বর্ষাৰ আকাশৰ ঘন কলা মেঘে বৰণ সলালে৷ শুকুলা ডাৱৰে আহি মেলা পাতিলেহি শাৰদী আকাশত৷ নাহ গাজনি৷ নাই বিজুলী৷ শান্ত–সমাহিত নীলা আকাশ৷ চপৰা–চপৰ বগা ডাৱৰ৷ শান্ত আকাশে প্রকৃতিৰ বুকুতো ছটিয়াইছে শান্তিৰ সুৱাস৷ নৈ–বিল, জান–জুৰিও হৈ পৰে শান্ত, লেতু–সেতু৷ সঁচাকৈয়ে শৰৎ অনন্য৷ অনির্বচনীয় স্নিগ্ধতাৰ প্রাচুর্যৰ বাবেহ এই ঋতুক কোৱা হয় শাৰদী ৰাণী বুলি৷ যি ঋতুৰ আগমনত হৃদয়ত অনুভূত হয় স্নিগ্ধ পুৱাৰ মোহনীয় ৰূপ, নিয়ৰসিক্ত দূবৰিৰ দলিচা, শেৱালিৰ মৃদু মিঠা সুবাস, কঁহুৱা–বিৰিণাৰ লয়লাস নাচোন, জাক জাক শৰালিৰ ৰঙৰ উল্লাস৷ সেউজীয়া গেঁৰ ধৰা ধাননিত পুৱাৰ কোমল ৰদালি, পক্ষীৰ কল–কাকলি৷ বর্ষৰ তিক্ততাৰ অৱসানত নামি অহা সপোন সপোন যেন লগা সুৰভি শীতল বতাহ, বিকশিত পুষ্পৰ সৌন্দর্য সুৱাসেৰে মন–প্রাণ শিহৰিত কৰা মায়াৱী শৰতৰ অপূর্ব আবেদনত পুলকিত মানৱ পৰাণ৷ শৰতৰ পৰশত উন্মাদ হোৱা জোনাকী সন্ধিয়াবোৰ জোনাক নিশা কুঁৱলীয়ে সজাহ তোলা পথাৰখন, তথা ভৰা আকাশত ৰাতিৰ জোনাকী মেল, জোনাকে সমস্ত আৱেগেৰে সিঁচি দিয়া পোহৰ ধলেৰে প্রকৃতিৰ আগে আগে যেন অপৰূপ আলিংগনৰ খেলা৷ সুন্দৰৰ এক অবুজ শিহৰণেৰে শৰতৰ প্রকৃতি হৈ পৰে বিনন্দীয়া–মোহনীয়া৷
শাৰদী ৰাণীৰ লাৱণী দেহৰ ভাঁজে ভাঁজে থকা বিনন্দীয়া প্রকৃতিৰ প্রতিটো সমলে সাহিত্যিকৰ মনলৈ আনে সৃষ্টিৰ প্রেৰণা৷ হৃদয়ে হৃদয়ে যেন বাজি উঠে নোগোৱা গানৰ এটি মিঠা সুৰৰ ছন্দ৷ অনুভৱৰ নান্দনিক প্রকাশ ঘটে কবিৰ কবিতাত৷ সৃষ্টিৰ অপূর্ব আবেদনে হৃদয়ত থূপ খাহ থকা জীয়া অনুভূতিবোৰ শব্দৰ মালিতাৰে সজাহ–পৰাই কল্পনাৰ চিত্রৰে লিখে কবিতাৰ স্তৱক, যুগজয়ী গীতৰ ছন্দ
শাৰদী ৰাণী তোমাৰ হেনো নাম
তুমি মোৰ নিচেহ আপোন
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতিনিশাৰ সপোন৷ ড০ ভূপেন হাজৰিকা
শৰতৰ প্রতিটো পল শেৱালিয়ে ভৰাই তোলে আমোলমোল সুবাসেৰে৷ শেৱালি ফুলিল মানে শৰৎ আহিল৷ এক অনন্য ৰূপত শৰতক সজাই তোলে শেৱালিৰ কোমল পাহিয়েও৷ নীৰৱ প্রেমৰ গোপন পূজাৰী শেৱালি৷ শেৱালিৰ ৰূপ–সুষমাই প্রতিজনৰ মনলৈ কঢ়িয়াই আনে এক অবুজ অনাবিল প্রশান্তি৷ কবিয়েও শেৱালিৰ প্রেমৰ বতৰা জানি, প্রেমিক শৰতক আদৰিবলৈ জাগিবলৈ দিয়ে কবিতাৰ ভাষাৰে৷ পদ্মশ্রী নলিনীবালা দেৱীয়ে কবিতাৰে প্রকাশিছে-
অ শেৱালি তুমি জাগা জাগা
নিয়ৰ কাঁচলি পিন্ধা শুৱনি পুৱা
মুকুতা কণিকা সাজে দূবৰি চোৱা
ধুনীয়া ধৰাত সৌ ৰাঙলী খেলা
মনৰ এন্ধাৰবোৰো আঁতৰি গল৷
অ শেৱালি তুমি জাগা জাগা
শাৰদী আহিল
শাৰদী ৰাণীৰ যাদুকৰী স্পর্শত ফুলা নিশাৰ শেৱালিৰ আমোলমোল সুগন্ধই হিয়াৰ নিজানত ছটিয়াহ দুর্লভ অনুভৱ৷ সেই অনুভৱে গীতিকাৰৰ মনত দোলা দিয়ে গীতৰ কথাৰ৷ শব্দৰ ছন্দেৰে লিখি যায় যুগজয়ী গীত
আমোলমোল শেৱালিৰ গোন্ধ
যাওঁ বুলি যাবই নোখোজেচোন৷
শেৱালিৰ সুবাসে কবিৰ হৃদয়ত তোলপাৰ লগায়৷ হিয়াৰ ভাৱনাৰে কবিতাত প্রকাশিছে-
বগা ডাৱৰৰে মূৰতে পাগুৰি
কোননো কোঁৱৰ আহি
দোকমোকালিতে মোৰ দুৱাৰতে
কিয় ভুমুকিয়ালেহি৷ পার্ৱতিপ্রাসাদ বৰুৱা
আন এটা গীতত গীতিকাৰে কৈছে
কি গীত গালে শেৱালি ফুলে
শৰৎ আহে মোৰ পদূলিলে৷
পার্ৱতিপ্রসাদ বৰুৱাহ লিখিছে
আহিন মহীয়া শেৱালি সৰিলে
নিয়ৰত তিতিলে বন
জোনাকত ওপজিল কিহবাৰে ৰাগী
কেনেবা কৰিলে মন৷
সুকোমল শেৱালি ফুল তলভৰি সৰাৰ কথাৰে কবি যতীন্দ্রনাথ দুৱৰাহ বর্ণনা কৰিছে-
পদূলিৰ শেৱালিজুপিয়ে
শৰতত সৰি তল ভৰি
এতিয়াও আগৰ দৰে
চেনেহৰ বিলায় বাতৰি৷
আনফালে সৰি পৰা শেৱালিৰ সুবাসত সাগৰ দেখিছাৰ কবি দেৱকান্ত বৰুৱাহ মুগ্ধ হৈ লিখিছে-
মনে মনে আহিবা লাহৰী
যিদৰে সন্ধ্যাৰ হাঁহি
মনে মনে পৃথিৱী আৱৰে
লয়লাসে আহিবা সাদৰী শৰতৰ
আকাশত বগলী উত্তৰণৰ দৰে৷
শৰতৰ গুণ–গাৰিমাৰ অকৃত্রিম ভাবৰ অনুৰাগে সৃষ্টিশীল মনত সৃষ্টিৰ লহৰ তোলে৷ শৰতৰ সেউজবুলীয়া মাটিৰ মৰমে কবিক কবিতাৰ চেতনাৰে জাগৃত কৰে৷ কবিয়ে প্রকাশে কবিতাৰ ভাষা-
সেউজী সেউজী শৰতে সজালে
শুৱনি পৃথিৱীখন৷ ড০ লোহিন্দ্র কুমাৰ শহকীয়া
শৰতৰ মধুৰ স্পর্শত লহপহকৈ বাঢ়ি অহা ধাননিডৰাই কৃষকৰ মনত যাচে মিঠা শিহৰণ৷ গর্ভৱতী শহচৰ সজাল হাঁহিয়ে, সৃষ্টিৰ অপূর্ব আবেদনে পুলকিত কৰি তোলে কৃষিজীৱীৰ মন৷ সেউজবুলীয়া সুকোমল অনুভূতিয়ে কবিৰ মন স্পন্দিত কৰি তোলে৷ তেনে ৰূপৰ সমাহাৰেৰে কবি পার্ৱতিপ্রসাদ বৰুৱাই লিখিছে গীতি–কবিতা-
আজি নীল আকাশত শুকুলা ডাৱৰৰ
ধূলি উৰুৱাই
সৌ পদূলিৰে আহিছে হবলা
শাৰদী লখিমী আই
আজি লুইতৰ সিপাৰৰ কঁহুৱা বনত
নাচনী উঠিছে জাগি
ইপাৰৰ ধাননিত কঁপনি উঠিছে
বতাহৰ ঢৌ লাগি৷
শৰতৰ আগমনত জাকি মাৰি ফুলে শুভ্র কঁহুৱা৷ কঁহুৱা ফুলক বাদ দি শৰতৰ উপলব্ধি যেন আধৰুৱা৷ আলফুলীয়া কঁহুৱাৰ কোমল হাঁহিৰ মাজতেহ যেন লুকাহ থাকে শৰতৰ ছন্দোময় কবিতাটো৷ সেয়ে কঁহুৱা ফুলৰ ৰূপে নদীৰ বুকুত সৃষ্টি কথা সৌন্দর্য বর্ণনাৰে বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে দহিকতৰা নামৰ কবিতাত লিখিছে-
লুইতৰ পাৰে পাৰে কঁহুৱা ফুল
বতাহত হালি–জালি
ঢৌৱে ঢৌৱে খেলি
তুষাৰ ধৱল কান্তি কৰিছে বিপুল
যেন সুৰ তৰংগিনী পুলকে আকুল৷
সকলোৰে মন পুলকিত কৰি তুলিব পৰা আলফুলীয়া কঁহুৱাই উতনুৱা কৰে মানুহক৷ কঁহুৱাৰ কোমল শুভ্রতাই অশান্ত কৰি তোলা মনৰ অনুভৱেৰে ড০ ভূপেন হাজৰিকাৰ কণ্ঠত নিগৰিছে যুগজয়ী গীতৰ কলি-
কঁহুৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাবটি৷
শৰতৰ অন্য এক অনবদ্য অৱদান নিয়ৰৰ ৰূপ মাধুৰীয়ে জিলিকাই তোলে দূবৰিৰ দলিচা৷ শৰতৰ বুকুত আশ্রয় বিচাৰি নিয়ৰৰ মুকুতাৰে দূবৰিয়ে নিজক সজায়৷ সেই মুকুতা–নিয়ৰৰ মুকুতা৷ কবি কেশৱ মহন্তৰ ভাষাত-
নিয়ৰৰ এটি টোপোলা
মূৰৰ মুকুট কৰি লৈ থক
দূবৰি এডাল
বিশাল সূর্যটো তাতে ক্ষুদ্র হৈ
কিয়নো লুকাল
কোনে জানে কি তাৰ পণ৷
ৰাতিপুৱা ৰদৰ জিলমিল পোহৰত জিলিকি উঠা নিয়ৰৰ মুকুতাৰ সুকোমল অনুভূতিয়ে চুই যায় হিয়া–মন৷ সূর্যৰ বিচ্ছুৰিত পোহৰত হেৰাহ যায় নিয়ৰৰ মুকুতাৰ সেই মালা৷ নিয়ৰৰ এই সৌন্দর্যত বিভোৰ হৈ ন ন দৃষ্টিৰ অনুভৱেৰে কবি–গীতিকাৰে ৰচনা কৰা গীত–কবিতাই অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি আহিছে যুগে যুগে৷ কবি–গীতিকাৰ নৱকান্ত বৰুৱাই নিয়ৰৰ অনুভূতিৰে লিখা গীতৰ কলিয়ে আজিও পৰাণ চুই যায় নিয়ৰৰে ফুল এপাহ সৰিল এপাহ সৰিল কেনি৷ কবি কৌস্তভমণি শহকীয়াহ নিয়ৰৰ সজীৱতা পান কৰিহে শৰৎ অহাৰ বাতৰি পায় আজি গোটেহ ৰাতি নিয়ৰত থাকিলো তিতি, সাৰ পাহহে গম পালো শৰত আকৌ আহিল বুলি৷
শাৰদী প্রকৃতিৰ কোলাত কুঁৱলীয়ে পাতল মায়াজাল তৰে৷ কুঁৱলীৰ শুভ্রতাৰ আচ্ছাদনে সতেজ কৰি তোলে প্রকৃতি৷ মনবোৰ হয় মুকলি৷ এই সৌন্দর্য পান কৰি কবিয়ে কবিতাৰ ভাষাৰে মনৰ ভাব প্রকাশিছে-
আজি শৰতৰ প্রথম কুঁৱলী সৰিছে
আজি চাগৈ তোমাৰ মোলৈ মনত পৰিছে৷ অজিত গগৈ
শৰতৰ মায়াৱী আকাশত শুকুলা মেঘৰ খেলা, ৰাশি ৰাশি তৰাই পাতে পোহৰৰ মেলা ৰাতিৰ আকাশত জোনাকৰ মেলাই জোন তৰাই শৰতৰ সতে পাতে গোপন কথা৷ চৌদিশে জোনাকৰ স্নিগ্ধতা৷ জোনাকে সমস্ত আৱেগেৰে সিঁচি দিয়া পোহৰৰ ধলে বাউল কৰে কবিৰ মন৷ কাপেৰে নিগৰাই কবিতাৰ ছন্দ-
আজি শৰতৰ এই মাধৱী নিশা
টানি নিছে প্রাণ মোৰ নাজানো কলৈ৷
শৰতৰ অনুপম সম্ভাৰে সাহিত্য সৃষ্টিৰ আদি স্তৰৰ পৰাই এক সুকীয়া স্থান দখল কৰি আহিছে৷ মহাকবি কালিদাস, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি বিশ্ববন্দিত বহুজন সাহিত্যিকৰে শৰতক লৈ সৃষ্টি অপূর্ব৷ নীল আকাশত তৰাৰ দীপাৱলীৰ সৌন্দর্যত মুগ্ধ হৈ কালিদাসে কবিতাৰে প্রকাশিছে-
শুকুলা মেঘ খণ্ডিত পৱন চালিত হৈ
আকাশে ৰাজবেশ কৰিছে ধাৰণ
ৰজত মৃণালকান্তি শংখ শুভ্র শোভা কৰি
কৰিছে ৰজাক যেন চোৱৰ বসন৷
অসমীয়া ভাষা–সাহিত্য, কলা–সংস্কৃতিৰ জনক মহাপুৰুষজনাই শৰতৰ ৰূপৰ বর্ণনাৰে লিখা শৰৎ বর্ণন নামৰ কবিতা কাব্য সাহিত্যৰ বাবে অনবদ্য অৱদান৷ ভাগৱতৰ দশম স্ক্ন্ধত গুৰুজনাহ শৰৎ বর্ণনাৰ মনোৰম চিত্র অংকন কৰিছে-
গগন নির্মল স্বচ্ছ তৈল জল
দূৰ গৈল মেঘগণ
মহাসুখকৰ সুৰভি শীতল
বহে বায়ু সর্বক্ষণ৷
শৰতৰ মোহনীয় সম্ভাৰে পৃথিৱীক সজাহ শান্তিময় কৰি তোলে৷ সেয়ে কবিয়ে শৰৎ কালক সুখ কাল বুলি প্রকাশিছে শৰৎ সম নাহি সুখকালযহৰে দুখ অনুক্রমে আকাশত মেঘ যতেক আছিল গুচাল তাক প্রথমে৷
শৰৎ কালৰ ৰূপ বসন্ত কালতকৈয়ো অধিক মনোমোহা যি ৰূপ উপভোগ কৰি দেৱতাসকল আনন্দিত হৈ উঠে৷ এই অনুভৱ প্রকাশেৰে মহাপুৰুষজনাহ লিখিছে-
সুন্দৰ শৰৎ কাল বসন্তোধিক
ভৈলা আনন্দিত দেৱে তাৰ শ্রীক৷
আমাক গুৰুজনাই শৰৎকালৰ চন্দ্রাৱলী৷ নিশাৰ ৰূপ মাধুৰীত বিমোহিত হৈ লিখিছিল শৰৎ কালৰ ৰাতি অতি বিতোপন/বহুবিধ পুষ্পে বিকশিত বৃন্দাবন৷ শৰৎ কালৰ মায়াৱী জোনাক নিশাহ ভগৱানৰূপী শ্রীকৃষকো মুগ্ধ কৰিছিল৷ সেয়ে শৰতৰ পূর্ণিমা নিশাত যমুনাৰ তীৰত শ্রীকৃষহ গোপীসকলৰ লগত ৰাসক্রীড়াত মত্ত হৈ পৰিছিল-
শৰৎ কালৰ ৰাতি অতি বিতোপন
ৰাসক্রীডা কৰিতে কৃষৰ তৈল মন৷
এনেয়ে জোনাক নিশা সকলোৰে প্রিয়, তাতে শৰৎকালৰ শাৰদী আকাশৰ জোনাকৰ মাদকতা আৰু বেছি৷ সেয়ে মিঠা জোনাকী নিশাবোৰৰ মায়াই সকলোকে যেন হাতবাউল দিয়ে আকাশৰ তললৈ৷ জোনৰ পৰা নীৰৱে সৰি পৰা কোমল জোনাকে অনুভৱী হৃদয়ত সিঁচি দিয়ে শব্দৰ সমলয়৷ কলমৰ কাপেৰে নিগৰি বয় কবিতাৰ ভাষা
শৰতৰ উতনুৱা মেঘৰ/জোনাকৰ আৱেশত/জী উঠে/শৰতৰ গোপন ইচ্ছা/জোনাক নিশাৰ/ জোনাকী মায়াই মুখৰিত কৰা ক্ষণে/ হিয়াৰ মণিকোঠা জীপাল কৰে/ জোনাকে কৈ যায় কাণে কাণে/ শৰতৰ প্রশান্তিৰ বতৰা/ মায়াভৰা নির্যাস৷
এনেদৰেই শাৰদী ৰাণীৰ লাৱণী দেহৰ ভাঁজে ভাঁজে থকা বর্ণিল স্বৰূপৰ বর্ণনা শেষ কৰিব খুজিও যেন শেষ নহয়৷ জীৱন আৰু জগতক প্রাণদায়িনী শক্তি দিব পৰা শৰতৰ পৱিত্রতা, নীৰৱতা, সুন্দৰতাৰ শান্ত সমাহিত ৰূপৰ সমাহাৰেৰে শৰৎ এক ঋতু নহয়৷ ই মন–প্রাণ সুৱাসিত কৰা এক অনুভৱী সুৱাস৷ শৰতৰ পৰশে প্রতিজন মানুহৰ দেহ–মনত সিঁচি দিয়ক সুৱাসিত ৰাগিণী, আনন্দমুখৰ কৰি তোলক বুকুৰ পদূলি৷
ফোনঃ ৯৩৬৫৬-৫৯০৯০
Comments are closed, but trackbacks and pingbacks are open.